তেৱেঁই তোমালোকক জল-স্থলত ভ্ৰমণ কৰায়। আনকি তোমালোকে যেতিয়া নৌযানত আৰোহণ কৰি অনুকূল বতাহত আনন্দ উল্লাসেৰে ভ্ৰমণ কৰা আৰু হঠাৎ যেতিয়া প্ৰবল ধুমুহা আহে, আৰু চাৰিওফালৰ পৰা ঢৌ আহিবলৈ ধৰে আৰু সিহঁতে (আৰোহণকাৰীসকলে) নিশ্চিত ধাৰণা কৰে যে, সিহঁত পৰিবেষ্টিত হৈছে, তেতিয়া সিহঁতে সৰল চিত্তে আনুগত্য সহকাৰে কেৱল আল্লাহকেই প্ৰাৰ্থনা কৰে যে, ‘তুমি যদি আমাক ইয়াৰ পৰা ৰক্ষা কৰা, নিশ্চয় আমি কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।
الترجمة الأسامية