---
title: "ترجمة سورة الحجر - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/15/book/1994.md"
canonical: "https://quranpedia.net/surah/1/15/book/1994"
surah_id: "15"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة الحجر - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/15/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة الحجر - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/15/book/1994*.

Translation of Surah الحجر from "الترجمة الأسامية" in الأسامية.

### الآية 15:1

> الر ۚ تِلْكَ آيَاتُ الْكِتَابِ وَقُرْآنٍ مُبِينٍ [15:1]

আলিফ-লাম-ৰা, এইবোৰ হৈছে মহাগ্ৰন্থ আৰু সুস্পষ্ট কোৰআনৰ আয়াত।

### الآية 15:2

> ﻿رُبَمَا يَوَدُّ الَّذِينَ كَفَرُوا لَوْ كَانُوا مُسْلِمِينَ [15:2]

কাফিৰসকলে এটা সময়ত আকাংক্ষা কৰিব যে, যদি সিহঁত মুমিন হ’লেহেঁতেন!

### الآية 15:3

> ﻿ذَرْهُمْ يَأْكُلُوا وَيَتَمَتَّعُوا وَيُلْهِهِمُ الْأَمَلُ ۖ فَسَوْفَ يَعْلَمُونَ [15:3]

এৰি দিয়া সিহঁতক, সিহঁত খাই থাকক আৰু ভোগ কৰি থাকক, আৰু আশা-আকাংক্ষাই সিহঁতক গাফিল কৰি ৰাখক, এতেকে অচিৰেই সিহঁতে জানিব পাৰিব।

### الآية 15:4

> ﻿وَمَا أَهْلَكْنَا مِنْ قَرْيَةٍ إِلَّا وَلَهَا كِتَابٌ مَعْلُومٌ [15:4]

আৰু আমি যি জনপদকেই ধ্বংস কৰিছো তাৰ বাবে এটা নিৰ্দিষ্ট কাল লিপিবদ্ধ আছিল।

### الآية 15:5

> ﻿مَا تَسْبِقُ مِنْ أُمَّةٍ أَجَلَهَا وَمَا يَسْتَأْخِرُونَ [15:5]

কোনো জাতিয়ে তাৰ নিৰ্দিষ্ট (ধ্বংসৰ) কালক আগুৱাই আনিব নোৱাৰে আৰু পিছুৱাইও নিব নোৱাৰে।

### الآية 15:6

> ﻿وَقَالُوا يَا أَيُّهَا الَّذِي نُزِّلَ عَلَيْهِ الذِّكْرُ إِنَّكَ لَمَجْنُونٌ [15:6]

আৰু সিহঁতে কয়, ‘হেৰা মানুহজন! যাৰ প্ৰতি যিকিৰ অৱতীৰ্ণ হৈছে, নিশ্চয় তুমি এজন উন্মাদ’।

### الآية 15:7

> ﻿لَوْ مَا تَأْتِينَا بِالْمَلَائِكَةِ إِنْ كُنْتَ مِنَ الصَّادِقِينَ [15:7]

যদি তুমি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত তেন্তে আমাৰ ওচৰত ফিৰিস্তা উপস্থিত নকৰা কিয়?

### الآية 15:8

> ﻿مَا نُنَزِّلُ الْمَلَائِكَةَ إِلَّا بِالْحَقِّ وَمَا كَانُوا إِذًا مُنْظَرِينَ [15:8]

আমি ফিৰিস্তাসকলক যথাৰ্থ কাৰণবিহীন প্ৰেৰণ নকৰো, আৰু (ফিৰিস্তাসকল উপস্থিত হ’লে) তেতিয়া সিহঁত অৱকাশও নাপালেহেঁতেন।

### الآية 15:9

> ﻿إِنَّا نَحْنُ نَزَّلْنَا الذِّكْرَ وَإِنَّا لَهُ لَحَافِظُونَ [15:9]

নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছো আৰু অৱশ্যে আমিয়েই ইয়াৰ সংৰক্ষক।

### الآية 15:10

> ﻿وَلَقَدْ أَرْسَلْنَا مِنْ قَبْلِكَ فِي شِيَعِ الْأَوَّلِينَ [15:10]

অৱশ্যে আমি তোমাৰ পূৰ্বে অতীত সম্প্ৰদায়সমূহৰ মাজত ৰাছুল প্ৰেৰণ কৰিছো।

### الآية 15:11

> ﻿وَمَا يَأْتِيهِمْ مِنْ رَسُولٍ إِلَّا كَانُوا بِهِ يَسْتَهْزِئُونَ [15:11]

আৰু সিহঁতৰ ওচৰত এনে কোনো ৰাছুল আহা নাই যাক সিহঁতে উপহাস কৰা নাছিল।

### الآية 15:12

> ﻿كَذَٰلِكَ نَسْلُكُهُ فِي قُلُوبِ الْمُجْرِمِينَ [15:12]

এইদৰেই আমি অপৰাধীসকলৰ অন্তৰত সেয়া সঞ্চাৰ কৰো,

### الآية 15:13

> ﻿لَا يُؤْمِنُونَ بِهِ ۖ وَقَدْ خَلَتْ سُنَّةُ الْأَوَّلِينَ [15:13]

ইহঁত কোৰআনৰ প্ৰতি ঈমান পোষণ নকৰিব, আৰু অৱশ্যে পাৰ হৈছে পূৰ্বৱৰ্তীসকলৰ ৰীতি।

### الآية 15:14

> ﻿وَلَوْ فَتَحْنَا عَلَيْهِمْ بَابًا مِنَ السَّمَاءِ فَظَلُّوا فِيهِ يَعْرُجُونَ [15:14]

আৰু যদি আমি সিহঁতৰ বাবে আকাশৰ দুৱাৰ খুলি দিলোহেঁতেন, আৰু সিহঁত তাত আৰোহণ কৰিলে হয়,

### الآية 15:15

> ﻿لَقَالُوا إِنَّمَا سُكِّرَتْ أَبْصَارُنَا بَلْ نَحْنُ قَوْمٌ مَسْحُورُونَ [15:15]

তথাপিও সিহঁত ক’লেহেঁতেন যে, ‘আমাৰ দৃষ্টি সন্মোহিত কৰা হৈছে, বৰং আমি এটা যাদুগ্ৰস্ত সম্প্ৰদায়’।

### الآية 15:16

> ﻿وَلَقَدْ جَعَلْنَا فِي السَّمَاءِ بُرُوجًا وَزَيَّنَّاهَا لِلنَّاظِرِينَ [15:16]

আৰু অৱশ্যে আমি আকাশত বৰুজসমূহ সৃষ্টি কৰিছো আৰু দৰ্শকসকলৰ বাবে সেইবোৰক সৌন্দৰ্যময় কৰিছো।

### الآية 15:17

> ﻿وَحَفِظْنَاهَا مِنْ كُلِّ شَيْطَانٍ رَجِيمٍ [15:17]

আৰু প্ৰত্যেক অভিশপ্ত চয়তানৰ পৰা আমি সেইবোৰক সুৰক্ষিত কৰিছো;

### الآية 15:18

> ﻿إِلَّا مَنِ اسْتَرَقَ السَّمْعَ فَأَتْبَعَهُ شِهَابٌ مُبِينٌ [15:18]

কিন্তু কোনোবাই লুকাই-চুৰকৈ শুনিব ধৰিলে প্ৰদীপ্ত শিখাই তাৰ পিছ লয়।

### الآية 15:19

> ﻿وَالْأَرْضَ مَدَدْنَاهَا وَأَلْقَيْنَا فِيهَا رَوَاسِيَ وَأَنْبَتْنَا فِيهَا مِنْ كُلِّ شَيْءٍ مَوْزُونٍ [15:19]

আৰু পৃথিৱী, ইয়াক আমি বিস্তৃত কৰিছো, তাত আমি স্থাপন কৰিছো পৰ্বতমালা; লগতে তাত আমি প্ৰত্যেক বস্তু উদগত কৰিছো সুপৰিমিতভাৱে,

### الآية 15:20

> ﻿وَجَعَلْنَا لَكُمْ فِيهَا مَعَايِشَ وَمَنْ لَسْتُمْ لَهُ بِرَازِقِينَ [15:20]

আৰু তাত আমি জীৱিকাৰ ব্যৱস্থা কৰিছো তোমালোকৰ বাবে আৰু তোমালোক যিবোৰৰ জীৱিকাদাতা নহয় সেইবোৰৰ বাবেও।

### الآية 15:21

> ﻿وَإِنْ مِنْ شَيْءٍ إِلَّا عِنْدَنَا خَزَائِنُهُ وَمَا نُنَزِّلُهُ إِلَّا بِقَدَرٍ مَعْلُومٍ [15:21]

আৰু আমাৰ ওচৰতেই আছে প্ৰত্যেক বস্তুৰ ভাণ্ডাৰ আৰু আমি সেয়া পৰিজ্ঞাত পৰিমাণেই অৱতীৰ্ণ কৰো।

### الآية 15:22

> ﻿وَأَرْسَلْنَا الرِّيَاحَ لَوَاقِحَ فَأَنْزَلْنَا مِنَ السَّمَاءِ مَاءً فَأَسْقَيْنَاكُمُوهُ وَمَا أَنْتُمْ لَهُ بِخَازِنِينَ [15:22]

আৰু আমিয়েই উৰ্বৰ বায়ু প্ৰেৰণ কৰো, তাৰ পিছত আকাশৰ পৰা পানী বৰ্ষণ কৰো, সেয়া তোমালোকক পান কৰিবলৈ দিওঁ; অথচ তোমালোক নিজে সেয়া ভাণ্ডাৰত সঞ্চয়কাৰী নহয়।

### الآية 15:23

> ﻿وَإِنَّا لَنَحْنُ نُحْيِي وَنُمِيتُ وَنَحْنُ الْوَارِثُونَ [15:23]

আৰু আমিয়েই জীৱন দান কৰো আৰু মৃত্যু ঘটাওঁ আৰু আমিয়েই চুড়ান্ত মালিকানাৰ অধিকাৰী।

### الآية 15:24

> ﻿وَلَقَدْ عَلِمْنَا الْمُسْتَقْدِمِينَ مِنْكُمْ وَلَقَدْ عَلِمْنَا الْمُسْتَأْخِرِينَ [15:24]

আৰু নিশ্চয় আমি তোমালোকৰ মাজৰ পৰা যিসকলে অগ্ৰগামী হৈছে সিহঁতক জানো আৰু অৱশ্যে সিহঁতকো জানো যিসকলে পশ্চাদগামী হৈছে।

### الآية 15:25

> ﻿وَإِنَّ رَبَّكَ هُوَ يَحْشُرُهُمْ ۚ إِنَّهُ حَكِيمٌ عَلِيمٌ [15:25]

নিশ্চয় তোমাৰ প্ৰতিপালকে সিহঁতক সমবেত কৰিব; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।

### الآية 15:26

> ﻿وَلَقَدْ خَلَقْنَا الْإِنْسَانَ مِنْ صَلْصَالٍ مِنْ حَمَإٍ مَسْنُونٍ [15:26]

আৰু অৱশ্যে আমি মানুহক সৃষ্টি কৰিছো গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰ পৰা,

### الآية 15:27

> ﻿وَالْجَانَّ خَلَقْنَاهُ مِنْ قَبْلُ مِنْ نَارِ السَّمُومِ [15:27]

আৰু ইয়াৰ আগত আমি জ্বিনবোৰক সৃষ্টি কৰিছো উত্তপ্ত অগ্নিশিখাৰ পৰা।

### الآية 15:28

> ﻿وَإِذْ قَالَ رَبُّكَ لِلْمَلَائِكَةِ إِنِّي خَالِقٌ بَشَرًا مِنْ صَلْصَالٍ مِنْ حَمَإٍ مَسْنُونٍ [15:28]

আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘নিশ্চয় মই গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰে মানুহ সৃষ্টি কৰিবলৈ থিৰাং কৰিছো;

### الآية 15:29

> ﻿فَإِذَا سَوَّيْتُهُ وَنَفَخْتُ فِيهِ مِنْ رُوحِي فَقَعُوا لَهُ سَاجِدِينَ [15:29]

এতেকে যেতিয়া মই তাক সুঠাম কৰিম আৰু তাৰ মাজত মোৰ ফালৰ পৰা ৰূহ সঞ্চাৰ কৰিম তেতিয়া তোমালোকে তাৰ প্ৰতি ছাজদাৱনত হ’বা,

### الآية 15:30

> ﻿فَسَجَدَ الْمَلَائِكَةُ كُلُّهُمْ أَجْمَعُونَ [15:30]

তাৰ পিছত ফিৰিস্তাসকলে সকলোৱে একেলগে ছাজদাহ কৰিলে,

### الآية 15:31

> ﻿إِلَّا إِبْلِيسَ أَبَىٰ أَنْ يَكُونَ مَعَ السَّاجِدِينَ [15:31]

কেৱল ইবলীছৰ বাহিৰে, সি ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত হ’বলৈ অস্বীকাৰ কৰিলে।

### الآية 15:32

> ﻿قَالَ يَا إِبْلِيسُ مَا لَكَ أَلَّا تَكُونَ مَعَ السَّاجِدِينَ [15:32]

আল্লাহে ক’লে, ‘হে ইবলীছ! তোমাৰ কি হ’ল, তুমি কিয় ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’লা’?

### الآية 15:33

> ﻿قَالَ لَمْ أَكُنْ لِأَسْجُدَ لِبَشَرٍ خَلَقْتَهُ مِنْ صَلْصَالٍ مِنْ حَمَإٍ مَسْنُونٍ [15:33]

সি ক’লে, ‘(হে আল্লাহ!) তুমি গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰ পৰা যি মানুহ সৃষ্টি কৰিছা মই তাক ছাজদাহ নকৰো’।

### الآية 15:34

> ﻿قَالَ فَاخْرُجْ مِنْهَا فَإِنَّكَ رَجِيمٌ [15:34]

তেওঁ ক’লে, ‘তেন্তে তই ইয়াৰ পৰা ওলাই যা, কাৰণ নিশ্চয় তই অভিশপ্ত;

### الآية 15:35

> ﻿وَإِنَّ عَلَيْكَ اللَّعْنَةَ إِلَىٰ يَوْمِ الدِّينِ [15:35]

আৰু নিশ্চয় প্ৰতিদান দিৱস লৈকে তোৰ ওপৰত থাকিল অভিসম্পাত।

### الآية 15:36

> ﻿قَالَ رَبِّ فَأَنْظِرْنِي إِلَىٰ يَوْمِ يُبْعَثُونَ [15:36]

সি ক’লে, ‘হে মোৰ ৰব! তেনেহ’লে মোক অৱকাশ দিয়া সেই দিনলৈকে, যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ’ব’।

### الآية 15:37

> ﻿قَالَ فَإِنَّكَ مِنَ الْمُنْظَرِينَ [15:37]

তেওঁ ক’লে, ‘যা, নিশ্চয় তোক অৱকাশ দিয়া হ’ল,

### الآية 15:38

> ﻿إِلَىٰ يَوْمِ الْوَقْتِ الْمَعْلُومِ [15:38]

‘সুনিৰ্দিষ্ট সময় অহাৰ দিন পৰ্যন্ত’।

### الآية 15:39

> ﻿قَالَ رَبِّ بِمَا أَغْوَيْتَنِي لَأُزَيِّنَنَّ لَهُمْ فِي الْأَرْضِ وَلَأُغْوِيَنَّهُمْ أَجْمَعِينَ [15:39]

সি ক’লে, ‘হে মোৰ ৰব! তুমি যে মোক বিপথগামী কৰিলা সেই বাবে অৱশ্যে মই পৃথিৱীত পাপকৰ্মসমূহক মানুহৰ ওচৰত শোভনীয় কৰি তুলিম আৰু অৱশ্যে আমি সিহঁতৰ আটাইকে বিপথগামী কৰিম,

### الآية 15:40

> ﻿إِلَّا عِبَادَكَ مِنْهُمُ الْمُخْلَصِينَ [15:40]

‘কিন্তু সিহঁতৰ মাজত তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’।

### الآية 15:41

> ﻿قَالَ هَٰذَا صِرَاطٌ عَلَيَّ مُسْتَقِيمٌ [15:41]

আল্লাহে ক’লে, ‘এইটোৱে মোৰ ওচৰলৈ অহাৰ সৰল পথ’।

### الآية 15:42

> ﻿إِنَّ عِبَادِي لَيْسَ لَكَ عَلَيْهِمْ سُلْطَانٌ إِلَّا مَنِ اتَّبَعَكَ مِنَ الْغَاوِينَ [15:42]

‘নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই, কিন্তু পথভ্ৰষ্টসকলৰ বাহিৰে যিসকলে তোমাক অনুসৰণ কৰিব’;

### الآية 15:43

> ﻿وَإِنَّ جَهَنَّمَ لَمَوْعِدُهُمْ أَجْمَعِينَ [15:43]

‘নিশ্চয় জাহান্নাম সিহঁত সকলোৰে প্ৰতিশ্ৰুত স্থান’,

### الآية 15:44

> ﻿لَهَا سَبْعَةُ أَبْوَابٍ لِكُلِّ بَابٍ مِنْهُمْ جُزْءٌ مَقْسُومٌ [15:44]

‘সেইটোৰ সাতখন দুৱাৰ আছে, প্ৰত্যেক দুৱাৰেৰে প্ৰৱেশ কৰিবলৈ (চয়তানৰ অনুসাৰীসকলৰ বাবে) নিৰ্দিষ্ট অংশ আছে’।

### الآية 15:45

> ﻿إِنَّ الْمُتَّقِينَ فِي جَنَّاتٍ وَعُيُونٍ [15:45]

নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰস্ৰৱণসমূহৰ মাজত।

### الآية 15:46

> ﻿ادْخُلُوهَا بِسَلَامٍ آمِنِينَ [15:46]

তেওঁলোকক কোৱা হ’ব, ‘তোমালোকে শান্তি আৰু নিৰাপত্তাৰ সৈতে ইয়াত প্ৰৱেশ কৰা’।

### الآية 15:47

> ﻿وَنَزَعْنَا مَا فِي صُدُورِهِمْ مِنْ غِلٍّ إِخْوَانًا عَلَىٰ سُرُرٍ مُتَقَابِلِينَ [15:47]

আৰু আমি তেওঁলোকৰ অন্তৰৰ পৰা হিংসা বিদ্বেষ আঁতৰাই দিম; তেওঁলোকে ভাতৃৰ দৰে পৰস্পৰে ইজনে সিজনৰ সন্মুখৰ আসনত অৱস্থান কৰিব,

### الآية 15:48

> ﻿لَا يَمَسُّهُمْ فِيهَا نَصَبٌ وَمَا هُمْ مِنْهَا بِمُخْرَجِينَ [15:48]

তাত তেওঁলোকক অৱসাদে (ক্লান্তিয়ে) স্পৰ্শ নকৰিব আৰু তাৰ পৰা তেওঁলোকক বহিষ্কৃতও কৰা নহ’ব।

### الآية 15:49

> ﻿۞ نَبِّئْ عِبَادِي أَنِّي أَنَا الْغَفُورُ الرَّحِيمُ [15:49]

মোৰ বান্দাসকলক জনাই দিয়া যে, নিশ্চয় মই পৰম ক্ষমাশীল, পৰম দয়ালু,

### الآية 15:50

> ﻿وَأَنَّ عَذَابِي هُوَ الْعَذَابُ الْأَلِيمُ [15:50]

আৰু নিশ্চয় মোৰ শাস্তিয়েই হৈছে যন্ত্ৰণাদায়ক শাস্তি!

### الآية 15:51

> ﻿وَنَبِّئْهُمْ عَنْ ضَيْفِ إِبْرَاهِيمَ [15:51]

আৰু তুমি সিহঁতক জনাই দিয়া, ইব্ৰাহীমৰ অতিথিসকলৰ কথা,

### الآية 15:52

> ﻿إِذْ دَخَلُوا عَلَيْهِ فَقَالُوا سَلَامًا قَالَ إِنَّا مِنْكُمْ وَجِلُونَ [15:52]

যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত উপস্থিত হৈ ক’লে, ‘ছালাম’, তেতিয়া তেওঁ ক’লে, ‘নিশ্চয় আমি আপোনালোকৰ বিষয়ে শংকিত’।

### الآية 15:53

> ﻿قَالُوا لَا تَوْجَلْ إِنَّا نُبَشِّرُكَ بِغُلَامٍ عَلِيمٍ [15:53]

তেওঁলোকে ক’লে, ‘ভয় নকিৰব, আমি আপোনাক এজন জ্ঞানী পুত্ৰৰ সুসংবাদ দিবলৈহে আহিছো’।

### الآية 15:54

> ﻿قَالَ أَبَشَّرْتُمُونِي عَلَىٰ أَنْ مَسَّنِيَ الْكِبَرُ فَبِمَ تُبَشِّرُونَ [15:54]

তেওঁ ক’লে, ‘বাৰ্দ্ধক্যই স্পৰ্শ কৰা সত্বেও আপোনালোকে মোক (সন্তান লাভৰ) সুসংবাদ দিছে? এতেকে আপোনালোকে কিহৰ (কেনেকৈ) সুসংবাদ দি আছে’?

### الآية 15:55

> ﻿قَالُوا بَشَّرْنَاكَ بِالْحَقِّ فَلَا تَكُنْ مِنَ الْقَانِطِينَ [15:55]

তেওঁলোকে ক’লে, ‘আমি সত্য সুসংবাদ দিছো; এতেকে আপুনি নিৰাশ নহ’ব’।

### الآية 15:56

> ﻿قَالَ وَمَنْ يَقْنَطُ مِنْ رَحْمَةِ رَبِّهِ إِلَّا الضَّالُّونَ [15:56]

তেওঁ ক’লে, ‘পথভ্ৰষ্টসকলৰ বাহিৰে নিজ প্ৰতিপালকৰ ৰহমতৰ পৰা কোনেনো নিৰাশ হয়’?

### الآية 15:57

> ﻿قَالَ فَمَا خَطْبُكُمْ أَيُّهَا الْمُرْسَلُونَ [15:57]

তেওঁ ক’লে, ‘হে প্ৰেৰিত (ফিৰিস্তা)সকল! আপোনালোকৰ আৰু কিবা বিশেষ উদ্দেশ্য আছে নেকি’?

### الآية 15:58

> ﻿قَالُوا إِنَّا أُرْسِلْنَا إِلَىٰ قَوْمٍ مُجْرِمِينَ [15:58]

তেওঁলোকে ক’লে, ‘নিশ্চয় আমাক এটা অপৰাধী সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে---

### الآية 15:59

> ﻿إِلَّا آلَ لُوطٍ إِنَّا لَمُنَجُّوهُمْ أَجْمَعِينَ [15:59]

কিন্তু লূতৰ পৰিয়ালৰ বিৰুদ্ধে নহয়, নিশ্চয় আমি তেওঁলোক আটাইকে ৰক্ষা কৰিম,

### الآية 15:60

> ﻿إِلَّا امْرَأَتَهُ قَدَّرْنَا ۙ إِنَّهَا لَمِنَ الْغَابِرِينَ [15:60]

কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে; আমি সিদ্ধান্ত লৈছো যে, নিশ্চয় তাই পিছত অৱস্থানকাৰী সকলৰ অন্তৰ্ভুক্ত’।

### الآية 15:61

> ﻿فَلَمَّا جَاءَ آلَ لُوطٍ الْمُرْسَلُونَ [15:61]

তাৰ পিছত ফিৰিস্তাসকল যেতিয়া লূত পৰিয়ালৰ ওচৰত আহিল,

### الآية 15:62

> ﻿قَالَ إِنَّكُمْ قَوْمٌ مُنْكَرُونَ [15:62]

তেতিয়া লূতে ক’লে, ‘আপোনালোক দেখোন অপৰিচিত’।

### الآية 15:63

> ﻿قَالُوا بَلْ جِئْنَاكَ بِمَا كَانُوا فِيهِ يَمْتَرُونَ [15:63]

তেওঁলোকে ক’লে, ‘নহয়, বৰং আমি আপোনাৰ ওচৰলৈ সেইটোৱে লৈ আহিছো যি বিষয়ে সিহঁতে সন্দেহ পোষণ কৰিছিল’;

### الآية 15:64

> ﻿وَأَتَيْنَاكَ بِالْحَقِّ وَإِنَّا لَصَادِقُونَ [15:64]

‘আৰু আমি আপোনাৰ ওচৰত সত্য সংবাদ লৈ আহিছো আৰু নিশ্চয় আমি সত্যবাদী’;

### الآية 15:65

> ﻿فَأَسْرِ بِأَهْلِكَ بِقِطْعٍ مِنَ اللَّيْلِ وَاتَّبِعْ أَدْبَارَهُمْ وَلَا يَلْتَفِتْ مِنْكُمْ أَحَدٌ وَامْضُوا حَيْثُ تُؤْمَرُونَ [15:65]

‘এতেকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গক লৈ ওলাই যাওঁক, আৰু আপুনি সিহঁতৰ পিছে পিছে গৈ থাকিব। আপোনালোকৰ কোনোৱেই যাতে পিছলৈ ঘূৰি নাচায়; আপোনালোকক য’লৈকে যোৱাৰ আদেশ কৰা হৈছে তালৈকে গুচি যাওঁক’।

### الآية 15:66

> ﻿وَقَضَيْنَا إِلَيْهِ ذَٰلِكَ الْأَمْرَ أَنَّ دَابِرَ هَٰؤُلَاءِ مَقْطُوعٌ مُصْبِحِينَ [15:66]

আৰু আমি তেওঁক এই বিষয়ে ফয়চালা জনাই দিলো যে, নিশ্চয় সিহঁতক উষাৰ লগে লগে সমূলি বিনাশ কৰা হ’ব।

### الآية 15:67

> ﻿وَجَاءَ أَهْلُ الْمَدِينَةِ يَسْتَبْشِرُونَ [15:67]

আৰু নগৰবাসী উল্লাসিত হৈ উপস্থিত হ’ল।

### الآية 15:68

> ﻿قَالَ إِنَّ هَٰؤُلَاءِ ضَيْفِي فَلَا تَفْضَحُونِ [15:68]

তেওঁ ক’লে, ‘নিশ্চয় এওঁলোক মোৰ অতিথি; এতেকে তোমালোকে মোক অপমান নকৰিবা’।

### الآية 15:69

> ﻿وَاتَّقُوا اللَّهَ وَلَا تُخْزُونِ [15:69]

‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক লাঞ্ছিত নকৰিবা’।

### الآية 15:70

> ﻿قَالُوا أَوَلَمْ نَنْهَكَ عَنِ الْعَالَمِينَ [15:70]

সিহঁতে ক’লে, ‘আমি পৃথিৱীৰ (যি সি) লোকক আশ্ৰয় দিবলৈ তোমাক নিষেধ কৰা নাছিলো নে’?

### الآية 15:71

> ﻿قَالَ هَٰؤُلَاءِ بَنَاتِي إِنْ كُنْتُمْ فَاعِلِينَ [15:71]

লূতে ক’লে, ‘যদি তোমালোকে কিবা কৰিবই বিচৰা তেন্তে মোৰ এই ছোৱালীবোৰ আছে (বিবাহৰ মাধ্যমত বৈধ উপায়ে কৰা)’।

### الآية 15:72

> ﻿لَعَمْرُكَ إِنَّهُمْ لَفِي سَكْرَتِهِمْ يَعْمَهُونَ [15:72]

তোমাৰ জীৱনৰ শপত! নিশ্চয় সিহঁত তেওঁলোকৰ নিচাত মতলীয়া হৈ ঘূৰি আছিল।

### الآية 15:73

> ﻿فَأَخَذَتْهُمُ الصَّيْحَةُ مُشْرِقِينَ [15:73]

ফলত সূৰ্যোদয়ৰ সময়ত প্ৰচণ্ড চিঞঁৰে সিহঁতক আহি ধৰিলে;

### الآية 15:74

> ﻿فَجَعَلْنَا عَالِيَهَا سَافِلَهَا وَأَمْطَرْنَا عَلَيْهِمْ حِجَارَةً مِنْ سِجِّيلٍ [15:74]

তাৰ পিছত আমি জনপদক ওলোটাই তল-ওপৰ কৰি দিলো আৰু সিহঁতৰ ওপৰত পোৰা মাটিৰ শিল বৰ্ষণ কৰিলো।

### الآية 15:75

> ﻿إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِلْمُتَوَسِّمِينَ [15:75]

নিশ্চয় ইয়াত নিদৰ্শন আছে পৰ্যবেক্ষণ-শক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে।

### الآية 15:76

> ﻿وَإِنَّهَا لَبِسَبِيلٍ مُقِيمٍ [15:76]

আৰু নিশ্চয় সেয়া মানুহৰ চলাচল পথৰ কাষতেই বিদ্যমান।

### الآية 15:77

> ﻿إِنَّ فِي ذَٰلِكَ لَآيَةً لِلْمُؤْمِنِينَ [15:77]

নিশ্চয় ইয়াত মুমিনসকলৰ বাবে আছে নিদৰ্শন।

### الآية 15:78

> ﻿وَإِنْ كَانَ أَصْحَابُ الْأَيْكَةِ لَظَالِمِينَ [15:78]

আৰু আইকাহ বাসীসকলেও আছিল সীমালংঘনকাৰী,

### الآية 15:79

> ﻿فَانْتَقَمْنَا مِنْهُمْ وَإِنَّهُمَا لَبِإِمَامٍ مُبِينٍ [15:79]

সেই কাৰণে আমি সিহঁতৰ পৰাও প্ৰতিশোধ লৈছো, আৰু দুয়োটা জনপদ প্ৰকাশ্য পথৰ দাঁতিতে অৱস্থিত।

### الآية 15:80

> ﻿وَلَقَدْ كَذَّبَ أَصْحَابُ الْحِجْرِ الْمُرْسَلِينَ [15:80]

আৰু অৱশ্যে হিজৰবাসীয়ে ৰাছুলসকলক অস্বীকাৰ কৰিছিল;

### الآية 15:81

> ﻿وَآتَيْنَاهُمْ آيَاتِنَا فَكَانُوا عَنْهَا مُعْرِضِينَ [15:81]

আমি সিহঁতক আমাৰ নিদৰ্শন প্ৰদান কৰিছিলো, কিন্তু সিহঁতে সেয়া উপেক্ষা কৰিছিল।

### الآية 15:82

> ﻿وَكَانُوا يَنْحِتُونَ مِنَ الْجِبَالِ بُيُوتًا آمِنِينَ [15:82]

আৰু সিহঁতে নিৰাপদে পাহাৰ কাটি ঘৰ নিৰ্মাণ কৰিব পাৰিছিল।

### الآية 15:83

> ﻿فَأَخَذَتْهُمُ الصَّيْحَةُ مُصْبِحِينَ [15:83]

তথাপিও পুৱাৰ ভাগত প্ৰচণ্ড শব্দই সিহঁতক আহি ধৰিলে।

### الآية 15:84

> ﻿فَمَا أَغْنَىٰ عَنْهُمْ مَا كَانُوا يَكْسِبُونَ [15:84]

এতেকে সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত আহা নাছিল।

### الآية 15:85

> ﻿وَمَا خَلَقْنَا السَّمَاوَاتِ وَالْأَرْضَ وَمَا بَيْنَهُمَا إِلَّا بِالْحَقِّ ۗ وَإِنَّ السَّاعَةَ لَآتِيَةٌ ۖ فَاصْفَحِ الصَّفْحَ الْجَمِيلَ [15:85]

আকাশসমূহ আৰু পৃথিৱী লগতে এই দুয়োৰ মাজৰ কোনো বস্তুৱেই আমি যথাৰ্থতাৰ বাহিৰে সৃষ্টি কৰা নাই, আৰু নিশ্চয় কিয়ামত আহিব। এতেকে তুমি পৰম সৌজন্যৰ সৈতে সিহঁতক ক্ষমা কৰি দিয়া।

### الآية 15:86

> ﻿إِنَّ رَبَّكَ هُوَ الْخَلَّاقُ الْعَلِيمُ [15:86]

নিশ্চয় তোমাৰ ৰব, তেৱেঁই মহাস্ৰষ্টা, মহাজ্ঞানী।

### الآية 15:87

> ﻿وَلَقَدْ آتَيْنَاكَ سَبْعًا مِنَ الْمَثَانِي وَالْقُرْآنَ الْعَظِيمَ [15:87]

আৰু আমি তোমাক প্ৰদান কৰিছো পুনঃ পুনঃ পঠিত সাতোটা আয়াত আৰু মহা কোৰআন।

### الآية 15:88

> ﻿لَا تَمُدَّنَّ عَيْنَيْكَ إِلَىٰ مَا مَتَّعْنَا بِهِ أَزْوَاجًا مِنْهُمْ وَلَا تَحْزَنْ عَلَيْهِمْ وَاخْفِضْ جَنَاحَكَ لِلْمُؤْمِنِينَ [15:88]

আমি সিহঁতৰ বিভিন্ন শ্ৰেণীক ভোগ-বিলাসৰ যি উপকৰণ দিছো তাৰ প্ৰতি তুমি কেতিয়াও তোমাৰ দুচকু প্ৰসাৰিত নকৰিবা। সিহঁতৰ বাবে তুমি দুখ নকৰিবা; আৰু তুমি মুমিনসকলৰ বাবে তোমাৰ বাহু নত কৰা (অৰ্থাৎ সদয় হোৱা),

### الآية 15:89

> ﻿وَقُلْ إِنِّي أَنَا النَّذِيرُ الْمُبِينُ [15:89]

আৰু কোৱা, ‘নিশ্চয় মই প্ৰকাশ্য সতৰ্ককাৰী’।

### الآية 15:90

> ﻿كَمَا أَنْزَلْنَا عَلَى الْمُقْتَسِمِينَ [15:90]

যিদৰে আমি অৱতীৰ্ণ কৰিছিলো বিভক্তকাৰী সকলৰ ওপৰত;

### الآية 15:91

> ﻿الَّذِينَ جَعَلُوا الْقُرْآنَ عِضِينَ [15:91]

যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে।

### الآية 15:92

> ﻿فَوَرَبِّكَ لَنَسْأَلَنَّهُمْ أَجْمَعِينَ [15:92]

এতেকে তোমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁত সকলোকে জেৰা কৰিম,

### الآية 15:93

> ﻿عَمَّا كَانُوا يَعْمَلُونَ [15:93]

সেই বিষয়ে, যিটো সিহঁতে আমল কৰিছিল।

### الآية 15:94

> ﻿فَاصْدَعْ بِمَا تُؤْمَرُ وَأَعْرِضْ عَنِ الْمُشْرِكِينَ [15:94]

এতেকে তুমি যি বিষয়ে আদেশপ্ৰাপ্ত হৈছা সেয়া প্ৰকাশ্যভাৱে প্ৰচাৰ কৰা আৰু মুশ্বৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা।

### الآية 15:95

> ﻿إِنَّا كَفَيْنَاكَ الْمُسْتَهْزِئِينَ [15:95]

নিশ্চয় বিদ্ৰূপকাৰীসকলৰ বিৰুদ্ধে আমিয়েই তোমাৰ বাবে যথেষ্ট,

### الآية 15:96

> ﻿الَّذِينَ يَجْعَلُونَ مَعَ اللَّهِ إِلَٰهًا آخَرَ ۚ فَسَوْفَ يَعْلَمُونَ [15:96]

যিসকলে আল্লাহৰ লগত আন কোনো উপাস্য নিৰ্ধাৰণ কৰে। নিশ্চয় অতিশীঘ্ৰেই (ইয়াৰ পৰিণাম) সিহঁতে জানিব পাৰিব।

### الآية 15:97

> ﻿وَلَقَدْ نَعْلَمُ أَنَّكَ يَضِيقُ صَدْرُكَ بِمَا يَقُولُونَ [15:97]

আৰু অৱশ্যে আমি এই কথা জানো যে, সিহঁতৰ কথাত তোমাৰ মন সংকুচিত হয়;

### الآية 15:98

> ﻿فَسَبِّحْ بِحَمْدِ رَبِّكَ وَكُنْ مِنَ السَّاجِدِينَ [15:98]

এতেকে তুমি তোমাৰ প্ৰতিপালকৰ তছবীহ পাঠ কৰা আৰু ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত হোৱা।

### الآية 15:99

> ﻿وَاعْبُدْ رَبَّكَ حَتَّىٰ يَأْتِيَكَ الْيَقِينُ [15:99]

আৰু তোমাৰ মৃত্যু নাহা লৈকে তুমি তোমাৰ প্ৰতিপালকৰ ইবাদত কৰা।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/15.md)
- [كل تفاسير سورة الحجر
](https://quranpedia.net/surah-tafsir/15.md)
- [ترجمات سورة الحجر
](https://quranpedia.net/translations/15.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/15/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
