তোমালোকৰ বাবে হাৰাম কৰা হৈছে মৃত জন্তু, তেজ, গাহৰিৰ মাংস, আল্লাহৰ বাহিৰে আনৰ নামত জবেহ কৰা পশু, ডিঙি চেপি বধ কৰা জন্তু, প্ৰহাৰ কৰি বধ কৰা জন্তু, ওপৰৰ পৰা পৰি মৰা পশু, অন্য প্ৰাণীৰ শিঙৰ আঘাতত মৰা জন্তু আৰু হিংস্ৰ পশুৱে খোৱা জন্তু কিন্তু যিটো তোমালোকে জবেহ কৰিব পাৰিছা সেইটোৰ বাহিৰে, আৰু সেইটোও হাৰাম কৰা হৈছে যিটো মূৰ্তি পূজাৰ বেদীত বলী দিয়া হয়। তীৰ খেলৰ জুৱাৰে ভাগ্য নিৰ্ণয় কৰাও নিষিদ্ধ কৰা হৈছে। এই সকলোবোৰ মহাপাপ। আজি কাফিৰসকল তোমালোকৰ বিৰুদ্ধাচৰণত হতাশ হৈছে, সেয়ে সিহঁতক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা। আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক পৰিপূৰ্ণ কৰিলো আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলো, আৰু তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলো। এতেকে যিয়ে পাপ কৰ্মৰ ফালে ধাৱিত নহৈ কেৱল ভোকৰ তাড়নাত বাধ্য হৈ (ভক্ষণ কৰিলে) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।


الصفحة التالية
Icon