অন্ধৰ বাবে কোনো দোষ নাই, খঞ্জৰ বাবে কোনো দোষ নাই, ৰুগীয়াৰ বাবেও কোনো দোষ নাই আৰু তোমালোকৰ বাবেও কোনো দোষ নাই খোৱা-বোৱা কৰাত নিজৰ ঘৰত অথবা তোমালোকৰ পিতৃৰ ঘৰত, মাতৃৰ ঘৰত, ভাতৃসকলৰ ঘৰত, বাই-ভনীসকলৰ ঘৰত, দদাই-বৰকাইসকলৰ ঘৰত, পেহী-জেঠাইসকলৰ ঘৰত, মোমাইসকলৰ ঘৰত, মাহী-জেঠাইসকলৰ ঘৰত অথবা সেইবোৰ ঘৰত যিবোৰ ঘৰৰ চাবি-কাঠিৰ মালিক তোমালোক নিজেই নাইবা তোমালোকৰ বন্ধুসকলৰ ঘৰত। তোমালোকে একেলগে খোৱা অথবা পৃথকে খোৱা তাত তোমালোকৰ কোনো অপৰাধ নহয়। কিন্তু যেতিয়া তোমালোকে কোনো ঘৰত প্ৰৱেশ কৰিবা তেতিয়া তোমালোকে পৰস্পৰৰ প্ৰতি ছালাম কৰিবা অভিবাদনস্বৰূপ যিটো আল্লাহৰ তৰফৰ পৰা কল্যাণময় আৰু পৱিত্ৰ। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ স্পষ্টভাৱে বিবৃত কৰে যাতে তোমালোকে অনুধাৱন কৰিব পাৰা।