---
title: "ترجمة سورة هود - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/11/book/1994.md"
canonical: "https://quranpedia.net/surah/1/11/book/1994"
surah_id: "11"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة هود - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/11/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة هود - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/11/book/1994*.

Translation of Surah هود from "الترجمة الأسامية" in الأسامية.

### الآية 11:1

> الر ۚ كِتَابٌ أُحْكِمَتْ آيَاتُهُ ثُمَّ فُصِّلَتْ مِنْ لَدُنْ حَكِيمٍ خَبِيرٍ [11:1]

আলিফ-লাম-ৰা, এইটো এনে এখন কিতাব যাৰ আয়াতসমূহ সুস্পষ্ট, সুবিন্যস্ত আৰু পিছত বিশদভাৱে বিবৃত প্ৰজ্ঞাময়, সবিশেষ অৱহিত সত্তাৰ তৰফৰ পৰা;

### الآية 11:2

> ﻿أَلَّا تَعْبُدُوا إِلَّا اللَّهَ ۚ إِنَّنِي لَكُمْ مِنْهُ نَذِيرٌ وَبَشِيرٌ [11:2]

যে, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা, নিশ্চয় মই তেওঁৰ তৰফৰ পৰা তোমালোকৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতা।

### الآية 11:3

> ﻿وَأَنِ اسْتَغْفِرُوا رَبَّكُمْ ثُمَّ تُوبُوا إِلَيْهِ يُمَتِّعْكُمْ مَتَاعًا حَسَنًا إِلَىٰ أَجَلٍ مُسَمًّى وَيُؤْتِ كُلَّ ذِي فَضْلٍ فَضْلَهُ ۖ وَإِنْ تَوَلَّوْا فَإِنِّي أَخَافُ عَلَيْكُمْ عَذَابَ يَوْمٍ كَبِيرٍ [11:3]

লগতে তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তাৰ পিছত তেওঁৰ পিনে উভতি আহা, তেওঁ তোমালোকক এটা নিৰ্দিষ্ট সময়ৰ এটা উত্তম জীৱন উপভোগ কৰিবলৈ দিব আৰু তেওঁ প্ৰত্যেক গুণী ব্যক্তিক তাৰ প্ৰাপ্য মৰ্যাদা প্ৰদান কৰিব; আৰু যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে নিশ্চয় মই তোমালোকৰ ওপৰত মহা দিৱসৰ শাস্তিৰ আশংকা কৰো।

### الآية 11:4

> ﻿إِلَى اللَّهِ مَرْجِعُكُمْ ۖ وَهُوَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ [11:4]

আল্লাহৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

### الآية 11:5

> ﻿أَلَا إِنَّهُمْ يَثْنُونَ صُدُورَهُمْ لِيَسْتَخْفُوا مِنْهُ ۚ أَلَا حِينَ يَسْتَغْشُونَ ثِيَابَهُمْ يَعْلَمُ مَا يُسِرُّونَ وَمَا يُعْلِنُونَ ۚ إِنَّهُ عَلِيمٌ بِذَاتِ الصُّدُورِ [11:5]

জানি থোৱা! সিহঁতে তেওঁৰ পৰা গোপন কৰিবলৈ সিহঁতৰ বুকু জপাই ৰাখে। জানি থোৱা! সিহঁতে যেতিয়া নিজকে বস্ত্ৰৰ দ্বাৰা আচ্ছাদিত কৰে তেতিয়া সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, তেওঁ সেয়াও জানে। অন্তৰত যি আছে, নিশ্চয় তেওঁ সেই বিষয়ে সবিশেষ অৱগত।

### الآية 11:6

> ﻿۞ وَمَا مِنْ دَابَّةٍ فِي الْأَرْضِ إِلَّا عَلَى اللَّهِ رِزْقُهَا وَيَعْلَمُ مُسْتَقَرَّهَا وَمُسْتَوْدَعَهَا ۚ كُلٌّ فِي كِتَابٍ مُبِينٍ [11:6]

আৰু পৃথিৱীত বিচৰণকাৰী প্ৰতিটো প্ৰাণীৰ জীৱিকাৰ দায়িত্ব কেৱল আল্লাহৰেই আৰু তেওঁ সেইবোৰৰ স্থায়ী ও অস্থায়ী অৱস্থিতি সম্পৰ্কে অৱহিত; প্ৰতিটো বিষয় সুস্পষ্ট কিতাবত আছে।

### الآية 11:7

> ﻿وَهُوَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ وَكَانَ عَرْشُهُ عَلَى الْمَاءِ لِيَبْلُوَكُمْ أَيُّكُمْ أَحْسَنُ عَمَلًا ۗ وَلَئِنْ قُلْتَ إِنَّكُمْ مَبْعُوثُونَ مِنْ بَعْدِ الْمَوْتِ لَيَقُولَنَّ الَّذِينَ كَفَرُوا إِنْ هَٰذَا إِلَّا سِحْرٌ مُبِينٌ [11:7]

আৰু তেৱেঁই আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে; আৰু তেওঁৰ আৰশ্ব আছিল পানীৰ ওপৰত, তোমালোকৰ মাজত আমলত কোন শ্ৰেষ্ঠ সেয়া পৰীক্ষা কৰাৰ বাবে, আৰু তুমি যদি কোৱা যে, ‘নিশ্চয় মৃত্যুৰ পিছত তোমালোকক পুনৰুত্থান কৰা হ’ব’, তেতিয়া কাফিৰসকলে অৱশ্যে ক’ব, ‘এয়া স্পষ্ট যাদু’।

### الآية 11:8

> ﻿وَلَئِنْ أَخَّرْنَا عَنْهُمُ الْعَذَابَ إِلَىٰ أُمَّةٍ مَعْدُودَةٍ لَيَقُولُنَّ مَا يَحْبِسُهُ ۗ أَلَا يَوْمَ يَأْتِيهِمْ لَيْسَ مَصْرُوفًا عَنْهُمْ وَحَاقَ بِهِمْ مَا كَانُوا بِهِ يَسْتَهْزِئُونَ [11:8]

আৰু যদি নিৰ্দিষ্ট সময়ৰ বাবে আমি সিহঁতৰ পৰা শাস্তি স্থগিত ৰাখো তেন্তে সিহঁতে অৱশ্যে ক’ব, ‘কিহে ইয়াক নিবাৰণ কৰিছে’? সাৱধান! যিদিনা সিহঁতৰ ওচৰত এইটো আহিব সেই দিনা এইটো সিহঁতৰ পৰা নিবৃত্ত কৰা নহ’ব আৰু যি বিষয়ে সিহঁতে ঠাট্ৰা-বিদ্ৰূপ কৰে সেয়া সিহঁতক পৰিবেষ্টন কৰিব।

### الآية 11:9

> ﻿وَلَئِنْ أَذَقْنَا الْإِنْسَانَ مِنَّا رَحْمَةً ثُمَّ نَزَعْنَاهَا مِنْهُ إِنَّهُ لَيَئُوسٌ كَفُورٌ [11:9]

আৰু যদি আমি মানুহক আমাৰ ফালৰ পৰা ৰহমতৰ সোৱাদ লবলৈ দিওঁ আৰু পিছত তাৰ পৰা সেয়া কাঢি লওঁ তেন্তে নিশ্চয় সি হতাশ আৰু অকৃতজ্ঞ হৈ পৰে।

### الآية 11:10

> ﻿وَلَئِنْ أَذَقْنَاهُ نَعْمَاءَ بَعْدَ ضَرَّاءَ مَسَّتْهُ لَيَقُولَنَّ ذَهَبَ السَّيِّئَاتُ عَنِّي ۚ إِنَّهُ لَفَرِحٌ فَخُورٌ [11:10]

আৰু যদি দুখ-দৈন্য স্পৰ্শ কৰাৰ পিছত আমি তাক সুখৰ সোৱাদ লবলৈ দিওঁ তেতিয়া সি অৱশ্যে ক’ব, ‘মোৰ পৰা বিপদ-আপদ দূৰ হৈছে’, আৰু সি উৎফুল্ল আৰু অহংকাৰী হৈ পৰে।

### الآية 11:11

> ﻿إِلَّا الَّذِينَ صَبَرُوا وَعَمِلُوا الصَّالِحَاتِ أُولَٰئِكَ لَهُمْ مَغْفِرَةٌ وَأَجْرٌ كَبِيرٌ [11:11]

কিন্তু যিসকলে ধৈৰ্যশীল আৰু সৎকৰ্মপৰায়ণ তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু মহাপুৰষ্কাৰ।

### الآية 11:12

> ﻿فَلَعَلَّكَ تَارِكٌ بَعْضَ مَا يُوحَىٰ إِلَيْكَ وَضَائِقٌ بِهِ صَدْرُكَ أَنْ يَقُولُوا لَوْلَا أُنْزِلَ عَلَيْهِ كَنْزٌ أَوْ جَاءَ مَعَهُ مَلَكٌ ۚ إِنَّمَا أَنْتَ نَذِيرٌ ۚ وَاللَّهُ عَلَىٰ كُلِّ شَيْءٍ وَكِيلٌ [11:12]

তেন্তে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে তাৰ পৰা কিবা তুমি বৰ্জন কৰিবা নেকি আৰু ইয়াৰ দ্বাৰা তোমাৰ মন সংকুচিত হ’ব নেকি সিহঁতৰ এই কথা কোৱাৰ বাবে যে, ‘তাৰ ওচৰত ধন-ভান্ডাৰ কিয় অৱতীৰ্ণ কৰা নহয় অথবা তাৰ লগত ফিৰিস্তা কিয় নাহে’? তুমিহে কেৱল এজন সতৰ্ককাৰী আৰু আল্লাহ সকলো বস্তুৰ ওপৰত কৰ্মবিধায়ক।

### الآية 11:13

> ﻿أَمْ يَقُولُونَ افْتَرَاهُ ۖ قُلْ فَأْتُوا بِعَشْرِ سُوَرٍ مِثْلِهِ مُفْتَرَيَاتٍ وَادْعُوا مَنِ اسْتَطَعْتُمْ مِنْ دُونِ اللَّهِ إِنْ كُنْتُمْ صَادِقِينَ [11:13]

নে সিহঁতে এইটো কয় যে, ‘তেওঁ এইটো নিজেই ৰচনা কৰিছে’? কোৱা, ‘তোমালোকে যদি (তোমালোকৰ দাবীত) সত্যবাদী হোৱা তেন্তে তোমালোকে ইয়াৰ দৰে দহটা ছুৰা ৰচনা কৰি লৈ আহা আৰু আল্লাহৰ বাহিৰে আন যাক ইচ্ছা (এই বিষয়ে সহযোগৰ বাবে) মাতি লোৱা’।

### الآية 11:14

> ﻿فَإِلَّمْ يَسْتَجِيبُوا لَكُمْ فَاعْلَمُوا أَنَّمَا أُنْزِلَ بِعِلْمِ اللَّهِ وَأَنْ لَا إِلَٰهَ إِلَّا هُوَ ۖ فَهَلْ أَنْتُمْ مُسْلِمُونَ [11:14]

এতেকে সিহঁতে যদি তোমালোকৰ আহ্বানত সঁহাৰি নিদিয়ে তেন্তে জানি থোৱা, এইটো আল্লাহৰ জ্ঞান অনুসাৰেই অৱতীৰ্ণ কৰা হৈছে আৰু তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী (মুছলিম) হ’বানে?

### الآية 11:15

> ﻿مَنْ كَانَ يُرِيدُ الْحَيَاةَ الدُّنْيَا وَزِينَتَهَا نُوَفِّ إِلَيْهِمْ أَعْمَالَهُمْ فِيهَا وَهُمْ فِيهَا لَا يُبْخَسُونَ [11:15]

যিয়ে পাৰ্থিৱ জীৱন আৰু ইয়াৰ সৌন্দৰ্য কামনা কৰে, পৃথিৱীতেই আমি সিহঁতৰ আমলৰ পূৰ্ণ ফল প্ৰদান কৰো আৰু তাত সিহঁতক কম দিয়া নহ’ব।

### الآية 11:16

> ﻿أُولَٰئِكَ الَّذِينَ لَيْسَ لَهُمْ فِي الْآخِرَةِ إِلَّا النَّارُ ۖ وَحَبِطَ مَا صَنَعُوا فِيهَا وَبَاطِلٌ مَا كَانُوا يَعْمَلُونَ [11:16]

ইহঁতেই সেইসকল লোক যিসকলৰ বাবে আখিৰাতত (জাহান্নামৰ) জুইৰ বাহিৰে আন একো নাই আৰু সিহঁতে পাৰ্থিৱ জীৱনত যি (আমল) কৰিছিল আখিৰাতত সেয়া নিষ্ফল হৈ যাব আৰু সিহঁতে যি কৰিছিল সেয়া আছিল নিৰৰ্থক।

### الآية 11:17

> ﻿أَفَمَنْ كَانَ عَلَىٰ بَيِّنَةٍ مِنْ رَبِّهِ وَيَتْلُوهُ شَاهِدٌ مِنْهُ وَمِنْ قَبْلِهِ كِتَابُ مُوسَىٰ إِمَامًا وَرَحْمَةً ۚ أُولَٰئِكَ يُؤْمِنُونَ بِهِ ۚ وَمَنْ يَكْفُرْ بِهِ مِنَ الْأَحْزَابِ فَالنَّارُ مَوْعِدُهُ ۚ فَلَا تَكُ فِي مِرْيَةٍ مِنْهُ ۚ إِنَّهُ الْحَقُّ مِنْ رَبِّكَ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يُؤْمِنُونَ [11:17]

যিসকলে নিজ প্ৰতিপালকৰ পৰা অহা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আৰু যাৰ অনুসৰণ কৰে তেওঁৰ প্ৰেৰিত সাক্ষী আৰু যাৰ আগত আছিল মুছাৰ কিতাব আদৰ্শ আৰু অনুগ্ৰহস্বৰূপ, (এওঁলোক সেইসকল লোকৰ দৰেনে যিসকলে পৃথিৱী আৰু ইয়াৰ উপকৰণ কামনাত বিভোৰ) বৰং এওঁলোকেই ইয়াৰ ওপৰত ঈমান পোষণ কৰে। অন্যান্য দলৰ যিসকলে ইয়াক অস্বীকাৰ কৰে, অগ্নিয়ে হ’ব সিহঁতৰ প্ৰতিশ্ৰুত স্থান। এতেকে তুমি কেতিয়াও ইয়াত সন্দেহ পোষণ নকৰিবা। এইটো কেৱল তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য; কিন্তু অধিকাংশ মানুহেই ঈমান পোষণ নকৰে।

### الآية 11:18

> ﻿وَمَنْ أَظْلَمُ مِمَّنِ افْتَرَىٰ عَلَى اللَّهِ كَذِبًا ۚ أُولَٰئِكَ يُعْرَضُونَ عَلَىٰ رَبِّهِمْ وَيَقُولُ الْأَشْهَادُ هَٰؤُلَاءِ الَّذِينَ كَذَبُوا عَلَىٰ رَبِّهِمْ ۚ أَلَا لَعْنَةُ اللَّهِ عَلَى الظَّالِمِينَ [11:18]

যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, সিহঁততকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? সিহঁতক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত কৰোৱা হ’ব আৰু সাক্ষীসকলে ক’ব, ‘ইহঁতে নিজ প্ৰতিপালকৰ বিষয়ে মিছা কৈছিল’। সাৱধান! যালিমসকলৰ ওপৰত আল্লাহৰ অভিশাপ।

### الآية 11:19

> ﻿الَّذِينَ يَصُدُّونَ عَنْ سَبِيلِ اللَّهِ وَيَبْغُونَهَا عِوَجًا وَهُمْ بِالْآخِرَةِ هُمْ كَافِرُونَ [11:19]

যিসকলে আল্লাহৰ পথত বাধা দিয়ে আৰু তাত বক্ৰতা অনুসন্ধান কৰে; আৰু ইহঁতেই আখিৰাত অস্বীকাৰকাৰী।

### الآية 11:20

> ﻿أُولَٰئِكَ لَمْ يَكُونُوا مُعْجِزِينَ فِي الْأَرْضِ وَمَا كَانَ لَهُمْ مِنْ دُونِ اللَّهِ مِنْ أَوْلِيَاءَ ۘ يُضَاعَفُ لَهُمُ الْعَذَابُ ۚ مَا كَانُوا يَسْتَطِيعُونَ السَّمْعَ وَمَا كَانُوا يُبْصِرُونَ [11:20]

পৃথিৱীত আল্লাহক ব্যৰ্থ কৰাৰ ক্ষমতা সিহঁতৰ নাছিল আৰু আল্লাহৰ বাহিৰে সিহঁতৰ কোনো সহায়কাৰীও নাছিল; সিহঁতৰ শাস্তি দ্বিগুণ কৰা হ’ব; সিহঁতৰ শুনিবলৈও সামৰ্থ নাছিল আৰু দেখিবলৈয়ো নাছিল।

### الآية 11:21

> ﻿أُولَٰئِكَ الَّذِينَ خَسِرُوا أَنْفُسَهُمْ وَضَلَّ عَنْهُمْ مَا كَانُوا يَفْتَرُونَ [11:21]

ইহঁত নিজৰেই ক্ষতি কৰিলে আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেয়া সিহঁতৰ পৰা হেৰাই গ’ল।

### الآية 11:22

> ﻿لَا جَرَمَ أَنَّهُمْ فِي الْآخِرَةِ هُمُ الْأَخْسَرُونَ [11:22]

নিসন্দেহে সিহঁতেই আখিৰাতত সৰ্বাধিক ক্ষতিগ্ৰস্ত।

### الآية 11:23

> ﻿إِنَّ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَأَخْبَتُوا إِلَىٰ رَبِّهِمْ أُولَٰئِكَ أَصْحَابُ الْجَنَّةِ ۖ هُمْ فِيهَا خَالِدُونَ [11:23]

নিশ্চয় যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে আৰু নিজ প্ৰতিপালকৰ প্ৰতি বিনীত হৈছে; তেওঁলোকেই জান্নাতৰ অধিবাসী, তাত তেওঁলোক চিৰকাল থাকিব।

### الآية 11:24

> ﻿۞ مَثَلُ الْفَرِيقَيْنِ كَالْأَعْمَىٰ وَالْأَصَمِّ وَالْبَصِيرِ وَالسَّمِيعِ ۚ هَلْ يَسْتَوِيَانِ مَثَلًا ۚ أَفَلَا تَذَكَّرُونَ [11:24]

দল দুটাৰ উদাহৰণ হৈছে, এটা অন্ধ আৰু বধিৰ, আৰু আনটো হৈছে দৃষ্টিশক্তি ও শ্ৰৱণশক্তি সম্পন্ন। তুলনাত এই দুটা সমান হ’ব পাৰেনে? তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে?

### الآية 11:25

> ﻿وَلَقَدْ أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِ إِنِّي لَكُمْ نَذِيرٌ مُبِينٌ [11:25]

আৰু অৱশ্যে আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ পঠিয়াইছিলো। তেওঁ কৈছিল, ‘নিশ্চয় মই তোমালোকৰ বাবে প্ৰকাশ্য সতৰ্ককাৰী’।

### الآية 11:26

> ﻿أَنْ لَا تَعْبُدُوا إِلَّا اللَّهَ ۖ إِنِّي أَخَافُ عَلَيْكُمْ عَذَابَ يَوْمٍ أَلِيمٍ [11:26]

যাতে তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰা, নিশ্চয় মই তোমালোকৰ বাবে এটা যন্ত্ৰণাদায়ক দিৱসৰ শাস্তিৰ আশংকা কৰিছো।

### الآية 11:27

> ﻿فَقَالَ الْمَلَأُ الَّذِينَ كَفَرُوا مِنْ قَوْمِهِ مَا نَرَاكَ إِلَّا بَشَرًا مِثْلَنَا وَمَا نَرَاكَ اتَّبَعَكَ إِلَّا الَّذِينَ هُمْ أَرَاذِلُنَا بَادِيَ الرَّأْيِ وَمَا نَرَىٰ لَكُمْ عَلَيْنَا مِنْ فَضْلٍ بَلْ نَظُنُّكُمْ كَاذِبِينَ [11:27]

তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক’লে, ‘আমিতো তোমাক এজন আমাৰ নিচিনাই মানুহ বুলিহে দেখি আছো, লগতে আমি দেখি আছো তোমাক কেৱল সেইসকল লোকেই অনুসৰণ কৰে যিসকল আমাৰ মাজত বাহ্যিক দৃষ্টিতেই অধম আৰু আমি আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব দেখা পোৱা নাই, বৰং আমি তোমালোকক মিছলীয়া বুলি ভাৱো’।

### الآية 11:28

> ﻿قَالَ يَا قَوْمِ أَرَأَيْتُمْ إِنْ كُنْتُ عَلَىٰ بَيِّنَةٍ مِنْ رَبِّي وَآتَانِي رَحْمَةً مِنْ عِنْدِهِ فَعُمِّيَتْ عَلَيْكُمْ أَنُلْزِمُكُمُوهَا وَأَنْتُمْ لَهَا كَارِهُونَ [11:28]

তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! কোৱাচোন তোমালোকে, মই যদি মোৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত প্ৰমাণত প্ৰতিষ্ঠিত থাকো আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ দান কৰি থাকে, আৰু সেয়া তোমালোকৰ ওচৰত গোপন ৰখা হয়, তেন্তে মই তোমালোকৰ ওপৰত তোমালোকে অপছন্দ কৰা সত্বেও সেয়া জাপি দিব পাৰো নে’?

### الآية 11:29

> ﻿وَيَا قَوْمِ لَا أَسْأَلُكُمْ عَلَيْهِ مَالًا ۖ إِنْ أَجْرِيَ إِلَّا عَلَى اللَّهِ ۚ وَمَا أَنَا بِطَارِدِ الَّذِينَ آمَنُوا ۚ إِنَّهُمْ مُلَاقُو رَبِّهِمْ وَلَٰكِنِّي أَرَاكُمْ قَوْمًا تَجْهَلُونَ [11:29]

‘হে মোৰ সম্প্ৰদায়! ইয়াৰ পৰিবৰ্তে মই তোমালোকৰ ওচৰত কোনো ধন-সম্পদ নিবিচাৰো। মোৰ প্ৰতিদান কেৱল আল্লাহৰ ওচৰত। যিসকলে ঈমান আনিছে তেওঁলোকক খেদি দিয়াটোও মোৰ কাম নহয়; তেওঁলোক নিশ্চিতভাৱে নিজ প্ৰতিপালকক সাক্ষাত কৰিব। কিন্তু মোৰ দৃষ্টিত তোমালোক এটা অজ্ঞ সম্প্ৰদায়’।

### الآية 11:30

> ﻿وَيَا قَوْمِ مَنْ يَنْصُرُنِي مِنَ اللَّهِ إِنْ طَرَدْتُهُمْ ۚ أَفَلَا تَذَكَّرُونَ [11:30]

‘হে মোৰ সম্প্ৰদায়! মই যদি তেওঁলোকক খেদি দিওঁ তেন্তে আল্লাহৰ শাস্তিৰ পৰা মোক কোনে সহায় কৰিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?

### الآية 11:31

> ﻿وَلَا أَقُولُ لَكُمْ عِنْدِي خَزَائِنُ اللَّهِ وَلَا أَعْلَمُ الْغَيْبَ وَلَا أَقُولُ إِنِّي مَلَكٌ وَلَا أَقُولُ لِلَّذِينَ تَزْدَرِي أَعْيُنُكُمْ لَنْ يُؤْتِيَهُمُ اللَّهُ خَيْرًا ۖ اللَّهُ أَعْلَمُ بِمَا فِي أَنْفُسِهِمْ ۖ إِنِّي إِذًا لَمِنَ الظَّالِمِينَ [11:31]

‘আৰু মই তোমালোকক এই বুলি নকওঁ যে, ‘মোৰ ওচৰত আল্লাহৰ ধন-ভাণ্ডাৰ আছে’, আৰু মই গায়েব সম্পৰ্কেও নাজানো আৰু মই এই বুলিও নকওঁ যে, ‘মই এজন ফিৰিস্তা’। তোমালোকৰ দৃষ্টিত যিসকল হীন, সিহঁতৰ বিষয়েও মই এইটো নকওঁ যে, ‘আল্লাহে সিহঁতক কেতিয়াও কল্যাণ প্ৰদান নকৰিব’; সিহঁতৰ অন্তৰত যি আছে সেই বিষয়ে আল্লাহেই অধিক অৱগত। (যদি মই এইদৰে কোৱাহেঁতেন) তেন্তে নিশ্চয় মই যালিমসকলৰ অন্তৰ্ভুক্ত হম’।

### الآية 11:32

> ﻿قَالُوا يَا نُوحُ قَدْ جَادَلْتَنَا فَأَكْثَرْتَ جِدَالَنَا فَأْتِنَا بِمَا تَعِدُنَا إِنْ كُنْتَ مِنَ الصَّادِقِينَ [11:32]

সিহঁতে ক’লে, ‘হে নূহ! তুমি কেৱল আমাৰ সৈতে বাদানুবাদ কৰিছা--- অতি মাত্ৰা বাক-বিতণ্ডা কৰিছা; গতিকে যদি তুমি সত্যবাদী তেন্তে তুমি আমাৰ লগত যি প্ৰতিশ্ৰুতি কৰিছা সেয়া আমাৰ ওচৰলৈ লৈ আহা’।

### الآية 11:33

> ﻿قَالَ إِنَّمَا يَأْتِيكُمْ بِهِ اللَّهُ إِنْ شَاءَ وَمَا أَنْتُمْ بِمُعْجِزِينَ [11:33]

তেওঁ ক’লে, ‘আল্লাহে ইচ্ছা কৰিলে সেয়া তোমালোকৰ ওচৰত উপস্থিত কৰিব আৰু তোমালোকে সেয়া ব্যৰ্থ কৰিব নোৱাৰিবা’।

### الآية 11:34

> ﻿وَلَا يَنْفَعُكُمْ نُصْحِي إِنْ أَرَدْتُ أَنْ أَنْصَحَ لَكُمْ إِنْ كَانَ اللَّهُ يُرِيدُ أَنْ يُغْوِيَكُمْ ۚ هُوَ رَبُّكُمْ وَإِلَيْهِ تُرْجَعُونَ [11:34]

‘আৰু মই তোমালোকক উপদেশ দিব বিচাৰিলেও মোৰ উপদেশ তোমালোকৰ কোনো কামত নাহিব যদি আল্লাহে তোমালোকক বিভ্ৰান্ত কৰিব বিচাৰে। তেৱেঁই তোমালোকৰ ৰব, তেওঁৰ ওচৰতেই তোমালোকক উভতাই নিয়া হ’ব’।

### الآية 11:35

> ﻿أَمْ يَقُولُونَ افْتَرَاهُ ۖ قُلْ إِنِ افْتَرَيْتُهُ فَعَلَيَّ إِجْرَامِي وَأَنَا بَرِيءٌ مِمَّا تُجْرِمُونَ [11:35]

সিহঁতে এইটো কয় নেকি যে, ‘তেওঁ এইটো নিজেই ৰচনা কৰিছে’? কোৱা, ‘মই যদি এইটো ৰচনা কৰি থাকো তেন্তে ময়েই মোৰ অপৰাধৰ বাবে দায়ী হম। কিন্তু তোমালোকে যি অপৰাধ কৰিছা তাৰ পৰা মই দায়মুক্ত’।

### الآية 11:36

> ﻿وَأُوحِيَ إِلَىٰ نُوحٍ أَنَّهُ لَنْ يُؤْمِنَ مِنْ قَوْمِكَ إِلَّا مَنْ قَدْ آمَنَ فَلَا تَبْتَئِسْ بِمَا كَانُوا يَفْعَلُونَ [11:36]

আৰু নূহৰ প্ৰতি অহী কৰা হৈছিল, ‘যিসকলে ঈমান আনিছে তেওঁলোকৰ বাহিৰে তোমাৰ সম্প্ৰদায়ৰ আন কোনেও ঈমান পোষণ নকৰিব। গতিকে সিহঁতে যি কৰে তাৰ বাবে তুমি চিন্তিত নহ’বা’।

### الآية 11:37

> ﻿وَاصْنَعِ الْفُلْكَ بِأَعْيُنِنَا وَوَحْيِنَا وَلَا تُخَاطِبْنِي فِي الَّذِينَ ظَلَمُوا ۚ إِنَّهُمْ مُغْرَقُونَ [11:37]

‘তুমি আমাৰ চকুৰ সন্মুখত আৰু আমাৰ অহী অনুযায়ী এখন নাওঁ নিৰ্মাণ কৰা আৰু যিসকলে অপৰাধ কৰিছে সিহঁতৰ বিষয়ে তুমি মোৰ ওচৰত কোনো আবেদন নকৰিবা; নিশ্চয় সিহঁতক পানীত ডুবোৱা হ’ব’।

### الآية 11:38

> ﻿وَيَصْنَعُ الْفُلْكَ وَكُلَّمَا مَرَّ عَلَيْهِ مَلَأٌ مِنْ قَوْمِهِ سَخِرُوا مِنْهُ ۚ قَالَ إِنْ تَسْخَرُوا مِنَّا فَإِنَّا نَسْخَرُ مِنْكُمْ كَمَا تَسْخَرُونَ [11:38]

আৰু তেওঁ নাওঁ নিৰ্মাণ কৰিব ধৰিলে, যেতিয়াই তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে তেওঁৰ ওচৰেদি পাৰ হৈছিল, তেতিয়াই তেওঁৰ প্ৰতি উপহাস কৰিছিল; তেওঁ কৈছিল, ‘তোমালোকে যদি আমাক লৈ উপহাস কৰা, তেন্তে নিশ্চয় আমিও তোমালোকক উপহাস কৰিম, যেনেকৈ তোমালোকে উপহাস কৰি আছা’।

### الآية 11:39

> ﻿فَسَوْفَ تَعْلَمُونَ مَنْ يَأْتِيهِ عَذَابٌ يُخْزِيهِ وَيَحِلُّ عَلَيْهِ عَذَابٌ مُقِيمٌ [11:39]

এতেকে তোমালোকে অতিশীঘ্ৰে জানিব পাৰিবা, কাৰ ওপৰত আহিব এনেকুৱা শাস্তি যিটোৱে তাক লাঞ্ছিত কৰিব, আৰু তাৰ ওপৰত আপতিত হ’ব স্থায়ী শাস্তি।

### الآية 11:40

> ﻿حَتَّىٰ إِذَا جَاءَ أَمْرُنَا وَفَارَ التَّنُّورُ قُلْنَا احْمِلْ فِيهَا مِنْ كُلٍّ زَوْجَيْنِ اثْنَيْنِ وَأَهْلَكَ إِلَّا مَنْ سَبَقَ عَلَيْهِ الْقَوْلُ وَمَنْ آمَنَ ۚ وَمَا آمَنَ مَعَهُ إِلَّا قَلِيلٌ [11:40]

অৱশেষত যেতিয়া আমাৰ আদেশ আহিল আৰু চৌকাটো উথলি উঠিল, আমি ক’লো, ‘প্ৰত্যেক জাতৰে এজোৰ এজোৰকৈ নাওঁত তুলি লোৱা। যিসকলৰ বিৰুদ্ধে পূৰ্ব-সিদ্ধান্ত হৈছে সিহঁতৰ বাহিৰে তোমাৰ পৰিয়ালৰ আৰু যিসকলে ঈমান আনিছে তেওঁলোককো তুলি লোৱা; আৰু তেওঁৰ লগত ঈমান আনিছিল কেৱল কিছুসংখ্যক লোকে’।

### الآية 11:41

> ﻿۞ وَقَالَ ارْكَبُوا فِيهَا بِسْمِ اللَّهِ مَجْرَاهَا وَمُرْسَاهَا ۚ إِنَّ رَبِّي لَغَفُورٌ رَحِيمٌ [11:41]

আৰু তেওঁ ক’লে, ‘তোমালোকে ইয়াত আৰোহণ কৰা, ইয়াৰ গতি আৰু স্থিতি হ’ব আল্লাহৰ নামত, নিশ্চয় মোৰ ৰব, অতি ক্ষমাশীল, পৰম দয়ালু’।

### الآية 11:42

> ﻿وَهِيَ تَجْرِي بِهِمْ فِي مَوْجٍ كَالْجِبَالِ وَنَادَىٰ نُوحٌ ابْنَهُ وَكَانَ فِي مَعْزِلٍ يَا بُنَيَّ ارْكَبْ مَعَنَا وَلَا تَكُنْ مَعَ الْكَافِرِينَ [11:42]

আৰু ই (নাওঁখনে) পৰ্বতৰ দৰে তৰঙ্গৰ মাজত তেওঁলোকক লৈ গতি কৰিলে; নূহে তেওঁৰ পুত্ৰক, যিজন পৃথক আছিল, মাতি ক’লে, ‘হে মোৰ প্ৰিয় পুত্ৰ! আমাৰ লগত আৰোহণ কৰা আৰু কাফিৰসকলৰ সঙ্গী নহ’বা’।

### الآية 11:43

> ﻿قَالَ سَآوِي إِلَىٰ جَبَلٍ يَعْصِمُنِي مِنَ الْمَاءِ ۚ قَالَ لَا عَاصِمَ الْيَوْمَ مِنْ أَمْرِ اللَّهِ إِلَّا مَنْ رَحِمَ ۚ وَحَالَ بَيْنَهُمَا الْمَوْجُ فَكَانَ مِنَ الْمُغْرَقِينَ [11:43]

সি ক’লে, ‘মই এনে এটা পৰ্বতত আশ্ৰয় লম যিটোৱে মোক পানীৰ পৰা ৰক্ষা কৰিব’। তেওঁ ক’লে, ‘আজি আল্লাহৰ আদেশৰ পৰা ৰক্ষা কৰিবলৈ কোনো নাই, কিন্তু যাক আল্লাহে দয়া কৰিব তাৰ বাহিৰে’। এনেতে তৰঙ্গ এটা আহি সিহঁতৰ মাজত আঁৰ হৈ গ’ল, ফলত সি ডুবি মৰা সকলৰ অন্তৰ্ভুক্ত হৈ গ’ল’।

### الآية 11:44

> ﻿وَقِيلَ يَا أَرْضُ ابْلَعِي مَاءَكِ وَيَا سَمَاءُ أَقْلِعِي وَغِيضَ الْمَاءُ وَقُضِيَ الْأَمْرُ وَاسْتَوَتْ عَلَى الْجُودِيِّ ۖ وَقِيلَ بُعْدًا لِلْقَوْمِ الظَّالِمِينَ [11:44]

আৰু কোৱা হ’ল, ‘হে মাটি! তুমি তোমাৰ পানী গ্ৰাস কৰি লোৱা, আৰু হে আকাশ! ক্ষেন্ত হোৱা’। ফলত পানী হ্ৰাস কৰা হ’ল আৰু সিদ্ধান্ত বাস্তবায়িত হ’ল; আৰু নাওঁখন আল-জুদী পৰ্বতৰ ওপৰত স্থিৰ হ’ল, আৰু কোৱা হ’ল, ‘যালিম সম্প্ৰদায়ৰ বাবেই ধ্বংস’।

### الآية 11:45

> ﻿وَنَادَىٰ نُوحٌ رَبَّهُ فَقَالَ رَبِّ إِنَّ ابْنِي مِنْ أَهْلِي وَإِنَّ وَعْدَكَ الْحَقُّ وَأَنْتَ أَحْكَمُ الْحَاكِمِينَ [11:45]

আৰু নূহে তেওঁৰ প্ৰতিপালকক আহ্বান কৰি ক’লে, ‘হে মোৰ ৰব! নিশ্চয় মোৰ পুত্ৰ মোৰ পৰিয়ালৰ অন্তৰ্ভুক্ত আৰু নিশ্চয় তোমাৰ প্ৰতিশ্ৰুতি সত্য, আৰু তুমি বিচাৰকসকলৰ মাজত আটাইতকৈ শ্ৰেষ্ঠ বিচাৰক’।

### الآية 11:46

> ﻿قَالَ يَا نُوحُ إِنَّهُ لَيْسَ مِنْ أَهْلِكَ ۖ إِنَّهُ عَمَلٌ غَيْرُ صَالِحٍ ۖ فَلَا تَسْأَلْنِ مَا لَيْسَ لَكَ بِهِ عِلْمٌ ۖ إِنِّي أَعِظُكَ أَنْ تَكُونَ مِنَ الْجَاهِلِينَ [11:46]

আল্লাহে ক’লে, ‘হে নূহ! নিশ্চয় সি তোমাৰ পৰিয়ালৰ অন্তৰ্ভুক্ত নহয়। সি অৱশ্যে অসৎকৰ্মপৰায়ণ। সেয়ে যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই সেই বিষয়ে তুমি মোক অনুৰোধ নকৰিবা। মই তোমাক উপদেশ দিছো, তুমি যাতে অজ্ঞসকলৰ অন্তৰ্ভুক্ত নোহোৱা’।

### الآية 11:47

> ﻿قَالَ رَبِّ إِنِّي أَعُوذُ بِكَ أَنْ أَسْأَلَكَ مَا لَيْسَ لِي بِهِ عِلْمٌ ۖ وَإِلَّا تَغْفِرْ لِي وَتَرْحَمْنِي أَكُنْ مِنَ الْخَاسِرِينَ [11:47]

তেওঁ ক’লে, ‘হে মোৰ ৰব! যি বিষয়ে মোৰ কোনো জ্ঞান নাই সেই বিষয়ে মই যাতে তোমাক অনুৰোধ নকৰো তাৰ বাবে মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছো। তুমি যদি মোক ক্ষমা নকৰা আৰু মোক দয়া নকৰা, তেন্তে মই ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।

### الآية 11:48

> ﻿قِيلَ يَا نُوحُ اهْبِطْ بِسَلَامٍ مِنَّا وَبَرَكَاتٍ عَلَيْكَ وَعَلَىٰ أُمَمٍ مِمَّنْ مَعَكَ ۚ وَأُمَمٌ سَنُمَتِّعُهُمْ ثُمَّ يَمَسُّهُمْ مِنَّا عَذَابٌ أَلِيمٌ [11:48]

কোৱা হ’ল, ‘হে নূহ! অৱতৰণ কৰা (নাৱৰ পৰা) আমাৰ ফালৰ পৰা শান্তি আৰু কল্যাণৰ সৈতে তোমাৰ প্ৰতি আৰু যিবোৰ সম্প্ৰদায় তোমাৰ লগত আছে তেওঁলোকৰ প্ৰতি; আৰু কিছুমান এনেকুৱা সম্প্ৰদায়ো আছে আমি সিহঁতক জীৱন উপভোগ কৰিবলৈ দিম, কিন্তু পিছত আমাৰ ফালৰ পৰা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক স্পৰ্শ কৰিব;

### الآية 11:49

> ﻿تِلْكَ مِنْ أَنْبَاءِ الْغَيْبِ نُوحِيهَا إِلَيْكَ ۖ مَا كُنْتَ تَعْلَمُهَا أَنْتَ وَلَا قَوْمُكَ مِنْ قَبْلِ هَٰذَا ۖ فَاصْبِرْ ۖ إِنَّ الْعَاقِبَةَ لِلْمُتَّقِينَ [11:49]

‘এইবোৰ গায়েবৰ সংবাদ আমি তোমাক অহীৰ জৰিয়তে অৱহিত কৰিছো, যিবোৰ ইয়াৰ আগত তুমি জনা নাছিলা আৰু তোমাৰ সম্প্ৰদায়েও জনা নাছিল। গতিকে তুমি ধৈৰ্য ধাৰণ কৰা। নিশ্চয় শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবে’।

### الآية 11:50

> ﻿وَإِلَىٰ عَادٍ أَخَاهُمْ هُودًا ۚ قَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۖ إِنْ أَنْتُمْ إِلَّا مُفْتَرُونَ [11:50]

আৰু আদ জাতিৰ ওচৰত সিহঁতৰ ভাতৃ হূদক প্ৰেৰণ কৰিছিলো, তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। তোমালোকে কেৱল মিছাহে ৰচনা কৰা’।

### الآية 11:51

> ﻿يَا قَوْمِ لَا أَسْأَلُكُمْ عَلَيْهِ أَجْرًا ۖ إِنْ أَجْرِيَ إِلَّا عَلَى الَّذِي فَطَرَنِي ۚ أَفَلَا تَعْقِلُونَ [11:51]

‘হে মোৰ সম্প্ৰদায়! মই তোমালোকৰ ওচৰত ইয়াৰ কোনো বিনিময় নিবিচাৰো। মোৰ বিনিময় আছে কেৱল তেওঁৰ ওচৰত, যিজনে মোক সৃষ্টি কৰিছে। তথাপিও তোমালোকে বুজি নোপোৱা নে’?

### الآية 11:52

> ﻿وَيَا قَوْمِ اسْتَغْفِرُوا رَبَّكُمْ ثُمَّ تُوبُوا إِلَيْهِ يُرْسِلِ السَّمَاءَ عَلَيْكُمْ مِدْرَارًا وَيَزِدْكُمْ قُوَّةً إِلَىٰ قُوَّتِكُمْ وَلَا تَتَوَلَّوْا مُجْرِمِينَ [11:52]

‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তাৰ পিছত তেওঁৰ ফালেই উভতি আহা। তেওঁ তোমালোকৰ ওপৰত ধাৰাষাৰ বৰষুণ বৰ্ষাব; আৰু তেওঁ তোমালোকক শক্তি প্ৰদান কৰি শক্তিশালী কৰিব আৰু (শুনা) তোমালোকে অপৰাধী হৈ মুখ ঘূৰাই নলবা’।

### الآية 11:53

> ﻿قَالُوا يَا هُودُ مَا جِئْتَنَا بِبَيِّنَةٍ وَمَا نَحْنُ بِتَارِكِي آلِهَتِنَا عَنْ قَوْلِكَ وَمَا نَحْنُ لَكَ بِمُؤْمِنِينَ [11:53]

সিহঁতে ক’লে, ‘হে হূদ! তুমি আমাৰ ওচৰত কোনো স্পষ্ট প্ৰমাণ লৈ আহা নাই, তোমাৰ কথাত আমি আমাৰ উপাস্যবোৰক এৰি নিদিওঁ আৰু আমি তোমাৰ প্ৰতি বিশ্বাসো নকৰো’।

### الآية 11:54

> ﻿إِنْ نَقُولُ إِلَّا اعْتَرَاكَ بَعْضُ آلِهَتِنَا بِسُوءٍ ۗ قَالَ إِنِّي أُشْهِدُ اللَّهَ وَاشْهَدُوا أَنِّي بَرِيءٌ مِمَّا تُشْرِكُونَ [11:54]

আমি কেৱল এইটোৱে কওঁ যে, ‘আমাৰ উপাস্যবোৰৰ কোনোবাই তোমাক অমঙ্গলৰ দ্বাৰা আক্ৰান্ত কৰিছে’। তেওঁ ক’লে, ‘নিশ্চয় মই আল্লাহক সাক্ষী কৰিলো আৰু তোমালোকেও সাক্ষী হোৱা যে, নিশ্চয় মই সেইবোৰৰ পৰা মুক্ত যিবোৰক তোমালোকে অংশী কৰা’,

### الآية 11:55

> ﻿مِنْ دُونِهِ ۖ فَكِيدُونِي جَمِيعًا ثُمَّ لَا تُنْظِرُونِ [11:55]

‘আল্লাহৰ বাহিৰে। এতেকে তোমালোক সকলোৱে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা; আৰু মোক অকণো অৱকাশ নিদিবা’।

### الآية 11:56

> ﻿إِنِّي تَوَكَّلْتُ عَلَى اللَّهِ رَبِّي وَرَبِّكُمْ ۚ مَا مِنْ دَابَّةٍ إِلَّا هُوَ آخِذٌ بِنَاصِيَتِهَا ۚ إِنَّ رَبِّي عَلَىٰ صِرَاطٍ مُسْتَقِيمٍ [11:56]

‘মই কেৱল নিৰ্ভৰ কৰো মোৰ আৰু তোমালোকৰ ৰব আল্লাহৰ ওপৰত; এনে কোনো জীৱ-জন্তু নাই, যিটো তেওঁৰ পূৰ্ণ আয়ত্তাধীন নহয়; নিশ্চয় মোৰ ৰব সৰল পথত আছে’।

### الآية 11:57

> ﻿فَإِنْ تَوَلَّوْا فَقَدْ أَبْلَغْتُكُمْ مَا أُرْسِلْتُ بِهِ إِلَيْكُمْ ۚ وَيَسْتَخْلِفُ رَبِّي قَوْمًا غَيْرَكُمْ وَلَا تَضُرُّونَهُ شَيْئًا ۚ إِنَّ رَبِّي عَلَىٰ كُلِّ شَيْءٍ حَفِيظٌ [11:57]

‘এতেকে তোমালোকে যদি বিমুখ হোৱা, তেন্তে যি লৈ মই তোমালোকৰ ওচৰত প্ৰেৰিত হৈছো সেয়া মই পৌঁছাই দিছো; আৰু মোৰ প্ৰতিপালকে তোমালোকৰ ঠাইত আন এটা সম্প্ৰদায়ক তোমালোকৰ স্থলাভিষিক্ত কৰিব আৰু তোমালোকে তেওঁৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰিবা। নিশ্চয় মোৰ ৰব সকলো বস্তুৰ ৰক্ষণাবেক্ষণকাৰী’।

### الآية 11:58

> ﻿وَلَمَّا جَاءَ أَمْرُنَا نَجَّيْنَا هُودًا وَالَّذِينَ آمَنُوا مَعَهُ بِرَحْمَةٍ مِنَّا وَنَجَّيْنَاهُمْ مِنْ عَذَابٍ غَلِيظٍ [11:58]

আৰু যেতিয়া আমাৰ নিৰ্দেশ আহিল তেতিয়া আমি হূদ আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলো আৰু ৰক্ষা কৰিলো তেওঁলোকক কঠিন শাস্তিৰ পৰা।

### الآية 11:59

> ﻿وَتِلْكَ عَادٌ ۖ جَحَدُوا بِآيَاتِ رَبِّهِمْ وَعَصَوْا رُسُلَهُ وَاتَّبَعُوا أَمْرَ كُلِّ جَبَّارٍ عَنِيدٍ [11:59]

আৰু এই আদ জাতিয়ে সিহঁতৰ প্ৰতিপালকৰ নিদৰ্শন অস্বীকাৰ কৰিছিল আৰু অমান্য কৰিছিল তেওঁৰ ৰাছুলসকলক আৰু সিহঁতে প্ৰত্যেক উদ্ধত স্বৈৰাচাৰীৰ নিৰ্দেশ অনুসৰণ কৰিছিল।

### الآية 11:60

> ﻿وَأُتْبِعُوا فِي هَٰذِهِ الدُّنْيَا لَعْنَةً وَيَوْمَ الْقِيَامَةِ ۗ أَلَا إِنَّ عَادًا كَفَرُوا رَبَّهُمْ ۗ أَلَا بُعْدًا لِعَادٍ قَوْمِ هُودٍ [11:60]

আৰু এই পৃথিৱীতেই সিহঁতক অভিশপ্ত কৰা হৈছিল আৰু কিয়ামতৰ দিনাও সিহঁত অভিশপ্ত হ’ব। জানি থোৱা! আদ সম্প্ৰদায়ে সিহঁতৰ প্ৰতিপালকক অস্বীকাৰ কৰিছিল। জানি থোৱা! ধ্বংসই হৈছে হূদৰ সম্প্ৰদায় আদ জাতিৰ পৰিণাম।

### الآية 11:61

> ﻿۞ وَإِلَىٰ ثَمُودَ أَخَاهُمْ صَالِحًا ۚ قَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۖ هُوَ أَنْشَأَكُمْ مِنَ الْأَرْضِ وَاسْتَعْمَرَكُمْ فِيهَا فَاسْتَغْفِرُوهُ ثُمَّ تُوبُوا إِلَيْهِ ۚ إِنَّ رَبِّي قَرِيبٌ مُجِيبٌ [11:61]

আৰু আমি ছামূদ জাতিৰ ওচৰত সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। তেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে আৰু তাতেই তেওঁ তোমালোকৰ বসবাস কৰাৰ ব্যৱস্থা কৰিছে। গতিকে তোমালোকে তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনেই উভতি আহা। নিশ্চয় মোৰ ৰব অতি ওচৰত, আহ্বানত সঁহাৰি প্ৰদানকাৰী’।

### الآية 11:62

> ﻿قَالُوا يَا صَالِحُ قَدْ كُنْتَ فِينَا مَرْجُوًّا قَبْلَ هَٰذَا ۖ أَتَنْهَانَا أَنْ نَعْبُدَ مَا يَعْبُدُ آبَاؤُنَا وَإِنَّنَا لَفِي شَكٍّ مِمَّا تَدْعُونَا إِلَيْهِ مُرِيبٍ [11:62]

সিহঁতে ক’লে, ‘হে ছলেহ! ইয়াৰ পূৰ্বে তুমি আমাৰ প্ৰত্যাশিত আছিলা। তুমি আমাক নিষেধ কৰি আছা নেকি সিহঁতৰ ইবাদত কৰিবলৈ যিসকলৰ ইবাদত আমাৰ পিতৃ-পুৰুষসকলে কৰিছিল? নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহত আছো সেই বিষয়ে, যাৰ প্ৰতি তুমি আমাক আহ্বান কৰি আছা’।

### الآية 11:63

> ﻿قَالَ يَا قَوْمِ أَرَأَيْتُمْ إِنْ كُنْتُ عَلَىٰ بَيِّنَةٍ مِنْ رَبِّي وَآتَانِي مِنْهُ رَحْمَةً فَمَنْ يَنْصُرُنِي مِنَ اللَّهِ إِنْ عَصَيْتُهُ ۖ فَمَا تَزِيدُونَنِي غَيْرَ تَخْسِيرٍ [11:63]

তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! কোৱাচোন তোমালোকে, মই যদি মোৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত প্ৰমাণত প্ৰতিষ্ঠিত থাকো আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ দান কৰে, তথাপিও যদি মই আল্লাহৰ অবাধ্য হওঁ, তেন্তে আল্লাহৰ শাস্তিৰ পৰা মোক কোনে ৰক্ষা কৰিব? গতিকে তোমালোকে কেৱল মোৰ ক্ষতিহে বৃদ্ধি কৰি আছা’।

### الآية 11:64

> ﻿وَيَا قَوْمِ هَٰذِهِ نَاقَةُ اللَّهِ لَكُمْ آيَةً فَذَرُوهَا تَأْكُلْ فِي أَرْضِ اللَّهِ وَلَا تَمَسُّوهَا بِسُوءٍ فَيَأْخُذَكُمْ عَذَابٌ قَرِيبٌ [11:64]

‘হে মোৰ সম্প্ৰদায়! এইজনী আল্লাহৰ উট, তোমালোকৰ বাবে নিদৰ্শনস্বৰূপ। এতেকে ইয়াক আল্লাহৰ ভূমিত চৰি খাব দিয়া। ইয়াক কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা আশু শাস্তিয়ে তোমালোকক আক্ৰান্ত কৰিব’।

### الآية 11:65

> ﻿فَعَقَرُوهَا فَقَالَ تَمَتَّعُوا فِي دَارِكُمْ ثَلَاثَةَ أَيَّامٍ ۖ ذَٰلِكَ وَعْدٌ غَيْرُ مَكْذُوبٍ [11:65]

তথাপিও সিহঁতে ইয়াক হত্যা কৰিলে। সেয়ে তেওঁ ক’লে, ‘তোমালোকে নিজৰ ঘৰত তিনি দিনলৈকে জীৱন উপভোগ কৰি লোৱা। এইটো এনেকুৱা এটা প্ৰতিশ্ৰুতি যিটো কেতিয়াও মিছা নহয়’।

### الآية 11:66

> ﻿فَلَمَّا جَاءَ أَمْرُنَا نَجَّيْنَا صَالِحًا وَالَّذِينَ آمَنُوا مَعَهُ بِرَحْمَةٍ مِنَّا وَمِنْ خِزْيِ يَوْمِئِذٍ ۗ إِنَّ رَبَّكَ هُوَ الْقَوِيُّ الْعَزِيزُ [11:66]

ফলত যেতিয়া আমাৰ নিৰ্দেশ আহি পালে, তেতিয়া আমি ছলেহ আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলো আৰু ৰক্ষা কৰিলো সেইদিনাৰ লাঞ্ছনাৰ পৰা। নিশ্চয় তোমাৰ ৰব, তেওঁ মহা শক্তিমান, মহাপৰাক্ৰমশালী।

### الآية 11:67

> ﻿وَأَخَذَ الَّذِينَ ظَلَمُوا الصَّيْحَةُ فَأَصْبَحُوا فِي دِيَارِهِمْ جَاثِمِينَ [11:67]

আৰু যিসকলে অন্যায় কৰিছিল এটা ভীষণ শব্দই সিহঁতক আক্ৰান্ত কৰিলে; ফলত সিহঁত নিজ নিজ গৃহত নতজানু অৱস্থাত শেষ হৈ গ’ল;

### الآية 11:68

> ﻿كَأَنْ لَمْ يَغْنَوْا فِيهَا ۗ أَلَا إِنَّ ثَمُودَ كَفَرُوا رَبَّهُمْ ۗ أَلَا بُعْدًا لِثَمُودَ [11:68]

যেনিবা সিহঁতে কেতিয়াও তাত বাস কৰা নাছিল। জানি থোৱা! ছামূদ সম্প্ৰদায়ে নিজ প্ৰতিপালকৰ লগত কুফৰী কৰিছিল। জানি থোৱা! ধ্বংসই হৈছে ছামূদ সম্প্ৰদায়ৰ পৰিণাম।

### الآية 11:69

> ﻿وَلَقَدْ جَاءَتْ رُسُلُنَا إِبْرَاهِيمَ بِالْبُشْرَىٰ قَالُوا سَلَامًا ۖ قَالَ سَلَامٌ ۖ فَمَا لَبِثَ أَنْ جَاءَ بِعِجْلٍ حَنِيذٍ [11:69]

আৰু অৱশ্যে আমাৰ ফিৰিস্তাসকল সুসংবাদ লৈ ইব্ৰাহীমৰ ওচৰত আহিছিল। তেওঁলোকে ক’লে, ‘ছালাম’। তেখেতেও ক’লে, ‘ছালাম’। তাৰ পিছত পলম নকৰি তেওঁ এটা কাবাবকৃত দামুৰি লৈ আহিল।

### الآية 11:70

> ﻿فَلَمَّا رَأَىٰ أَيْدِيَهُمْ لَا تَصِلُ إِلَيْهِ نَكِرَهُمْ وَأَوْجَسَ مِنْهُمْ خِيفَةً ۚ قَالُوا لَا تَخَفْ إِنَّا أُرْسِلْنَا إِلَىٰ قَوْمِ لُوطٍ [11:70]

এতেকে তেওঁ যেতিয়া দেখিলে যে, তেওঁলোকৰ হাত সেইটোৰ ফালে প্ৰসাৰিত হোৱা নাই, তেতিয়া তেওঁলোকক অবাঞ্ছিত বুলি ভাৱিলে আৰু তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতি সঞ্চাৰ হ’ল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, আমিতো লূত সম্প্ৰদায়ৰ প্ৰতিহে প্ৰেৰিত হৈছো’।

### الآية 11:71

> ﻿وَامْرَأَتُهُ قَائِمَةٌ فَضَحِكَتْ فَبَشَّرْنَاهَا بِإِسْحَاقَ وَمِنْ وَرَاءِ إِسْحَاقَ يَعْقُوبَ [11:71]

আৰু তেওঁৰ স্ত্ৰী থিয় হৈ আছিল, ফলত তেওঁ হাঁহি উঠিল। তাৰ পিছত আমি তেওঁক ইছহাক্বৰ আৰু ইছহাক্বৰ পৰবৰ্তী ইয়াকূবৰ সুসংবাদ দিলো।

### الآية 11:72

> ﻿قَالَتْ يَا وَيْلَتَىٰ أَأَلِدُ وَأَنَا عَجُوزٌ وَهَٰذَا بَعْلِي شَيْخًا ۖ إِنَّ هَٰذَا لَشَيْءٌ عَجِيبٌ [11:72]

তেওঁ ক’লে, ‘হায়, কি আচৰিত! মই সন্তান জন্ম দিম নে! অথচ মই এজনী বৃদ্ধা আৰু মোৰ স্বামীও বৃদ্ধ, এইটো অৱশ্যে এটা অদ্ভুদ কথা’!

### الآية 11:73

> ﻿قَالُوا أَتَعْجَبِينَ مِنْ أَمْرِ اللَّهِ ۖ رَحْمَتُ اللَّهِ وَبَرَكَاتُهُ عَلَيْكُمْ أَهْلَ الْبَيْتِ ۚ إِنَّهُ حَمِيدٌ مَجِيدٌ [11:73]

তেওঁলোকে ক’লে, ‘আল্লাহৰ কামত আপুনি বিস্ময় বোধ কৰিছে নেকি? হে নবীৰ পৰিয়াল! আপোনালোকৰ প্ৰতি আছে আল্লাহৰ অনুগ্ৰহ আৰু কল্যাণ। নিশ্চয় তেওঁ প্ৰশংসাৰ যোগ্য আৰু অত্যন্ত সন্মানিত’।

### الآية 11:74

> ﻿فَلَمَّا ذَهَبَ عَنْ إِبْرَاهِيمَ الرَّوْعُ وَجَاءَتْهُ الْبُشْرَىٰ يُجَادِلُنَا فِي قَوْمِ لُوطٍ [11:74]

তাৰ পিছত যেতিয়া ইব্ৰাহীমৰ ভীতি দূৰীভূত হ’ল আৰু তেওঁৰ ওচৰত সুসংবাদ আহিলে তেতিয়া তেওঁ লূতৰ সম্প্ৰদায়ৰ বিষয়ে আমাৰ লগত বাদানুবাদ কৰিবলৈ ধৰিলে।

### الآية 11:75

> ﻿إِنَّ إِبْرَاهِيمَ لَحَلِيمٌ أَوَّاهٌ مُنِيبٌ [11:75]

নিশ্চয় ইব্ৰাহীম অত্যন্ত সহনশীল, কোমল হৃদয়, সদায় আল্লাহ অভিমুখী আছিল।

### الآية 11:76

> ﻿يَا إِبْرَاهِيمُ أَعْرِضْ عَنْ هَٰذَا ۖ إِنَّهُ قَدْ جَاءَ أَمْرُ رَبِّكَ ۖ وَإِنَّهُمْ آتِيهِمْ عَذَابٌ غَيْرُ مَرْدُودٍ [11:76]

হে ইব্ৰাহীম! তুমি ইয়াৰ পৰা বিৰত হোৱা; নিশ্চয় তোমাৰ প্ৰতিপালকৰ বিধান আহি পৰিছে; আৰু অৱশ্যে সিহঁতৰ প্ৰতি আহিব শাস্তি যিটো অনিবাৰ্য।

### الآية 11:77

> ﻿وَلَمَّا جَاءَتْ رُسُلُنَا لُوطًا سِيءَ بِهِمْ وَضَاقَ بِهِمْ ذَرْعًا وَقَالَ هَٰذَا يَوْمٌ عَصِيبٌ [11:77]

আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল লূতৰ ওচৰত আহিলে তেতিয়া তেওঁলোকৰ আগমনত তেওঁ বিষণ্ন হ’ল আৰু নিজকে তেওঁলোকৰ ৰক্ষাত অসমৰ্থ বুলি ভাৱিলে আৰু ক’লে, ‘এইটো বৰ বিপদৰ দিন’!

### الآية 11:78

> ﻿وَجَاءَهُ قَوْمُهُ يُهْرَعُونَ إِلَيْهِ وَمِنْ قَبْلُ كَانُوا يَعْمَلُونَ السَّيِّئَاتِ ۚ قَالَ يَا قَوْمِ هَٰؤُلَاءِ بَنَاتِي هُنَّ أَطْهَرُ لَكُمْ ۖ فَاتَّقُوا اللَّهَ وَلَا تُخْزُونِ فِي ضَيْفِي ۖ أَلَيْسَ مِنْكُمْ رَجُلٌ رَشِيدٌ [11:78]

আৰু তেওঁৰ সম্প্ৰদায়ৰ লোকসকল তেওঁৰ ওচৰত উদভ্ৰান্ত হৈ গুচি আহিল আৰু আগৰ পৰাই সিহঁত অসৎকৰ্মত লিপ্ত আছিল। তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! ইহঁত মোৰ কন্যা, তোমালোকৰ বাবে ইহঁতেহে বেছি পৱিত্ৰ। গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অতিথি সম্বন্ধে মোক লজ্জিত নকৰিবা। তোমালোকৰ মাজত এজনো সাধু ব্যক্তি নাইনে’?

### الآية 11:79

> ﻿قَالُوا لَقَدْ عَلِمْتَ مَا لَنَا فِي بَنَاتِكَ مِنْ حَقٍّ وَإِنَّكَ لَتَعْلَمُ مَا نُرِيدُ [11:79]

সিহঁতে ক’লে, ‘তুমিতো জানাই, তোমাৰ কন্যাসকলৰ প্ৰতি আমাৰ কোনো আগ্ৰহ নাই; আৰু আমি যিটো বিচাৰো সেয়া তুমি নিশ্চয় জানা’।

### الآية 11:80

> ﻿قَالَ لَوْ أَنَّ لِي بِكُمْ قُوَّةً أَوْ آوِي إِلَىٰ رُكْنٍ شَدِيدٍ [11:80]

তেওঁ ক’লে, ‘হায়! তোমালোকৰ ওপৰত যদি মোৰ শক্তি থাকিলেহেঁতেন অথবা মই যদি কোনো সুদৃঢ় স্তম্ভৰ আশ্ৰয় লব পাৰিলোহেঁতেন’!

### الآية 11:81

> ﻿قَالُوا يَا لُوطُ إِنَّا رُسُلُ رَبِّكَ لَنْ يَصِلُوا إِلَيْكَ ۖ فَأَسْرِ بِأَهْلِكَ بِقِطْعٍ مِنَ اللَّيْلِ وَلَا يَلْتَفِتْ مِنْكُمْ أَحَدٌ إِلَّا امْرَأَتَكَ ۖ إِنَّهُ مُصِيبُهَا مَا أَصَابَهُمْ ۚ إِنَّ مَوْعِدَهُمُ الصُّبْحُ ۚ أَلَيْسَ الصُّبْحُ بِقَرِيبٍ [11:81]

তেওঁলোকে (ফিৰিস্তাসকলে) ক’লে, ‘হে লূত! নিশ্চয় আমি আপোনাৰ প্ৰতিপালকৰ প্ৰেৰিত ফিৰিস্তা। সিহঁতে কেতিয়াও আপোনাৰ ওচৰলৈকে আহিব নোৱাৰিব। গতিকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গসহ ওলাই যাওঁক আৰু আপোনালোকৰ মাজৰ কোনোৱেই পিছফালে ঘূৰি নাচাব কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে। সিহঁতৰ লগত যি সংঘটিত হ’ব তাইৰ লগতো সেয়া ঘটিব। নিশ্চয় প্ৰভাত হৈছে সিহঁতৰ বাবে নিৰ্ধাৰিত সময়। প্ৰভাত অতি সন্নিকট নহয়নে বাৰু’?

### الآية 11:82

> ﻿فَلَمَّا جَاءَ أَمْرُنَا جَعَلْنَا عَالِيَهَا سَافِلَهَا وَأَمْطَرْنَا عَلَيْهَا حِجَارَةً مِنْ سِجِّيلٍ مَنْضُودٍ [11:82]

এতেকে যেতিয়া আমাৰ আদেশ আহিল তেতিয়া আমি জনপদক তল-ওপৰ কৰি দিলো আৰু সিহঁতৰ ওপৰত ক্ৰমাগত বৰ্ষণ কৰিলো পকা মাটিৰ শীল,

### الآية 11:83

> ﻿مُسَوَّمَةً عِنْدَ رَبِّكَ ۖ وَمَا هِيَ مِنَ الظَّالِمِينَ بِبَعِيدٍ [11:83]

যিটো তোমাৰ প্ৰতিপালকৰ ওচৰত চিহ্নিত আছিল; আৰু এইটো যালিমসকলৰ পৰা বেছি আঁতৰত নহয়।

### الآية 11:84

> ﻿۞ وَإِلَىٰ مَدْيَنَ أَخَاهُمْ شُعَيْبًا ۚ قَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۖ وَلَا تَنْقُصُوا الْمِكْيَالَ وَالْمِيزَانَ ۚ إِنِّي أَرَاكُمْ بِخَيْرٍ وَإِنِّي أَخَافُ عَلَيْكُمْ عَذَابَ يَوْمٍ مُحِيطٍ [11:84]

আৰু মাদিয়ানবাসী সকলৰ ওচৰত সিহঁতৰ ভাতৃ ছুআইবক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই; আৰু (শুনা) জোখ-মাখত কম নকৰিবা; নিশ্চয় মই তোমালোকক কল্যাণৰ মাজত দেখিছো, কিন্তু মই তোমালোকৰ বিষয়ে এটা সৰ্বগ্ৰাসী দিনৰ শাস্তিৰ আশংকা কৰিছো’।

### الآية 11:85

> ﻿وَيَا قَوْمِ أَوْفُوا الْمِكْيَالَ وَالْمِيزَانَ بِالْقِسْطِ ۖ وَلَا تَبْخَسُوا النَّاسَ أَشْيَاءَهُمْ وَلَا تَعْثَوْا فِي الْأَرْضِ مُفْسِدِينَ [11:85]

‘হে মোৰ সম্প্ৰদায়! তোমালোকে ন্যায় সঙ্গতভাৱে জোখ-মাখ কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।

### الآية 11:86

> ﻿بَقِيَّتُ اللَّهِ خَيْرٌ لَكُمْ إِنْ كُنْتُمْ مُؤْمِنِينَ ۚ وَمَا أَنَا عَلَيْكُمْ بِحَفِيظٍ [11:86]

যদি তোমালোকে মুমিন হোৱা তেন্তে আল্লাহ প্ৰদত্ত অৱশিষ্টখিনিয়ে (লাভাংশ) তোমালোকৰ বাবে উত্তম; আৰু মই তোমালোকৰ তত্ত্বাৱধায়ক নহয়।

### الآية 11:87

> ﻿قَالُوا يَا شُعَيْبُ أَصَلَاتُكَ تَأْمُرُكَ أَنْ نَتْرُكَ مَا يَعْبُدُ آبَاؤُنَا أَوْ أَنْ نَفْعَلَ فِي أَمْوَالِنَا مَا نَشَاءُ ۖ إِنَّكَ لَأَنْتَ الْحَلِيمُ الرَّشِيدُ [11:87]

সিহঁতে ক’লে, ‘হে ছুআইব! তোমাৰ ছালাতে তোমাক এই নিৰ্দেশ দিয়ে নেকি যে, আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল আমি সিহঁতক বৰ্জন কৰিব লাগিব আৰু আমি আমাৰ ধন-সম্পদ সম্পৰ্কে নিজ ইচ্ছামতে যি কৰো সেয়াও (বৰ্জন কৰিব লাগিব)? কেৱল তুমিহে সহিষ্ণু, সদাচাৰী’!

### الآية 11:88

> ﻿قَالَ يَا قَوْمِ أَرَأَيْتُمْ إِنْ كُنْتُ عَلَىٰ بَيِّنَةٍ مِنْ رَبِّي وَرَزَقَنِي مِنْهُ رِزْقًا حَسَنًا ۚ وَمَا أُرِيدُ أَنْ أُخَالِفَكُمْ إِلَىٰ مَا أَنْهَاكُمْ عَنْهُ ۚ إِنْ أُرِيدُ إِلَّا الْإِصْلَاحَ مَا اسْتَطَعْتُ ۚ وَمَا تَوْفِيقِي إِلَّا بِاللَّهِ ۚ عَلَيْهِ تَوَكَّلْتُ وَإِلَيْهِ أُنِيبُ [11:88]

তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে ভাৱিছানে, মই যদি মোৰ প্ৰতিপালকৰ প্ৰেৰিত স্পষ্ট প্ৰমাণত প্ৰতিষ্ঠিত হৈ থাকো আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা উৎকৃষ্ট জীৱিকা দান কৰে (তথাপিও মই মোৰ কৰ্তব্যৰ পৰা বিৰত থাকিমনে?) আৰু মই তোমালোকক যিটো নিষেধ কৰো, মই নিজেও তাৰ বিপৰীত কৰিবলৈ ইচ্ছুক নহয়। মই কেৱল মোৰ সক্ষম অনুযায়ী সংস্কাৰহে কৰিব বিচাৰো। মোৰ কাৰ্যসাধন কেৱল আল্লাহৰ তাওফীকত; মই কেৱল তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰো আৰু মই তেওঁৰেই অভিমুখী’।

### الآية 11:89

> ﻿وَيَا قَوْمِ لَا يَجْرِمَنَّكُمْ شِقَاقِي أَنْ يُصِيبَكُمْ مِثْلُ مَا أَصَابَ قَوْمَ نُوحٍ أَوْ قَوْمَ هُودٍ أَوْ قَوْمَ صَالِحٍ ۚ وَمَا قَوْمُ لُوطٍ مِنْكُمْ بِبَعِيدٍ [11:89]

‘আৰু হে মোৰ সম্প্ৰদায়! মোৰ লগত কৰা বৈৰিতাই যেন তোমালোকক কেতিয়াও এনে অপৰাধ কৰিবলৈ প্ৰৰোচিত নকৰে যাৰ ফলত তোমালোকৰ ওপৰত সেইদৰে বিপদ আপতিত হ’ব যিদৰে আপতিত হৈছিল নূহৰ সম্প্ৰদায়ৰ ওপৰত অথবা হূদৰ সম্প্ৰদায়ৰ ওপৰত নাইবা ছলেহৰ সম্প্ৰদায়ৰ ওপৰত; আৰু লূতৰ সম্প্ৰদায় তোমালোকৰ পৰা বেছি দূৰত নহয়’।

### الآية 11:90

> ﻿وَاسْتَغْفِرُوا رَبَّكُمْ ثُمَّ تُوبُوا إِلَيْهِ ۚ إِنَّ رَبِّي رَحِيمٌ وَدُودٌ [11:90]

‘আৰু তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনে উভতি আহা, নিশ্চয় মোৰ ৰব পৰম দয়ালু, অতি স্নেহশীল’।

### الآية 11:91

> ﻿قَالُوا يَا شُعَيْبُ مَا نَفْقَهُ كَثِيرًا مِمَّا تَقُولُ وَإِنَّا لَنَرَاكَ فِينَا ضَعِيفًا ۖ وَلَوْلَا رَهْطُكَ لَرَجَمْنَاكَ ۖ وَمَا أَنْتَ عَلَيْنَا بِعَزِيزٍ [11:91]

সিহঁতে ক’লে, ‘হে ছুআইব! তুমি যি কোৱা তাৰে বহু কথা আমি বুজি নাপাওঁ, আৰু আমি তোমাক আমাৰ মাজত দুৰ্বল বুলিহে গম পাওঁ। তোমাৰ আত্মীয়-স্বজন নাথাকিলে আমি তোমাক শিলগুটি দলিয়াই মাৰি পেলালোহেঁতেন। কাৰণ তুমি আমাতকৈ বেছি শক্তিশালী নহয়’।

### الآية 11:92

> ﻿قَالَ يَا قَوْمِ أَرَهْطِي أَعَزُّ عَلَيْكُمْ مِنَ اللَّهِ وَاتَّخَذْتُمُوهُ وَرَاءَكُمْ ظِهْرِيًّا ۖ إِنَّ رَبِّي بِمَا تَعْمَلُونَ مُحِيطٌ [11:92]

তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকৰ ওচৰত মোৰ আত্মীয়-স্বজন আল্লাহতকৈ বেছি শক্তিশালী নেকি? অথচ তোমালোকে তেওঁক সম্পূৰ্ণৰূপে আওকাণ কৰিছা। তোমালোকে যি কৰা নিশ্চয় মোৰ ৰব সেয়া পৰিবেষ্টন কৰি আছে’।

### الآية 11:93

> ﻿وَيَا قَوْمِ اعْمَلُوا عَلَىٰ مَكَانَتِكُمْ إِنِّي عَامِلٌ ۖ سَوْفَ تَعْلَمُونَ مَنْ يَأْتِيهِ عَذَابٌ يُخْزِيهِ وَمَنْ هُوَ كَاذِبٌ ۖ وَارْتَقِبُوا إِنِّي مَعَكُمْ رَقِيبٌ [11:93]

‘হে মোৰ সম্প্ৰদায়! তোমালোকে নিজ নিজ অৱস্থানত কাম কৰি যোৱা, ময়ো মোৰ কাম কৰি আছো। তোমালোকে শীঘ্ৰেই জানিব পাৰিবা কাৰ ওপৰত আহিব লাঞ্ছনাদায়ক শাস্তি আৰু কোন মিছলীয়া; আৰু তোমালোকে প্ৰতীক্ষা কৰা, ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো।

### الآية 11:94

> ﻿وَلَمَّا جَاءَ أَمْرُنَا نَجَّيْنَا شُعَيْبًا وَالَّذِينَ آمَنُوا مَعَهُ بِرَحْمَةٍ مِنَّا وَأَخَذَتِ الَّذِينَ ظَلَمُوا الصَّيْحَةُ فَأَصْبَحُوا فِي دِيَارِهِمْ جَاثِمِينَ [11:94]

আৰু যেতিয়া আমাৰ আদেশ আহি পালে তেতিয়া আমি ছুআইব আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলো; আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক এটা ভীষণ শব্দই আঘাত কৰিলে, ফলত সিহঁত নিজ নিজ ঘৰতে নতজানু অৱস্থাত পৰি থাকিল।

### الآية 11:95

> ﻿كَأَنْ لَمْ يَغْنَوْا فِيهَا ۗ أَلَا بُعْدًا لِمَدْيَنَ كَمَا بَعِدَتْ ثَمُودُ [11:95]

যেনিবা সিহঁতে কেতিয়াও তাত বসবাস কৰা নাছিল। জানি থোৱা! ধ্বংসই আছিল মাদিয়ানবাসীৰ পৰিণাম, যেনেকৈ ধ্বংস হৈছিল ছামূদ সম্প্ৰদায়।

### الآية 11:96

> ﻿وَلَقَدْ أَرْسَلْنَا مُوسَىٰ بِآيَاتِنَا وَسُلْطَانٍ مُبِينٍ [11:96]

আৰু অৱশ্যে আমিয়েই মুছাক আমাৰ নিদৰ্শনাৱলী আৰু স্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিছিলো।

### الآية 11:97

> ﻿إِلَىٰ فِرْعَوْنَ وَمَلَئِهِ فَاتَّبَعُوا أَمْرَ فِرْعَوْنَ ۖ وَمَا أَمْرُ فِرْعَوْنَ بِرَشِيدٍ [11:97]

ফিৰআউন আৰু তাৰ নেতৃবৃন্দসকলৰ ওচৰলৈ। কিন্তু নেতাসকলে ফিৰআউনৰ কাৰ্যকলাপৰ অনুসৰণ কৰিছিল; অথচ ফিৰআউনৰ কাৰ্যকলাপ সঠিক নাছিল।

### الآية 11:98

> ﻿يَقْدُمُ قَوْمَهُ يَوْمَ الْقِيَامَةِ فَأَوْرَدَهُمُ النَّارَ ۖ وَبِئْسَ الْوِرْدُ الْمَوْرُودُ [11:98]

সি কিয়ামতৰ দিনা তাৰ সম্প্ৰদায়ৰ সন্মুখত থাকিব। তাৰ পিছত সি সিহঁতক জুইত উপনীত কৰিব। য’ত সিহঁত উপনীত হ’ব সেয়া কিমান যে নিকৃষ্ট উপনীত হোৱাৰ স্থান!

### الآية 11:99

> ﻿وَأُتْبِعُوا فِي هَٰذِهِ لَعْنَةً وَيَوْمَ الْقِيَامَةِ ۚ بِئْسَ الرِّفْدُ الْمَرْفُودُ [11:99]

আৰু এই পৃথিৱীত অভিশাপ সিহঁতৰ পিছত লগাই দিয়া হৈছিল আৰু কিয়ামতৰ দিনাও। কিমান যে নিকৃষ্ট পুৰষ্কাৰ যিটো সিহঁতক প্ৰদান কৰা হ’ব!

### الآية 11:100

> ﻿ذَٰلِكَ مِنْ أَنْبَاءِ الْقُرَىٰ نَقُصُّهُ عَلَيْكَ ۖ مِنْهَا قَائِمٌ وَحَصِيدٌ [11:100]

এইবোৰ হৈছে জনপদসমূহৰ কিছুমান সংবাদ, যিবোৰ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিলো। এইবোৰৰ কিছুমান এতিয়াও আছে আৰু কিছুমান নিৰ্মূল হৈছে।

### الآية 11:101

> ﻿وَمَا ظَلَمْنَاهُمْ وَلَٰكِنْ ظَلَمُوا أَنْفُسَهُمْ ۖ فَمَا أَغْنَتْ عَنْهُمْ آلِهَتُهُمُ الَّتِي يَدْعُونَ مِنْ دُونِ اللَّهِ مِنْ شَيْءٍ لَمَّا جَاءَ أَمْرُ رَبِّكَ ۖ وَمَا زَادُوهُمْ غَيْرَ تَتْبِيبٍ [11:101]

আৰু আমি সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নাছিলো সিহঁত নিজেই নিজৰ অন্যায় কৰিছিল। তাৰ পিছত যেতিয়া তোমাৰ প্ৰতিপালকৰ নিৰ্দেশ আহি পালে, তেতিয়া আল্লাহৰ বাহিৰে সিহঁতে যি উপাস্যসমূহৰ ইবাদত কৰিছিল সেইবোৰ সিহঁতৰ কোনো কামত নাহিল; আৰু সিহঁতে নিজৰ ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি কৰা নাছিল।

### الآية 11:102

> ﻿وَكَذَٰلِكَ أَخْذُ رَبِّكَ إِذَا أَخَذَ الْقُرَىٰ وَهِيَ ظَالِمَةٌ ۚ إِنَّ أَخْذَهُ أَلِيمٌ شَدِيدٌ [11:102]

যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিশ্চয় তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহাকঠিন।

### الآية 11:103

> ﻿إِنَّ فِي ذَٰلِكَ لَآيَةً لِمَنْ خَافَ عَذَابَ الْآخِرَةِ ۚ ذَٰلِكَ يَوْمٌ مَجْمُوعٌ لَهُ النَّاسُ وَذَٰلِكَ يَوْمٌ مَشْهُودٌ [11:103]

নিশ্চয় ইয়াত আছে তাৰ বাবে নিদৰ্শন যিয়ে আখিৰাতক ভয় কৰে। সেইটো এনেকুৱা এটা দিন যিদিনা সকলো মানুহকে একত্ৰিত কৰা হ’ব; আৰু সেইটো এনেকুৱা এটা দিন যিদিনা সকলোকে উপস্থিত কৰা হ’ব;

### الآية 11:104

> ﻿وَمَا نُؤَخِّرُهُ إِلَّا لِأَجَلٍ مَعْدُودٍ [11:104]

আৰু আমি সেয়া কেৱল নিৰ্দিষ্ট কিছু সময়ৰ বাবে বিলম্বিত কৰিছো।

### الآية 11:105

> ﻿يَوْمَ يَأْتِ لَا تَكَلَّمُ نَفْسٌ إِلَّا بِإِذْنِهِ ۚ فَمِنْهُمْ شَقِيٌّ وَسَعِيدٌ [11:105]

যেতিয়া সেই দিনটো আহিব তেতিয়া আল্লাহৰ অনুমতিবিহীন কোনেও কথা কব নোৱাৰিব; এতেকে সিহঁতৰ মাজত কিছুমান হ’ব হতভাগ্য আৰু কিছুমান হ’ব সৌভাগ্যবান।

### الآية 11:106

> ﻿فَأَمَّا الَّذِينَ شَقُوا فَفِي النَّارِ لَهُمْ فِيهَا زَفِيرٌ وَشَهِيقٌ [11:106]

ফলত যিসকল হ’ব হতভাগ্য সিহঁত থাকিব (জাহান্নামৰ) জুইত, আৰু তাত থাকিব সিহঁতৰ ভীষণ চিঞঁৰ আৰু আৰ্তনাদ।

### الآية 11:107

> ﻿خَالِدِينَ فِيهَا مَا دَامَتِ السَّمَاوَاتُ وَالْأَرْضُ إِلَّا مَا شَاءَ رَبُّكَ ۚ إِنَّ رَبَّكَ فَعَّالٌ لِمَا يُرِيدُ [11:107]

তাত সিহঁত চিৰকাল থাকিব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ ৰব অনুৰূপ ইচ্ছা নকৰালৈকে; নিশ্চয় তোমাৰ ৰব সেইটোৱেই কৰে যিটো তেওঁ ইচ্ছা কৰে।

### الآية 11:108

> ﻿۞ وَأَمَّا الَّذِينَ سُعِدُوا فَفِي الْجَنَّةِ خَالِدِينَ فِيهَا مَا دَامَتِ السَّمَاوَاتُ وَالْأَرْضُ إِلَّا مَا شَاءَ رَبُّكَ ۖ عَطَاءً غَيْرَ مَجْذُوذٍ [11:108]

আৰু যিসকল সৌভাগ্যবান তেওঁলোক থাকিব জান্নাতত, তাত তেওঁলোক চিৰস্থায়ী হ’ব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ ৰব অনুৰূপ ইচ্ছা নকৰালৈকে; এইটো এটা নিৰৱচ্ছিন্ন পুৰষ্কাৰ।

### الآية 11:109

> ﻿فَلَا تَكُ فِي مِرْيَةٍ مِمَّا يَعْبُدُ هَٰؤُلَاءِ ۚ مَا يَعْبُدُونَ إِلَّا كَمَا يَعْبُدُ آبَاؤُهُمْ مِنْ قَبْلُ ۚ وَإِنَّا لَمُوَفُّوهُمْ نَصِيبَهُمْ غَيْرَ مَنْقُوصٍ [11:109]

এতেকে সিহঁতে যিবোৰৰ ইবাদত কৰে সেই বিষয়ে সংশয়ত নপৰিবা, আগতে সিহঁতৰ পিতৃ-পুৰুষসকলে যেনেকৈ ইবাদত কৰিছিল সিহঁতেও সেইদৰেই ইবাদত কৰে। নিশ্চয় আমি সিহঁতক সিহঁতৰ প্ৰাপ্য সম্পূৰ্ণৰূপে প্ৰদান কৰিম--- অকণো হ্ৰাস নকৰো।

### الآية 11:110

> ﻿وَلَقَدْ آتَيْنَا مُوسَى الْكِتَابَ فَاخْتُلِفَ فِيهِ ۚ وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَبِّكَ لَقُضِيَ بَيْنَهُمْ ۚ وَإِنَّهُمْ لَفِي شَكٍّ مِنْهُ مُرِيبٍ [11:110]

আৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলো, তাৰ পিছত তাত মতভেদ ঘটিছিল। তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ মীমাংসা হৈয়ে গ’’লেহেঁতেন। নিশ্চয় সিহঁত এই বিষয়ে বিভ্ৰান্তিকৰ সন্দেহত নিপতিত।

### الآية 11:111

> ﻿وَإِنَّ كُلًّا لَمَّا لَيُوَفِّيَنَّهُمْ رَبُّكَ أَعْمَالَهُمْ ۚ إِنَّهُ بِمَا يَعْمَلُونَ خَبِيرٌ [11:111]

আৰু নিশ্চয় তোমাৰ প্ৰতিপালকে সিহঁতৰ প্ৰত্যেককে তাৰ কৰ্মফল সম্পূৰ্ণৰূপে প্ৰদান কৰিব। সিহঁতে যি কৰে তেওঁ সেই বিষয়ে সবিশেষ অৱহিত।

### الآية 11:112

> ﻿فَاسْتَقِمْ كَمَا أُمِرْتَ وَمَنْ تَابَ مَعَكَ وَلَا تَطْغَوْا ۚ إِنَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ [11:112]

এতেকে তুমি যিদৰে আদিষ্ট হৈছা তাত অবিচল থাকা আৰু তোমাৰ সৈতে যিসকলে তাওবা কৰিছে তেওঁলোকেও; আৰু তোমালোকে সীমালংঘন নকৰিবা, তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই বিষয়ে সম্যক দ্ৰষ্টা।

### الآية 11:113

> ﻿وَلَا تَرْكَنُوا إِلَى الَّذِينَ ظَلَمُوا فَتَمَسَّكُمُ النَّارُ وَمَا لَكُمْ مِنْ دُونِ اللَّهِ مِنْ أَوْلِيَاءَ ثُمَّ لَا تُنْصَرُونَ [11:113]

আৰু যিসকলে অন্যায় কৰিছে সিহঁতৰ প্ৰতি তোমালোকে ঢাল নাখাবা; এনে কৰিলে তোমালোকক জুয়ে স্পৰ্শ কৰিব। তেনে অৱস্থাত আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো সহায়ক নাথাকিব। ফলত তোমালোকক কোনো সহায় কৰা নহ’ব।

### الآية 11:114

> ﻿وَأَقِمِ الصَّلَاةَ طَرَفَيِ النَّهَارِ وَزُلَفًا مِنَ اللَّيْلِ ۚ إِنَّ الْحَسَنَاتِ يُذْهِبْنَ السَّيِّئَاتِ ۚ ذَٰلِكَ ذِكْرَىٰ لِلذَّاكِرِينَ [11:114]

আৰু তুমি ছালাত কায়েম কৰা, দিনৰ দুয়ো প্ৰান্তভাগত আৰু ৰাতিৰ প্ৰথমাংশত। নিশ্চয় সৎকৰ্মই অসৎকৰ্মক দূৰ কৰে। উপদেশ গ্ৰহণকাৰীসকলৰ বাবে এইটো এটা উপদেশ।

### الآية 11:115

> ﻿وَاصْبِرْ فَإِنَّ اللَّهَ لَا يُضِيعُ أَجْرَ الْمُحْسِنِينَ [11:115]

আৰু তুমি ধৈৰ্য ধাৰণ কৰা, কাৰণ নিশ্চয় আল্লাহ ইহছানকাৰীসকলৰ প্ৰতিদান বিনষ্ট নকৰে।

### الآية 11:116

> ﻿فَلَوْلَا كَانَ مِنَ الْقُرُونِ مِنْ قَبْلِكُمْ أُولُو بَقِيَّةٍ يَنْهَوْنَ عَنِ الْفَسَادِ فِي الْأَرْضِ إِلَّا قَلِيلًا مِمَّنْ أَنْجَيْنَا مِنْهُمْ ۗ وَاتَّبَعَ الَّذِينَ ظَلَمُوا مَا أُتْرِفُوا فِيهِ وَكَانُوا مُجْرِمِينَ [11:116]

এতেকে তোমালোকৰ পূৰ্বৰ প্ৰজন্মসমূহৰ মাজত এনেকুৱা প্ৰজ্ঞাবান কিয় হোৱা নাই, যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টিৰ পৰা নিষেধ কৰিলে হয়? কিছুসংখ্যকৰ বাহিৰে, যিসকলক আমি সিহঁতৰ মাজৰ পৰা নাজাত দিছিলো। আৰু যিসকলে অন্যায় কৰিছিল সিহঁত বিলাসিতাৰ পিছত পৰি আছিল, আৰু সিহঁত আছিল অপৰাধী।

### الآية 11:117

> ﻿وَمَا كَانَ رَبُّكَ لِيُهْلِكَ الْقُرَىٰ بِظُلْمٍ وَأَهْلُهَا مُصْلِحُونَ [11:117]

আৰু তোমাৰ ৰব এনেকুৱা নহয় যে, তেওঁ অন্যায়ভাৱে কোনো জনপদ ধ্বংস কৰিব অথচ তাৰ অধিবাসীসকল সংশোধনকাৰী।

### الآية 11:118

> ﻿وَلَوْ شَاءَ رَبُّكَ لَجَعَلَ النَّاسَ أُمَّةً وَاحِدَةً ۖ وَلَا يَزَالُونَ مُخْتَلِفِينَ [11:118]

আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সকলো মানুহকেই এটা জাতি কৰিব পাৰিলেহঁতেন, কিন্তু সিহঁত মতবিৰোধকাৰীহে হৈ থাকিল,

### الآية 11:119

> ﻿إِلَّا مَنْ رَحِمَ رَبُّكَ ۚ وَلِذَٰلِكَ خَلَقَهُمْ ۗ وَتَمَّتْ كَلِمَةُ رَبِّكَ لَأَمْلَأَنَّ جَهَنَّمَ مِنَ الْجِنَّةِ وَالنَّاسِ أَجْمَعِينَ [11:119]

কিন্তু তেওঁলোক নহয়, যিসকলক তোমাৰ প্ৰতিপালকে দয়া কৰিছে কাৰণ তেওঁ তেওঁলোকক এই বাবেই সৃষ্টি কৰিছে। আৰু তোমাৰ প্ৰতিপালকৰ এই কথা চূড়ান্ত হৈছে যে, ‘আমি জ্বিন আৰু মানৱ উভয়ৰ দ্বাৰা জাহান্নাম অৱশ্যে পূৰ্ণ কৰিম’।

### الآية 11:120

> ﻿وَكُلًّا نَقُصُّ عَلَيْكَ مِنْ أَنْبَاءِ الرُّسُلِ مَا نُثَبِّتُ بِهِ فُؤَادَكَ ۚ وَجَاءَكَ فِي هَٰذِهِ الْحَقُّ وَمَوْعِظَةٌ وَذِكْرَىٰ لِلْمُؤْمِنِينَ [11:120]

আৰু ৰাছুলসকলৰ এইবোৰ সংবাদ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিছো, যাৰ দ্বাৰা আমি তোমাৰ মনক দৃঢ় কৰো, ইয়াৰ মাধ্যমত তোমাৰ ওচৰলৈ আহিছে সত্য আৰু মুমিনসকলৰ ওচৰত আহিছে উপদেশ আৰু স্মৰণ।

### الآية 11:121

> ﻿وَقُلْ لِلَّذِينَ لَا يُؤْمِنُونَ اعْمَلُوا عَلَىٰ مَكَانَتِكُمْ إِنَّا عَامِلُونَ [11:121]

আৰু যিসকলে ঈমান পোষণ নকৰে সিহঁতক কোৱা, ‘তোমালোকে নিজ নিজ অৱস্থানত কাম কৰি থাকা, আমিও কাম কৰি আছো’।

### الآية 11:122

> ﻿وَانْتَظِرُوا إِنَّا مُنْتَظِرُونَ [11:122]

‘আৰু তোমালোকে প্ৰতীক্ষা কৰা, আমিও প্ৰতীক্ষা কৰি আছো’।

### الآية 11:123

> ﻿وَلِلَّهِ غَيْبُ السَّمَاوَاتِ وَالْأَرْضِ وَإِلَيْهِ يُرْجَعُ الْأَمْرُ كُلُّهُ فَاعْبُدْهُ وَتَوَكَّلْ عَلَيْهِ ۚ وَمَا رَبُّكَ بِغَافِلٍ عَمَّا تَعْمَلُونَ [11:123]

আকাশসমূহ আৰু পৃথিৱীৰ গায়েব (ৰ সংবাদ) কেৱল আল্লাহৰেই কৰ্তৃত্বাধীন আৰু তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰোৱা হ’ব। সেয়ে তুমি কেৱল তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰা। আৰু তোমালোকে যি কৰা সেই বিষয়ে তোমাৰ ৰব অমনোযোগী নহয়।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/11.md)
- [كل تفاسير سورة هود
](https://quranpedia.net/surah-tafsir/11.md)
- [ترجمات سورة هود
](https://quranpedia.net/translations/11.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/11/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
