মুহাম্মদ আল্লাহৰ ৰাছুল, আৰু তেওঁৰ সহচৰসকল কাফিৰসকলৰ প্ৰতি অতি কঠোৰ, পৰস্পৰৰ মাজত সহানুভূতিশীল; আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টি কামনাত তুমি তেওঁলোকক ৰুকু আৰু ছাজদাহ অৱনত দেখিবা। তেওঁলোকৰ লক্ষণ তেওঁলোকৰ মুখমণ্ডলত ছাজদাৰ প্ৰভাৱত পৰিস্ফুট; এইটোৱে তাওৰাতত তেওঁলোকৰ দৃষ্টান্ত। ইঞ্জীলত তেওঁলোকৰ দৃষ্টান্ত হৈছে এনেকুৱা এটি গছপুলিৰ দৰে, যিটোৰ পৰা ওলায় কোমল পাত, তাৰ পিছত সেয়া মজবুত হয় আৰু পুষ্ট হয় আৰু পিছত দৃঢ়ভাৱে কাণ্ডৰ ওপৰত থিয় দিয়ে, যিটো খেতিয়কৰ বাবে বৰ আনন্দদায়ক। এইদৰে আল্লাহে মুমিনসকলৰ সমৃদ্ধিৰ দ্বাৰা কাফিৰসকলৰ অন্তৰ্দহন বৃদ্ধি কৰে। যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক ক্ষমা আৰু মহাপ্ৰতিদানৰ প্ৰতিশ্ৰুতি দিছে।


الصفحة التالية
Icon