‘এতেকে তোমালোকে যদি বিমুখ হোৱা, তেন্তে যি লৈ মই তোমালোকৰ ওচৰত প্ৰেৰিত হৈছো সেয়া মই পৌঁছাই দিছো; আৰু মোৰ প্ৰতিপালকে তোমালোকৰ ঠাইত আন এটা সম্প্ৰদায়ক তোমালোকৰ স্থলাভিষিক্ত কৰিব আৰু তোমালোকে তেওঁৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰিবা। নিশ্চয় মোৰ ৰব সকলো বস্তুৰ ৰক্ষণাবেক্ষণকাৰী’।