আৰু সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, অথবা কয়, ‘মোৰ ওচৰত অহী আহে’, অথচ তাৰ ওচৰত একোৱেই অহী কৰা নহয়, আৰু যিয়ে কয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে ময়ো সিটোৰ দৰে অৱতীৰ্ণ কৰিম’; আৰু যদি তুমি দেখিলাহেঁতেন, যেতিয়া যালিমসকল মৃত্যু যন্ত্ৰণাত থাকিব আৰু ফিৰিস্তাসকলে হাত বঢ়াই ক’ব, ‘তোমালোকে নিজৰ প্ৰাণ উলিয়াই আনা। আজি তোমালোকক লাঞ্ছনাদায়ক শাস্তি দিয়া হ’ব, কাৰণ তোমালোকে আল্লাহৰ ওপৰত অসত্য কথা কৈছা আৰু তেওঁৰ আয়াতসমূহ সম্পৰ্কে অহংকাৰ কৰিছিলা’।