আৰু স্মৰণ কৰা, যেতিয়া আমি তোমাক কৈছিলো যে, নিশ্চয় তোমাৰ ৰব মানুহক পৰিবেষ্টন কৰি আছে। আমি যি দৃশ্য তোমাক দেখুৱাইছো সেইটো আৰু কোৰআনত উল্লেখিত অভিশপ্ত গছটোও কেৱল মানুহৰ বাবে ফিতনাস্বৰূপ নিৰ্ধাৰণ কৰিছো। আমি সিহঁতক ভয় দেখুৱাওঁ, কিন্তু ই সিহঁতৰ ঘোৰ অবাধ্যতাহে বৃদ্ধি কৰে।


الصفحة التالية
Icon