হে ঈমান্দাৰসকল! নিহতসকলৰ ক্ষেত্ৰত তোমালোকৰ ওপৰত কিচাচৰ বিধান ফৰজ কৰা হৈছে। স্বাধীন ব্যক্তিৰ বিনিময়ত স্বাধীন ব্যক্তি, ক্ৰীতদাসৰ বিনিময়ত ক্ৰীতদাস, নাৰীৰ বিনিময়ত নাৰী। কিন্তু তাৰ ভাতৃৰ ফালৰ পৰা ক্ষমা প্ৰদৰ্শন কৰা হ'লে যথাযথ বিধিৰ অনুসৰণ কৰা আৰু সততাৰ সৈতে তাৰ ৰক্ত-বিনিময় আদায় কৰা কৰ্তব্য। এইটো তোমালোকৰ প্ৰতিপালকৰ ফালৰ পৰা শিথিলতা আৰু অনুগ্ৰহ। এতেকে ইয়াৰ পিছতো যিয়ে সীমালংঘন কৰে তাৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
الترجمة الأسامية