এতেকে যদি আল্লাহে তোমাক সিহঁতৰ কোনো দলৰ ওচৰত ঘূৰাই আনে আৰু সিহঁতে অভিযানত ওলাবলৈ তোমাৰ ওচৰত প্ৰাৰ্থনা কৰে, তেতিয়া তুমি ক’বা, ‘তোমালোকে মোৰ লগত কেতিয়াও ওলাব নোৱাৰা আৰু তোমালোকে মোৰ সঙ্গী হৈ কেতিয়াও শত্ৰুৰ লগত যুদ্ধ কৰিব নোৱাৰিবা। তোমালোকে প্ৰথমেই বহি থকাটোকে পছন্দ কৰিছিলা; সেয়ে তোমালোকে পিছত ৰৈ যোৱাবিলাকৰ লগত বহি থাকা’।