নিশ্চয় আল্লাহে মহ অথবা তাতোকৈ ক্ষুদ্ৰ কোনো বস্তুৰ উপমা দিওঁতে সংকোচ বোধ নকৰে। এতেকে যিসকলে ঈমান আনিছে তেওঁলোকে জানে যে, নিশ্চয় এইটো তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য। আৰু যিসকলে কুফৰী কৰিছে সিহঁতে কয় যে, 'আল্লাহে এই উপমাৰ দ্বাৰা কি বুজাব বিচাৰিছে'? তেওঁ ইয়াৰ দ্বাৰা বহুতকে বিভ্ৰান্ত কৰে আৰু বহুতকে হিদায়ত দিয়ে। আৰু তেওঁ ফাছিকসকলৰ বাহিৰে আন কাকো ইয়াৰ দ্বাৰা বিভ্ৰান্ত নকৰে।