আৰু সিহঁতৰ মাজত এনেকুৱা মানুহো আছে যিসকলে নবীক কষ্ট দিয়ে আৰু কয়, ‘এওঁতো কৰ্ণপাতকাৰী’। কোৱা, ‘তোমালোকৰ বাবে যি মঙ্গল তেওঁ কেৱল সেয়াই শুনে’। তেওঁ আল্লাহৰ ওপৰত বিশ্বাস কৰে আৰু মুমিনসকলকো বিশ্বাস কৰে; আৰু তোমালোকৰ মাজত যিসকল ঈমান্দাৰ তেওঁ সিহঁতৰ বাবে ৰহমত। আৰু যিসকলে আল্লাহৰ ৰাছুলক শাস্তি দিয়ে সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।