তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে ক’লে, ‘হে ছুৱাইব! নিশ্চয় আমি তোমাক আৰু তোমাৰ লগত যিসকলে ঈমান আনিছে সিহঁতক আমাৰ জনপদৰ পৰা উলিয়াই দিম নাইবা তোমালোকে আমাৰ ধৰ্মাদৰ্শত উভতি আহিব লাগিব’। তেওঁ ক’লে, ‘যদিও আমি সেইটোক ঘৃণা কৰো তথাপিও (বাধ্য কৰাবানে)’?
الترجمة الأسامية