সিহঁতে আল্লাহৰ শপত লৈ কয় যে, সিহঁতে একো কোৱা নাই; অথচ সিহঁতে কুফৰী বাক্য কৈছে আৰু ইছলাম গ্ৰহণৰ পিছত আকৌ কুফৰী কৰিছে; সিহঁতে এনেকুৱা সংকল্প কৰিছিল যিটো সিহঁতে পোৱা নাই। আল্লাহ আৰু তেওঁৰ ৰাছুলে নিজ অনুগ্ৰহত সিহঁতক (মুছলিমসকলক) অভাৱমুক্ত কৰিছিল বুলিয়ে সিহঁতে (কাফিৰ মুনাফিকসকলে) বিৰোধিতা কৰিছিল। এতেকে যদি সিহঁতে তাওবা কৰে তেন্তে সিহঁতৰ বাবে ভাল হ’ব, আৰু সিহঁতে মুখ ঘূৰাই ল’লে আল্লাহে পৃথিৱীত আৰু আখিৰাতত সিহঁতক যন্ত্ৰণাদায়ক শাস্তি দিব; আৰু পৃথিৱীত সিহঁতৰ কোনো অভিভাৱক নাই আৰু নাই কোনো সাহায্যকাৰীও।


الصفحة التالية
Icon