হে ঈমান্দাৰসকল! তোমালোকৰ ওচৰত মুমিনা নাৰীসকল হিজৰত কৰি আহিলে তোমালোকে সিহঁতক পৰীক্ষা কৰিবা; আল্লাহেই সিহঁতৰ ঈমান সম্পৰ্কে সম্যক অৱগত। তাৰ পিছত যদি তোমালোকে জানিব পাৰা যে, সিহঁত মুমিনা নাৰী, তেন্তে সিহঁতক কাফিৰসকলৰ ওচৰলৈ উভতাই নিদিবা। মুমিনা নাৰীসকল কাফিৰসকলৰ বাবে বৈধ নহয় আৰু কাফিৰসকলো মুমিনা নাৰীসকলৰ বাবে বৈধ নহয়। কাফিৰসকলে যি খৰচ কৰিছে সেয়া তোমালোকে সিহঁতক উভতাই দিয়া। তাৰ পিছত তোমালোকে সিহঁতক বিবাহ কৰিলে তোমালোকৰ কোনো অপৰাধ নহ’ব যদি তোমালোকে সিহঁতক মোহৰ আদায় দিয়া; আৰু তোমালোকে কাফিৰা নাৰীসকলৰ লগত দাম্পত্য সম্পৰ্ক বজায় নাৰাখিবা। তোমালোকে যি ব্যয় কৰিছা সেয়া উভতাই লবা আৰু কাফিৰসকলে যি ব্যয় কৰিছে সেয়া সিহঁতে বিচাৰি লোৱা উচিত। এইটোৱে আল্লাহৰ বিধান; তেওঁ তোমালোকৰ মাজত ফয়চালা কৰি দিয়ে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।


الصفحة التالية
Icon