হে ঈমান্দাৰসকল! তোমালোকে মোৰ শত্ৰু আৰু তোমালোকৰ শত্ৰুক বন্ধুৰূপে গ্ৰহণ নকৰিবা, তোমালোকে সিহঁতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা প্ৰেৰণ কৰিছা, অথচ সিহঁতে, তোমালোকৰ ওচৰত যি সত্য আহিছে, সেইটো প্ৰত্যাখ্যান কৰিছে, ৰাছুলক আৰু তোমালোকক বহিষ্কাৰ কৰিছে এই কাৰণে যে, তোমালোকে তোমালোকৰ প্ৰতিপালক আল্লাহৰ প্ৰতি ঈমান আনিছা। যদি তোমালোকে মোৰ পথত জিহাদ কৰিবলৈ আৰু মোৰ সন্তুষ্টি লাভৰ বাবে ওলাইছা, তেন্তে কিয় তোমালোকে সিহঁতৰ লগত গোপনে বন্ধুত্ব কৰিছা? আৰু তোমালোকে যি গোপন কৰা আৰু তোমালোকে যি প্ৰকাশ কৰা সেই বিষয়ে মই সম্যক অৱগত। তোমালোকৰ মাজত যিয়ে এনেকুৱা কৰিব সি সৰল পথৰ পৰা বিচ্যুত হ’ব।


الصفحة التالية
Icon