কিন্তু যিয়ে এইটো কৰিব নোৱাৰিব, তেন্তে ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে সি একেৰাহে দুমাহ ছিয়াম পালন কৰিব লাগিব;আৰু যিয়ে এইটোও কৰিবলৈ সক্ষম নহয়, সি ষাঠিজন মিছকীনক আহাৰ কৰাব লাগিব;এই বিধান এই বাবে যে, যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনা। এইবোৰ আল্লাহৰ নিৰ্ধাৰিত বিধান; আৰু অস্বীকাৰকাৰী সকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।


الصفحة التالية
Icon