নিশ্চয় আল্লাহে মুমিনসকলৰ পৰা সিহঁতৰ জীৱন আৰু সম্পদ কিনি লৈছে (ইয়াৰ বিনিময়ত) যে, সিহঁতৰ বাবে আছে জান্নাত। সিহঁতে আল্লাহৰ পথত যুদ্ধ কৰে, অৱশেষত সিহঁতে (শত্ৰুক) মাৰে আৰু নিজেও মৰে। এতেকে তাওৰাত, ঈঞ্জীল আৰু কোৰআনত এই বিষয়ে সিহঁতৰ সত্য প্ৰতিশ্ৰুতি আছে; আৰু নিজ প্ৰতিজ্ঞা পালনত আল্লাহতকৈ শ্ৰেষ্ঠ আন কোন আছে? সেয়ে তোমালোকে আল্লাহৰ লগত যি বেচা-কিনা কৰিছা তাৰ বাবে আনন্দিত হোৱা; আৰু এইটোৱেই হৈছে মহাসফলতা।


الصفحة التالية
Icon