মুছাই ক’লে, ‘হে আমাৰ ৰব! তুমিয়েই ফিৰআউন আৰু তাৰ পৰিষদবৰ্গক পাৰ্থিৱ জীৱনত সৌন্দৰ্য আৰু ধন-সম্পদ প্ৰদান কৰিছা, হে আমাৰ ৰব! সিহঁতে ইয়াৰ দ্বাৰাই মানুহক তোমাৰ পথৰ পৰা ভ্ৰষ্ট কৰে। হে আমাৰ ৰব! সিহঁতৰ সম্পদ বিনষ্ট কৰা, আৰু সিহঁতৰ হৃদয় কঠিন কৰি দিয়া, ফলত সিহঁতে যন্ত্ৰণাদায়ক শাস্তি প্ৰত্যক্ষ নকৰা লৈকে ঈমান পোষণ নকৰিব’।