আৰু তুমি যি অৱস্থাতেই নথকা কিয় আৰু তুমি সেই সম্পৰ্কে কোৰআনৰ পৰা যিটোৱেই তিলাৱত কৰা আৰু তোমালোকে যি আমলেই নকৰা কিয়, আমি তোমালোকৰ সাক্ষী থাকো, যেতিয়া তোমালোকে তাত প্ৰবৃত্ত হোৱা। আকাশসমূহ আৰু পৃথিৱীৰ অণু পৰিমাণ বস্তুও তোমাৰ প্ৰতিপালকৰ দৃষ্টিৰ অগোচৰ নহয় আৰু তাতকৈয়ো ক্ষুদ্ৰ বা বৃহত একোৱেই নাই যিটো সুস্পষ্ট কিতাবত নাই।
الترجمة الأسامية