আৰু যিসকলে কয়, ‘আমি নাছাৰা’, সিহঁতৰো আমি অঙ্গীকাৰ গ্ৰহণ কৰিছিলো; তাৰ পিছত সিহঁতক যি উপদেশ দিয়া হৈছিল তাৰে একাংশ সিহঁতে পাহৰি গৈছিল। ফলত আমি সিহঁতৰ মাজত কিয়ামত পৰ্যন্ত স্থায়ী শত্ৰুতা আৰু বিদ্বেষ জাগৰুক কৰি ৰাখিছো। সিহঁতে যি কৰিছিল সেয়া আল্লাহে অচিৰেই সিহঁতক জনাই দিব।


الصفحة التالية
Icon