---
title: "ترجمة سورة الصافات - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/37/book/1994.md"
canonical: "https://quranpedia.net/surah/1/37/book/1994"
surah_id: "37"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة الصافات - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/37/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة الصافات - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/37/book/1994*.

Translation of Surah الصافات from "الترجمة الأسامية" in الأسامية.

### الآية 37:1

> وَالصَّافَّاتِ صَفًّا [37:1]

শপত শাৰীবদ্ধ ফিৰিস্তাসকলৰ,

### الآية 37:2

> ﻿فَالزَّاجِرَاتِ زَجْرًا [37:2]

তাৰ পিছত কঠোৰ পৰিচালকসকলৰ,

### الآية 37:3

> ﻿فَالتَّالِيَاتِ ذِكْرًا [37:3]

আৰু উপদেশ গ্ৰন্থ তিলাৱতকাৰীসকলৰ,

### الآية 37:4

> ﻿إِنَّ إِلَٰهَكُمْ لَوَاحِدٌ [37:4]

নিশ্চয় তোমালোকৰ ইলাহ এজন,

### الآية 37:5

> ﻿رَبُّ السَّمَاوَاتِ وَالْأَرْضِ وَمَا بَيْنَهُمَا وَرَبُّ الْمَشَارِقِ [37:5]

যিজন আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মধ্যৱৰ্তী সকলো বস্তুৰ ৰব আৰু উদয়স্থল সমূহৰো ৰব।

### الآية 37:6

> ﻿إِنَّا زَيَّنَّا السَّمَاءَ الدُّنْيَا بِزِينَةٍ الْكَوَاكِبِ [37:6]

নিশ্চয় আমি নিকটৱৰ্তী আকাশখনক নক্ষত্ৰৰাজিৰ সৌন্দৰ্যৰে সুশোভিত কৰিছো,

### الآية 37:7

> ﻿وَحِفْظًا مِنْ كُلِّ شَيْطَانٍ مَارِدٍ [37:7]

আৰু ৰক্ষা কৰিছো প্ৰত্যেক বিদ্ৰোহী চয়তানৰ পৰা।

### الآية 37:8

> ﻿لَا يَسَّمَّعُونَ إِلَى الْمَلَإِ الْأَعْلَىٰ وَيُقْذَفُونَ مِنْ كُلِّ جَانِبٍ [37:8]

ফলত সিহঁতে উৰ্দ্ধজগতৰ একোৱে শুনিব নোৱাৰে, কাৰণ কেউফালৰ পৰা সিহঁতৰ প্ৰতি নিক্ষেপ কৰা হয় (উল্কাপিণ্ড),

### الآية 37:9

> ﻿دُحُورًا ۖ وَلَهُمْ عَذَابٌ وَاصِبٌ [37:9]

সিহঁতক খেদি পঠিওৱাৰ বাবে, আৰু সিহঁতৰ বাবে আছে অবিৰাম শাস্তি।

### الآية 37:10

> ﻿إِلَّا مَنْ خَطِفَ الْخَطْفَةَ فَأَتْبَعَهُ شِهَابٌ ثَاقِبٌ [37:10]

কিন্তু হঠাৎ কোনোবাই কিবা শুনিলে জ্বলন্ত উল্কাপিণ্ডই তাৰ পিছে পিছে খেদি যায়।

### الآية 37:11

> ﻿فَاسْتَفْتِهِمْ أَهُمْ أَشَدُّ خَلْقًا أَمْ مَنْ خَلَقْنَا ۚ إِنَّا خَلَقْنَاهُمْ مِنْ طِينٍ لَازِبٍ [37:11]

এতেকে সিহঁতক সুধি চোৱাচোন, সৃষ্টিৰ ক্ষেত্ৰত সিহঁতে বেছি জটিল নে আমি আন যিবোৰ সৃষ্টি কৰিছো সেইবোৰ? আমি সিহঁতক দেখুন আলতীয়া মাটিৰ পৰা সৃষ্টি কৰিছো।

### الآية 37:12

> ﻿بَلْ عَجِبْتَ وَيَسْخَرُونَ [37:12]

বৰং তুমি বিস্ময় বোধ কৰিছা, আৰু সিহঁতে বিদ্ৰূপ কৰি আছে।

### الآية 37:13

> ﻿وَإِذَا ذُكِّرُوا لَا يَذْكُرُونَ [37:13]

আৰু যেতিয়া সিহঁতক উপদেশ দিয়া হয়, তেতিয়া সিহঁতে সেয়া গ্ৰহণ নকৰে।

### الآية 37:14

> ﻿وَإِذَا رَأَوْا آيَةً يَسْتَسْخِرُونَ [37:14]

আৰু যেতিয়া সিহঁতে কোনো নিদৰ্শন দেখে, তেতিয়া সিহঁতে উপহাস কৰে।

### الآية 37:15

> ﻿وَقَالُوا إِنْ هَٰذَا إِلَّا سِحْرٌ مُبِينٌ [37:15]

আৰু কয়, ‘এইটো দেখুন সুস্পষ্ট যাদুৰ বাহিৰে আন একো নহয়।

### الآية 37:16

> ﻿أَإِذَا مِتْنَا وَكُنَّا تُرَابًا وَعِظَامًا أَإِنَّا لَمَبْعُوثُونَ [37:16]

‘আমি যেতিয়া মৃত্যুবৰণ কৰিম লগতে মাটি আৰু অস্থিত পৰিণত হম, তথাপিও আমাক পুনৰুত্থিত কৰা হ’বনে?

### الآية 37:17

> ﻿أَوَآبَاؤُنَا الْأَوَّلُونَ [37:17]

‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’?

### الآية 37:18

> ﻿قُلْ نَعَمْ وَأَنْتُمْ دَاخِرُونَ [37:18]

কোৱা, ‘হয়, আৰু তোমালোক হ’বা লাঞ্ছিত’।

### الآية 37:19

> ﻿فَإِنَّمَا هِيَ زَجْرَةٌ وَاحِدَةٌ فَإِذَا هُمْ يَنْظُرُونَ [37:19]

এতেকে সেয়া কেৱল এটা মাত্ৰ প্ৰচণ্ড ধমক, তৎক্ষণাৎ সিহঁতে থৰ লাগি চাই থাকিব।

### الآية 37:20

> ﻿وَقَالُوا يَا وَيْلَنَا هَٰذَا يَوْمُ الدِّينِ [37:20]

আৰু সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! এইটো দেখুন প্ৰতিদান দিৱস’।

### الآية 37:21

> ﻿هَٰذَا يَوْمُ الْفَصْلِ الَّذِي كُنْتُمْ بِهِ تُكَذِّبُونَ [37:21]

এইটোৱেই ফয়চালাৰ দিন, যি বিষয়ে তোমালোকে অবিশ্বাস কৰিছিলা।

### الآية 37:22

> ﻿۞ احْشُرُوا الَّذِينَ ظَلَمُوا وَأَزْوَاجَهُمْ وَمَا كَانُوا يَعْبُدُونَ [37:22]

(ফিৰিস্তাসকলক কোৱা হ’ব) ‘একত্ৰিত কৰা যালিমসকলক আৰু সিহঁতৰ সঙ্গী-সাৰথিসকলক আৰু সেইবোৰকো যিবোৰৰ সিহঁতে ইবাদত কৰিছিল,

### الآية 37:23

> ﻿مِنْ دُونِ اللَّهِ فَاهْدُوهُمْ إِلَىٰ صِرَاطِ الْجَحِيمِ [37:23]

আল্লাহৰ বাহিৰে, আৰু সিহঁতক জাহান্নামৰ পথ দেখুৱাই দিয়া,

### الآية 37:24

> ﻿وَقِفُوهُمْ ۖ إِنَّهُمْ مَسْئُولُونَ [37:24]

‘আৰু সিহঁতক ৰখোৱাচোন, নিশ্চয় সিহঁতক প্ৰশ্ন কৰা হ’ব।

### الآية 37:25

> ﻿مَا لَكُمْ لَا تَنَاصَرُونَ [37:25]

‘কি হ’ল তোমালোকৰ, তোমালোকে কিয় ইজনে সিজনৰ সহায় কৰা নাই এতিয়া’?

### الآية 37:26

> ﻿بَلْ هُمُ الْيَوْمَ مُسْتَسْلِمُونَ [37:26]

প্ৰকৃততে সিহঁত হ’ব আজি আত্মসমৰ্পনকাৰী।

### الآية 37:27

> ﻿وَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍ يَتَسَاءَلُونَ [37:27]

আৰু সিহঁতে ইজনে সিজনৰ মুখা-মখী হৈ সোধ-পোছ কৰিব,

### الآية 37:28

> ﻿قَالُوا إِنَّكُمْ كُنْتُمْ تَأْتُونَنَا عَنِ الْيَمِينِ [37:28]

সিহঁতে ক’ব, ‘নিশ্চয় তোমালোকেই আমাৰ ওচৰলৈ শপত লৈ আহিছিলা’।

### الآية 37:29

> ﻿قَالُوا بَلْ لَمْ تَكُونُوا مُؤْمِنِينَ [37:29]

সিহঁতে (নেতৃস্থানীয় কাফিৰবিলাকে) ক’ব, ‘বৰং তোমালোকেই মুমিন নাছিলা,

### الآية 37:30

> ﻿وَمَا كَانَ لَنَا عَلَيْكُمْ مِنْ سُلْطَانٍ ۖ بَلْ كُنْتُمْ قَوْمًا طَاغِينَ [37:30]

‘আৰু তোমালোকৰ ওপৰত আমাৰ কোনো কৰ্তৃত্ব নাছিল; দৰাচলতে তোমালোকেই আছিলা সীমালংঘনকাৰী সম্প্ৰদায়।

### الآية 37:31

> ﻿فَحَقَّ عَلَيْنَا قَوْلُ رَبِّنَا ۖ إِنَّا لَذَائِقُونَ [37:31]

‘সেয়ে আমাৰ বিৰুদ্ধে আমাৰ প্ৰতিপালকৰ কথা সত্য হিচাপে সাব্যস্ত হৈছে, নিশ্চয় আমি শাস্তি আস্বাদন কৰিম।

### الآية 37:32

> ﻿فَأَغْوَيْنَاكُمْ إِنَّا كُنَّا غَاوِينَ [37:32]

‘এতেকে আমিয়েই তোমালোকক বিভ্ৰান্ত কৰিছিলো, কাৰণ আমি নিজেও আছিলো বিভ্ৰান্ত’।

### الآية 37:33

> ﻿فَإِنَّهُمْ يَوْمَئِذٍ فِي الْعَذَابِ مُشْتَرِكُونَ [37:33]

তাৰ পিছত নিশ্চয় সিহঁত আটায়ে সেইদিনা শাস্তিত অংশীদাৰ হ’ব।

### الآية 37:34

> ﻿إِنَّا كَذَٰلِكَ نَفْعَلُ بِالْمُجْرِمِينَ [37:34]

নিশ্চয় আমি অপৰাধীবিলাকৰ লগত এনেকুৱা আচৰণেই কৰো।

### الآية 37:35

> ﻿إِنَّهُمْ كَانُوا إِذَا قِيلَ لَهُمْ لَا إِلَٰهَ إِلَّا اللَّهُ يَسْتَكْبِرُونَ [37:35]

সিহঁতক যেতিয়া কোৱা হৈছিল, ‘আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই’, তেতিয়া সিহঁতে অহংকাৰ কৰিছিল।

### الآية 37:36

> ﻿وَيَقُولُونَ أَئِنَّا لَتَارِكُو آلِهَتِنَا لِشَاعِرٍ مَجْنُونٍ [37:36]

আৰু কৈছিল, ‘আমি এজন উন্মাদ কবিৰ কথাত আমাৰ ইলাহসমূহক বৰ্জন কৰিম নেকি’?

### الآية 37:37

> ﻿بَلْ جَاءَ بِالْحَقِّ وَصَدَّقَ الْمُرْسَلِينَ [37:37]

বৰং তেওঁ সত্য লৈ আহিছে আৰু (বিগত) ৰাছুলসকলকো সত্য বুলি স্বীকাৰ কৰিছে।

### الآية 37:38

> ﻿إِنَّكُمْ لَذَائِقُو الْعَذَابِ الْأَلِيمِ [37:38]

নিশ্চয় তোমালোকে যন্ত্ৰণাদায়ক শাস্তিৰ আস্বাদনকাৰী হবা,

### الآية 37:39

> ﻿وَمَا تُجْزَوْنَ إِلَّا مَا كُنْتُمْ تَعْمَلُونَ [37:39]

আৰু তোমালোকে যি কৰিছিলা কেৱল তাৰেই প্ৰতিফল পাবা,

### الآية 37:40

> ﻿إِلَّا عِبَادَ اللَّهِ الْمُخْلَصِينَ [37:40]

কিন্তু তেওঁলোক নহয়, যিসকল আল্লাহৰ একনিষ্ঠ বান্দা।

### الآية 37:41

> ﻿أُولَٰئِكَ لَهُمْ رِزْقٌ مَعْلُومٌ [37:41]

তেওঁলোকৰ বাবে আছে নিৰ্ধাৰিত ৰিজিক্ব (জীৱিকা),

### الآية 37:42

> ﻿فَوَاكِهُ ۖ وَهُمْ مُكْرَمُونَ [37:42]

ফলমূল; আৰু তেওঁলোক হ’ব সন্মানিত,

### الآية 37:43

> ﻿فِي جَنَّاتِ النَّعِيمِ [37:43]

নিয়ামতেৰে ভৰা জান্নাতত,

### الآية 37:44

> ﻿عَلَىٰ سُرُرٍ مُتَقَابِلِينَ [37:44]

মুখা-মুখী হৈ আসনত বহিব।

### الآية 37:45

> ﻿يُطَافُ عَلَيْهِمْ بِكَأْسٍ مِنْ مَعِينٍ [37:45]

তেওঁলোকৰ চাৰিওফালে ঘূৰি ঘূৰি পৰিবেশন কৰা হ’ব বিশুদ্ধ সুৰাপূৰ্ণ পাত্ৰ,

### الآية 37:46

> ﻿بَيْضَاءَ لَذَّةٍ لِلشَّارِبِينَ [37:46]

শুভ্ৰ উজ্জ্বল, যিবোৰ হ’ব পানকাৰী সকলৰ বাবে সুস্বাদু।

### الآية 37:47

> ﻿لَا فِيهَا غَوْلٌ وَلَا هُمْ عَنْهَا يُنْزَفُونَ [37:47]

তাত ক্ষতিকৰ একো নাথাকিব আৰু তেওঁলোক এইবোৰৰ দ্বাৰা মাতোৱালো নহ’ব।

### الآية 37:48

> ﻿وَعِنْدَهُمْ قَاصِرَاتُ الطَّرْفِ عِينٌ [37:48]

তেওঁলোকৰ ওচৰত থাকিব আনত নয়না, ডাঙৰ চকু বিশিষ্টা (হূৰসকল)।

### الآية 37:49

> ﻿كَأَنَّهُنَّ بَيْضٌ مَكْنُونٌ [37:49]

তেওঁলোক যেনিবা আচ্ছাদিত কণী।

### الآية 37:50

> ﻿فَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍ يَتَسَاءَلُونَ [37:50]

তাৰ পিছত তেওঁলোকে পৰস্পৰে মুখা-মুখী হৈ সোধ-পোছ কৰিব।

### الآية 37:51

> ﻿قَالَ قَائِلٌ مِنْهُمْ إِنِّي كَانَ لِي قَرِينٌ [37:51]

তেওঁলোকৰ কোনোবাই ক’ব, ‘(পৃথিৱীত) মোৰ এজন সঙ্গী আছিল,

### الآية 37:52

> ﻿يَقُولُ أَإِنَّكَ لَمِنَ الْمُصَدِّقِينَ [37:52]

সি কৈছিল, তুমিও সিহঁতৰ অন্তৰ্ভুক্ত নেকি, যিসকলে বিশ্বাস কৰে যে,

### الآية 37:53

> ﻿أَإِذَا مِتْنَا وَكُنَّا تُرَابًا وَعِظَامًا أَإِنَّا لَمَدِينُونَ [37:53]

‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু আমি মাটি ও অস্থিত পৰিণত হম তেতিয়াও আমাক প্ৰতিফল দিয়া হ’বনে’?

### الآية 37:54

> ﻿قَالَ هَلْ أَنْتُمْ مُطَّلِعُونَ [37:54]

আল্লাহে ক’ব, ‘তোমালোকে তাক দেখিব বিচৰা নেকি’?

### الآية 37:55

> ﻿فَاطَّلَعَ فَرَآهُ فِي سَوَاءِ الْجَحِيمِ [37:55]

তাৰ পিছত তেওঁ জুমি চাব আৰু তাক দেখা পাব জাহান্নামৰ মধ্যস্থলত;

### الآية 37:56

> ﻿قَالَ تَاللَّهِ إِنْ كِدْتَ لَتُرْدِينِ [37:56]

তেওঁ ক’ব, ‘আল্লাহৰ শপত! তুমিতো মোক প্ৰায় ধ্বংসহে কৰিছিলা,

### الآية 37:57

> ﻿وَلَوْلَا نِعْمَةُ رَبِّي لَكُنْتُ مِنَ الْمُحْضَرِينَ [37:57]

‘মোৰ প্ৰতিপালকৰ অনুগ্ৰহ নহ’লে দেখুন ময়ো (জাহান্নামত) উপস্থিতকৃত ব্যক্তিসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন।

### الآية 37:58

> ﻿أَفَمَا نَحْنُ بِمَيِّتِينَ [37:58]

(যিকে নহওঁক এতিয়া) আমাৰ আৰু দুনাই মৃত্যু নহয়,

### الآية 37:59

> ﻿إِلَّا مَوْتَتَنَا الْأُولَىٰ وَمَا نَحْنُ بِمُعَذَّبِينَ [37:59]

‘আমাৰ প্ৰথম মৃত্যুৰ পিছত আৰু আমাক শাস্তিও দিয়া নহব!’

### الآية 37:60

> ﻿إِنَّ هَٰذَا لَهُوَ الْفَوْزُ الْعَظِيمُ [37:60]

নিশ্চয় এইটোৱেই সেই মহাসফলতা।

### الآية 37:61

> ﻿لِمِثْلِ هَٰذَا فَلْيَعْمَلِ الْعَامِلُونَ [37:61]

এনেকুৱা সফলতাৰ বাবেই আমলকাৰী সকলে আমল কৰা উচিত,

### الآية 37:62

> ﻿أَذَٰلِكَ خَيْرٌ نُزُلًا أَمْ شَجَرَةُ الزَّقُّومِ [37:62]

(কোৱাচোন) আপ্যায়নৰ বাবে এইবোৰেই উত্তম নে যাক্কূম গছ উত্তম?

### الآية 37:63

> ﻿إِنَّا جَعَلْنَاهَا فِتْنَةً لِلظَّالِمِينَ [37:63]

নিশ্চয় আমি যালিমসকলৰ বাবে ইয়াক পৰীক্ষাস্বৰূপ সৃষ্টি কৰিছো,

### الآية 37:64

> ﻿إِنَّهَا شَجَرَةٌ تَخْرُجُ فِي أَصْلِ الْجَحِيمِ [37:64]

এই গছ উৎপন্ন হয় জাহান্নামৰ তলৰ পৰা,

### الآية 37:65

> ﻿طَلْعُهَا كَأَنَّهُ رُءُوسُ الشَّيَاطِينِ [37:65]

ইয়াৰ থোপা হৈছে যেনিবা চয়তানৰ মূৰ,

### الآية 37:66

> ﻿فَإِنَّهُمْ لَآكِلُونَ مِنْهَا فَمَالِئُونَ مِنْهَا الْبُطُونَ [37:66]

নিশ্চয় সিহঁতে এইটো ভক্ষণ কৰিব আৰু সেইটোৰ দ্বাৰাই পেট ভৰাব।

### الآية 37:67

> ﻿ثُمَّ إِنَّ لَهُمْ عَلَيْهَا لَشَوْبًا مِنْ حَمِيمٍ [37:67]

ইয়াৰ পিছতো সিহঁতৰ বাবে থাকিব উতলা পানীৰ মিশ্ৰণ।

### الآية 37:68

> ﻿ثُمَّ إِنَّ مَرْجِعَهُمْ لَإِلَى الْجَحِيمِ [37:68]

তাৰ পিছত সিহঁতৰ প্ৰত্যাৱৰ্তন হ’ব জাহান্নামৰ জুইৰ ফালে।

### الآية 37:69

> ﻿إِنَّهُمْ أَلْفَوْا آبَاءَهُمْ ضَالِّينَ [37:69]

নিশ্চয় সিহঁতে সিহঁতৰ পিতৃ-পুৰুষসকলক পাইছিল পথভ্ৰষ্ট,

### الآية 37:70

> ﻿فَهُمْ عَلَىٰ آثَارِهِمْ يُهْرَعُونَ [37:70]

তথাপিও সিহঁতে সিহঁতৰ অনুসৰণত দ্ৰুত গতি কৰিছিল।

### الآية 37:71

> ﻿وَلَقَدْ ضَلَّ قَبْلَهُمْ أَكْثَرُ الْأَوَّلِينَ [37:71]

অৱশ্যে সিহঁতৰ পূৰ্বেও পূৰ্বৱৰ্তীসকলৰ সৰহভাগ মানুহেই বিপথগামী হৈছিল,

### الآية 37:72

> ﻿وَلَقَدْ أَرْسَلْنَا فِيهِمْ مُنْذِرِينَ [37:72]

অৱশ্যে আমি সিহঁতৰ মাজতো সতৰ্ককাৰী প্ৰেৰণ কৰিছিলো।

### الآية 37:73

> ﻿فَانْظُرْ كَيْفَ كَانَ عَاقِبَةُ الْمُنْذَرِينَ [37:73]

এতেকে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল, সিহঁতৰ পৰিণাম কি হৈছিল!

### الآية 37:74

> ﻿إِلَّا عِبَادَ اللَّهِ الْمُخْلَصِينَ [37:74]

কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ কথা স্বতন্ত্ৰ।

### الآية 37:75

> ﻿وَلَقَدْ نَادَانَا نُوحٌ فَلَنِعْمَ الْمُجِيبُونَ [37:75]

আৰু অৱশ্যে নূহে আমাক আহ্বান কৰিছিল, এতেকে (চোৱা) আমি কিমান উত্তমভাৱে সঁহাৰি জনাইছিলো!

### الآية 37:76

> ﻿وَنَجَّيْنَاهُ وَأَهْلَهُ مِنَ الْكَرْبِ الْعَظِيمِ [37:76]

তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক আমি মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিলো।

### الآية 37:77

> ﻿وَجَعَلْنَا ذُرِّيَّتَهُ هُمُ الْبَاقِينَ [37:77]

আৰু তেওঁৰ বংশধৰ সকলকেই আমি অৱশিষ্ট ৰাখিছিলো,

### الآية 37:78

> ﻿وَتَرَكْنَا عَلَيْهِ فِي الْآخِرِينَ [37:78]

আৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছো।

### الآية 37:79

> ﻿سَلَامٌ عَلَىٰ نُوحٍ فِي الْعَالَمِينَ [37:79]

সমগ্ৰ সৃষ্টিৰ মাজত নূহৰ প্ৰতি শান্তি বৰ্ষিত হওঁক।

### الآية 37:80

> ﻿إِنَّا كَذَٰلِكَ نَجْزِي الْمُحْسِنِينَ [37:80]

নিশ্চয় আমি এইদৰেই সৎকৰ্মশীল সকলক পুৰষ্কৃত কৰো।

### الآية 37:81

> ﻿إِنَّهُ مِنْ عِبَادِنَا الْمُؤْمِنِينَ [37:81]

নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।

### الآية 37:82

> ﻿ثُمَّ أَغْرَقْنَا الْآخَرِينَ [37:82]

তাৰ পিছত আমি আনবিলাকক ডুবাই মাৰিছিলো।

### الآية 37:83

> ﻿۞ وَإِنَّ مِنْ شِيعَتِهِ لَإِبْرَاهِيمَ [37:83]

আৰু নিশ্চয় ইব্ৰাহীম তেওঁৰ অনুসাৰী সকলৰেই অন্তৰ্ভুক্ত।

### الآية 37:84

> ﻿إِذْ جَاءَ رَبَّهُ بِقَلْبٍ سَلِيمٍ [37:84]

স্মৰণ কৰা, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত বিশুদ্ধচিত্তে উপস্থিত হৈছিল,

### الآية 37:85

> ﻿إِذْ قَالَ لِأَبِيهِ وَقَوْمِهِ مَاذَا تَعْبُدُونَ [37:85]

যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু তেওঁৰ সম্প্ৰদায়ক সুধিছিল, ‘তোমালোকে কিহৰ ইবাদত কৰিছা?

### الآية 37:86

> ﻿أَئِفْكًا آلِهَةً دُونَ اللَّهِ تُرِيدُونَ [37:86]

‘তোমালোকে আল্লাহৰ পৰিবৰ্তে অলীক উপাস্যবোৰকে বিচৰা নেকি?

### الآية 37:87

> ﻿فَمَا ظَنُّكُمْ بِرَبِّ الْعَالَمِينَ [37:87]

‘তেন্তে বিশ্বজগতৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ ধাৰণা কি’?

### الآية 37:88

> ﻿فَنَظَرَ نَظْرَةً فِي النُّجُومِ [37:88]

তাৰ পিছত তেওঁ তৰাসমূহৰ পিনে দৃষ্টিপাত কৰিলে।

### الآية 37:89

> ﻿فَقَالَ إِنِّي سَقِيمٌ [37:89]

আৰু ক’লে, ‘নিশ্চয় মই অসুস্থ’।

### الآية 37:90

> ﻿فَتَوَلَّوْا عَنْهُ مُدْبِرِينَ [37:90]

তাৰ পিছত সিহঁতে পৃষ্ঠপ্ৰদৰ্শন কৰি তেওঁৰ পৰা আঁতৰি গ’ল।

### الآية 37:91

> ﻿فَرَاغَ إِلَىٰ آلِهَتِهِمْ فَقَالَ أَلَا تَأْكُلُونَ [37:91]

তাৰ পিছত তেওঁ চাইচিতি সিহঁতৰ উপাস্যবোৰৰ ওচৰত গ’ল, আৰু ক’লে, ‘তোমালোকে নোখোৱা কিয়’?

### الآية 37:92

> ﻿مَا لَكُمْ لَا تَنْطِقُونَ [37:92]

‘কি হ’ল তোমালোকৰ, কথা নোকোৱা কিয়’?

### الآية 37:93

> ﻿فَرَاغَ عَلَيْهِمْ ضَرْبًا بِالْيَمِينِ [37:93]

তাৰ পিছত তেওঁ সিহঁতৰ ওপৰত সজোৰে আঘাত কৰিলে।

### الآية 37:94

> ﻿فَأَقْبَلُوا إِلَيْهِ يَزِفُّونَ [37:94]

তেতিয়া (ঘূৰি আহি) মানুহে তেওঁৰ ফালে ঢাপলি মেলিলে।

### الآية 37:95

> ﻿قَالَ أَتَعْبُدُونَ مَا تَنْحِتُونَ [37:95]

তেওঁ ক’লে, ‘তোমালোকে সেইবোৰৰ উপাসনা কৰা নেকি, যিবোৰক তোমালোকে নিজেই নিৰ্মাণ কৰা’?

### الآية 37:96

> ﻿وَاللَّهُ خَلَقَكُمْ وَمَا تَعْمَلُونَ [37:96]

‘অথচ আল্লাহেই সৃষ্টি কৰিছে তোমালোকক আৰু তোমালোকে যি তৈয়াৰ কৰা সেইটোৱো তেৱেঁই সৃষ্টি কৰিছে’।

### الآية 37:97

> ﻿قَالُوا ابْنُوا لَهُ بُنْيَانًا فَأَلْقُوهُ فِي الْجَحِيمِ [37:97]

সিহঁতে ক’লে, ‘ইয়াৰ বাবে এটা স্থাপনা তৈয়াৰ কৰা, তাৰ পিছত ইয়াক জ্বলন্ত জুইত নিক্ষেপ কৰা’।

### الآية 37:98

> ﻿فَأَرَادُوا بِهِ كَيْدًا فَجَعَلْنَاهُمُ الْأَسْفَلِينَ [37:98]

এইদৰেই সিহঁতে তেওঁৰ বিৰুদ্ধে চক্ৰান্তৰ সংকল্প কৰিছিল; কিন্তু আমি সিহঁতক সম্পূৰ্ণৰূপে পৰাভূত কৰি দিলো।

### الآية 37:99

> ﻿وَقَالَ إِنِّي ذَاهِبٌ إِلَىٰ رَبِّي سَيَهْدِينِ [37:99]

তেওঁ ক’লে, ‘মই মোৰ প্ৰতিপালকৰ ওচৰলৈ গৈ আছো, নিশ্চয় তেৱেঁই মোক হিদায়ত কৰিব,

### الآية 37:100

> ﻿رَبِّ هَبْ لِي مِنَ الصَّالِحِينَ [37:100]

‘হে মোৰ ৰব! মোক এজন সৎকৰ্মপৰায়ণ সন্তান দান কৰা’।

### الآية 37:101

> ﻿فَبَشَّرْنَاهُ بِغُلَامٍ حَلِيمٍ [37:101]

তাৰ পিছত আমি তেওঁক এজন সহিষ্ণু পুত্ৰৰ সুসংবাদ দিলো।

### الآية 37:102

> ﻿فَلَمَّا بَلَغَ مَعَهُ السَّعْيَ قَالَ يَا بُنَيَّ إِنِّي أَرَىٰ فِي الْمَنَامِ أَنِّي أَذْبَحُكَ فَانْظُرْ مَاذَا تَرَىٰ ۚ قَالَ يَا أَبَتِ افْعَلْ مَا تُؤْمَرُ ۖ سَتَجِدُنِي إِنْ شَاءَ اللَّهُ مِنَ الصَّابِرِينَ [37:102]

এতেকে যেতিয়া শিশুটো তেওঁৰ পিতৃৰ সৈতে চলাফুৰা কৰা অৱস্থাত উপনীত হ’ল, তেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ চেনেহৰ পুত্ৰ! মই সপোনত দেখিলো যে, মই তোমাক যবেহ কৰি আছো, এতিয়া কোৱাচোন তোমাৰ অভিমত কি’? পুত্ৰই ক’লে, ‘হে মোৰ পিতৃ! আপুনি যি আদেশপ্ৰাপ্ত হৈছে সেইটোৱেই কৰক। আল্লাহৰ ইচ্ছাত আপুনি মোক ধৈৰ্যশীল সকলৰ অন্তৰ্ভুক্ত পাব’।

### الآية 37:103

> ﻿فَلَمَّا أَسْلَمَا وَتَلَّهُ لِلْجَبِينِ [37:103]

এতেকে তেওঁলোক উভয়ে যেতিয়া আনুগত্য প্ৰকাশ কৰিলে আৰু ইব্ৰাহীমে তেওঁৰ পুত্ৰক তলমূৰ কৰি শুৱাই ল’লে,

### الآية 37:104

> ﻿وَنَادَيْنَاهُ أَنْ يَا إِبْرَاهِيمُ [37:104]

তেতিয়া আমি তেওঁক মাতি ক’লো, ‘হে ইব্ৰাহীম!

### الآية 37:105

> ﻿قَدْ صَدَّقْتَ الرُّؤْيَا ۚ إِنَّا كَذَٰلِكَ نَجْزِي الْمُحْسِنِينَ [37:105]

‘তুমি দেখুন সপোনৰ আদেশ সঁচাই পালন কৰিলা! নিশ্চয় এইদৰেই আমি সৎকৰ্মশীল সকলক পুৰষ্কৃত কৰো’।

### الآية 37:106

> ﻿إِنَّ هَٰذَا لَهُوَ الْبَلَاءُ الْمُبِينُ [37:106]

নিশ্চয় এইটো আছিল এটা সুস্পষ্ট পৰীক্ষা।

### الآية 37:107

> ﻿وَفَدَيْنَاهُ بِذِبْحٍ عَظِيمٍ [37:107]

আৰু আমি তেওঁক মুক্ত কৰিলো এটা মহা কুৰবানীৰ বিনিময়ত।

### الآية 37:108

> ﻿وَتَرَكْنَا عَلَيْهِ فِي الْآخِرِينَ [37:108]

আৰু আমি তেওঁৰ বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছো।

### الآية 37:109

> ﻿سَلَامٌ عَلَىٰ إِبْرَاهِيمَ [37:109]

শান্তি বৰ্ষিত হওঁক ইব্ৰাহীমৰ ওপৰত।

### الآية 37:110

> ﻿كَذَٰلِكَ نَجْزِي الْمُحْسِنِينَ [37:110]

এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰষ্কৃত কৰো।

### الآية 37:111

> ﻿إِنَّهُ مِنْ عِبَادِنَا الْمُؤْمِنِينَ [37:111]

নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম;

### الآية 37:112

> ﻿وَبَشَّرْنَاهُ بِإِسْحَاقَ نَبِيًّا مِنَ الصَّالِحِينَ [37:112]

আৰু আমি তেওঁক ইছহাক্বৰ সুসংবাদ দিছিলো, তেওঁ আছিল এজন নবী, সৎকৰ্মশীলসকলৰ অন্যতম।

### الآية 37:113

> ﻿وَبَارَكْنَا عَلَيْهِ وَعَلَىٰ إِسْحَاقَ ۚ وَمِنْ ذُرِّيَّتِهِمَا مُحْسِنٌ وَظَالِمٌ لِنَفْسِهِ مُبِينٌ [37:113]

আৰু আমি ইব্ৰাহীমৰ ওপৰত বৰকত দান কৰিছিলো আৰু ইছহাক্বৰ ওপৰতো; আৰু তেওঁলোক উভয়েৰে বংশধৰসকলৰ মাজত আছিল কিছুমান সৎকৰ্মশীল আৰু কিছুমান আছিল নিজৰ প্ৰতি স্পষ্ট অত্যাচাৰী।

### الآية 37:114

> ﻿وَلَقَدْ مَنَنَّا عَلَىٰ مُوسَىٰ وَهَارُونَ [37:114]

আৰু অৱশ্যে আমি অনুগ্ৰহ কৰিছিলো মূছা আৰু হাৰূনৰ প্ৰতি,

### الآية 37:115

> ﻿وَنَجَّيْنَاهُمَا وَقَوْمَهُمَا مِنَ الْكَرْبِ الْعَظِيمِ [37:115]

আৰু তেওঁলোক উভয়কে লগতে তেওঁলোকৰ সম্প্ৰদায়কো উদ্ধাৰ কৰিছিলো মহাসংকটৰ পৰা।

### الآية 37:116

> ﻿وَنَصَرْنَاهُمْ فَكَانُوا هُمُ الْغَالِبِينَ [37:116]

আৰু আমি সহায় কৰিছিলো তেওঁলোকক, ফলত তেওঁলোকে বিজয়ী হৈছিল।

### الآية 37:117

> ﻿وَآتَيْنَاهُمَا الْكِتَابَ الْمُسْتَبِينَ [37:117]

আৰু আমি উভয়কে বিশদ কিতাব প্ৰদান কৰিছিলো।

### الآية 37:118

> ﻿وَهَدَيْنَاهُمَا الصِّرَاطَ الْمُسْتَقِيمَ [37:118]

আৰু উভয়কে আমি পৰিচালিত কৰিছিলো সৰল পথত।

### الآية 37:119

> ﻿وَتَرَكْنَا عَلَيْهِمَا فِي الْآخِرِينَ [37:119]

আৰু আমি তেওঁলোক উভয়ৰে বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছো।

### الآية 37:120

> ﻿سَلَامٌ عَلَىٰ مُوسَىٰ وَهَارُونَ [37:120]

মুছা আৰু হাৰূনৰ ওপৰত বৰ্ষিত হওঁক ছালাম (শান্তি আৰু নিৰাপত্তা)।

### الآية 37:121

> ﻿إِنَّا كَذَٰلِكَ نَجْزِي الْمُحْسِنِينَ [37:121]

এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰষ্কৃত কৰো।

### الآية 37:122

> ﻿إِنَّهُمَا مِنْ عِبَادِنَا الْمُؤْمِنِينَ [37:122]

নিশ্চয় তেওঁলোক উভয়ে আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত।

### الآية 37:123

> ﻿وَإِنَّ إِلْيَاسَ لَمِنَ الْمُرْسَلِينَ [37:123]

আৰু ইলিয়াছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।

### الآية 37:124

> ﻿إِذْ قَالَ لِقَوْمِهِ أَلَا تَتَّقُونَ [37:124]

যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?

### الآية 37:125

> ﻿أَتَدْعُونَ بَعْلًا وَتَذَرُونَ أَحْسَنَ الْخَالِقِينَ [37:125]

‘তোমালোকে বাআলক আহ্বান কৰা নেকি? অথচ পৰিত্যাগ কৰা সৰ্বত্তোম স্ৰষ্টাক,

### الآية 37:126

> ﻿اللَّهَ رَبَّكُمْ وَرَبَّ آبَائِكُمُ الْأَوَّلِينَ [37:126]

‘আল্লাহ, তেৱেঁই তোমালোকৰ ৰব, আৰু তোমালোকৰ পূৰ্বৱৰ্তী পিতৃ-পুৰুষসকলোৰো ৰব’।

### الآية 37:127

> ﻿فَكَذَّبُوهُ فَإِنَّهُمْ لَمُحْضَرُونَ [37:127]

কিন্তু সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল, সেয়ে সিহঁতক অৱশ্যে (শাস্তিৰ বাবে) উপস্থিত কৰা হ’ব।

### الآية 37:128

> ﻿إِلَّا عِبَادَ اللَّهِ الْمُخْلَصِينَ [37:128]

কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ কথা স্বতন্ত্ৰ।

### الآية 37:129

> ﻿وَتَرَكْنَا عَلَيْهِ فِي الْآخِرِينَ [37:129]

আৰু আমি তেওঁৰ বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছো।

### الآية 37:130

> ﻿سَلَامٌ عَلَىٰ إِلْ يَاسِينَ [37:130]

শান্তি বৰ্ষিত হওঁক ইলিয়াছৰ ওপৰত।

### الآية 37:131

> ﻿إِنَّا كَذَٰلِكَ نَجْزِي الْمُحْسِنِينَ [37:131]

নিশ্চয় এইদৰেই আমি সৎকৰ্মশীল সকলক পুৰষ্কৃত কৰো।

### الآية 37:132

> ﻿إِنَّهُ مِنْ عِبَادِنَا الْمُؤْمِنِينَ [37:132]

নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।

### الآية 37:133

> ﻿وَإِنَّ لُوطًا لَمِنَ الْمُرْسَلِينَ [37:133]

আৰু নিশ্চয় লূতো আছিল ৰাছুল সকলৰ অন্তৰ্ভুক্ত।

### الآية 37:134

> ﻿إِذْ نَجَّيْنَاهُ وَأَهْلَهُ أَجْمَعِينَ [37:134]

স্মৰণ কৰা, যেতিয়া আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সকলোকে উদ্ধাৰ কৰিছিলো,

### الآية 37:135

> ﻿إِلَّا عَجُوزًا فِي الْغَابِرِينَ [37:135]

কেৱল পিছত ৰৈ যোৱা সকলৰ অন্তৰ্ভুক্ত এজনী বৃদ্ধাৰ বাহিৰে।

### الآية 37:136

> ﻿ثُمَّ دَمَّرْنَا الْآخَرِينَ [37:136]

তাৰ পিছত অৱশিষ্টসকলক আমি সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলো।

### الآية 37:137

> ﻿وَإِنَّكُمْ لَتَمُرُّونَ عَلَيْهِمْ مُصْبِحِينَ [37:137]

আৰু নিশ্চয় তোমালোকে সিহঁতৰ ধ্বংস প্ৰাপ্ত অঞ্চলেদি অতিক্ৰম কৰা পুৱাৰ ভাগত,

### الآية 37:138

> ﻿وَبِاللَّيْلِ ۗ أَفَلَا تَعْقِلُونَ [37:138]

আৰু ৰাতিতো। তথাপিও তোমালোকে বুজি নোপোৱানে?

### الآية 37:139

> ﻿وَإِنَّ يُونُسَ لَمِنَ الْمُرْسَلِينَ [37:139]

আৰু নিশ্চয় ইউনুছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।

### الآية 37:140

> ﻿إِذْ أَبَقَ إِلَى الْفُلْكِ الْمَشْحُونِ [37:140]

স্মৰণ কৰা, যেতিয়া তেওঁ বোজাই নৌযানৰ পিনে পলাই গ’ল,

### الآية 37:141

> ﻿فَسَاهَمَ فَكَانَ مِنَ الْمُدْحَضِينَ [37:141]

তাৰ পিছত তেওঁ লটাৰিত যোগদান কৰিলে আৰু তাত তেওঁ পৰাভূত সকলৰ অন্তৰ্ভুক্ত হ’ল।

### الآية 37:142

> ﻿فَالْتَقَمَهُ الْحُوتُ وَهُوَ مُلِيمٌ [37:142]

তাৰ পিছত এটা ডাঙৰ মাছে তেওঁক গিলি পেলালে, আৰু তেওঁ নিজকে ধিক্কাৰ দি আছিল।

### الآية 37:143

> ﻿فَلَوْلَا أَنَّهُ كَانَ مِنَ الْمُسَبِّحِينَ [37:143]

আৰু তেওঁ যদি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’লেহেঁতেন,

### الآية 37:144

> ﻿لَلَبِثَ فِي بَطْنِهِ إِلَىٰ يَوْمِ يُبْعَثُونَ [37:144]

তেন্তে তেওঁ পুনৰুত্থানৰ দিন লৈকে মাছৰ পেটতেই থাকিলেহেঁতেন।

### الآية 37:145

> ﻿۞ فَنَبَذْنَاهُ بِالْعَرَاءِ وَهُوَ سَقِيمٌ [37:145]

অৱশেষত তেওঁক আমি নিক্ষেপ কৰিলো এটা তৃণহীন ঠাইত, আৰু তেওঁ আছিল অসুস্থ।

### الآية 37:146

> ﻿وَأَنْبَتْنَا عَلَيْهِ شَجَرَةً مِنْ يَقْطِينٍ [37:146]

আৰু আমি তাৰ ওপৰত ইয়াকতীন প্ৰজাতিৰ এটা গছ গজাই তুলিলো,

### الآية 37:147

> ﻿وَأَرْسَلْنَاهُ إِلَىٰ مِائَةِ أَلْفٍ أَوْ يَزِيدُونَ [37:147]

আৰু তেওঁক আমি এক লাখ বা তাতোকৈ বেছি লোকৰ ওচৰত প্ৰেৰণ কৰিলো।

### الآية 37:148

> ﻿فَآمَنُوا فَمَتَّعْنَاهُمْ إِلَىٰ حِينٍ [37:148]

এতেকে তেওঁলোকে ঈমান আনিছিল, ফলত আমি তেওঁলোকক কিছু কালৰ বাবে জীৱনোপভোগ কৰিবলৈ দিলো।

### الآية 37:149

> ﻿فَاسْتَفْتِهِمْ أَلِرَبِّكَ الْبَنَاتُ وَلَهُمُ الْبَنُونَ [37:149]

এতেকে সিহঁতক সোধাচোন, ‘(এইটো কেনেকুৱা কথা) তোমাৰ প্ৰতিপালকৰ বাবে কন্যা সন্তান আৰু সিহঁতৰ বাবে পুত্ৰ সন্তান’?

### الآية 37:150

> ﻿أَمْ خَلَقْنَا الْمَلَائِكَةَ إِنَاثًا وَهُمْ شَاهِدُونَ [37:150]

অথবা আমি ফিৰিস্তাসকলক নাৰীৰূপে সৃষ্টি কৰিছিলো নেকি যে, সেয়া সিহঁতে দেখিছিল?

### الآية 37:151

> ﻿أَلَا إِنَّهُمْ مِنْ إِفْكِهِمْ لَيَقُولُونَ [37:151]

জানি থোৱা, নিশ্চয় সিহঁতে মনেসজা কথা কয় যে,

### الآية 37:152

> ﻿وَلَدَ اللَّهُ وَإِنَّهُمْ لَكَاذِبُونَ [37:152]

‘আল্লাহে সন্তান জন্ম দিছে’। নিশ্চয় সিহঁত মিছলীয়া।

### الآية 37:153

> ﻿أَصْطَفَى الْبَنَاتِ عَلَى الْبَنِينَ [37:153]

তেওঁ পুত্ৰ সন্তানৰ পৰিবৰ্তে কন্যা সন্তান পছন্দ কৰিছে নেকি?

### الآية 37:154

> ﻿مَا لَكُمْ كَيْفَ تَحْكُمُونَ [37:154]

কি হৈছে তোমালোকৰ? তোমালোকে কেনেকুৱা বিচাৰ কৰা?

### الآية 37:155

> ﻿أَفَلَا تَذَكَّرُونَ [37:155]

তেন্তে তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?

### الآية 37:156

> ﻿أَمْ لَكُمْ سُلْطَانٌ مُبِينٌ [37:156]

নে তোমালোকৰ কোনো সুস্পষ্ট দলীল-প্ৰমাণ আছে?

### الآية 37:157

> ﻿فَأْتُوا بِكِتَابِكُمْ إِنْ كُنْتُمْ صَادِقِينَ [37:157]

যদি তোমালোকে সত্যবাদী তেন্তে তোমালোকৰ কিতাব লৈ আহা।

### الآية 37:158

> ﻿وَجَعَلُوا بَيْنَهُ وَبَيْنَ الْجِنَّةِ نَسَبًا ۚ وَلَقَدْ عَلِمَتِ الْجِنَّةُ إِنَّهُمْ لَمُحْضَرُونَ [37:158]

সিহঁতে আল্লাহ আৰু জিন জাতিৰ মাজত আত্মীয়তাৰ সম্পৰ্ক স্থিৰ কৰিছে, অথচ জিনবিলাকে জানে যে, নিশ্চয় সিহঁতক উপস্থিত কৰা হ’ব (শাস্তিৰ বাবে)।

### الآية 37:159

> ﻿سُبْحَانَ اللَّهِ عَمَّا يَصِفُونَ [37:159]

সিহঁতে যি আৰোপ কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ আৰু মহান,

### الآية 37:160

> ﻿إِلَّا عِبَادَ اللَّهِ الْمُخْلَصِينَ [37:160]

কেৱল আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে।

### الآية 37:161

> ﻿فَإِنَّكُمْ وَمَا تَعْبُدُونَ [37:161]

নিশ্চয় তোমালোকে আৰু তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰে,

### الآية 37:162

> ﻿مَا أَنْتُمْ عَلَيْهِ بِفَاتِنِينَ [37:162]

(একনিষ্ঠ বান্দাসকলৰ) কাকো তোমালোকে আল্লাহ সম্পৰ্কে বিভ্ৰান্ত কৰিব নোৱাৰিবা,

### الآية 37:163

> ﻿إِلَّا مَنْ هُوَ صَالِ الْجَحِيمِ [37:163]

কেৱল প্ৰজ্জ্বলিত জুইত যিজন দগ্ধ হ’ব তাৰ বাহিৰে।

### الآية 37:164

> ﻿وَمَا مِنَّا إِلَّا لَهُ مَقَامٌ مَعْلُومٌ [37:164]

আৰু (জিব্ৰীলে ক’লে) ‘আমাৰ প্ৰত্যেকৰে বাবে আছে নিৰ্ধাৰিত স্থান,

### الآية 37:165

> ﻿وَإِنَّا لَنَحْنُ الصَّافُّونَ [37:165]

‘আৰু নিশ্চয় আমি শাৰীবদ্ধভাৱে দণ্ডায়মান,

### الآية 37:166

> ﻿وَإِنَّا لَنَحْنُ الْمُسَبِّحُونَ [37:166]

‘আৰু নিশ্চয় আমি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰী’।

### الآية 37:167

> ﻿وَإِنْ كَانُوا لَيَقُولُونَ [37:167]

আৰু সিহঁতে (মক্কাবাসীবিলাকে) অৱশ্যে কৈছিল,

### الآية 37:168

> ﻿لَوْ أَنَّ عِنْدَنَا ذِكْرًا مِنَ الْأَوَّلِينَ [37:168]

‘পূৰ্বৱৰ্তীসকলৰ দৰে যদি আমাৰো এখন উপদেশমূলক কিতাব থাকিলেহেঁতেন,

### الآية 37:169

> ﻿لَكُنَّا عِبَادَ اللَّهِ الْمُخْلَصِينَ [37:169]

‘তেন্তে অৱশ্যে আমি আল্লাহৰ একনিষ্ঠ বান্দা হ’লোহেঁতেন’।

### الآية 37:170

> ﻿فَكَفَرُوا بِهِ ۖ فَسَوْفَ يَعْلَمُونَ [37:170]

কিন্তু সিহঁতে সেয়া (কোৰআনক) অস্বীকাৰ কৰিলে, এতেকে অনতিপলমে সিহঁতে জানিবলৈ পাব।

### الآية 37:171

> ﻿وَلَقَدْ سَبَقَتْ كَلِمَتُنَا لِعِبَادِنَا الْمُرْسَلِينَ [37:171]

নিশ্চয় আমাৰ প্ৰেৰিত বান্দাসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে,

### الآية 37:172

> ﻿إِنَّهُمْ لَهُمُ الْمَنْصُورُونَ [37:172]

নিশ্চয় তেওঁলোক সাহায্যপ্ৰাপ্ত হ’ব।

### الآية 37:173

> ﻿وَإِنَّ جُنْدَنَا لَهُمُ الْغَالِبُونَ [37:173]

আৰু নিশ্চয় আমাৰ সৈন্যবাহিনীয়েই বিজয়ী হ’ব।

### الآية 37:174

> ﻿فَتَوَلَّ عَنْهُمْ حَتَّىٰ حِينٍ [37:174]

এতেকে কিছু সময়ৰ বাবে তুমি সিহঁতৰ পৰা মুখ ঘূৰাই থাকা।

### الآية 37:175

> ﻿وَأَبْصِرْهُمْ فَسَوْفَ يُبْصِرُونَ [37:175]

আৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, অতিশীঘ্ৰে সিহঁতে দেখিবলৈ পাব (ইয়াৰ পৰিণাম)।

### الآية 37:176

> ﻿أَفَبِعَذَابِنَا يَسْتَعْجِلُونَ [37:176]

সিহঁতে আমাৰ শাস্তি ত্বৰান্বিত কৰিব বিচাৰে নেকি?

### الآية 37:177

> ﻿فَإِذَا نَزَلَ بِسَاحَتِهِمْ فَسَاءَ صَبَاحُ الْمُنْذَرِينَ [37:177]

এতেকে যেতিয়া সিহঁতৰ চোতালত শাস্তি নামি আহিব তেতিয়া সতৰ্ককৃত বিলাকৰ প্ৰভাত কিমান যে নিকৃষ্ট হ’ব!

### الآية 37:178

> ﻿وَتَوَلَّ عَنْهُمْ حَتَّىٰ حِينٍ [37:178]

আৰু কিছু সময়ৰ বাবে তুমি সিহঁতৰ পৰা মুখ ঘূৰাই থাকা।

### الآية 37:179

> ﻿وَأَبْصِرْ فَسَوْفَ يُبْصِرُونَ [37:179]

তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, অতিশীঘ্ৰে সিহঁতে দেখিবলৈ পাব (ইয়াৰ পৰিণাম)।

### الآية 37:180

> ﻿سُبْحَانَ رَبِّكَ رَبِّ الْعِزَّةِ عَمَّا يَصِفُونَ [37:180]

সিহঁতে যি আৰোপ কৰে, তাৰ পৰা তোমাৰ ৰব পৱিত্ৰ আৰু মহান, সকলো ক্ষমতাৰ অধিকাৰী।

### الآية 37:181

> ﻿وَسَلَامٌ عَلَى الْمُرْسَلِينَ [37:181]

আৰু শান্তি বৰ্ষিত হওঁক ৰাছুলসকলৰ প্ৰতি।

### الآية 37:182

> ﻿وَالْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ [37:182]

আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টিজগতৰ ৰব আল্লাহৰেই প্ৰাপ্য।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/37.md)
- [كل تفاسير سورة الصافات
](https://quranpedia.net/surah-tafsir/37.md)
- [ترجمات سورة الصافات
](https://quranpedia.net/translations/37.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/37/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
