আৰু অৱশ্যে আমি বনী ইছৰাঈলক উৎকৃষ্ট আবাস ভূমিত বসবাস কৰি দিছিলো আৰু আমি সিহঁতক উত্তম জীৱিকা প্ৰদান কৰিছিলো, তথাপিও সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছত সিহঁতে বিভেদ সৃষ্টি কৰিছিল। নিশ্চয় সিহঁতে যি বিষয়ে বিভেদ সৃষ্টি কৰিছিল তোমাৰ প্ৰতিপালকে সিহঁতৰ মাজত কিয়ামতৰ দিনা সেইটোৰ মীমাংসা কৰি দিব।