হে ৰাছুল! তুমি সিহঁতৰ বাবে চিন্তিত নহ’বা যিসকলে কুফৰীৰ ফালে দ্ৰুত গতিত আগুৱাই যায়—যিসকলে মুখেৰে কয়, ‘ঈমান আনিছো’, অথচ সিহঁতৰ অন্তৰে ঈমান আনা নাই- আৰু যিসকলে ইয়াহুদী, সিহঁত (সকলোৱেই) মিছা কথা শুনিবলৈ অধিক তৎপৰ, অন্যান্য কওমৰ প্ৰতি, যিসকলে তোমাৰ ওচৰত অহা নাই সিহঁতে কাণ পাতি থাকে। শব্দসমূহ যথাযথ সুবিন্যস্ত থকাৰ পিছতো সিহঁতে সেইবোৰৰ অৰ্থ বিকৃত কৰে। সিহঁতে কয়, ‘যদি তোমালোকক এনেকুৱা বিধান দিয়ে তেনেহ’লে গ্ৰহণ কৰিবা আৰু যদি এনেকুৱা বিধান নিদিয়ে তেনেহ’লে বৰ্জন কৰিবা’। আল্লাহে যাক ফিতনাত পেলাব বিচাৰে তাৰ বাবে আল্লাহৰ ওচৰত তোমাৰ কৰিবলৈ একো নাই। ইহঁতেই হৈছে সেইসকল লোক যিসকলৰ হৃদয়ক আল্লাহে বিশুদ্ধ কৰিব নিবিচাৰে; সিহঁতৰ বাবে আছে পৃথিৱীত লাঞ্ছনা আৰু আখিৰাতত আছে মহাশাস্তি।


الصفحة التالية
Icon