অথবা সিহঁতে এই কথা কয় নেকি যে, সি আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰিছে, যদি সেইটোৱেই হ’লেহেঁতেন তেন্তে আল্লাহে ইচ্ছা কৰিলে তোমাৰ হৃদয়ত মোহৰ মাৰি দিলেহেঁতেন। আল্লাহে বাতিলক মচি দিয়ে আৰু নিজ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰে। নিশ্চয় অন্তৰসমূহত যি আছে সেই বিষয়ে তেওঁ সবিশেষ অৱগত।


الصفحة التالية
Icon