পূৱ বা পশ্চিম দিশত তোমালোকৰ মুখ কৰাটোৱে সৎ কাম নহয়, বৰং সৎকৰ্ম হৈছে, যি ব্যক্তি আল্লাহ, শেষ দিৱস, ফিৰিস্তাসকল, কিতাবসমূহ আৰু নবীসকলৰ প্ৰতি ঈমান আনিব আৰু সম্পদৰ প্ৰতি আসক্তি থকা সত্ত্বেও আত্মীয়-স্বজন, ইয়াতীম, অভাৱগ্ৰস্ত, মুছাফিৰ, সাহায্যপ্ৰাৰ্থী আৰু দাসমুক্তিৰ বাবে ব্যয় কৰিব আৰু ছালাত প্ৰতিষ্ঠা কৰিব, যাকাত প্ৰদান কৰিব, প্ৰতিশ্ৰুতি দিলে সেয়া পূৰ্ণ কৰিব, অৰ্থ-সংকটত, দুখ-কষ্টত আৰু সংগ্ৰাম-সংকটত ধৈৰ্য ধাৰণ কৰিব। এওঁলোকেই সত্যবাদী আৰু এওঁলোকেই মুত্তাক্বী।


الصفحة التالية
Icon