আৰু ইয়াহুদীসকলে কয়, ‘আল্লাহৰ হাত ৰুদ্ধ’। দৰাচলতে সিহঁতৰ হাতেই ৰুদ্ধ কৰা হৈছে আৰু সিহঁতে যি কয় সেই বাবে সিহঁত অভিশপ্ত, বৰং আল্লাহৰ উভয় হাতেই প্ৰসাৰিত; যেনেকৈ ইচ্ছা তেওঁ দান কৰে। তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া নিশ্চয় সিহঁতৰ বহুতৰে অবাধ্যতা আৰু কুফৰী বৃদ্ধি কৰিব। আমি সিহঁতৰ মাজত কিয়ামত পৰ্যন্ত স্থায়ী শত্ৰুতা আৰু বিদ্বেষ ঢালি দিছো। যেতিয়াই সিহঁতে যুদ্ধৰ জুই লগায় তেতিয়াই আল্লাহে সেয়া নুমাই দিয়ে আৰু সিহঁতে পৃথিৱীত বিপৰ্যয় কৰি ফুৰে; আৰু আল্লাহে বিপৰ্যয়কাৰীসকলক ভাল নাপায়।


الصفحة التالية
Icon