আৰু যেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক দেখুৱা তুমি কেনেকৈ মৃতক জীৱিত কৰা’, তেওঁ ক’লে, ‘তেন্তে তুমি বিশ্বাস কৰা নাই নেকি’? ইব্ৰাহীমে ক’লে, ‘নিশ্চয় কৰো, কিন্তু মোৰ মনৰ প্ৰশান্তিৰ বাবে’, আল্লাহে ক’লে, ‘তেন্তে চাৰিটা চৰাই লোৱা আৰু সেইবোৰক পোহ মনাই লোৱা। তাৰ পিছত সেইবোৰৰ টুকুৰা কৰি এটা এটা পাহাৰত স্থাপন কৰা। তাৰ পিছত সেইবোৰক মাতা, সেইবোৰ তোমাৰ ওচৰলৈ দৌৰি আহিব, আৰু জানি থোৱা, নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।
الترجمة الأسامية