মানুহৰ বাবে তাৰ সন্মুখত আৰু পিছত এটাৰ পিছত এটাকৈ আগমনকাৰী প্ৰহৰী আছে, সিহঁতে আল্লাহৰ আদেশত তাৰ ৰক্ষণাবেক্ষণ কৰে। নিশ্চয় আল্লাহে কোনো সম্প্ৰদায়ৰ অৱস্থা পৰিবৰ্তন নকৰে যেতিয়া লৈকে সিহঁতে নিজেই নিজৰ অৱস্থা পৰিবৰ্তন নকৰে। লগতে কোনো সম্প্ৰদায়ৰ বাবে যদি আল্লাহে অশুভ কিবা ইচ্ছা কৰে তেন্তে সেয়া প্ৰতিৰোধ কৰা সম্ভৱ নহয় আৰু তেওঁৰ বাহিৰে সিহঁতৰ কোনো অভিভাৱক নাই।


الصفحة التالية
Icon