---
title: "ترجمة سورة الحج - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/22/book/1994.md"
canonical: "https://quranpedia.net/surah/1/22/book/1994"
surah_id: "22"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة الحج - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/22/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة الحج - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/22/book/1994*.

Translation of Surah الحج from "الترجمة الأسامية" in الأسامية.

### الآية 22:1

> يَا أَيُّهَا النَّاسُ اتَّقُوا رَبَّكُمْ ۚ إِنَّ زَلْزَلَةَ السَّاعَةِ شَيْءٌ عَظِيمٌ [22:1]

হে মানৱ! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় কিয়ামতৰ প্ৰকম্পন এটা বৰ ভয়ংকৰ বিষয়!

### الآية 22:2

> ﻿يَوْمَ تَرَوْنَهَا تَذْهَلُ كُلُّ مُرْضِعَةٍ عَمَّا أَرْضَعَتْ وَتَضَعُ كُلُّ ذَاتِ حَمْلٍ حَمْلَهَا وَتَرَى النَّاسَ سُكَارَىٰ وَمَا هُمْ بِسُكَارَىٰ وَلَٰكِنَّ عَذَابَ اللَّهِ شَدِيدٌ [22:2]

যিদিনা তোমালোকে সেয়া দেখিবলৈ পাবা সেইদিনা প্ৰত্যেক পিয়াহ খুউৱা তিৰোতাই নিজৰ কেঁচুৱাক পাহৰি যাব আৰু প্ৰত্যেক গৰ্ভৱতী নাৰীয়ে গৰ্ভপাত কৰিব; আৰু তুমি মানুহক নিচাগ্ৰস্ত সদৃশ দেখিবা, অথচ সিহঁত নিচাগ্ৰস্ত নহয়। বৰং আল্লাহৰ শাস্তি অতি কঠিন।

### الآية 22:3

> ﻿وَمِنَ النَّاسِ مَنْ يُجَادِلُ فِي اللَّهِ بِغَيْرِ عِلْمٍ وَيَتَّبِعُ كُلَّ شَيْطَانٍ مَرِيدٍ [22:3]

মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিবিলাকে নাজানি আল্লাহ সম্পৰ্কে বিতণ্ডা কৰে আৰু সি প্ৰত্যেক বিদ্ৰোহী চয়তানৰ অনুসৰণ কৰে,

### الآية 22:4

> ﻿كُتِبَ عَلَيْهِ أَنَّهُ مَنْ تَوَلَّاهُ فَأَنَّهُ يُضِلُّهُ وَيَهْدِيهِ إِلَىٰ عَذَابِ السَّعِيرِ [22:4]

তাৰ বিষয়ে লিখি দিয়া হৈছে যে, যিয়ে তাৰ লগত বন্ধুত্ব কৰিব সি অৱশ্যে তাক পথভ্ৰষ্ট কৰিব আৰু তাক প্ৰজ্জ্বলিত অগ্নিৰ শাস্তিৰ পিনে পৰিচালিত কৰিব।

### الآية 22:5

> ﻿يَا أَيُّهَا النَّاسُ إِنْ كُنْتُمْ فِي رَيْبٍ مِنَ الْبَعْثِ فَإِنَّا خَلَقْنَاكُمْ مِنْ تُرَابٍ ثُمَّ مِنْ نُطْفَةٍ ثُمَّ مِنْ عَلَقَةٍ ثُمَّ مِنْ مُضْغَةٍ مُخَلَّقَةٍ وَغَيْرِ مُخَلَّقَةٍ لِنُبَيِّنَ لَكُمْ ۚ وَنُقِرُّ فِي الْأَرْحَامِ مَا نَشَاءُ إِلَىٰ أَجَلٍ مُسَمًّى ثُمَّ نُخْرِجُكُمْ طِفْلًا ثُمَّ لِتَبْلُغُوا أَشُدَّكُمْ ۖ وَمِنْكُمْ مَنْ يُتَوَفَّىٰ وَمِنْكُمْ مَنْ يُرَدُّ إِلَىٰ أَرْذَلِ الْعُمُرِ لِكَيْلَا يَعْلَمَ مِنْ بَعْدِ عِلْمٍ شَيْئًا ۚ وَتَرَى الْأَرْضَ هَامِدَةً فَإِذَا أَنْزَلْنَا عَلَيْهَا الْمَاءَ اهْتَزَّتْ وَرَبَتْ وَأَنْبَتَتْ مِنْ كُلِّ زَوْجٍ بَهِيجٍ [22:5]

হে মানৱ! যদি তোমালোকে পুনৰুত্থান সম্পৰ্কে সন্দেহত আছা তেন্তে জানি থোৱা, আমি তোমালোকক সৃষ্টি কৰিছো মাটিৰ পৰা, তাৰ পিছত শুক্ৰকীটৰ পৰা, তাৰ পিছত আলাক্বাৰ পৰা, তাৰ পিছত পূৰ্ণাকৃতি অথবা অপূৰ্ণাকৃতি মাংসপিণ্ডৰ পৰা—যাতে আমি বিষয়টো তোমালোকৰ ওচৰত সুস্পষ্টৰূপে প্ৰকাশ কৰি দিওঁ। আমাৰ ইচ্ছানুসৰি সেয়া (শুক্ৰকীটক) এটা নিৰ্দিষ্ট সময়ৰ বাবে মাতৃগৰ্ভত স্থিত ৰাখো, তাৰ পিছত আমি তোমালোকক শিশুৰূপে ওলাই আনো। যাতে তোমালোকে প্ৰাপ্তবয়সত উপনীত হোৱা। তোমালোকৰ মাজৰ কিছুমানক (আগতেই) মৃত্যু দিয়া হয় আকৌ আন কিছুমানক বুঢ়া বয়সৰ জৰাজীৰ্ণ অৱস্থালৈ প্ৰত্যাৰ্পণ কৰা হয়, যাৰ ফলত সি জনাৰ পিছতো একো নজনা হৈ পৰে। তুমি দেখা পোৱা যে, ভূমিখন শুকান হৈ পৰি আছে, তাৰ পিছত আমি তাত পানী বৰ্ষণ কৰো ফলত সেয়া সজীৱ হৈ ঠন ধৰি উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন হয়;

### الآية 22:6

> ﻿ذَٰلِكَ بِأَنَّ اللَّهَ هُوَ الْحَقُّ وَأَنَّهُ يُحْيِي الْمَوْتَىٰ وَأَنَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ [22:6]

এইটো এই বাবে যে, আল্লাহেই সত্য আৰু তেৱেঁই মৃতক জীৱিত কৰে আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান;

### الآية 22:7

> ﻿وَأَنَّ السَّاعَةَ آتِيَةٌ لَا رَيْبَ فِيهَا وَأَنَّ اللَّهَ يَبْعَثُ مَنْ فِي الْقُبُورِ [22:7]

আৰু এই বাবে যে, নিশ্চয় কিয়ামত আহিব, ইয়াত কোনো সন্দেহ নাই আৰু যিসকল কবৰত আছে নিশ্চয় আল্লাহে তেওঁলোকক পুনৰুত্থিত কৰিব।

### الآية 22:8

> ﻿وَمِنَ النَّاسِ مَنْ يُجَادِلُ فِي اللَّهِ بِغَيْرِ عِلْمٍ وَلَا هُدًى وَلَا كِتَابٍ مُنِيرٍ [22:8]

আৰু মানুহৰ মাজত এনেকুৱা মানুহো আছে যিসকলৰ কোনো জ্ঞান নাই, পথনিৰ্দেশও নাই আৰু দীপ্তিমান কোনো পুথিও নাই তথাপিও আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে।

### الآية 22:9

> ﻿ثَانِيَ عِطْفِهِ لِيُضِلَّ عَنْ سَبِيلِ اللَّهِ ۖ لَهُ فِي الدُّنْيَا خِزْيٌ ۖ وَنُذِيقُهُ يَوْمَ الْقِيَامَةِ عَذَابَ الْحَرِيقِ [22:9]

এই স্বভাৱৰ ব্যক্তিয়ে মানুহক আল্লাহৰ পথৰ পৰা পথভ্ৰষ্ট কৰিবলৈ অহংকাৰ কৰি দাং খাই উঠে। তাৰ বাবে পৃথিৱীত আছে লাঞ্ছনা আৰু কিয়ামতৰ দিনা আমি তাক ভোগ কৰাম দহন যন্ত্ৰণা।

### الآية 22:10

> ﻿ذَٰلِكَ بِمَا قَدَّمَتْ يَدَاكَ وَأَنَّ اللَّهَ لَيْسَ بِظَلَّامٍ لِلْعَبِيدِ [22:10]

(সেইদিনা তাক কোৱা হ’ব) ‘এইটো তোমাৰেই কৃতকৰ্মৰ ফল, আৰু আল্লাহে বান্দাসকলৰ প্ৰতি বিন্দুমাত্ৰও অন্যায় নকৰে’।

### الآية 22:11

> ﻿وَمِنَ النَّاسِ مَنْ يَعْبُدُ اللَّهَ عَلَىٰ حَرْفٍ ۖ فَإِنْ أَصَابَهُ خَيْرٌ اطْمَأَنَّ بِهِ ۖ وَإِنْ أَصَابَتْهُ فِتْنَةٌ انْقَلَبَ عَلَىٰ وَجْهِهِ خَسِرَ الدُّنْيَا وَالْآخِرَةَ ۚ ذَٰلِكَ هُوَ الْخُسْرَانُ الْمُبِينُ [22:11]

মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিবিলাকে দ্বিধাৰ সৈতে আল্লাহৰ ইবাদত কৰে; তাৰ মঙ্গল হ’লে তেতিয়া তাৰ চিত্ত প্ৰশান্ত হয় আৰু কোনো বিপৰ্যয় ঘটিলে সি তাৰ পূৰ্ব চেহেৰাত উভতি যায়। সি ক্ষতিগ্ৰস্ত হয় পৃথিৱীত আৰু আখিৰাততো; এইটোৱেই স্পষ্ট ক্ষতি।

### الآية 22:12

> ﻿يَدْعُو مِنْ دُونِ اللَّهِ مَا لَا يَضُرُّهُ وَمَا لَا يَنْفَعُهُ ۚ ذَٰلِكَ هُوَ الضَّلَالُ الْبَعِيدُ [22:12]

সি আল্লাহৰ পৰিবৰ্তে সেইবোৰক আহ্বান কৰে যিবোৰে তাৰ কোনো ক্ষতি কৰিব নোৱাৰে আৰু তাৰ কোনো উপকাৰো কৰিব নোৱাৰে; এইটোৱে চৰম পথভ্ৰষ্টতা!

### الآية 22:13

> ﻿يَدْعُو لَمَنْ ضَرُّهُ أَقْرَبُ مِنْ نَفْعِهِ ۚ لَبِئْسَ الْمَوْلَىٰ وَلَبِئْسَ الْعَشِيرُ [22:13]

সি যিবোৰক আহ্বান কৰে সেইবোৰৰ ক্ষতি তাৰ লাভতকৈ বেছি। কিমান যে নিকৃষ্ট এই অভিভাৱক আৰু কিমান যে নিকৃষ্ট এই সহচৰ!

### الآية 22:14

> ﻿إِنَّ اللَّهَ يُدْخِلُ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ ۚ إِنَّ اللَّهَ يَفْعَلُ مَا يُرِيدُ [22:14]

নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদদেশত নদীসমূহ প্ৰবাহিত; নিশ্চয় আল্লাহে যি ইচ্ছা সেইটোৱেই কৰে।

### الآية 22:15

> ﻿مَنْ كَانَ يَظُنُّ أَنْ لَنْ يَنْصُرَهُ اللَّهُ فِي الدُّنْيَا وَالْآخِرَةِ فَلْيَمْدُدْ بِسَبَبٍ إِلَى السَّمَاءِ ثُمَّ لْيَقْطَعْ فَلْيَنْظُرْ هَلْ يُذْهِبَنَّ كَيْدُهُ مَا يَغِيظُ [22:15]

যিয়ে ধাৰণা কৰে যে, আল্লাহে তেওঁক (ৰাছুলক) সহায় নকৰিব, সিয়ে আকাশৰ ফালে এটা ৰছী প্ৰসাৰিত কৰক, তাৰ পিছত সেয়া কাটি দিয়ক, তাৰ পিছত চাওক তাৰ এই কৌশলে তাৰ আক্ৰোশ দূৰ কৰে নে নাই।

### الآية 22:16

> ﻿وَكَذَٰلِكَ أَنْزَلْنَاهُ آيَاتٍ بَيِّنَاتٍ وَأَنَّ اللَّهَ يَهْدِي مَنْ يُرِيدُ [22:16]

এইদৰেই আমি সুস্পষ্ট নিদৰ্শন হিচাপে ইয়াক অৱতীৰ্ণ কৰিছো। নিশ্চয় আল্লাহে যাক ইচ্ছা হিদায়ত দান কৰে।

### الآية 22:17

> ﻿إِنَّ الَّذِينَ آمَنُوا وَالَّذِينَ هَادُوا وَالصَّابِئِينَ وَالنَّصَارَىٰ وَالْمَجُوسَ وَالَّذِينَ أَشْرَكُوا إِنَّ اللَّهَ يَفْصِلُ بَيْنَهُمْ يَوْمَ الْقِيَامَةِ ۚ إِنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ شَهِيدٌ [22:17]

নিশ্চয় যিসকলে ঈমান আনিছে আৰু যিসকলে ইয়াহুদী হৈছে, আৰু যিসকলে ছাবেয়ী, খ্ৰীষ্টান আৰু অগ্নিপূজক আৰু যিবিলাকে শ্বিৰ্ক কৰিছে কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ মাজত ফয়চালা কৰি দিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ সম্যক প্ৰত্যক্ষকাৰী।

### الآية 22:18

> ﻿أَلَمْ تَرَ أَنَّ اللَّهَ يَسْجُدُ لَهُ مَنْ فِي السَّمَاوَاتِ وَمَنْ فِي الْأَرْضِ وَالشَّمْسُ وَالْقَمَرُ وَالنُّجُومُ وَالْجِبَالُ وَالشَّجَرُ وَالدَّوَابُّ وَكَثِيرٌ مِنَ النَّاسِ ۖ وَكَثِيرٌ حَقَّ عَلَيْهِ الْعَذَابُ ۗ وَمَنْ يُهِنِ اللَّهُ فَمَا لَهُ مِنْ مُكْرِمٍ ۚ إِنَّ اللَّهَ يَفْعَلُ مَا يَشَاءُ ۩ [22:18]

তুমি দেখা নাইনে যে, আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহকেই ছাজদাহ কৰে, আৰু সূৰ্য, চন্দ্ৰ, নক্ষত্ৰমণ্ডলী, পৰ্বতৰাজি, বৃক্ষলতা, জীৱ-জন্তু লগতে বহুতো মানুহেও ছাজদাহ কৰে? আৰু বহুতৰে প্ৰতি সাব্যস্ত হৈছে শাস্তি। আল্লাহে যাক অপমানিত কৰে তাক সন্মানদাতা কোনো নাই; নিশ্চয় আল্লাহ যি ইচ্ছা সেইটোৱে কৰে।

### الآية 22:19

> ﻿۞ هَٰذَانِ خَصْمَانِ اخْتَصَمُوا فِي رَبِّهِمْ ۖ فَالَّذِينَ كَفَرُوا قُطِّعَتْ لَهُمْ ثِيَابٌ مِنْ نَارٍ يُصَبُّ مِنْ فَوْقِ رُءُوسِهِمُ الْحَمِيمُ [22:19]

এই দুটা বিবদমান পক্ষ, সিহঁতে নিজ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছে; এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে জুইৰ কাপোৰ কাটি পোছাক তৈয়াৰ কৰা হৈছে, সিহঁতৰ মূৰত ঢালি দিয়া হ’ব উতলা পানী।

### الآية 22:20

> ﻿يُصْهَرُ بِهِ مَا فِي بُطُونِهِمْ وَالْجُلُودُ [22:20]

ইয়াৰ দ্বাৰা সিহঁতৰ পেটৰ ভিতৰত যি আছে সেয়া লগতে সিহঁতৰ ছালবোৰ বিগলিত কৰা হ’ব।

### الآية 22:21

> ﻿وَلَهُمْ مَقَامِعُ مِنْ حَدِيدٍ [22:21]

আৰু সিহঁতৰ বাবে থাকিব লোৰ হাতুৰী।

### الآية 22:22

> ﻿كُلَّمَا أَرَادُوا أَنْ يَخْرُجُوا مِنْهَا مِنْ غَمٍّ أُعِيدُوا فِيهَا وَذُوقُوا عَذَابَ الْحَرِيقِ [22:22]

যেতিয়াই সিহঁতে যন্ত্ৰণাত কাতৰ হৈ জাহান্নামৰ পৰা ওলাব বিচাৰিব তেতিয়াই সিহঁতক তালৈকে উভতাই দিয়া হ’ব; আৰু কোৱা হ’ব, ‘ভোগ কৰা দহন যন্ত্ৰণা’।

### الآية 22:23

> ﻿إِنَّ اللَّهَ يُدْخِلُ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ يُحَلَّوْنَ فِيهَا مِنْ أَسَاوِرَ مِنْ ذَهَبٍ وَلُؤْلُؤًا ۖ وَلِبَاسُهُمْ فِيهَا حَرِيرٌ [22:23]

নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ পাদদেশত নদীসমূহ প্ৰবাহিত; তাত তেওঁলোকক অলংকৃত কৰা হ’ব সোণৰ খাৰু আৰু মকুতাৰ দ্বাৰা আৰু তাত তেওঁলোকৰ পোছাক হ’ব ৰেচমৰ।

### الآية 22:24

> ﻿وَهُدُوا إِلَى الطَّيِّبِ مِنَ الْقَوْلِ وَهُدُوا إِلَىٰ صِرَاطِ الْحَمِيدِ [22:24]

তেওঁলোকক পৱিত্ৰ বাক্যৰ অনুগামী কৰা হৈছিল আৰু তেওঁলোক পৰিচালিত হৈছিল পৰম প্ৰশংসিত আল্লাহৰ পথত।

### الآية 22:25

> ﻿إِنَّ الَّذِينَ كَفَرُوا وَيَصُدُّونَ عَنْ سَبِيلِ اللَّهِ وَالْمَسْجِدِ الْحَرَامِ الَّذِي جَعَلْنَاهُ لِلنَّاسِ سَوَاءً الْعَاكِفُ فِيهِ وَالْبَادِ ۚ وَمَنْ يُرِدْ فِيهِ بِإِلْحَادٍ بِظُلْمٍ نُذِقْهُ مِنْ عَذَابٍ أَلِيمٍ [22:25]

নিশ্চয় যিসকলে কুফৰী কৰিছে সিহঁতে আল্লাহৰ পথৰ পৰা লগতে মছজিদে হাৰামৰ পৰা মানুহক বাধা দিয়ে, য’ত আমি স্থানীয় আৰু বহিৰাগত সকলো মানুহৰ বাবেই সম অধিকাৰ দান কৰিছো, তাত যিয়ে অন্যায়ভাৱে ইলহাদ তথা দ্বীনবিৰোধী পাপ কৰ্মৰ ইচ্ছা কৰে, আমি তাক যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰাম।

### الآية 22:26

> ﻿وَإِذْ بَوَّأْنَا لِإِبْرَاهِيمَ مَكَانَ الْبَيْتِ أَنْ لَا تُشْرِكْ بِي شَيْئًا وَطَهِّرْ بَيْتِيَ لِلطَّائِفِينَ وَالْقَائِمِينَ وَالرُّكَّعِ السُّجُودِ [22:26]

আৰু স্মৰণ কৰা, যেতিয়া আমি ইব্ৰাহীমক ঘৰৰ (বাইতুল্লাহৰ) স্থান নিৰ্ধাৰণ কৰি দিছিলো, তেতিয়া কৈছিলো, ‘মোৰ লগত আন কাকো অংশী নকৰিবা আৰু মোৰ ঘৰখনক তাৱাফকাৰীসকলৰ বাবে, ছালাত আদায়কাৰীসকলৰ বাবে আৰু ৰুকু-ছাজদাকাৰী সকলৰ বাবে পৱিত্ৰ কৰি ৰাখিবা।

### الآية 22:27

> ﻿وَأَذِّنْ فِي النَّاسِ بِالْحَجِّ يَأْتُوكَ رِجَالًا وَعَلَىٰ كُلِّ ضَامِرٍ يَأْتِينَ مِنْ كُلِّ فَجٍّ عَمِيقٍ [22:27]

‘আৰু মানুহৰ মাজত হজ্জৰ বাবে ঘোষণা কৰি দিয়া, তেওঁলোকে তোমাৰ ওচৰত আহিব খোজকাঢ়ি আৰু সকলো ধৰণৰ উটৰ পিঠিত আৰোহণ কৰি, তেওঁলোক আহিব দূৰ-দূৰণিৰ পথ অতিক্ৰম কৰি;

### الآية 22:28

> ﻿لِيَشْهَدُوا مَنَافِعَ لَهُمْ وَيَذْكُرُوا اسْمَ اللَّهِ فِي أَيَّامٍ مَعْلُومَاتٍ عَلَىٰ مَا رَزَقَهُمْ مِنْ بَهِيمَةِ الْأَنْعَامِ ۖ فَكُلُوا مِنْهَا وَأَطْعِمُوا الْبَائِسَ الْفَقِيرَ [22:28]

‘যাতে তেওঁলোকে নিজৰ কল্যাণৰ ঠাইবোৰত উপস্থিত হ’ব পাৰে আৰু আল্লাহে তেওঁলোকক চতুষ্পদ জন্তুৰ পৰা যিবোৰ জীৱিকা হিচাপে দান কৰিছে সেইবোৰৰ ওপৰত নিৰ্দিষ্ট দিনবোৰত আল্লাহৰ নাম উচ্চাৰণ কৰিব পাৰে। সেয়ে তোমালোকে তাৰ পৰা নিজে খোৱা আৰু দুখীয়া-নিচলা, অভাৱগ্ৰস্তক আহাৰ কৰোৱা।

### الآية 22:29

> ﻿ثُمَّ لْيَقْضُوا تَفَثَهُمْ وَلْيُوفُوا نُذُورَهُمْ وَلْيَطَّوَّفُوا بِالْبَيْتِ الْعَتِيقِ [22:29]

‘তাৰ পিছত তেওঁলোকে যেন অপৰিচ্ছন্নতা দূৰ কৰে আৰু তেওঁলোকৰ মানত পূৰ্ণ কৰে আৰু প্ৰাচীন ঘৰৰ তাৱাফ কৰে’।

### الآية 22:30

> ﻿ذَٰلِكَ وَمَنْ يُعَظِّمْ حُرُمَاتِ اللَّهِ فَهُوَ خَيْرٌ لَهُ عِنْدَ رَبِّهِ ۗ وَأُحِلَّتْ لَكُمُ الْأَنْعَامُ إِلَّا مَا يُتْلَىٰ عَلَيْكُمْ ۖ فَاجْتَنِبُوا الرِّجْسَ مِنَ الْأَوْثَانِ وَاجْتَنِبُوا قَوْلَ الزُّورِ [22:30]

এইটোৱে বিধান আৰু যিয়ে আল্লাহৰ সন্মানিত বিধানাৱলীৰ প্ৰতি সন্মান কৰিব তেন্তে তাৰ প্ৰতিপালকৰ ওচৰত তাৰ বাবে এইটোৱে উত্তম। তোমালোকৰ বাবে চতুষ্পদ জন্তু হালাল কৰা হৈছে কিন্তু সেইবোৰৰ বাহিৰে যিবোৰৰ বিষয়ে তোমালোকক তিলাৱত কৰি (নিষিদ্ধ বুলি) জনোৱা হৈছে। সেয়ে তোমালোকে মূৰ্তিপূজাৰ অপৱিত্ৰতাৰ পৰা বাচি থাকা আৰু মিছা কথা বৰ্জন কৰা।

### الآية 22:31

> ﻿حُنَفَاءَ لِلَّهِ غَيْرَ مُشْرِكِينَ بِهِ ۚ وَمَنْ يُشْرِكْ بِاللَّهِ فَكَأَنَّمَا خَرَّ مِنَ السَّمَاءِ فَتَخْطَفُهُ الطَّيْرُ أَوْ تَهْوِي بِهِ الرِّيحُ فِي مَكَانٍ سَحِيقٍ [22:31]

আল্লাহৰ প্ৰতি একনিষ্ঠ হৈ আৰু তেওঁৰ লগত আনক অংশীদাৰ নকৰি। কাৰণ যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে সি যেনিবা আকাশৰ পৰা পৰিল আৰু চৰাইয়ে তাক থাপ মাৰি লৈ গ’ল নাইবা বতাহে তাক উৰুৱাই নি কোনো দূৰৱৰ্তী ঠাইত নিক্ষেপ কৰিলে।

### الآية 22:32

> ﻿ذَٰلِكَ وَمَنْ يُعَظِّمْ شَعَائِرَ اللَّهِ فَإِنَّهَا مِنْ تَقْوَى الْقُلُوبِ [22:32]

এইটোৱে আল্লাহৰ বিধান আৰু যিয়ে আল্লাহৰ নিদৰ্শনাৱলীক সন্মান কৰে নিসন্দেহে সেয়া তাৰ হৃদয়ৰ তাক্বৱাপ্ৰসূত।

### الآية 22:33

> ﻿لَكُمْ فِيهَا مَنَافِعُ إِلَىٰ أَجَلٍ مُسَمًّى ثُمَّ مَحِلُّهَا إِلَى الْبَيْتِ الْعَتِيقِ [22:33]

এই চতুষ্পদ জন্তুবোৰৰ মাজত তোমালোকৰ বাবে নানাবিধ উপকাৰ আছে এটা নিৰ্দিষ্ট সময়লৈকে; তাৰ পিছত এইবোৰৰ কুৰবানীৰ স্থান হৈছে প্ৰাচীন ঘৰটোৰ ওচৰত।

### الآية 22:34

> ﻿وَلِكُلِّ أُمَّةٍ جَعَلْنَا مَنْسَكًا لِيَذْكُرُوا اسْمَ اللَّهِ عَلَىٰ مَا رَزَقَهُمْ مِنْ بَهِيمَةِ الْأَنْعَامِ ۗ فَإِلَٰهُكُمْ إِلَٰهٌ وَاحِدٌ فَلَهُ أَسْلِمُوا ۗ وَبَشِّرِ الْمُخْبِتِينَ [22:34]

আৰু আমি প্ৰত্যেক সম্প্ৰদায়ৰ বাবে ‘মানছাক’ৰ নিয়ম বনাই দিছো; যাতে তেওঁ তেওঁলোকক জীৱনোপকৰণ হিচাপে যিবোৰ চতুষ্পদ জন্তু প্ৰদান কৰিছে, সেইবোৰৰ ওপৰত তেওঁলোকে আল্লাহৰ নাম উচ্চাৰণ কৰে। এতেকে তোমালোকৰ ইলাহ কেৱল একক ইলাহ, সেয়ে কেৱল তেওঁৰ ওচৰতেই আত্মসমৰ্পণ কৰা, আৰু সুসংবাদ দিয়া বিনীতলোক সকলক,

### الآية 22:35

> ﻿الَّذِينَ إِذَا ذُكِرَ اللَّهُ وَجِلَتْ قُلُوبُهُمْ وَالصَّابِرِينَ عَلَىٰ مَا أَصَابَهُمْ وَالْمُقِيمِي الصَّلَاةِ وَمِمَّا رَزَقْنَاهُمْ يُنْفِقُونَ [22:35]

যিসকলৰ ওচৰত আল্লাহৰ কথা উল্লেখ কৰা হ’লে তেওঁলোকৰ হৃদয় ভয়তে কম্পিত হয়, যিসকলে নিজৰ বিপদ-আপদত ধৈৰ্য ধাৰণ কৰে আৰু ছালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা ব্যয় কৰে।

### الآية 22:36

> ﻿وَالْبُدْنَ جَعَلْنَاهَا لَكُمْ مِنْ شَعَائِرِ اللَّهِ لَكُمْ فِيهَا خَيْرٌ ۖ فَاذْكُرُوا اسْمَ اللَّهِ عَلَيْهَا صَوَافَّ ۖ فَإِذَا وَجَبَتْ جُنُوبُهَا فَكُلُوا مِنْهَا وَأَطْعِمُوا الْقَانِعَ وَالْمُعْتَرَّ ۚ كَذَٰلِكَ سَخَّرْنَاهَا لَكُمْ لَعَلَّكُمْ تَشْكُرُونَ [22:36]

আৰু উটক আমি আল্লাহৰ নিদৰ্শনসমূহৰ মাজত অন্যতম নিদৰ্শন বনাইছো, তোমালোকৰ বাবে তাৰ মাজত বহুতো কল্যাণ আছে। সেয়ে এটা ভৰি বান্ধি থোৱা আৰু বাকী তিনিটা ভৰিত থিয় দি থকা অৱস্থাত তোমালোকে তাৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ কৰা। তাৰ পিছত যেতিয়া সিহঁত কাতি হৈ পৰি যায়, তেতিয়া তোমালোকে তাৰ পৰা (মাংস) খোৱা আৰু আহাৰ কৰোৱা ধৈৰ্যশীল অভাৱগ্ৰস্তক লগতে সাহায্যপ্ৰাৰ্থীসকলক; এইদৰেই আমি সেইবোৰক তোমালোকৰ বশীভূত কৰি দিছো যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।

### الآية 22:37

> ﻿لَنْ يَنَالَ اللَّهَ لُحُومُهَا وَلَا دِمَاؤُهَا وَلَٰكِنْ يَنَالُهُ التَّقْوَىٰ مِنْكُمْ ۚ كَذَٰلِكَ سَخَّرَهَا لَكُمْ لِتُكَبِّرُوا اللَّهَ عَلَىٰ مَا هَدَاكُمْ ۗ وَبَشِّرِ الْمُحْسِنِينَ [22:37]

সেইবোৰ পশুৰ ৰক্ত আৰু মাংস আল্লাহৰ ওচৰত গৈ নাপায়, বৰং তেওঁৰ ওচৰত গৈ পায় কেৱল তোমালোকৰ তাক্বৱা। এইদৰেই তেওঁ এইবোৰক তোমালোকৰ বশীভূত কৰি দিছে যাতে তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা, এই কাৰণে যে, তেৱেঁই তোমালোকক হিদায়ত কৰিছে, সেয়ে তুমি সুসংবাদ দিয়া সৎকৰ্মপৰায়ণ সকলক।

### الآية 22:38

> ﻿۞ إِنَّ اللَّهَ يُدَافِعُ عَنِ الَّذِينَ آمَنُوا ۗ إِنَّ اللَّهَ لَا يُحِبُّ كُلَّ خَوَّانٍ كَفُورٍ [22:38]

নিশ্চয় আল্লাহে মুমিনসকলক প্ৰতিৰক্ষা দি থাকে, তেওঁ কোনো বিশ্বাসঘাতক, অকৃতজ্ঞ ব্যক্তিক পছন্দ নকৰে।

### الآية 22:39

> ﻿أُذِنَ لِلَّذِينَ يُقَاتَلُونَ بِأَنَّهُمْ ظُلِمُوا ۚ وَإِنَّ اللَّهَ عَلَىٰ نَصْرِهِمْ لَقَدِيرٌ [22:39]

যুদ্ধৰ অনুমতি দিয়া হ’ল তেওঁলোকক যিসকলে আক্ৰান্ত হৈছে, কাৰণ তেওঁলোকক নিৰ্যাতন কৰা হৈছে। নিশ্চয় আল্লাহে তেওঁলোকক সহায় কৰিবলৈ সম্যক সক্ষম;

### الآية 22:40

> ﻿الَّذِينَ أُخْرِجُوا مِنْ دِيَارِهِمْ بِغَيْرِ حَقٍّ إِلَّا أَنْ يَقُولُوا رَبُّنَا اللَّهُ ۗ وَلَوْلَا دَفْعُ اللَّهِ النَّاسَ بَعْضَهُمْ بِبَعْضٍ لَهُدِّمَتْ صَوَامِعُ وَبِيَعٌ وَصَلَوَاتٌ وَمَسَاجِدُ يُذْكَرُ فِيهَا اسْمُ اللَّهِ كَثِيرًا ۗ وَلَيَنْصُرَنَّ اللَّهُ مَنْ يَنْصُرُهُ ۗ إِنَّ اللَّهَ لَقَوِيٌّ عَزِيزٌ [22:40]

তেওঁলোকক নিজ ঘৰ-বাৰীৰ পৰা অন্যায়ভাৱে বহিষ্কাৰ কৰা হৈছে, তেওঁলোকৰ অপৰাধ কেৱল এইটোৱে যে, তেওঁলোকে কয়, ‘আমাৰ ৰব আল্লাহ’। আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন, তেন্তে বিধ্বস্ত হৈ গ’লেহেঁতেন খৃষ্টান সন্যাসীসকলৰ উপাসনালয়, গীৰ্জা, ইয়াহুদীসকলৰ উপাসনালয় লগতে মছজিদসমূহ—য’ত বেছি বেছি আল্লাহৰ নাম স্মৰণ কৰা হয়। নিশ্চয় আল্লাহে তাক সহায় কৰে যিয়ে আল্লাহক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান, পৰাক্ৰমশালী।

### الآية 22:41

> ﻿الَّذِينَ إِنْ مَكَّنَّاهُمْ فِي الْأَرْضِ أَقَامُوا الصَّلَاةَ وَآتَوُا الزَّكَاةَ وَأَمَرُوا بِالْمَعْرُوفِ وَنَهَوْا عَنِ الْمُنْكَرِ ۗ وَلِلَّهِ عَاقِبَةُ الْأُمُورِ [22:41]

এওঁলোকেই হৈছে সেইসকল লোক যিসকলক আমি পৃথিৱীৰ বুকুত প্ৰতিষ্ঠিত কৰিলে তেওঁলোকে ছালাত কায়েম কৰিব, যাকাত প্ৰদান কৰিব আৰু সৎকমৰ নিৰ্দেশ দিব লগতে অসৎকৰ্ম নিষেধ কৰিব; আৰু সকলো কৰ্মৰ চূড়ান্ত পৰিণতি আল্লাহৰ ইখতিয়াৰত।

### الآية 22:42

> ﻿وَإِنْ يُكَذِّبُوكَ فَقَدْ كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ وَعَادٌ وَثَمُودُ [22:42]

আৰু সিহঁতে যদি তোমাক অস্বীকাৰ কৰে, তেন্তে (এয়া কোনো নতুন কথা নহয়) সিহঁতৰ পূৰ্বেও নূহ, আদ আৰু ছামূদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল,

### الآية 22:43

> ﻿وَقَوْمُ إِبْرَاهِيمَ وَقَوْمُ لُوطٍ [22:43]

লগতে ইব্ৰাহীম আৰু লূতৰ সম্প্ৰদায়েও (অস্বীকাৰ কৰিছিল),

### الآية 22:44

> ﻿وَأَصْحَابُ مَدْيَنَ ۖ وَكُذِّبَ مُوسَىٰ فَأَمْلَيْتُ لِلْكَافِرِينَ ثُمَّ أَخَذْتُهُمْ ۖ فَكَيْفَ كَانَ نَكِيرِ [22:44]

আৰু মাদাইনৰ অধিবাসীবিলাকেও। এইদৰে অস্বীকাৰ কৰা হৈছিল মুছাকো। এতেকে কাফিৰসকলক মই অৱকাশ দিছিলো, তাৰ পিছতহে আমি সিহঁতক ধৰিছিলো। এতেকে (প্ৰত্যক্ষ কৰা) মোৰ প্ৰত্যাখ্যান (শাস্তি) কেনেকুৱা আছিল!

### الآية 22:45

> ﻿فَكَأَيِّنْ مِنْ قَرْيَةٍ أَهْلَكْنَاهَا وَهِيَ ظَالِمَةٌ فَهِيَ خَاوِيَةٌ عَلَىٰ عُرُوشِهَا وَبِئْرٍ مُعَطَّلَةٍ وَقَصْرٍ مَشِيدٍ [22:45]

আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছো যিবোৰৰ অধিবাসীবিলাক আছিল যালিম। ফলত এইবোৰ জনপদে সিহঁতৰ ঘৰৰ চাদৰ সৈতে ধ্বংসস্তূপত পৰিণত হৈছে। এইদৰে কিমান যে কুঁৱা পৰিত্যক্ত হৈছে আৰু কিমান যে সুদৃঢ় প্ৰসাদ ধ্বংস হৈছে!

### الآية 22:46

> ﻿أَفَلَمْ يَسِيرُوا فِي الْأَرْضِ فَتَكُونَ لَهُمْ قُلُوبٌ يَعْقِلُونَ بِهَا أَوْ آذَانٌ يَسْمَعُونَ بِهَا ۖ فَإِنَّهَا لَا تَعْمَى الْأَبْصَارُ وَلَٰكِنْ تَعْمَى الْقُلُوبُ الَّتِي فِي الصُّدُورِ [22:46]

সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে সিহঁতে জ্ঞান বুদ্ধি সম্পন্ন হৃদয় আৰু শ্ৰুতিশক্তি সম্পন্ন শ্ৰৱণৰ অধিকাৰী হ’ব পাৰিলেহেঁতেন। প্ৰকৃততে চকু অন্ধ নহয়, বৰং অন্ধ হৈছে বুকুৰ মাজত অৱস্থিত হৃদয়।

### الآية 22:47

> ﻿وَيَسْتَعْجِلُونَكَ بِالْعَذَابِ وَلَنْ يُخْلِفَ اللَّهُ وَعْدَهُ ۚ وَإِنَّ يَوْمًا عِنْدَ رَبِّكَ كَأَلْفِ سَنَةٍ مِمَّا تَعُدُّونَ [22:47]

আৰু সিহঁতে শাস্তি আনিবলৈ তোমাক খৰখেদা কৰিবলৈ কয়, অথচ আল্লাহে তেওঁৰ প্ৰতিশ্ৰুতি কেতিয়াও ভঙ্গ নকৰে। নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ ওচৰত এদিন তোমালোকৰ গণনাত সেয়া এহেজাৰ বছৰৰ সমান;

### الآية 22:48

> ﻿وَكَأَيِّنْ مِنْ قَرْيَةٍ أَمْلَيْتُ لَهَا وَهِيَ ظَالِمَةٌ ثُمَّ أَخَذْتُهَا وَإِلَيَّ الْمَصِيرُ [22:48]

আৰু আমি বহুতো জনপদক অৱকাশ দিছিলো অথচ সিহঁত আছিল যালিম, তাৰ পিছত আমি সিহঁতক গ্ৰেপ্তাৰ কৰিছো, আৰু আমাৰ ওচৰতেই প্ৰত্যাৱৰ্তনস্থল।

### الآية 22:49

> ﻿قُلْ يَا أَيُّهَا النَّاسُ إِنَّمَا أَنَا لَكُمْ نَذِيرٌ مُبِينٌ [22:49]

কোৱা, ‘হে মানৱ সম্প্ৰদায়! মই কেৱল তোমালোকৰ বাবে এজন সুস্পষ্ট সতৰ্ককাৰী’;

### الآية 22:50

> ﻿فَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ لَهُمْ مَغْفِرَةٌ وَرِزْقٌ كَرِيمٌ [22:50]

এতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু সন্মানজনক জীৱিকা;

### الآية 22:51

> ﻿وَالَّذِينَ سَعَوْا فِي آيَاتِنَا مُعَاجِزِينَ أُولَٰئِكَ أَصْحَابُ الْجَحِيمِ [22:51]

আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰা চেষ্টা কৰে, সিহঁতেই হ’ব জাহান্নামৰ অধিবাসী।

### الآية 22:52

> ﻿وَمَا أَرْسَلْنَا مِنْ قَبْلِكَ مِنْ رَسُولٍ وَلَا نَبِيٍّ إِلَّا إِذَا تَمَنَّىٰ أَلْقَى الشَّيْطَانُ فِي أُمْنِيَّتِهِ فَيَنْسَخُ اللَّهُ مَا يُلْقِي الشَّيْطَانُ ثُمَّ يُحْكِمُ اللَّهُ آيَاتِهِ ۗ وَاللَّهُ عَلِيمٌ حَكِيمٌ [22:52]

আৰু আমি তোমাৰ পূৰ্বে যি ৰাছুল অথবা নবী প্ৰেৰণ কৰিছো, তেওঁলোকৰ কোনোবাই যেতিয়া (অহী বাণী) তিলাৱত কৰিছে, তেতিয়াই চয়তানে তেওঁলোকৰ তিলাৱতত (কিবা) নিক্ষেপ কৰিছে, কিন্তু চয়তানে যি নিক্ষেপ কৰে আল্লাহে সেয়া বিদূৰিত কৰে। তাৰ পিছত আল্লাহে তেওঁৰ আয়াতসমূহক সুপ্ৰতিষ্ঠিত কৰে, আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

### الآية 22:53

> ﻿لِيَجْعَلَ مَا يُلْقِي الشَّيْطَانُ فِتْنَةً لِلَّذِينَ فِي قُلُوبِهِمْ مَرَضٌ وَالْقَاسِيَةِ قُلُوبُهُمْ ۗ وَإِنَّ الظَّالِمِينَ لَفِي شِقَاقٍ بَعِيدٍ [22:53]

এইটো এই কাৰণে যে, চয়তানে যি প্ৰক্ষিপ্ত কৰে, সেয়া তেওঁ সিহঁতৰ বাবে পৰীক্ষাৰ বস্তু বনাই দিয়ে যিসকলৰ অন্তৰত ব্যধি আছে আৰু যিসকলৰ অন্তৰ অতি কঠোৰ। নিশ্চয় যালিমসকল ঘোৰ বিৰোধিতাত লিপ্ত আছে।

### الآية 22:54

> ﻿وَلِيَعْلَمَ الَّذِينَ أُوتُوا الْعِلْمَ أَنَّهُ الْحَقُّ مِنْ رَبِّكَ فَيُؤْمِنُوا بِهِ فَتُخْبِتَ لَهُ قُلُوبُهُمْ ۗ وَإِنَّ اللَّهَ لَهَادِ الَّذِينَ آمَنُوا إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ [22:54]

আৰু এইটো এই বাবেও যে, যিসকলক জ্ঞান দিয়া হৈছে সিহঁতে যেন জানিব পাৰে যে, এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য; ফলত সিহঁতে ইয়াৰ ওপৰত বিশ্বাস স্থাপন কৰে আৰু সিহঁতৰ অন্তৰ ইয়াৰ প্ৰতি বিনয়াৱনত হয়। নিশ্চয় যিসকলে ঈমান আনিছে আল্লাহে তেওঁলোকক সৰল পথ দেখুৱাব।

### الآية 22:55

> ﻿وَلَا يَزَالُ الَّذِينَ كَفَرُوا فِي مِرْيَةٍ مِنْهُ حَتَّىٰ تَأْتِيَهُمُ السَّاعَةُ بَغْتَةً أَوْ يَأْتِيَهُمْ عَذَابُ يَوْمٍ عَقِيمٍ [22:55]

আৰু যিসকলে কুফৰী কৰিছে সিহঁতে ইয়াৰ প্ৰতি সন্দেহ পোষণ কৰিয়েই থাকিব, সিহঁতৰ ওচৰত আকস্মিকভাৱে কিয়ামত নহা লৈকে অথবা সিহঁতৰ ওচৰত এটা বন্ধা দিনৰ শাস্তি নহা লৈকে।

### الآية 22:56

> ﻿الْمُلْكُ يَوْمَئِذٍ لِلَّهِ يَحْكُمُ بَيْنَهُمْ ۚ فَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ فِي جَنَّاتِ النَّعِيمِ [22:56]

সেইদিনা কেৱল আল্লাহৰেই আধিপত্য; তেৱেঁই সিহঁতৰ মাজত বিচাৰ কৰিব। তাৰ পিছত যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে নিয়ামতপূৰ্ণ জান্নাতত অৱস্থান কৰিব।

### الآية 22:57

> ﻿وَالَّذِينَ كَفَرُوا وَكَذَّبُوا بِآيَاتِنَا فَأُولَٰئِكَ لَهُمْ عَذَابٌ مُهِينٌ [22:57]

আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবেই আছে লাঞ্ছনাদায়ক শাস্তি।

### الآية 22:58

> ﻿وَالَّذِينَ هَاجَرُوا فِي سَبِيلِ اللَّهِ ثُمَّ قُتِلُوا أَوْ مَاتُوا لَيَرْزُقَنَّهُمُ اللَّهُ رِزْقًا حَسَنًا ۚ وَإِنَّ اللَّهَ لَهُوَ خَيْرُ الرَّازِقِينَ [22:58]

আৰু যিসকলে আল্লাহৰ পথত হিজৰত কৰিছে, তাৰ পিছত নিহত হৈছে অথবা মৃত্যুবৰণ কৰিছে, তেওঁলোকক অৱশ্যে আল্লাহে উৎকৃষ্ট জীৱিকা প্ৰদান কৰিব; আৰু নিশ্চয় আল্লাহ, তেৱেঁই হৈছে সৰ্বোৎকৃষ্ট জীৱিকাদাতা।

### الآية 22:59

> ﻿لَيُدْخِلَنَّهُمْ مُدْخَلًا يَرْضَوْنَهُ ۗ وَإِنَّ اللَّهَ لَعَلِيمٌ حَلِيمٌ [22:59]

তেওঁ অৱশ্যে তেওঁলোকক এনে স্থানত প্ৰৱেশ কৰাব, যিটো তেওঁলোকে পছন্দ কৰিব। নিশ্চয় আল্লাহ মহাজ্ঞানী, পৰম সহনশীল।

### الآية 22:60

> ﻿۞ ذَٰلِكَ وَمَنْ عَاقَبَ بِمِثْلِ مَا عُوقِبَ بِهِ ثُمَّ بُغِيَ عَلَيْهِ لَيَنْصُرَنَّهُ اللَّهُ ۗ إِنَّ اللَّهَ لَعَفُوٌّ غَفُورٌ [22:60]

এইটোৱেই হ’ল প্ৰকৃত ৰীতি, আৰু যি ব্যক্তিয়ে নিৰ্যাতিত হৈ তাৰ সমপৰিমাণ প্ৰতিশোধ গ্ৰহণ কৰে, তাৰ পিছত পুনৰ সি নিৰ্যাতিত হয় তেন্তে নিশ্চয় আল্লাহে তেওঁক সহায় কৰিব; নিশ্চয় আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।

### الآية 22:61

> ﻿ذَٰلِكَ بِأَنَّ اللَّهَ يُولِجُ اللَّيْلَ فِي النَّهَارِ وَيُولِجُ النَّهَارَ فِي اللَّيْلِ وَأَنَّ اللَّهَ سَمِيعٌ بَصِيرٌ [22:61]

এইটো এই বাবে যে, নিশ্চয় আল্লাহে ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক প্ৰৱেশ কৰায় ৰাতিৰ মাজত। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা,

### الآية 22:62

> ﻿ذَٰلِكَ بِأَنَّ اللَّهَ هُوَ الْحَقُّ وَأَنَّ مَا يَدْعُونَ مِنْ دُونِهِ هُوَ الْبَاطِلُ وَأَنَّ اللَّهَ هُوَ الْعَلِيُّ الْكَبِيرُ [22:62]

আৰু এই কাৰণেও যে, নিশ্চয় আল্লাহ, কেৱল তেৱেঁই সত্য আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সেই সকলো অসত্য। নিশ্চয় আল্লাহ, তেৱেঁই সুউচ্চ, সুমহান।

### الآية 22:63

> ﻿أَلَمْ تَرَ أَنَّ اللَّهَ أَنْزَلَ مِنَ السَّمَاءِ مَاءً فَتُصْبِحُ الْأَرْضُ مُخْضَرَّةً ۗ إِنَّ اللَّهَ لَطِيفٌ خَبِيرٌ [22:63]

তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে? যাৰ ফলত পৃথিৱী সেউজীয়া হৈ উঠে? নিশ্চয় আল্লাহ সুক্ষ্মদৰ্শী, সম্যক অৱহিত।

### الآية 22:64

> ﻿لَهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۗ وَإِنَّ اللَّهَ لَهُوَ الْغَنِيُّ الْحَمِيدُ [22:64]

আকাশসমূত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। নিশ্চয় আল্লাহ, তেৱেঁই অভাৱমুক্ত, পৰম প্ৰশংসিত।

### الآية 22:65

> ﻿أَلَمْ تَرَ أَنَّ اللَّهَ سَخَّرَ لَكُمْ مَا فِي الْأَرْضِ وَالْفُلْكَ تَجْرِي فِي الْبَحْرِ بِأَمْرِهِ وَيُمْسِكُ السَّمَاءَ أَنْ تَقَعَ عَلَى الْأَرْضِ إِلَّا بِإِذْنِهِ ۗ إِنَّ اللَّهَ بِالنَّاسِ لَرَءُوفٌ رَحِيمٌ [22:65]

তুমি লক্ষ্য কৰা নাইনে, পৃথিৱীত যি আছে সেই সকলো আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু নৌযানসমূহকো, যিবোৰ তেওঁৰ নিৰ্দেশতেই সাগৰত বিচৰণ কৰে? আৰু তেৱেঁই আকাশক ধৰি ৰাখিছে, যাতে তেওঁৰ অনুমতিবিহীন পৃথিৱীৰ ওপৰত পৰি নাযায়। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি স্নেহপ্ৰৱণ, পৰম দয়ালু।

### الآية 22:66

> ﻿وَهُوَ الَّذِي أَحْيَاكُمْ ثُمَّ يُمِيتُكُمْ ثُمَّ يُحْيِيكُمْ ۗ إِنَّ الْإِنْسَانَ لَكَفُورٌ [22:66]

তেৱেঁই তোমালোকক জীৱিত কৰিছে আৰু তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব, আকৌ তেৱেঁই পুনৰ তোমালোকক জীৱিত কৰিব। নিশ্চয় মানুহ বৰ বেছি অকৃতজ্ঞ।

### الآية 22:67

> ﻿لِكُلِّ أُمَّةٍ جَعَلْنَا مَنْسَكًا هُمْ نَاسِكُوهُ ۖ فَلَا يُنَازِعُنَّكَ فِي الْأَمْرِ ۚ وَادْعُ إِلَىٰ رَبِّكَ ۖ إِنَّكَ لَعَلَىٰ هُدًى مُسْتَقِيمٍ [22:67]

আমি প্ৰত্যেক উম্মতৰ বাবে ইবাদতৰ নিয়ম-পদ্ধতি নিৰ্ধাৰণ কৰি দিছো যিটো সিহঁতে পালন কৰে। এতেকে সিহঁতে যেন এই বিষয়ে তোমাৰ লগত বিতৰ্ক নকৰে। তুমি তোমাৰ প্ৰতিপালকৰ পিনে আহ্বান কৰা। নিশ্চয় তুমি সৰল পথত প্ৰতিষ্ঠিত।

### الآية 22:68

> ﻿وَإِنْ جَادَلُوكَ فَقُلِ اللَّهُ أَعْلَمُ بِمَا تَعْمَلُونَ [22:68]

আৰু যদি সিহঁতে তোমাৰ লগত বিতৰ্ক কৰে তেন্তে কোৱা, ‘তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত’।

### الآية 22:69

> ﻿اللَّهُ يَحْكُمُ بَيْنَكُمْ يَوْمَ الْقِيَامَةِ فِيمَا كُنْتُمْ فِيهِ تَخْتَلِفُونَ [22:69]

‘তোমালোকে যি বিষয়ে মতানৈক্য কৰিছা আল্লাহে কিয়ামতৰ দিনা সেই বিষয়ে তোমালোকৰ মাজত বিচাৰ-মীমাংসা কৰি দিব’।

### الآية 22:70

> ﻿أَلَمْ تَعْلَمْ أَنَّ اللَّهَ يَعْلَمُ مَا فِي السَّمَاءِ وَالْأَرْضِ ۗ إِنَّ ذَٰلِكَ فِي كِتَابٍ ۚ إِنَّ ذَٰلِكَ عَلَى اللَّهِ يَسِيرٌ [22:70]

তুমি নাজানা নে যে, আকাশ আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহে জানে। নিশ্চয় সেই সকলো (লিখা) আছে এখন পুথিত। নিশ্চয় আল্লাহৰ ওচৰত এয়া অতি সহজ।

### الآية 22:71

> ﻿وَيَعْبُدُونَ مِنْ دُونِ اللَّهِ مَا لَمْ يُنَزِّلْ بِهِ سُلْطَانًا وَمَا لَيْسَ لَهُمْ بِهِ عِلْمٌ ۗ وَمَا لِلظَّالِمِينَ مِنْ نَصِيرٍ [22:71]

আৰু সিহঁতে আল্লাহৰ পৰিবৰ্তে এনে বস্তুৰ ইবাদত কৰে যিবোৰৰ বিষয়ে তেওঁ কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই, আৰু যাৰ বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই। অৱশ্যে যালিমসকলৰ কোনো সহায়কাৰী নাই।

### الآية 22:72

> ﻿وَإِذَا تُتْلَىٰ عَلَيْهِمْ آيَاتُنَا بَيِّنَاتٍ تَعْرِفُ فِي وُجُوهِ الَّذِينَ كَفَرُوا الْمُنْكَرَ ۖ يَكَادُونَ يَسْطُونَ بِالَّذِينَ يَتْلُونَ عَلَيْهِمْ آيَاتِنَا ۗ قُلْ أَفَأُنَبِّئُكُمْ بِشَرٍّ مِنْ ذَٰلِكُمُ ۗ النَّارُ وَعَدَهَا اللَّهُ الَّذِينَ كَفَرُوا ۖ وَبِئْسَ الْمَصِيرُ [22:72]

আৰু সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ’লে তুমি কাফিৰসকলৰ মুখমণ্ডলত অসন্তুষ্ট ভাৱ দেখিবলৈ পাবা। যিসকলে আমাৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰে সিহঁতে তেওঁলোকক আক্ৰমণ কৰিবলৈ উদ্যত হয়। কোৱা, ‘মই তোমালোকক ইয়াতকৈয়ো নিকৃষ্ট বস্তুৰ সংবাদ দিমনে?--- সেয়া হ’ল জুই। যিসকলে কুফৰী কৰিছে আল্লাহে সিহঁতক ইয়াৰ প্ৰতিশ্ৰুতি দিছে। এইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!’

### الآية 22:73

> ﻿يَا أَيُّهَا النَّاسُ ضُرِبَ مَثَلٌ فَاسْتَمِعُوا لَهُ ۚ إِنَّ الَّذِينَ تَدْعُونَ مِنْ دُونِ اللَّهِ لَنْ يَخْلُقُوا ذُبَابًا وَلَوِ اجْتَمَعُوا لَهُ ۖ وَإِنْ يَسْلُبْهُمُ الذُّبَابُ شَيْئًا لَا يَسْتَنْقِذُوهُ مِنْهُ ۚ ضَعُفَ الطَّالِبُ وَالْمَطْلُوبُ [22:73]

হে মানৱ সম্প্ৰদায়! এটা উদাহৰণ দাঙি ধৰা হৈছে, মনোযোগ দি শুনাঃ তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁত আটায়ে মিলি কেতিয়াও এটা মাখিও সৃষ্টি কৰিব নোৱাৰে। বৰং মাখিয়ে যদি সিহঁতৰ পৰা কোনো বস্তু কাঢ়ি নিয়ে তথাপিও সিহঁতে তাৰ পৰা সেই বস্তুটো উদ্ধাৰ কৰিব নোৱাৰিব। প্ৰাৰ্থনাকাৰী আৰু যাৰ ওচৰত প্ৰাৰ্থনা কৰা হয় সিহঁত উভয়েই দুৰ্বল।

### الآية 22:74

> ﻿مَا قَدَرُوا اللَّهَ حَقَّ قَدْرِهِ ۗ إِنَّ اللَّهَ لَقَوِيٌّ عَزِيزٌ [22:74]

সিহঁতে আল্লাহক যথাযোগ্য মৰ্যাদা দিয়া নাই যেনেকুৱা মৰ্যাদা দিয়া উচিত আছিল। নিশ্চয় আল্লাহ ক্ষমতাবান, পৰাক্ৰমশালী।

### الآية 22:75

> ﻿اللَّهُ يَصْطَفِي مِنَ الْمَلَائِكَةِ رُسُلًا وَمِنَ النَّاسِ ۚ إِنَّ اللَّهَ سَمِيعٌ بَصِيرٌ [22:75]

আল্লাহে ফিৰিস্তাসকলৰ পৰা আৰু মানুহৰ মাজৰ পৰা ৰাছুল মনোনীত কৰে। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সম্যক দ্ৰষ্টা।

### الآية 22:76

> ﻿يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ ۗ وَإِلَى اللَّهِ تُرْجَعُ الْأُمُورُ [22:76]

তেওঁলোকৰ সন্মুখত আৰু পিছত যি আছে সেই সকলো তেওঁ জানে আৰু সকলো বিষয় আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত কৰা হ’ব।

### الآية 22:77

> ﻿يَا أَيُّهَا الَّذِينَ آمَنُوا ارْكَعُوا وَاسْجُدُوا وَاعْبُدُوا رَبَّكُمْ وَافْعَلُوا الْخَيْرَ لَعَلَّكُمْ تُفْلِحُونَ ۩ [22:77]

হে মুমিনসকল! তোমালোকে ৰুকু কৰা, ছাজদাহ কৰা আৰু তোমালোকৰ প্ৰতিপালকৰ ইবাদত কৰা লগতে সৎকৰ্ম কৰা, যাতে তোমালোকে সফলকাম হ’ব পাৰা।

### الآية 22:78

> ﻿وَجَاهِدُوا فِي اللَّهِ حَقَّ جِهَادِهِ ۚ هُوَ اجْتَبَاكُمْ وَمَا جَعَلَ عَلَيْكُمْ فِي الدِّينِ مِنْ حَرَجٍ ۚ مِلَّةَ أَبِيكُمْ إِبْرَاهِيمَ ۚ هُوَ سَمَّاكُمُ الْمُسْلِمِينَ مِنْ قَبْلُ وَفِي هَٰذَا لِيَكُونَ الرَّسُولُ شَهِيدًا عَلَيْكُمْ وَتَكُونُوا شُهَدَاءَ عَلَى النَّاسِ ۚ فَأَقِيمُوا الصَّلَاةَ وَآتُوا الزَّكَاةَ وَاعْتَصِمُوا بِاللَّهِ هُوَ مَوْلَاكُمْ ۖ فَنِعْمَ الْمَوْلَىٰ وَنِعْمَ النَّصِيرُ [22:78]

আৰু আল্লাহৰ পথত জিহাদ কৰা যেনেকৈ জিহাদ কৰা উচিত। তেওঁ তোমালোকক মনোনীত কৰিছে। তেওঁ দ্বীন সম্পৰ্কে তোমালোকৰ ওপৰত কোনো কঠোৰতা আৰোপ কৰা নাই। এইটো তোমালোকৰ পিতৃ ইব্ৰাহীমৰ দ্বীন। তেৱেঁই তোমালোকক ইয়াৰ পূৰ্বেই নামকৰণ কৰিছে ‘মুছলিম’ বুলি আৰু এই কিতাবতো (এই নামেৰে নামকৰণ কৰা হৈছে); যাতে ৰাছুল তোমালোকৰ বাবে সাক্ষী হয় আৰু তোমালোকে মানুহৰ বাবে সাক্ষী হোৱা। সেয়ে তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা আৰু আল্লাহক মজবুতকৈ অৱলম্বন কৰা; তেৱেঁই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী!

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/22.md)
- [كل تفاسير سورة الحج
](https://quranpedia.net/surah-tafsir/22.md)
- [ترجمات سورة الحج
](https://quranpedia.net/translations/22.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/22/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
