আৰু তেওঁ তাওবা কবুল কৰিলে সেই তিনিজনৰো, যিসকলৰ বিষয়ে সিদ্ধান্ত স্থগিত ৰখা হৈছিল, আনকি পৃথিৱী প্ৰশস্ত হোৱা সত্বেও সিহঁতৰ বাবে সংকীৰ্ণ হৈ গৈছিল আৰু সিহঁতৰ জীৱন সিহঁতৰ বাবে দুৰ্বিষহ হৈ পৰিছিল আৰু সিহঁতে নিশ্চিত উপলব্ধি কৰিছিল যে, আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ তেওঁৰ বাহিৰে আন কোনো আশ্ৰয়স্থল নাই। তাৰ পিছত তেওঁ সিহঁতৰ তাওবা কবুল কৰিলে যাতে সিহঁতে তাওবাত স্থিৰ থাকে। নিশ্চয় আল্লাহ অধিক তাওবা কবুলকাৰী, পৰম দয়ালু।


الصفحة التالية
Icon