---
title: "ترجمة سورة الرعد - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/13/book/1994.md"
canonical: "https://quranpedia.net/surah/1/13/book/1994"
surah_id: "13"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة الرعد - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/13/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة الرعد - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/13/book/1994*.

Translation of Surah الرعد from "الترجمة الأسامية" in الأسامية.

### الآية 13:1

> المر ۚ تِلْكَ آيَاتُ الْكِتَابِ ۗ وَالَّذِي أُنْزِلَ إِلَيْكَ مِنْ رَبِّكَ الْحَقُّ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يُؤْمِنُونَ [13:1]

আলিফ-লাম-মীম-ৰা, এইবোৰ কিতাবৰ আয়াত, আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া সত্য; কিন্তু অধিকাংশ মানুহেই ঈমান পোষণ নকৰে।

### الآية 13:2

> ﻿اللَّهُ الَّذِي رَفَعَ السَّمَاوَاتِ بِغَيْرِ عَمَدٍ تَرَوْنَهَا ۖ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ ۖ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ ۖ كُلٌّ يَجْرِي لِأَجَلٍ مُسَمًّى ۚ يُدَبِّرُ الْأَمْرَ يُفَصِّلُ الْآيَاتِ لَعَلَّكُمْ بِلِقَاءِ رَبِّكُمْ تُوقِنُونَ [13:2]

আল্লাহ সেইজন, যিজনে আকাশসমূহক খুঁটাবিহীন ওপৰত স্থাপন কৰিছে, যিটো তোমালোকে দেখা পোৱা। তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে আৰু সূৰ্য আৰু চন্দ্ৰক নিয়মাধীন কৰিছে, প্ৰত্যেকটোৱে এটা নিৰ্দিষ্ট সময় লৈকে আবৰ্তন কৰিব। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে, আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰে, যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ লগত সাক্ষাত সম্পৰ্কে নিশ্চিত বিশ্বাস কৰিব পাৰা।

### الآية 13:3

> ﻿وَهُوَ الَّذِي مَدَّ الْأَرْضَ وَجَعَلَ فِيهَا رَوَاسِيَ وَأَنْهَارًا ۖ وَمِنْ كُلِّ الثَّمَرَاتِ جَعَلَ فِيهَا زَوْجَيْنِ اثْنَيْنِ ۖ يُغْشِي اللَّيْلَ النَّهَارَ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَتَفَكَّرُونَ [13:3]

আৰু তেৱেঁই ধৰাখনক বিস্তৃত কৰিছে আৰু তাত সুদৃঢ় পৰ্বত আৰু নদী সৃষ্টি কৰিছে আৰু তেৱেঁই সকলো ধৰণৰ ফল-মূল যোৰা-যোৰাকৈ সৃষ্টি কৰিছে। তেৱেঁই দিনক ৰাতিৰ দ্বাৰা ঢাকি দিয়ে। নিশ্চয় ইয়াত চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন আছে।

### الآية 13:4

> ﻿وَفِي الْأَرْضِ قِطَعٌ مُتَجَاوِرَاتٌ وَجَنَّاتٌ مِنْ أَعْنَابٍ وَزَرْعٌ وَنَخِيلٌ صِنْوَانٌ وَغَيْرُ صِنْوَانٍ يُسْقَىٰ بِمَاءٍ وَاحِدٍ وَنُفَضِّلُ بَعْضَهَا عَلَىٰ بَعْضٍ فِي الْأُكُلِ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَعْقِلُونَ [13:4]

আৰু পৃথিৱীত আছে পৰস্পৰ সংলগ্ন ভূখণ্ড, আঙ্গুৰৰ বাগিচা, খেতি পথাৰ, একেই মূলৰ পৰা উদগত বা ভিন ভিন মূলৰ পৰা উদগত খেজুৰ গছ যিবোৰক একে পানীয়েই জীপাল কৰে, কিন্তু সোৱাদৰ ক্ষেত্ৰত সেইবোৰৰ কিছুমানক আমি আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব দিওঁ। নিশ্চয় বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে ইয়াত আছে নিদৰ্শন।

### الآية 13:5

> ﻿۞ وَإِنْ تَعْجَبْ فَعَجَبٌ قَوْلُهُمْ أَإِذَا كُنَّا تُرَابًا أَإِنَّا لَفِي خَلْقٍ جَدِيدٍ ۗ أُولَٰئِكَ الَّذِينَ كَفَرُوا بِرَبِّهِمْ ۖ وَأُولَٰئِكَ الْأَغْلَالُ فِي أَعْنَاقِهِمْ ۖ وَأُولَٰئِكَ أَصْحَابُ النَّارِ ۖ هُمْ فِيهَا خَالِدُونَ [13:5]

আৰু যদি তুমি বিস্মিত হোৱা, তেন্তে (তাতোকৈ) বিস্মিয়ৰ বিষয় হৈছে সিহঁতৰ এই কথাঃ ‘আমি যেতিয়া মাটিত পৰিণত হম, তাৰ পিছতো আমি নতুন জীৱন লাভ কৰিমনে’? ইহঁতেই হৈছে সেইসকল লোক যিসকলে নিজ প্ৰতিপালকৰ লগত কুফৰী কৰিছে, আৰু ইহঁতৰেই ডিঙিত থাকিব শিকলি, আৰু ইহঁতেই অগ্নিৰ অধিবাসী, তাত সিহঁত স্থায়ী হ’ব।

### الآية 13:6

> ﻿وَيَسْتَعْجِلُونَكَ بِالسَّيِّئَةِ قَبْلَ الْحَسَنَةِ وَقَدْ خَلَتْ مِنْ قَبْلِهِمُ الْمَثُلَاتُ ۗ وَإِنَّ رَبَّكَ لَذُو مَغْفِرَةٍ لِلنَّاسِ عَلَىٰ ظُلْمِهِمْ ۖ وَإِنَّ رَبَّكَ لَشَدِيدُ الْعِقَابِ [13:6]

আৰু সিহঁতে তোমাৰ ওচৰত মঙ্গলৰ পূৰ্বে অমঙ্গলৰ বাবে খৰখেদা কৰে। অথচ সিহঁতৰ আগত শাস্তিৰ অনুৰূপ বহু (শিক্ষণীয়) দৃষ্টান্ত পাৰ হৈছে। সিহঁতৰ অপৰাধৰ পিছতো নিশ্চয় তোমাৰ ৰব মানুহৰ প্ৰতি ক্ষমাশীল আৰু (শুনা) নিশ্চয় তোমাৰ ৰব শাস্তি প্ৰদানতো অতি কঠোৰ।

### الآية 13:7

> ﻿وَيَقُولُ الَّذِينَ كَفَرُوا لَوْلَا أُنْزِلَ عَلَيْهِ آيَةٌ مِنْ رَبِّهِ ۗ إِنَّمَا أَنْتَ مُنْذِرٌ ۖ وَلِكُلِّ قَوْمٍ هَادٍ [13:7]

আৰু যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওপৰত কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? নিশ্চয় তুমি এজন সতৰ্ককাৰী, আৰু প্ৰত্যেক সম্প্ৰদায়ৰ বাবে আছে পথ প্ৰদৰ্শক।

### الآية 13:8

> ﻿اللَّهُ يَعْلَمُ مَا تَحْمِلُ كُلُّ أُنْثَىٰ وَمَا تَغِيضُ الْأَرْحَامُ وَمَا تَزْدَادُ ۖ وَكُلُّ شَيْءٍ عِنْدَهُ بِمِقْدَارٍ [13:8]

প্ৰত্যেক নাৰীয়ে গৰ্ভত যি ধাৰণ কৰে আৰু গৰ্ভাশয়ত যি কমে আৰু বৃদ্ধি হয় সেয়া আল্লাহে জানে আৰু তেওঁৰ ওচৰত প্ৰত্যেক বস্তুৰে এটা নিৰ্দিষ্ট পৰিমাণ আছে।

### الآية 13:9

> ﻿عَالِمُ الْغَيْبِ وَالشَّهَادَةِ الْكَبِيرُ الْمُتَعَالِ [13:9]

তেওঁ গায়েব আৰু প্ৰকাশ্যৰ জ্ঞানী, মহান, সৰ্বোচ্চ।

### الآية 13:10

> ﻿سَوَاءٌ مِنْكُمْ مَنْ أَسَرَّ الْقَوْلَ وَمَنْ جَهَرَ بِهِ وَمَنْ هُوَ مُسْتَخْفٍ بِاللَّيْلِ وَسَارِبٌ بِالنَّهَارِ [13:10]

তোমালোকৰ মাজত যিয়ে কথা গোপন কৰে অথবা যিয়ে কথা প্ৰকাশ কৰে, ৰাতিত যিয়ে আত্মগোপন কৰে আৰু দিনত যিয়ে প্ৰকাশ্যৰূপে বিচৰণ কৰে, সিহঁত সকলোৱে আল্লাহৰ ওচৰত সমান।

### الآية 13:11

> ﻿لَهُ مُعَقِّبَاتٌ مِنْ بَيْنِ يَدَيْهِ وَمِنْ خَلْفِهِ يَحْفَظُونَهُ مِنْ أَمْرِ اللَّهِ ۗ إِنَّ اللَّهَ لَا يُغَيِّرُ مَا بِقَوْمٍ حَتَّىٰ يُغَيِّرُوا مَا بِأَنْفُسِهِمْ ۗ وَإِذَا أَرَادَ اللَّهُ بِقَوْمٍ سُوءًا فَلَا مَرَدَّ لَهُ ۚ وَمَا لَهُمْ مِنْ دُونِهِ مِنْ وَالٍ [13:11]

মানুহৰ বাবে তাৰ সন্মুখত আৰু পিছত এটাৰ পিছত এটাকৈ আগমনকাৰী প্ৰহৰী আছে, সিহঁতে আল্লাহৰ আদেশত তাৰ ৰক্ষণাবেক্ষণ কৰে। নিশ্চয় আল্লাহে কোনো সম্প্ৰদায়ৰ অৱস্থা পৰিবৰ্তন নকৰে যেতিয়া লৈকে সিহঁতে নিজেই নিজৰ অৱস্থা পৰিবৰ্তন নকৰে। লগতে কোনো সম্প্ৰদায়ৰ বাবে যদি আল্লাহে অশুভ কিবা ইচ্ছা কৰে তেন্তে সেয়া প্ৰতিৰোধ কৰা সম্ভৱ নহয় আৰু তেওঁৰ বাহিৰে সিহঁতৰ কোনো অভিভাৱক নাই।

### الآية 13:12

> ﻿هُوَ الَّذِي يُرِيكُمُ الْبَرْقَ خَوْفًا وَطَمَعًا وَيُنْشِئُ السَّحَابَ الثِّقَالَ [13:12]

তেৱেঁই ভয় আৰু আশা সঞ্চাৰ কৰাৰ বাবে তোমালোকক বিজুলীৰ চমক দেখুৱায়। তেৱেঁই গধূৰ মেঘ সৃষ্টি কৰে;

### الآية 13:13

> ﻿وَيُسَبِّحُ الرَّعْدُ بِحَمْدِهِ وَالْمَلَائِكَةُ مِنْ خِيفَتِهِ وَيُرْسِلُ الصَّوَاعِقَ فَيُصِيبُ بِهَا مَنْ يَشَاءُ وَهُمْ يُجَادِلُونَ فِي اللَّهِ وَهُوَ شَدِيدُ الْمِحَالِ [13:13]

আৰু ৰা’দ (বজ্ৰ অথবা ফিৰিস্তাৰ নাম) আল্লাহৰ সপ্ৰশংস মহিমা আৰু পৱিত্ৰতা ঘোষণা কৰে আৰু ফিৰিস্তাসকলেও কৰে তেওঁৰ ভয়ত। তেৱেঁই গৰ্জনকাৰী বজ্ৰ পঠায়, তাৰ পিছত যাক ইচ্ছা তাৰ দ্বাৰা আঘাত কৰে, কাৰণ সিহঁত আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে, আৰু তেৱেঁই শক্তিত প্ৰবল, শাস্তিত অতি কঠোৰ।

### الآية 13:14

> ﻿لَهُ دَعْوَةُ الْحَقِّ ۖ وَالَّذِينَ يَدْعُونَ مِنْ دُونِهِ لَا يَسْتَجِيبُونَ لَهُمْ بِشَيْءٍ إِلَّا كَبَاسِطِ كَفَّيْهِ إِلَى الْمَاءِ لِيَبْلُغَ فَاهُ وَمَا هُوَ بِبَالِغِهِ ۚ وَمَا دُعَاءُ الْكَافِرِينَ إِلَّا فِي ضَلَالٍ [13:14]

সত্যৰ আহ্বান তেওঁৰেই। যিসকলে তেওঁৰ বাহিৰে আনক আহ্বান কৰে, সিহঁতে সিহঁতৰ আহ্বানত অকণো সঁহাৰি নিদিয়ে। বৰং সিহঁতৰ দৃষ্টান্ত সেই ব্যক্তিৰ দৰে, যিজনে পানীৰ বাবে হাত পাতি পানীক আহ্বান কৰে তাৰ মুখত পৰিবলৈ অথচ তাৰ মুখত আহি পৰিবলৈ পানীৰ কোনো শক্তি নাই, আৰু কাফিৰসকলৰ আহ্বান কেৱল ভ্ৰষ্টতাতেই নিপতিত।

### الآية 13:15

> ﻿وَلِلَّهِ يَسْجُدُ مَنْ فِي السَّمَاوَاتِ وَالْأَرْضِ طَوْعًا وَكَرْهًا وَظِلَالُهُمْ بِالْغُدُوِّ وَالْآصَالِ ۩ [13:15]

আকাশসমূহ আৰু পৃথিৱীত থকা সকলো বস্তুৱেই স্ব-ইচ্ছাই হওঁক নাইবা অনিচ্ছাই হওঁক আল্লাহক ছাজদাহ কৰে আৰু পুৱা-গধূলি সেইবোৰৰ ছাঁবোৰেও (তেওঁকেই ছাজদাহ কৰে)।

### الآية 13:16

> ﻿قُلْ مَنْ رَبُّ السَّمَاوَاتِ وَالْأَرْضِ قُلِ اللَّهُ ۚ قُلْ أَفَاتَّخَذْتُمْ مِنْ دُونِهِ أَوْلِيَاءَ لَا يَمْلِكُونَ لِأَنْفُسِهِمْ نَفْعًا وَلَا ضَرًّا ۚ قُلْ هَلْ يَسْتَوِي الْأَعْمَىٰ وَالْبَصِيرُ أَمْ هَلْ تَسْتَوِي الظُّلُمَاتُ وَالنُّورُ ۗ أَمْ جَعَلُوا لِلَّهِ شُرَكَاءَ خَلَقُوا كَخَلْقِهِ فَتَشَابَهَ الْخَلْقُ عَلَيْهِمْ ۚ قُلِ اللَّهُ خَالِقُ كُلِّ شَيْءٍ وَهُوَ الْوَاحِدُ الْقَهَّارُ [13:16]

কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীৰ ৰব কোন’? কোৱা, ‘আল্লাহ’। কোৱা, ‘তেন্তে তোমালোকে তেওঁৰ বাহিৰে এনে বস্তুক অভিভাৱকৰূপে গ্ৰহণ কৰিছা নেকি যিসকলে নিজৰেই উপকাৰ বা অপকাৰ কৰিব নোৱাৰে’? কোৱাচোন, ‘অন্ধ আৰু দৃষ্টি সম্পন্ন ব্যক্তি সমান হ’ব পাৰেনে? অথবা অন্ধকাৰ আৰু পোহৰ সমান হ’ব পাৰেনে’? নে সিহঁতে আল্লাহৰ লগত এনে কিছুমানক অংশী কৰিছে, যিসকলে আল্লাহৰ সৃষ্টিৰ দৰে সৃষ্টি কৰিছে, যাৰ বাবে সিহঁতৰ ওচৰত সদৃশ বুলি ধাৰণা হৈছে? কোৱা, ‘কেৱল আল্লাহেই সকলো বস্তুৰ স্ৰষ্টা, আৰু তেওঁ একক, মহা প্ৰতাপশালী’।

### الآية 13:17

> ﻿أَنْزَلَ مِنَ السَّمَاءِ مَاءً فَسَالَتْ أَوْدِيَةٌ بِقَدَرِهَا فَاحْتَمَلَ السَّيْلُ زَبَدًا رَابِيًا ۚ وَمِمَّا يُوقِدُونَ عَلَيْهِ فِي النَّارِ ابْتِغَاءَ حِلْيَةٍ أَوْ مَتَاعٍ زَبَدٌ مِثْلُهُ ۚ كَذَٰلِكَ يَضْرِبُ اللَّهُ الْحَقَّ وَالْبَاطِلَ ۚ فَأَمَّا الزَّبَدُ فَيَذْهَبُ جُفَاءً ۖ وَأَمَّا مَا يَنْفَعُ النَّاسَ فَيَمْكُثُ فِي الْأَرْضِ ۚ كَذَٰلِكَ يَضْرِبُ اللَّهُ الْأَمْثَالَ [13:17]

তেৱেঁই আকাশৰ পৰা পানী বৰষায়, ফলত উপত্যকাসমূহ নিজ নিজ আয়তন অনুযায়ী প্লাৱিত হয় আৰু প্লাৱনে তাৰ ওপৰৰ আৱৰ্জনা বহন কৰে। এইদৰেই আৱৰ্জনা উপৰি ভাগত আহে যেতিয়া অলংকাৰ আৰু সৰঞ্জাম তৈয়াৰ কৰিবলৈ ধাতু জুইত উত্তপ্ত কৰা হয়। এইদৰেই আল্লাহে সত্য আৰু অসত্যৰ উদাহৰণ দিয়ে। ফলত আৱৰ্জনাবোৰ নিঃশেষ হৈ যায় আৰু যিবোৰ মানুহৰ উপকাৰত আহে সেয়া মাটিত স্থিতি লয়। এইদৰেই আল্লাহে উপমা দিয়ে।

### الآية 13:18

> ﻿لِلَّذِينَ اسْتَجَابُوا لِرَبِّهِمُ الْحُسْنَىٰ ۚ وَالَّذِينَ لَمْ يَسْتَجِيبُوا لَهُ لَوْ أَنَّ لَهُمْ مَا فِي الْأَرْضِ جَمِيعًا وَمِثْلَهُ مَعَهُ لَافْتَدَوْا بِهِ ۚ أُولَٰئِكَ لَهُمْ سُوءُ الْحِسَابِ وَمَأْوَاهُمْ جَهَنَّمُ ۖ وَبِئْسَ الْمِهَادُ [13:18]

যিসকলে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, তেওঁলোকৰ বাবে আছে শ্ৰেষ্ঠ প্ৰতিদান; আৰু যিসকলে তেওঁৰ আহ্বানত সঁহাৰি দিয়া নাই, সিহঁতে যদি পৃথিৱীত যি আছে সেই সকলোবোৰৰ লগতে আৰু ইয়াৰ সমপৰিমাণ বস্তুৰ মালিক হৈ যায়, তেনেহ’লে (আল্লাহৰ শাস্তিৰ পৰা বাচিবলৈ) সিহঁতে সেই সকলোবোৰ মুক্তিপণস্বৰূপ দিবলৈ অৱশ্যে প্ৰস্তুত হ’ব। কিন্তু সিহঁতৰ হিচাব হ’ব অতি কঠোৰ আৰু জাহান্নাম হ’ব সিহঁতৰ আবাস, আৰু সেইটো কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!

### الآية 13:19

> ﻿۞ أَفَمَنْ يَعْلَمُ أَنَّمَا أُنْزِلَ إِلَيْكَ مِنْ رَبِّكَ الْحَقُّ كَمَنْ هُوَ أَعْمَىٰ ۚ إِنَّمَا يَتَذَكَّرُ أُولُو الْأَلْبَابِ [13:19]

তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেইটোক যি ব্যক্তিয়ে সত্য বুলি জানে, সেইজন ব্যক্তি তাৰ দৰে নেকি যিজন অন্ধ? নিশ্চয় বিবেক সম্পন্ন ব্যক্তিসকলেই কেৱল উপদেশ গ্ৰহণ কৰে।

### الآية 13:20

> ﻿الَّذِينَ يُوفُونَ بِعَهْدِ اللَّهِ وَلَا يَنْقُضُونَ الْمِيثَاقَ [13:20]

যিসকলে আল্লাহৰ লগত কৰা অঙ্গীকাৰ পূৰ্ণ কৰে আৰু প্ৰতিজ্ঞা ভঙ্গ নকৰে,

### الآية 13:21

> ﻿وَالَّذِينَ يَصِلُونَ مَا أَمَرَ اللَّهُ بِهِ أَنْ يُوصَلَ وَيَخْشَوْنَ رَبَّهُمْ وَيَخَافُونَ سُوءَ الْحِسَابِ [13:21]

আৰু আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ আদেশ কৰিছে যিসকলে সেয়া অটুট ৰাখে, আৰু নিজ প্ৰতিপালকক ভয় কৰে আৰু ভয় কৰে কঠোৰ হিচাবক,

### الآية 13:22

> ﻿وَالَّذِينَ صَبَرُوا ابْتِغَاءَ وَجْهِ رَبِّهِمْ وَأَقَامُوا الصَّلَاةَ وَأَنْفَقُوا مِمَّا رَزَقْنَاهُمْ سِرًّا وَعَلَانِيَةً وَيَدْرَءُونَ بِالْحَسَنَةِ السَّيِّئَةَ أُولَٰئِكَ لَهُمْ عُقْبَى الدَّارِ [13:22]

আৰু যিসকলে নিজ প্ৰতিপালকৰ সন্তুষ্টি লাভৰ বাবে ধৈৰ্য ধাৰণ কৰে আৰু ছালাত কায়েম কৰে, আৰু আমি তেওঁলোকক যি জীৱনোপকৰণ দিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে লগতে ভাল কৰ্মৰ দ্বাৰা বেয়া কৰ্মক প্ৰতিহত কৰে, তেওঁলোকৰ বাবেই আছে আখিৰাতৰ শুভ পৰিণাম।

### الآية 13:23

> ﻿جَنَّاتُ عَدْنٍ يَدْخُلُونَهَا وَمَنْ صَلَحَ مِنْ آبَائِهِمْ وَأَزْوَاجِهِمْ وَذُرِّيَّاتِهِمْ ۖ وَالْمَلَائِكَةُ يَدْخُلُونَ عَلَيْهِمْ مِنْ كُلِّ بَابٍ [13:23]

স্থায়ী জান্নাতসমূহ, তাত তেওঁলোক প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী লগতে সন্তান-সন্ততিসকলৰ মাজত যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকেও (প্ৰৱেশ কৰিব)। আৰু ফিৰিস্তাসকল তেওঁলোকৰ ওচৰত উপস্থিত হ’ব প্ৰত্যেক দুৱাৰেৰে,

### الآية 13:24

> ﻿سَلَامٌ عَلَيْكُمْ بِمَا صَبَرْتُمْ ۚ فَنِعْمَ عُقْبَى الدَّارِ [13:24]

আৰু আহি ক’ব, ‘শান্তি তোমালোকৰ ওপৰত, কাৰণ তোমালোকে ধৈৰ্য ধাৰণ কৰিছিলা, আখিৰাতৰ এই পৰিণাম কিমান যে উত্তম’!

### الآية 13:25

> ﻿وَالَّذِينَ يَنْقُضُونَ عَهْدَ اللَّهِ مِنْ بَعْدِ مِيثَاقِهِ وَيَقْطَعُونَ مَا أَمَرَ اللَّهُ بِهِ أَنْ يُوصَلَ وَيُفْسِدُونَ فِي الْأَرْضِ ۙ أُولَٰئِكَ لَهُمُ اللَّعْنَةُ وَلَهُمْ سُوءُ الدَّارِ [13:25]

আনহাতে যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেয়া ভঙ্গ কৰে, যি সম্পৰ্ক অটুট ৰাখিবলৈ আল্লাহে আদেশ কৰিছে সেয়া ছিন্ন কৰে আৰু পৃথিৱীত অশান্তি সৃষ্টি কৰি ফুৰে, সিহঁতৰ বাবে আছে অভিশাপ লগতে সিহঁতৰ বাবে আছে আখিৰাতৰ নিকৃষ্ট আবাসস্থল।

### الآية 13:26

> ﻿اللَّهُ يَبْسُطُ الرِّزْقَ لِمَنْ يَشَاءُ وَيَقْدِرُ ۚ وَفَرِحُوا بِالْحَيَاةِ الدُّنْيَا وَمَا الْحَيَاةُ الدُّنْيَا فِي الْآخِرَةِ إِلَّا مَتَاعٌ [13:26]

আল্লাহে যাক ইচ্ছা কৰে তাৰ বাবে জীৱনোপকৰণ বৃদ্ধি কৰি দিয়ে আৰু সংকুচিত কৰে; কিন্তু ইহঁত পাৰ্থিৱ জীৱন লৈয়ে আনন্দিত, অথচ পাৰ্থিৱ জীৱন আখিৰাতৰ তুলনাত ক্ষণস্থায়ী ভোগমাত্ৰ।

### الآية 13:27

> ﻿وَيَقُولُ الَّذِينَ كَفَرُوا لَوْلَا أُنْزِلَ عَلَيْهِ آيَةٌ مِنْ رَبِّهِ ۗ قُلْ إِنَّ اللَّهَ يُضِلُّ مَنْ يَشَاءُ وَيَهْدِي إِلَيْهِ مَنْ أَنَابَ [13:27]

আৰু যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওচৰত কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যিসকল তেওঁৰ অভিমুখী তেওঁ তেওঁলোকক তেওঁৰ পথ দেখুৱায়’।

### الآية 13:28

> ﻿الَّذِينَ آمَنُوا وَتَطْمَئِنُّ قُلُوبُهُمْ بِذِكْرِ اللَّهِ ۗ أَلَا بِذِكْرِ اللَّهِ تَطْمَئِنُّ الْقُلُوبُ [13:28]

‘যিসকলে ঈমান আনিছে আল্লাহৰ স্মৰণত তেওঁলোকৰ মন প্ৰশান্ত হয়; জানি থোৱা! আল্লাহৰ স্মৰণতেই মনৰ শান্তি লাভ হয়’;

### الآية 13:29

> ﻿الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ طُوبَىٰ لَهُمْ وَحُسْنُ مَآبٍ [13:29]

‘যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰে, তেওঁলোকৰ বাবেই আছে পৰম আনন্দ আৰু সুন্দৰ প্ৰত্যাৱৰ্তনস্থল’।

### الآية 13:30

> ﻿كَذَٰلِكَ أَرْسَلْنَاكَ فِي أُمَّةٍ قَدْ خَلَتْ مِنْ قَبْلِهَا أُمَمٌ لِتَتْلُوَ عَلَيْهِمُ الَّذِي أَوْحَيْنَا إِلَيْكَ وَهُمْ يَكْفُرُونَ بِالرَّحْمَٰنِ ۚ قُلْ هُوَ رَبِّي لَا إِلَٰهَ إِلَّا هُوَ عَلَيْهِ تَوَكَّلْتُ وَإِلَيْهِ مَتَابِ [13:30]

এইদৰে আমি তোমাক প্ৰেৰণ কৰিছো এনে এটা জাতিৰ প্ৰতি যিহঁতৰ আগত বহু জাতি পাৰ হৈছে, যাতে আমি তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছো, সেয়া তুমি সিহঁতৰ ওচৰত তিলাৱত কৰা। তথাপিও সিহঁতে ৰহমানক অস্বীকাৰ কৰে। কোৱা, ‘তেৱেঁই মোৰ ৰব, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁৰ ওপৰতেই মই নিৰ্ভৰ কৰো আৰু তেওঁৰ ওচৰতেই মোৰ প্ৰত্যাৱৰ্তন’।

### الآية 13:31

> ﻿وَلَوْ أَنَّ قُرْآنًا سُيِّرَتْ بِهِ الْجِبَالُ أَوْ قُطِّعَتْ بِهِ الْأَرْضُ أَوْ كُلِّمَ بِهِ الْمَوْتَىٰ ۗ بَلْ لِلَّهِ الْأَمْرُ جَمِيعًا ۗ أَفَلَمْ يَيْأَسِ الَّذِينَ آمَنُوا أَنْ لَوْ يَشَاءُ اللَّهُ لَهَدَى النَّاسَ جَمِيعًا ۗ وَلَا يَزَالُ الَّذِينَ كَفَرُوا تُصِيبُهُمْ بِمَا صَنَعُوا قَارِعَةٌ أَوْ تَحُلُّ قَرِيبًا مِنْ دَارِهِمْ حَتَّىٰ يَأْتِيَ وَعْدُ اللَّهِ ۚ إِنَّ اللَّهَ لَا يُخْلِفُ الْمِيعَادَ [13:31]

আৰু যদি কোৰআন এনেকুৱা হ’লেহেঁতেন যাৰ দ্বাৰা পৰ্বতক গতিশীল কৰা গ’লেহেঁতেন আৰু পৃথিৱীক টুকুৰা-টুকুৰ কৰা গ’লেহেঁতেন নাইবা মৃত ব্যক্তিৰ লগত কথা ক’ব পৰা গ’লেহেঁতেন, কিন্তু সকলো বিষয় আল্লাহৰেই ইখতিয়াৰভুক্ত। তেন্তে যিসকলে ঈমান আনিছে তেওঁলোকে নাজানে নেকি যে, আল্লাহে ইচ্ছা কৰিলে সকলোকে সৎপথত পৰিচালিত কৰিব পাৰিলেহেঁতেন? আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ কৰ্মকাণ্ডৰ কাৰণে সিহঁতৰ বিপৰ্যয় ঘটিয়েই থাকিব, অথবা বিপৰ্যয় সিহঁতৰ আবাসৰ ওচৰে পাজৰে আপতিত হৈয়ে থাকিব, আল্লাহৰ প্ৰতিশ্ৰুতি নহা লৈকে। নিশ্চয় আল্লাহ প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰে।

### الآية 13:32

> ﻿وَلَقَدِ اسْتُهْزِئَ بِرُسُلٍ مِنْ قَبْلِكَ فَأَمْلَيْتُ لِلَّذِينَ كَفَرُوا ثُمَّ أَخَذْتُهُمْ ۖ فَكَيْفَ كَانَ عِقَابِ [13:32]

নিশ্চয় তোমাৰ পূৰ্বে বহু ৰাছুলক উপহাস কৰা হৈছে আৰু যিসকলে কুফৰী কৰিছিল সিহঁতক মই অকণমান অৱকাশ দিছিলো, তাৰ পিছত সিহঁতক আক্ৰমণ কৰিছো। এতেকে কেনেকুৱা আছিল মোৰ শাস্তি!

### الآية 13:33

> ﻿أَفَمَنْ هُوَ قَائِمٌ عَلَىٰ كُلِّ نَفْسٍ بِمَا كَسَبَتْ ۗ وَجَعَلُوا لِلَّهِ شُرَكَاءَ قُلْ سَمُّوهُمْ ۚ أَمْ تُنَبِّئُونَهُ بِمَا لَا يَعْلَمُ فِي الْأَرْضِ أَمْ بِظَاهِرٍ مِنَ الْقَوْلِ ۗ بَلْ زُيِّنَ لِلَّذِينَ كَفَرُوا مَكْرُهُمْ وَصُدُّوا عَنِ السَّبِيلِ ۗ وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ هَادٍ [13:33]

তেন্তে প্ৰত্যেক মানুহে যি কৰে সেইবোৰৰ যিজন পৰ্যবেক্ষক (তেওঁ ইহঁতৰ এই অক্ষম ইলাহবোৰৰ দৰে নেকি?) অথচ সিহঁতে আল্লাহৰ লগত বহু অংশীদাৰ সাব্যস্ত কৰিছে। কোৱা, ‘তোমালোকে ইহঁতৰ পৰিচয় দিয়া। নে তোমালোকে পৃথিৱীৰ মাজৰ এনেকুৱা কোনো সংবাদ দিব বিচৰা যিটো তেওঁ নাজানে? নে (তোমালোকে কেৱল) বাহ্যিক কথাহে কৈ আছা’? বৰং যিসকলে কুফৰী কৰিছে সিহঁতৰ ওচৰত সিহঁতৰ ছলনা শোভনীয় কৰি দিয়া হৈছে আৰু সিহঁতক সৎপথৰ পৰা আঁতৰত ৰখা হৈছে, আৰু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ কোনো পথপ্ৰদৰ্শক নাই।

### الآية 13:34

> ﻿لَهُمْ عَذَابٌ فِي الْحَيَاةِ الدُّنْيَا ۖ وَلَعَذَابُ الْآخِرَةِ أَشَقُّ ۖ وَمَا لَهُمْ مِنَ اللَّهِ مِنْ وَاقٍ [13:34]

সিহঁতৰ বাবে পাৰ্থিৱ জীৱনত আছে শাস্তি, আৰু আখিৰাতৰ শাস্তি অতি কঠোৰ! আৰু আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ সিহঁতৰ কোনো নাই।

### الآية 13:35

> ﻿۞ مَثَلُ الْجَنَّةِ الَّتِي وُعِدَ الْمُتَّقُونَ ۖ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ ۖ أُكُلُهَا دَائِمٌ وَظِلُّهَا ۚ تِلْكَ عُقْبَى الَّذِينَ اتَّقَوْا ۖ وَعُقْبَى الْكَافِرِينَ النَّارُ [13:35]

মুত্তাক্বীসকলক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, তাৰ উপমা হৈছে এনেকুৱাঃ তাৰ তলত নদীসমূহ প্ৰবাহিত, তাৰ ফল-মূল আৰু ছাঁ হ’ব চিৰস্থায়ী। যিসকলে তাক্বৱা অৱলম্বন কৰিছে এইটো তেওঁলোকৰ প্ৰতিফল আৰু কাফিৰসকলৰ প্ৰতিফল হৈছে অগ্নি।

### الآية 13:36

> ﻿وَالَّذِينَ آتَيْنَاهُمُ الْكِتَابَ يَفْرَحُونَ بِمَا أُنْزِلَ إِلَيْكَ ۖ وَمِنَ الْأَحْزَابِ مَنْ يُنْكِرُ بَعْضَهُ ۚ قُلْ إِنَّمَا أُمِرْتُ أَنْ أَعْبُدَ اللَّهَ وَلَا أُشْرِكَ بِهِ ۚ إِلَيْهِ أَدْعُو وَإِلَيْهِ مَآبِ [13:36]

আৰু আমি যিসকলক কিতাব প্ৰদান কৰিছো তেওঁলোকে তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাত আনন্দ পায়। কিন্তু দলসমূহৰ কিছুমানে ইয়াৰ কিছু অংশক অস্বীকাৰ কৰে। কোৱা, ‘মোক আদেশ কৰা হৈছে মই যাতে কেৱল আল্লাহৰ ইবাদত কৰো আৰু তেওঁৰ লগত যাতে আন কাকো অংশী নকৰো। মই তেওঁৰ পিনেই আহ্বান কৰো আৰু তেওঁৰ ওচৰতেই মোৰ প্ৰত্যাৱৰ্তন’।

### الآية 13:37

> ﻿وَكَذَٰلِكَ أَنْزَلْنَاهُ حُكْمًا عَرَبِيًّا ۚ وَلَئِنِ اتَّبَعْتَ أَهْوَاءَهُمْ بَعْدَمَا جَاءَكَ مِنَ الْعِلْمِ مَا لَكَ مِنَ اللَّهِ مِنْ وَلِيٍّ وَلَا وَاقٍ [13:37]

এইদৰেই আমি কোৰআনক বিধানৰূপে আৰবী ভাষাত অৱতীৰ্ণ কৰিছো। এতেকে জ্ঞান পোৱাৰ পিছতো যদি তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা তেন্তে আল্লাহৰ বিৰুদ্ধে তোমাৰ কোনো অভিভাৱক আৰু ৰক্ষক নাথাকিব।

### الآية 13:38

> ﻿وَلَقَدْ أَرْسَلْنَا رُسُلًا مِنْ قَبْلِكَ وَجَعَلْنَا لَهُمْ أَزْوَاجًا وَذُرِّيَّةً ۚ وَمَا كَانَ لِرَسُولٍ أَنْ يَأْتِيَ بِآيَةٍ إِلَّا بِإِذْنِ اللَّهِ ۗ لِكُلِّ أَجَلٍ كِتَابٌ [13:38]

আৰু অৱশ্যে আমি তোমাৰ পূৰ্বে বহু ৰাছুল প্ৰেৰণ কৰিছিলো আৰু তেওঁলোককো স্ত্ৰী আৰু সন্তান-সন্ততি প্ৰদান কৰিছিলো। আল্লাহৰ অনুমতিবিহীন কোনো নিদৰ্শন উপস্থিত কৰা কোনো ৰাছুলৰ দ্বাৰা সম্ভৱ নহয়। প্ৰত্যেক বিষয়ৰ বাবেই নিৰ্ধাৰিত সময় লিপিবদ্ধ আছে।

### الآية 13:39

> ﻿يَمْحُو اللَّهُ مَا يَشَاءُ وَيُثْبِتُ ۖ وَعِنْدَهُ أُمُّ الْكِتَابِ [13:39]

আল্লাহে যি ইচ্ছা কৰে সেয়া মুচি দিয়ে আৰু যি ইচ্ছা কৰে সেয়া প্ৰতিষ্ঠিত কৰে আৰু তেওঁৰ ওচৰতেই আছে উম্মুল কিতাব।

### الآية 13:40

> ﻿وَإِنْ مَا نُرِيَنَّكَ بَعْضَ الَّذِي نَعِدُهُمْ أَوْ نَتَوَفَّيَنَّكَ فَإِنَّمَا عَلَيْكَ الْبَلَاغُ وَعَلَيْنَا الْحِسَابُ [13:40]

আৰু আমি সিহঁতক যি (শাস্তিৰ) প্ৰতিশ্ৰুতি দিছো তাৰে অলপ যদি তোমাক (পৃথিৱীতে) দেখুৱাই দিওঁ অথবা (সিহঁতৰ ওপৰত সেয়া অহাৰ আগতেই) তোমাক মৃত্যু প্ৰদান কৰো, -- তেন্তে তোমাৰ কৰ্তব্যতো হৈছে কেৱল প্ৰচাৰ কৰা, আৰু হিচাব-নিকাচ লোৱাৰ দায়িত্ব কেৱল আমাৰেই।

### الآية 13:41

> ﻿أَوَلَمْ يَرَوْا أَنَّا نَأْتِي الْأَرْضَ نَنْقُصُهَا مِنْ أَطْرَافِهَا ۚ وَاللَّهُ يَحْكُمُ لَا مُعَقِّبَ لِحُكْمِهِ ۚ وَهُوَ سَرِيعُ الْحِسَابِ [13:41]

সিহঁতে দেখা নাইনে যে, আমি পৃথিৱীক কেউফালৰ পৰা সংকুচিত কৰি আনি আছো? আৰু আল্লাহেই আদেশ কৰে, তেওঁৰ আদেশ ৰদ্দ কৰিবলৈ কোনো নাই আৰু তেওঁ দ্ৰুত হিচাব গ্ৰহণকাৰী।

### الآية 13:42

> ﻿وَقَدْ مَكَرَ الَّذِينَ مِنْ قَبْلِهِمْ فَلِلَّهِ الْمَكْرُ جَمِيعًا ۖ يَعْلَمُ مَا تَكْسِبُ كُلُّ نَفْسٍ ۗ وَسَيَعْلَمُ الْكُفَّارُ لِمَنْ عُقْبَى الدَّارِ [13:42]

সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁতেও চক্ৰান্ত কৰিছিল; কিন্তু সকলো চক্ৰান্ত আল্লাহৰ ইখতিয়াৰত। প্ৰত্যেক ব্যক্তিয়ে যি উপাৰ্জন কৰে সেয়া তেওঁ জানে, আৰু কাফিৰসকলে অনতিপলমে জানিব পাৰিব যে, আখিৰাতৰ শুভ পৰিণাম কাৰ বাবে।

### الآية 13:43

> ﻿وَيَقُولُ الَّذِينَ كَفَرُوا لَسْتَ مُرْسَلًا ۚ قُلْ كَفَىٰ بِاللَّهِ شَهِيدًا بَيْنِي وَبَيْنَكُمْ وَمَنْ عِنْدَهُ عِلْمُ الْكِتَابِ [13:43]

আৰু যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘তুমি আল্লাহৰ প্ৰেৰিত নহয়’। কোৱা, ‘আল্লাহ আৰু যিসকলৰ ওচৰত কিতাবৰ জ্ঞান আছে, তেওঁলোকেই মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে যথেষ্ট’।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/13.md)
- [كل تفاسير سورة الرعد
](https://quranpedia.net/surah-tafsir/13.md)
- [ترجمات سورة الرعد
](https://quranpedia.net/translations/13.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/13/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
