আৰু যিসকলে মছজিদ নিৰ্মাণ কৰিছে ক্ষতিসাধন কৰাৰ বাবে, কুফৰী কৰাৰ বাবে আৰু মুমিনসকলৰ মাজত বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যে আৰু ইয়াৰ আগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যিসকলে যুদ্ধ কৰিছিল সিহঁতৰ গোপন ঘাঁটি স্বৰূপে ব্যৱহাৰৰ উদ্দেশ্যে, আৰু সিহঁতে অৱশ্যে শপত খাই ক’ব, ‘আমি কেৱল কল্যাণ কামনা কৰিছিলোহে’; আৰু আল্লাহে সাক্ষ্য দিয়ে যে, অৱশ্যে সিহঁত মিছলীয়া।