তোমালোকে এইটো ক’ব বিচৰা নেকি যে, ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকল ইয়াহূদী বা নাছাৰা আছিল? কোৱা, ‘তোমালোকে বেছি জানা নে আল্লাহে বেছি জানে’? সেইজনতকৈ বেছি যালিম আৰু কোন হ’ব পাৰে যিয়ে আল্লাহৰ তৰফৰ পৰা তাৰ ওচৰত যি সাক্ষ্য আছে সেয়া গোপন কৰে? আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।


الصفحة التالية
Icon