---
title: "ترجمة سورة يس - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/36/book/1994.md"
canonical: "https://quranpedia.net/surah/1/36/book/1994"
surah_id: "36"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة يس - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/36/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة يس - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/36/book/1994*.

Translation of Surah يس from "الترجمة الأسامية" in الأسامية.

### الآية 36:1

> يس [36:1]

ইয়া-ছীন,

### الآية 36:2

> ﻿وَالْقُرْآنِ الْحَكِيمِ [36:2]

জ্ঞানগৰ্ভ কোৰআনৰ শপত!

### الآية 36:3

> ﻿إِنَّكَ لَمِنَ الْمُرْسَلِينَ [36:3]

নিশ্চয় তুমি ৰাছুলসকলৰ অন্তৰ্ভুক্ত,

### الآية 36:4

> ﻿عَلَىٰ صِرَاطٍ مُسْتَقِيمٍ [36:4]

সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত।

### الآية 36:5

> ﻿تَنْزِيلَ الْعَزِيزِ الرَّحِيمِ [36:5]

এই কোৰআন প্ৰবল পৰাক্ৰমশালী, পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ।

### الآية 36:6

> ﻿لِتُنْذِرَ قَوْمًا مَا أُنْذِرَ آبَاؤُهُمْ فَهُمْ غَافِلُونَ [36:6]

যাতে তুমি সতৰ্ক কৰিব পাৰা এনেকুৱা এটা জাতিক যিসকলৰ পিতৃ-পুৰুষসকলক সতৰ্ক কৰা হোৱা নাই, সেয়ে সিহঁত উদাসীন।

### الآية 36:7

> ﻿لَقَدْ حَقَّ الْقَوْلُ عَلَىٰ أَكْثَرِهِمْ فَهُمْ لَا يُؤْمِنُونَ [36:7]

অৱশ্যে সিহঁতৰ অধিকাংশৰ ওপৰত (আল্লাহৰ) বাণী অৱধাৰিত হৈছে, সেয়ে সিহঁত ঈমান পোষণ নকৰিব।

### الآية 36:8

> ﻿إِنَّا جَعَلْنَا فِي أَعْنَاقِهِمْ أَغْلَالًا فَهِيَ إِلَى الْأَذْقَانِ فَهُمْ مُقْمَحُونَ [36:8]

নিশ্চয় আমি সিহঁতৰ ডিঙিত থুঁতৰি লৈকে গলাবান্ধ (শিকলি) মেৰিয়াই দিছো, ফলত সিহঁত উৰ্দ্ধমুখী হৈ গৈছে।

### الآية 36:9

> ﻿وَجَعَلْنَا مِنْ بَيْنِ أَيْدِيهِمْ سَدًّا وَمِنْ خَلْفِهِمْ سَدًّا فَأَغْشَيْنَاهُمْ فَهُمْ لَا يُبْصِرُونَ [36:9]

আৰু আমি সিহঁতৰ আগফালে প্ৰাচীৰ আৰু পিছফালে প্ৰাচীৰ স্থাপন কৰিছো, তাৰ পিছত আমি সিহঁতক ঢাকি দিছো, ফলত সিহঁতে দেখিবলৈ নাপায়।

### الآية 36:10

> ﻿وَسَوَاءٌ عَلَيْهِمْ أَأَنْذَرْتَهُمْ أَمْ لَمْ تُنْذِرْهُمْ لَا يُؤْمِنُونَ [36:10]

তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা, সিহঁতৰ বাবে উভয়ে সমান; সিহঁতে ঈমান পোষণ নকৰিব।

### الآية 36:11

> ﻿إِنَّمَا تُنْذِرُ مَنِ اتَّبَعَ الذِّكْرَ وَخَشِيَ الرَّحْمَٰنَ بِالْغَيْبِ ۖ فَبَشِّرْهُ بِمَغْفِرَةٍ وَأَجْرٍ كَرِيمٍ [36:11]

তুমি কেৱল তাকেই সতৰ্ক কৰিব পাৰিবা যিয়ে কোৰআনৰ অনুসৰণ কৰে আৰু ৰহমানক নেদেখাকৈয়ে ভয় কৰে। এতেকে তুমি তাক ক্ষমা আৰু সন্মানজনক পুৰষ্কাৰৰ সুসংবাদ দিয়া।

### الآية 36:12

> ﻿إِنَّا نَحْنُ نُحْيِي الْمَوْتَىٰ وَنَكْتُبُ مَا قَدَّمُوا وَآثَارَهُمْ ۚ وَكُلَّ شَيْءٍ أَحْصَيْنَاهُ فِي إِمَامٍ مُبِينٍ [36:12]

নিশ্চয় আমিয়েই মৃতক জীৱিত কৰো আৰু লিখি ৰাখো যি সিহঁতে আগলৈ প্ৰেৰণ কৰে আৰু যি সিহঁতে পিছত এৰি যায়। আমি প্ৰত্যেক বস্তুকেই সুস্পষ্ট কিতাপত সংৰক্ষণ কৰি ৰাখিছো।

### الآية 36:13

> ﻿وَاضْرِبْ لَهُمْ مَثَلًا أَصْحَابَ الْقَرْيَةِ إِذْ جَاءَهَا الْمُرْسَلُونَ [36:13]

সিহঁতৰ ওচৰত বৰ্ণনা কৰা এটা জনপদৰ অধিবাসীসকলৰ দৃষ্টান্ত; যেতিয়া সিহঁতৰ ওচৰত ৰাছুলসকল আহিছিল।

### الآية 36:14

> ﻿إِذْ أَرْسَلْنَا إِلَيْهِمُ اثْنَيْنِ فَكَذَّبُوهُمَا فَعَزَّزْنَا بِثَالِثٍ فَقَالُوا إِنَّا إِلَيْكُمْ مُرْسَلُونَ [36:14]

যেতিয়া আমি সিহঁতৰ ওচৰত প্ৰেৰণ কৰিছিলো দুজন ৰাছুল, তেতিয়া সিহঁতে তেওঁলোকক অবিশ্বাস কৰিছিল, তাৰ পিছত আমি তেওঁলোকক তৃতীয় এজনৰ দ্বাৰা শক্তিশালী কৰিছিলো। তেওঁলোকে কৈছিল, ‘নিশ্চয় আমি তোমালোকৰ ওচৰত প্ৰেৰিত হৈছো’।

### الآية 36:15

> ﻿قَالُوا مَا أَنْتُمْ إِلَّا بَشَرٌ مِثْلُنَا وَمَا أَنْزَلَ الرَّحْمَٰنُ مِنْ شَيْءٍ إِنْ أَنْتُمْ إِلَّا تَكْذِبُونَ [36:15]

সিহঁতে ক’লে, ‘তোমালোকে দেখুন আমাৰ দৰেই মানুহ, পৰম কৰুণাময়ে একো অৱতীৰ্ণ কৰা নাই। তোমালোকে কেৱল মিছা কথাহে কৈছা’।

### الآية 36:16

> ﻿قَالُوا رَبُّنَا يَعْلَمُ إِنَّا إِلَيْكُمْ لَمُرْسَلُونَ [36:16]

তেওঁলোকে ক’লে, ‘আমাৰ প্ৰতিপালকে জানে, নিশ্চয় আমি তোমালোকৰ ওচৰত প্ৰেৰিত হৈছো’।

### الآية 36:17

> ﻿وَمَا عَلَيْنَا إِلَّا الْبَلَاغُ الْمُبِينُ [36:17]

‘আৰু স্পষ্টভাৱে প্ৰচাৰ কৰাটোহে আমাৰ দায়িত্ব’।

### الآية 36:18

> ﻿قَالُوا إِنَّا تَطَيَّرْنَا بِكُمْ ۖ لَئِنْ لَمْ تَنْتَهُوا لَنَرْجُمَنَّكُمْ وَلَيَمَسَّنَّكُمْ مِنَّا عَذَابٌ أَلِيمٌ [36:18]

সিহঁতে ক’লে, ‘নিশ্চয় আমি তোমালোকক অমঙ্গলৰ কাৰণ হিচাপেহে গণ্য কৰো, যদি তোমালোকে বিৰত নোহোৱা তেন্তে অৱশ্যে আমি তোমালোকক শিল দলিয়াই হত্যা কৰিম আৰু আমাৰ ফালৰ পৰা তোমালোকক যন্ত্ৰণাদায়ক শাস্তিয়ে স্পৰ্শ কৰিব’।

### الآية 36:19

> ﻿قَالُوا طَائِرُكُمْ مَعَكُمْ ۚ أَئِنْ ذُكِّرْتُمْ ۚ بَلْ أَنْتُمْ قَوْمٌ مُسْرِفُونَ [36:19]

তেওঁলোকে ক’লে, ‘তোমালোকৰ অমঙ্গল তোমালোকৰেই লগত; তোমালোকক উপদেশ দিয়া হৈছে বুলিয়েই এনেকৈ কৈছা নেকি? বৰং তোমালোক এটা সীমালঙ্ঘনকাৰী সম্প্ৰদায়’।

### الآية 36:20

> ﻿وَجَاءَ مِنْ أَقْصَى الْمَدِينَةِ رَجُلٌ يَسْعَىٰ قَالَ يَا قَوْمِ اتَّبِعُوا الْمُرْسَلِينَ [36:20]

আৰু নগৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি দৌৰি আহি ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে ৰাছুলসকলৰ অনুসৰণ কৰা;

### الآية 36:21

> ﻿اتَّبِعُوا مَنْ لَا يَسْأَلُكُمْ أَجْرًا وَهُمْ مُهْتَدُونَ [36:21]

‘অনুসৰণ কৰা তেওঁলোকৰ যিসকলে তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰে আৰু তেওঁলোক সৎপথপ্ৰাপ্ত।

### الآية 36:22

> ﻿وَمَا لِيَ لَا أَعْبُدُ الَّذِي فَطَرَنِي وَإِلَيْهِ تُرْجَعُونَ [36:22]

‘আৰু মোৰ কি যুক্তি আছে যে, মই তেওঁৰ ইবাদত নকৰিম, যিজনে মোক সৃষ্টি কৰিছে? আৰু যাৰ ওচৰত তোমালোকক উভতাই নিয়া হ’ব।

### الآية 36:23

> ﻿أَأَتَّخِذُ مِنْ دُونِهِ آلِهَةً إِنْ يُرِدْنِ الرَّحْمَٰنُ بِضُرٍّ لَا تُغْنِ عَنِّي شَفَاعَتُهُمْ شَيْئًا وَلَا يُنْقِذُونِ [36:23]

‘মই তেওঁৰ বাহিৰে আন কোনো ইলাহ গ্ৰহণ কৰিম নেকি? ৰহমানে মোৰ কোনো ক্ষতি কৰিব বিচাৰিলে সিহঁতৰ ছুপাৰিছ মোৰ কোনো কামত নাহিব আৰু সিহঁতে মোক উদ্ধাৰো কৰিব নোৱাৰিব।

### الآية 36:24

> ﻿إِنِّي إِذًا لَفِي ضَلَالٍ مُبِينٍ [36:24]

‘এনে কৰিলে নিশ্চয় মই স্পষ্ট বিভ্ৰান্তিত পতিত হম।

### الآية 36:25

> ﻿إِنِّي آمَنْتُ بِرَبِّكُمْ فَاسْمَعُونِ [36:25]

‘নিশ্চয় মই তোমালোকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিছো, এতেকে তোমালোকে মোৰ কথা শুনা’।

### الآية 36:26

> ﻿قِيلَ ادْخُلِ الْجَنَّةَ ۖ قَالَ يَا لَيْتَ قَوْمِي يَعْلَمُونَ [36:26]

তেওঁক কোৱা হ’ল, ‘জান্নাতত প্ৰৱেশ কৰা’। তেওঁ ক’লে, ‘হায়! মোৰ সম্প্ৰদায়ে যদি জানিলেহেঁতেন,

### الآية 36:27

> ﻿بِمَا غَفَرَ لِي رَبِّي وَجَعَلَنِي مِنَ الْمُكْرَمِينَ [36:27]

‘যাৰ বিনিময়ত মোৰ প্ৰতিপালকে মোক ক্ষমা কৰি দিছে আৰু মোক সন্মানিত কৰিছে’।

### الآية 36:28

> ﻿۞ وَمَا أَنْزَلْنَا عَلَىٰ قَوْمِهِ مِنْ بَعْدِهِ مِنْ جُنْدٍ مِنَ السَّمَاءِ وَمَا كُنَّا مُنْزِلِينَ [36:28]

আমি তেওঁৰ (মৃত্যুৰ) পিছত তেওঁৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আকাশৰ পৰা কোনো বাহিনী প্ৰেৰণ কৰা নাই আৰু সেয়া প্ৰেৰণ কৰাৰ কোনো প্ৰয়োজনো নাছিল।

### الآية 36:29

> ﻿إِنْ كَانَتْ إِلَّا صَيْحَةً وَاحِدَةً فَإِذَا هُمْ خَامِدُونَ [36:29]

সেয়া আছিল কেৱল এটা বিকট শব্দ। ফলত সিহঁত নিথৰ নিস্তব্দ হৈ গ’ল।

### الآية 36:30

> ﻿يَا حَسْرَةً عَلَى الْعِبَادِ ۚ مَا يَأْتِيهِمْ مِنْ رَسُولٍ إِلَّا كَانُوا بِهِ يَسْتَهْزِئُونَ [36:30]

পৰিতাপ বান্দাসকলৰ বাবে; সিহঁতৰ ওচৰত যেতিয়াই কোনো ৰাছুল আহিছে তেতিয়া সিহঁতে তেওঁৰ লগত ঠাট্টা-বিদ্ৰূপ কৰিছে।

### الآية 36:31

> ﻿أَلَمْ يَرَوْا كَمْ أَهْلَكْنَا قَبْلَهُمْ مِنَ الْقُرُونِ أَنَّهُمْ إِلَيْهِمْ لَا يَرْجِعُونَ [36:31]

সিহঁতে লক্ষ্য কৰা নাইনে যে, আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছো? নিশ্চয় সিহঁত সিহঁতৰ ওচৰত উভতি নাহিব।

### الآية 36:32

> ﻿وَإِنْ كُلٌّ لَمَّا جَمِيعٌ لَدَيْنَا مُحْضَرُونَ [36:32]

সিহঁত সকলোকে একত্ৰিত কৰি আমাৰ ওচৰত উপস্থিত কৰোৱা হ’ব।

### الآية 36:33

> ﻿وَآيَةٌ لَهُمُ الْأَرْضُ الْمَيْتَةُ أَحْيَيْنَاهَا وَأَخْرَجْنَا مِنْهَا حَبًّا فَمِنْهُ يَأْكُلُونَ [36:33]

আৰু মৃত ভূমি সিহঁতৰ বাবে এটা নিদৰ্শন, যাক আমি সঞ্জীৱিত কৰিছো আৰু তাৰ পৰা শস্য উৎপন্ন কৰিছো, যিবোৰ সিহঁতে খায়।

### الآية 36:34

> ﻿وَجَعَلْنَا فِيهَا جَنَّاتٍ مِنْ نَخِيلٍ وَأَعْنَابٍ وَفَجَّرْنَا فِيهَا مِنَ الْعُيُونِ [36:34]

আৰু তাত আমি সৃষ্টি কৰিছো খেজুৰ আৰু আঙুৰৰ উদ্যান আৰু তাত আমি প্ৰবাহিত কৰিছো কিছুমান প্ৰস্ৰৱন,

### الآية 36:35

> ﻿لِيَأْكُلُوا مِنْ ثَمَرِهِ وَمَا عَمِلَتْهُ أَيْدِيهِمْ ۖ أَفَلَا يَشْكُرُونَ [36:35]

যাতে সিহঁতে তাৰ ফলমূল খাব পাৰে, অথচ সিহঁতে নিজ হাতেৰে সৃষ্টি কৰা নাই। তথাপিও সিহঁতে কৃতজ্ঞতা প্ৰকাশ নকৰিবনে?

### الآية 36:36

> ﻿سُبْحَانَ الَّذِي خَلَقَ الْأَزْوَاجَ كُلَّهَا مِمَّا تُنْبِتُ الْأَرْضُ وَمِنْ أَنْفُسِهِمْ وَمِمَّا لَا يَعْلَمُونَ [36:36]

পৱিত্ৰ আৰু মহান তেওঁ, যিজনে সকলোকে যোৰ যোৰকৈ সৃষ্টি কৰিছে, মাটিৰ পৰা উৎপন্ন উদ্ভিদেই হওঁক বা সিহঁতৰ নিজ প্ৰজাতিৰেই হওঁক (নাৰী আৰু পুৰুষ) আৰু সেইবোৰ বস্তুৰ মাজতো যিবোৰক সিহঁতে নাজানে।

### الآية 36:37

> ﻿وَآيَةٌ لَهُمُ اللَّيْلُ نَسْلَخُ مِنْهُ النَّهَارَ فَإِذَا هُمْ مُظْلِمُونَ [36:37]

আৰু ৰাতিও সিহঁতৰ বাবে এটা নিদৰ্শন, আমি তাৰ পৰা দিনক অপসাৰিত কৰো, তেতিয়া সিহঁত অন্ধকাৰাচ্ছন্ন হৈ পৰে।

### الآية 36:38

> ﻿وَالشَّمْسُ تَجْرِي لِمُسْتَقَرٍّ لَهَا ۚ ذَٰلِكَ تَقْدِيرُ الْعَزِيزِ الْعَلِيمِ [36:38]

আৰু সূৰ্যই ভ্ৰমণ কৰে তাৰ নিৰ্দিষ্ট গন্তব্যৰ ফালে, এইটো মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ (আল্লাহ)ৰ নিৰ্ধাৰণ।

### الآية 36:39

> ﻿وَالْقَمَرَ قَدَّرْنَاهُ مَنَازِلَ حَتَّىٰ عَادَ كَالْعُرْجُونِ الْقَدِيمِ [36:39]

আৰু চন্দ্ৰৰ বাবে আমি নিৰ্দিষ্ট কৰিছো বিভিন্ন মনজিল, অৱশেষত সেইটো শুকান বেকা, পুৰনি খেজুৰ ঠানিৰ আকাৰত উভতি যায়।

### الآية 36:40

> ﻿لَا الشَّمْسُ يَنْبَغِي لَهَا أَنْ تُدْرِكَ الْقَمَرَ وَلَا اللَّيْلُ سَابِقُ النَّهَارِ ۚ وَكُلٌّ فِي فَلَكٍ يَسْبَحُونَ [36:40]

সূৰ্যৰ পক্ষে সম্ভৱ নহয় চন্দ্ৰক লগ পোৱা, আৰু ৰাতিৰ পক্ষে সম্ভৱ নহয় দিনক অতিক্ৰম কৰা, আৰু প্ৰত্যেকেই নিজ নিজ কক্ষপথত সাঁতুৰি আছে।

### الآية 36:41

> ﻿وَآيَةٌ لَهُمْ أَنَّا حَمَلْنَا ذُرِّيَّتَهُمْ فِي الْفُلْكِ الْمَشْحُونِ [36:41]

সিহঁতৰ বাবে আৰু এটা নিদৰ্শন হৈছে এই যে, আমি সিহঁতৰ বংশধৰবিলাকক বোজাই নৌযানত আৰোহণ কৰিছিলো;

### الآية 36:42

> ﻿وَخَلَقْنَا لَهُمْ مِنْ مِثْلِهِ مَا يَرْكَبُونَ [36:42]

আৰু সিহঁতৰ বাবেও অনুৰূপ যানবাহন সৃষ্টি কৰিছো যাতে সিহঁতে আৰোহণ কৰে।

### الآية 36:43

> ﻿وَإِنْ نَشَأْ نُغْرِقْهُمْ فَلَا صَرِيخَ لَهُمْ وَلَا هُمْ يُنْقَذُونَ [36:43]

আৰু আমি ইচ্ছা কৰিলে সিহঁতক ডুবাই মাৰিব পাৰো, তেতিয়া সিহঁতৰ কোনো উদ্ধাৰকাৰী নাথাকিব আৰু সিহঁতে পৰিত্ৰাণো নাপাব,

### الآية 36:44

> ﻿إِلَّا رَحْمَةً مِنَّا وَمَتَاعًا إِلَىٰ حِينٍ [36:44]

একমাত্ৰ আমাৰ কৰুণাইহে সিহঁতক পাৰ লগাই দিয়ে আৰু কিছু সময়ৰ বাবে উপভোগৰ সুযোগ দিয়া হয়।

### الآية 36:45

> ﻿وَإِذَا قِيلَ لَهُمُ اتَّقُوا مَا بَيْنَ أَيْدِيكُمْ وَمَا خَلْفَكُمْ لَعَلَّكُمْ تُرْحَمُونَ [36:45]

আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকৰ সন্মুখত যি আছে আৰু তোমালোকৰ পিছত যি আছে সেই সম্পৰ্কে তাক্বৱা অৱলম্বন কৰা; যাতে তোমালোকৰ প্ৰতি ৰহমত কৰা হয়’,

### الآية 36:46

> ﻿وَمَا تَأْتِيهِمْ مِنْ آيَةٍ مِنْ آيَاتِ رَبِّهِمْ إِلَّا كَانُوا عَنْهَا مُعْرِضِينَ [36:46]

আৰু যেতিয়াই সিহঁতৰ প্ৰতিপালকৰ নিদৰ্শনসমূহৰ মাজৰ পৰা কোনো নিদৰ্শন সিহঁতৰ ওচৰত আহে, তেতিয়াই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।

### الآية 36:47

> ﻿وَإِذَا قِيلَ لَهُمْ أَنْفِقُوا مِمَّا رَزَقَكُمُ اللَّهُ قَالَ الَّذِينَ كَفَرُوا لِلَّذِينَ آمَنُوا أَنُطْعِمُ مَنْ لَوْ يَشَاءُ اللَّهُ أَطْعَمَهُ إِنْ أَنْتُمْ إِلَّا فِي ضَلَالٍ مُبِينٍ [36:47]

আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে ব্যয় কৰা’, তেতিয়া কাফিৰসকলে মুমিনসকলক কয়, ‘আমি তাক খাদ্য দান কৰিমনে, যাক আল্লাহে ইচ্ছা কৰিলেই খোৱাব পাৰে? নিশ্চয় তোমালোক স্পষ্ট বিভ্ৰান্তিত আছা’।

### الآية 36:48

> ﻿وَيَقُولُونَ مَتَىٰ هَٰذَا الْوَعْدُ إِنْ كُنْتُمْ صَادِقِينَ [36:48]

সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ’ব’?

### الآية 36:49

> ﻿مَا يَنْظُرُونَ إِلَّا صَيْحَةً وَاحِدَةً تَأْخُذُهُمْ وَهُمْ يَخِصِّمُونَ [36:49]

সিহঁত মাথোন এটা বিকট শব্দৰ অপেক্ষাত আছে, যিটোৱে সিহঁতক বাক-বিতণ্ডাত লিপ্ত থকা অৱস্থাত আক্ৰমণ কৰিব।

### الآية 36:50

> ﻿فَلَا يَسْتَطِيعُونَ تَوْصِيَةً وَلَا إِلَىٰ أَهْلِهِمْ يَرْجِعُونَ [36:50]

তেতিয়া সিহঁতে অছিয়ত কৰাৰো সমৰ্থ নাপাব আৰু নিজৰ পৰিয়ালবৰ্গৰ ওচৰলৈকেও উভতি আহিব নোৱাৰিব।

### الآية 36:51

> ﻿وَنُفِخَ فِي الصُّورِ فَإِذَا هُمْ مِنَ الْأَجْدَاثِ إِلَىٰ رَبِّهِمْ يَنْسِلُونَ [36:51]

আৰু যেতিয়া শিঙাত ফুঁ দিয়া হ’ব, তেতিয়াই সিহঁতে কবৰৰ পৰা ওলাই নিজ প্ৰতিপালকৰ পিনে দৌৰি গুচি আহিব।

### الآية 36:52

> ﻿قَالُوا يَا وَيْلَنَا مَنْ بَعَثَنَا مِنْ مَرْقَدِنَا ۜ ۗ هَٰذَا مَا وَعَدَ الرَّحْمَٰنُ وَصَدَقَ الْمُرْسَلُونَ [36:52]

সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! কোনে আমাক আমাৰ নিদ্ৰাস্থলৰ পৰা উঠালে? দয়াময় আল্লাহে ইয়াৰেই প্ৰতিশ্ৰুতি দিছিল আৰু ৰাছুলসকলেও সত্যহে কৈছিল’।

### الآية 36:53

> ﻿إِنْ كَانَتْ إِلَّا صَيْحَةً وَاحِدَةً فَإِذَا هُمْ جَمِيعٌ لَدَيْنَا مُحْضَرُونَ [36:53]

এইটো হ’ব কেৱল এটা বিকট শব্দ; তেতিয়াই ইহঁত সকলোকে উপস্থিত কৰা হ’ব আমাৰ সন্মুখত,

### الآية 36:54

> ﻿فَالْيَوْمَ لَا تُظْلَمُ نَفْسٌ شَيْئًا وَلَا تُجْزَوْنَ إِلَّا مَا كُنْتُمْ تَعْمَلُونَ [36:54]

এতেকে আজি কাৰো প্ৰতি অন্যায় কৰা নহব আৰু তোমালোকে যি কৰিছিলা কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।

### الآية 36:55

> ﻿إِنَّ أَصْحَابَ الْجَنَّةِ الْيَوْمَ فِي شُغُلٍ فَاكِهُونَ [36:55]

নিশ্চয় জান্নাতবাসীসকল আজি আনন্দত মগ্ন থাকিব,

### الآية 36:56

> ﻿هُمْ وَأَزْوَاجُهُمْ فِي ظِلَالٍ عَلَى الْأَرَائِكِ مُتَّكِئُونَ [36:56]

তেওঁলোকে আৰু তেওঁলোকৰ স্ত্ৰীসকল সুশীতল ছাঁৰ তলত সুসজ্জিত আসনত আউজি বহিব।

### الآية 36:57

> ﻿لَهُمْ فِيهَا فَاكِهَةٌ وَلَهُمْ مَا يَدَّعُونَ [36:57]

তাত থাকিব তেওঁলোকৰ বাবে ফলমূল, আৰু তেওঁলোকে যিটো বিচাৰিব সেইটোৱেই পাব,

### الآية 36:58

> ﻿سَلَامٌ قَوْلًا مِنْ رَبٍّ رَحِيمٍ [36:58]

অসীম দয়ালু প্ৰতিপালকৰ তৰফৰ পৰা কোৱা হ’ব ‘ছালাম’ (অভিনন্দন বা নিৰাপত্তা)।

### الآية 36:59

> ﻿وَامْتَازُوا الْيَوْمَ أَيُّهَا الْمُجْرِمُونَ [36:59]

আৰু ‘হে অপৰাধীসকল! তোমালোকে আজি পৃথক হৈ যোৱা’।

### الآية 36:60

> ﻿۞ أَلَمْ أَعْهَدْ إِلَيْكُمْ يَا بَنِي آدَمَ أَنْ لَا تَعْبُدُوا الشَّيْطَانَ ۖ إِنَّهُ لَكُمْ عَدُوٌّ مُبِينٌ [36:60]

হে আদম সন্তান! মই তোমালোকক এই মৰ্মে নিৰ্দেশ দিয়া নাছিলোনে যে, তোমালোকে চয়তানৰ ইবাদত নকৰিবা, কাৰণ সি তোমালোকৰ প্ৰকাশ্য শত্ৰু?

### الآية 36:61

> ﻿وَأَنِ اعْبُدُونِي ۚ هَٰذَا صِرَاطٌ مُسْتَقِيمٌ [36:61]

আৰু কেৱল মোৰেই ইবাদত কৰা, এইটোৱেই সৰল পথ।

### الآية 36:62

> ﻿وَلَقَدْ أَضَلَّ مِنْكُمْ جِبِلًّا كَثِيرًا ۖ أَفَلَمْ تَكُونُوا تَعْقِلُونَ [36:62]

আৰু চয়তানে তোমালোকৰ বহু দলক বিভ্ৰান্ত কৰিছিল, তথাপিও তোমালোকে অনুধাৱন কৰা নাইনে?

### الآية 36:63

> ﻿هَٰذِهِ جَهَنَّمُ الَّتِي كُنْتُمْ تُوعَدُونَ [36:63]

এইটোৱেই সেই জাহান্নাম, যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল।

### الآية 36:64

> ﻿اصْلَوْهَا الْيَوْمَ بِمَا كُنْتُمْ تَكْفُرُونَ [36:64]

তোমালোকে যে কুফৰী কৰিছিলা তাৰ বাবে আজি তোমালোকে ইয়াত দগ্ধ হোৱা।

### الآية 36:65

> ﻿الْيَوْمَ نَخْتِمُ عَلَىٰ أَفْوَاهِهِمْ وَتُكَلِّمُنَا أَيْدِيهِمْ وَتَشْهَدُ أَرْجُلُهُمْ بِمَا كَانُوا يَكْسِبُونَ [36:65]

আজি আমি সিহঁতৰ মুখত মোহৰ মাৰি দিম, সিহঁতৰ হাতে আমাৰ লগত কথা পাতিব আৰু সিহঁতৰ ভৰিয়ে সাক্ষ্য দিব সিহঁতৰ কৃতকৰ্মৰ।

### الآية 36:66

> ﻿وَلَوْ نَشَاءُ لَطَمَسْنَا عَلَىٰ أَعْيُنِهِمْ فَاسْتَبَقُوا الصِّرَاطَ فَأَنَّىٰ يُبْصِرُونَ [36:66]

আৰু আমি ইচ্ছা কৰিলে অৱশ্যে সিহঁতৰ চকুবোৰক লোপ কৰি দিলোহেঁতেন, তেতিয়া সিহঁতে পথ অন্বেষণত দৌৰিলেও (কোনো কামত নাহিব) কাৰণ কেনেকৈনো দেখা পাব!

### الآية 36:67

> ﻿وَلَوْ نَشَاءُ لَمَسَخْنَاهُمْ عَلَىٰ مَكَانَتِهِمْ فَمَا اسْتَطَاعُوا مُضِيًّا وَلَا يَرْجِعُونَ [36:67]

আৰু আমি ইচ্ছা কৰিলে সিহঁতৰ নিজ নিজ স্থানত সিহঁতৰ আকৃতি পৰিবৰ্তন কৰি দিলোহেঁতেন, ফলত সিহঁতে আগুৱাইয়ো যাব নোৱাৰিলেহেঁতেন আৰু উভতিও আহিব নোৱাৰিলেহেঁতেন।

### الآية 36:68

> ﻿وَمَنْ نُعَمِّرْهُ نُنَكِّسْهُ فِي الْخَلْقِ ۖ أَفَلَا يَعْقِلُونَ [36:68]

আৰু আমি যাক দীৰ্ঘ জীৱন দান কৰো, সৃষ্টি অৱয়বত তাৰ অৱনতি ঘটাওঁ। তথাপিও সিহঁতে বুজি নাপায়নে?

### الآية 36:69

> ﻿وَمَا عَلَّمْنَاهُ الشِّعْرَ وَمَا يَنْبَغِي لَهُ ۚ إِنْ هُوَ إِلَّا ذِكْرٌ وَقُرْآنٌ مُبِينٌ [36:69]

আমি তেওঁক (ৰাছুলক) কাব্য ৰচনা কৰা শিকোৱা নাই আৰু এইটো তেওঁৰ বাবে শোভনীয়ও নহয়। নিশ্চয় এইটো কেৱল এটা উপদেশ আৰু সুস্পষ্ট কোৰআন;

### الآية 36:70

> ﻿لِيُنْذِرَ مَنْ كَانَ حَيًّا وَيَحِقَّ الْقَوْلُ عَلَى الْكَافِرِينَ [36:70]

যাতে ই জীৱিতসকলক সতৰ্ক কৰিব পাৰে আৰু কাফিৰসকলৰ বিৰুদ্ধে শাস্তিৰ কথা সত্য বুলি প্ৰমাণিত হয়।

### الآية 36:71

> ﻿أَوَلَمْ يَرَوْا أَنَّا خَلَقْنَا لَهُمْ مِمَّا عَمِلَتْ أَيْدِينَا أَنْعَامًا فَهُمْ لَهَا مَالِكُونَ [36:71]

সিহঁতে লক্ষ্য কৰা নাইনে যে, আমাৰ হাতেৰে প্ৰস্তুত কৰা বস্তুসমূহৰ মাজত আমি সিহঁতৰ বাবে ঘৰচীয়া জন্তুও সৃষ্টি কৰিছো। সিহঁতেই সেইবোৰৰ মালিক।

### الآية 36:72

> ﻿وَذَلَّلْنَاهَا لَهُمْ فَمِنْهَا رَكُوبُهُمْ وَمِنْهَا يَأْكُلُونَ [36:72]

আৰু আমি সেইবোৰক সিহঁতৰ বশীভূত কৰি দিছো। ফলত সেইবোৰৰ কিছু সংখ্যক হৈছে সিহঁতৰ বাহন আৰু কিছুমানক সিহঁতে ভক্ষণ কৰে।

### الآية 36:73

> ﻿وَلَهُمْ فِيهَا مَنَافِعُ وَمَشَارِبُ ۖ أَفَلَا يَشْكُرُونَ [36:73]

আৰু সিহঁতৰ বাবে এইবোৰৰ মাজত আছে বহুতো উপকাৰ লগতে আছে পানীয় উপাদান। তথাপিও সিহঁতে কৃতজ্ঞতা প্ৰকাশ নকৰিবনে?

### الآية 36:74

> ﻿وَاتَّخَذُوا مِنْ دُونِ اللَّهِ آلِهَةً لَعَلَّهُمْ يُنْصَرُونَ [36:74]

অথচ সিহঁতে আল্লাহৰ পৰিবৰ্তে অন্য ইলাহ গ্ৰহণ কৰিছে, এই আশাত যে, সিহঁতে সাহায্যপ্ৰাপ্ত হ’ব।

### الآية 36:75

> ﻿لَا يَسْتَطِيعُونَ نَصْرَهُمْ وَهُمْ لَهُمْ جُنْدٌ مُحْضَرُونَ [36:75]

কিন্তু সেইবোৰে সিহঁতক সহায় কৰিবলৈ সক্ষম নহয়, বৰং সেইবোৰক সিহঁতৰ বিৰুদ্ধে বাহিনীৰূপে উপস্থিত কৰা হ’ব।

### الآية 36:76

> ﻿فَلَا يَحْزُنْكَ قَوْلُهُمْ ۘ إِنَّا نَعْلَمُ مَا يُسِرُّونَ وَمَا يُعْلِنُونَ [36:76]

এতেকে সিহঁতৰ কথায় যেন তোমাক চিন্তিত নকৰে, নিশ্চয় আমি জানো যি সিহঁতে গোপন কৰে আৰু যি সিহঁতে প্ৰকাশ কৰে।

### الآية 36:77

> ﻿أَوَلَمْ يَرَ الْإِنْسَانُ أَنَّا خَلَقْنَاهُ مِنْ نُطْفَةٍ فَإِذَا هُوَ خَصِيمٌ مُبِينٌ [36:77]

মানুহে লক্ষ্য কৰা নাইনে যে, আমি তাক সৃষ্টি কৰিছো শুক্ৰবিন্দুৰ পৰা, অথচ পিছত সি প্ৰকাশ্য বিতণ্ডাকাৰী হৈ পৰে।

### الآية 36:78

> ﻿وَضَرَبَ لَنَا مَثَلًا وَنَسِيَ خَلْقَهُ ۖ قَالَ مَنْ يُحْيِي الْعِظَامَ وَهِيَ رَمِيمٌ [36:78]

আৰু সি আমাৰ বিষয়ে উপমা ৰচনা কৰে, অথচ সি নিজৰ সৃষ্টিৰ কথা পাহৰি যায়। সি কয়, ‘অস্থিৰ ভিতৰত কোনে প্ৰাণ সঞ্চাৰ কৰিব যেতিয়া ই জহি-খহি, গেলি-পচি যাব’?

### الآية 36:79

> ﻿قُلْ يُحْيِيهَا الَّذِي أَنْشَأَهَا أَوَّلَ مَرَّةٍ ۖ وَهُوَ بِكُلِّ خَلْقٍ عَلِيمٌ [36:79]

কোৱা, ‘তেৱেঁই তাত প্ৰাণ সঞ্চাৰ কৰিব যিজনে ইয়াক প্ৰথমবাৰ সৃষ্টি কৰিছে, আৰু তেওঁ প্ৰতিটো সৃষ্টি সম্পৰ্কে সম্যক পৰিজ্ঞাত’।

### الآية 36:80

> ﻿الَّذِي جَعَلَ لَكُمْ مِنَ الشَّجَرِ الْأَخْضَرِ نَارًا فَإِذَا أَنْتُمْ مِنْهُ تُوقِدُونَ [36:80]

তেৱেঁই তোমালোকৰ বাবে সেউজীয়া গছৰ পৰা জুই উৎপন্ন কৰে, ফলত তোমালোকে তাৰ পৰা অগ্নি প্ৰজ্বলিত কৰা।

### الآية 36:81

> ﻿أَوَلَيْسَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ بِقَادِرٍ عَلَىٰ أَنْ يَخْلُقَ مِثْلَهُمْ ۚ بَلَىٰ وَهُوَ الْخَلَّاقُ الْعَلِيمُ [36:81]

যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে তেওঁ সিহঁতৰ অনুৰূপ আকৌ সৃষ্টি কৰিবলৈ সক্ষম নহয়নে? নিশ্চয় হয়। তেওঁ মহাস্ৰষ্টা, সৰ্বজ্ঞ।

### الآية 36:82

> ﻿إِنَّمَا أَمْرُهُ إِذَا أَرَادَ شَيْئًا أَنْ يَقُولَ لَهُ كُنْ فَيَكُونُ [36:82]

তেওঁৰ বিষয়টো এনেকুৱা যে, তেওঁ যেতিয়া কোনো বস্তুৰ ইচ্ছা কৰে, তেতিয়া কেৱল কয়, ‘হ’, ফলত সেইটো হৈ যায়।

### الآية 36:83

> ﻿فَسُبْحَانَ الَّذِي بِيَدِهِ مَلَكُوتُ كُلِّ شَيْءٍ وَإِلَيْهِ تُرْجَعُونَ [36:83]

এতেকে পৱিত্ৰ আৰু মহান সেই সত্তা, যাৰ হাতত প্ৰত্যেক বিষয়ৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/36.md)
- [كل تفاسير سورة يس
](https://quranpedia.net/surah-tafsir/36.md)
- [ترجمات سورة يس
](https://quranpedia.net/translations/36.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/36/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
