সিহঁতৰ পিছত এনে কিছুমান অযোগ্য লোক এটাৰ পিছত এটাকৈ সিহঁতৰ স্থলাভিষিক্তৰূপে কিতাবৰ উত্তৰাধিকাৰী হৈছে, যিসকলে পৃথিৱীৰ এই তুচ্ছ অসাৰ সামগ্ৰী সঞ্চয়ত লিপ্ত থাকে, আৰু সিহঁতে কয়, ‘আমাক ক্ষমা কৰি দিয়া হ’ব’। কিন্তু এইবোৰৰ অনুৰূপ সামগ্ৰী সিহঁতৰ ওচৰত আহিলে সেয়াও সিহঁতে গ্ৰহণ কৰিব; কিতাবৰ অঙ্গীকাৰ সিহঁতৰ পৰা লোৱা হোৱা নাইনে যে, সিহঁতে আল্লাহ সম্পৰ্কে সত্যৰ বাহিৰে আন একো নক’ব? অথচ সিহঁতে তাত যি আছে সেয়া অধ্যয়নো কৰে। কিন্তু যিসকলে তাক্বৱা অৱলম্বন কৰে সিহঁতৰ বাবে আখিৰাতৰ আবাসেই উত্তম; তোমালোকে এয়া অনুধাৱন নকৰানে?