---
title: "ترجمة سورة فصّلت - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/41/book/1994.md"
canonical: "https://quranpedia.net/surah/1/41/book/1994"
surah_id: "41"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة فصّلت - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/41/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة فصّلت - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/41/book/1994*.

Translation of Surah فصّلت from "الترجمة الأسامية" in الأسامية.

### الآية 41:1

> حم [41:1]

হা-মীম।

### الآية 41:2

> ﻿تَنْزِيلٌ مِنَ الرَّحْمَٰنِ الرَّحِيمِ [41:2]

(এই গ্ৰন্থ) পৰম কৰুণাময় পৰম দয়ালু সত্তাৰ তৰফৰ পৰা অৱতীৰ্ণ।

### الآية 41:3

> ﻿كِتَابٌ فُصِّلَتْ آيَاتُهُ قُرْآنًا عَرَبِيًّا لِقَوْمٍ يَعْلَمُونَ [41:3]

এনেকুৱা এখন কিতাব, যাৰ আয়াতসমূহ জ্ঞানী সম্প্ৰদায়ৰ বাবে বিশদভাৱে বৰ্ণনা কৰা হৈছে, কোৰআনৰূপে আৰবী ভাষাত,

### الآية 41:4

> ﻿بَشِيرًا وَنَذِيرًا فَأَعْرَضَ أَكْثَرُهُمْ فَهُمْ لَا يَسْمَعُونَ [41:4]

সুসংবাদদাতা আৰু সতৰ্ককাৰী। তথাপিও সিহঁতৰ সৰহভাগেই মুখ ঘূৰাই লৈছে। সেয়ে সিহঁতে নুশুনিব।

### الآية 41:5

> ﻿وَقَالُوا قُلُوبُنَا فِي أَكِنَّةٍ مِمَّا تَدْعُونَا إِلَيْهِ وَفِي آذَانِنَا وَقْرٌ وَمِنْ بَيْنِنَا وَبَيْنِكَ حِجَابٌ فَاعْمَلْ إِنَّنَا عَامِلُونَ [41:5]

আৰু সিহঁতে কয়, ‘তুমি যাৰ প্ৰতি আমাক আহ্বান কৰি আছা সেই বিষয়ে আমাৰ অন্তৰত আৱৰণ পৰিছে, আৰু আমাৰ কাণত আছে বধিৰতা লগতে আমাৰ আৰু তোমালোকৰ মাজত আছে পৰ্দা; সেয়ে তুমি তোমাৰ কাম কৰা, নিশ্চয় আমি আমাৰ কাম কৰিম’।

### الآية 41:6

> ﻿قُلْ إِنَّمَا أَنَا بَشَرٌ مِثْلُكُمْ يُوحَىٰ إِلَيَّ أَنَّمَا إِلَٰهُكُمْ إِلَٰهٌ وَاحِدٌ فَاسْتَقِيمُوا إِلَيْهِ وَاسْتَغْفِرُوهُ ۗ وَوَيْلٌ لِلْمُشْرِكِينَ [41:6]

কোৱা, ‘মই কেৱল তোমালোকৰ দৰেই এজন মানুহ, মোৰ প্ৰতি অহী কৰা হয় যে, তোমালোকৰ ইলাহ কেৱল এজন ইলাহ। এতেকে তোমালোকে তেওঁৰ প্ৰতি দৃঢ়তা অৱলম্বন কৰা আৰু তেওঁৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰা’। আৰু দুৰ্ভোগ মুশ্বৰিকসকলৰ বাবে,

### الآية 41:7

> ﻿الَّذِينَ لَا يُؤْتُونَ الزَّكَاةَ وَهُمْ بِالْآخِرَةِ هُمْ كَافِرُونَ [41:7]

যিসকলে যাকাত প্ৰদান নকৰে সিহঁতেই আখিৰাত অস্বীকাৰকাৰী।

### الآية 41:8

> ﻿إِنَّ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ لَهُمْ أَجْرٌ غَيْرُ مَمْنُونٍ [41:8]

নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে নিৰবিচ্ছিন্ন পুৰষ্কাৰ।

### الآية 41:9

> ﻿۞ قُلْ أَئِنَّكُمْ لَتَكْفُرُونَ بِالَّذِي خَلَقَ الْأَرْضَ فِي يَوْمَيْنِ وَتَجْعَلُونَ لَهُ أَنْدَادًا ۚ ذَٰلِكَ رَبُّ الْعَالَمِينَ [41:9]

কোৱা, ‘তোমালোকে তেওঁৰ লগত কুফৰী কৰানে যিজনে দুদিনত পৃথিৱী সৃষ্টি কৰিছে? আৰু তোমালোকে তেওঁৰ সমকক্ষ স্থিৰ কৰানে’? তেওঁ হৈছে সৃষ্টিজগতৰ ৰব!

### الآية 41:10

> ﻿وَجَعَلَ فِيهَا رَوَاسِيَ مِنْ فَوْقِهَا وَبَارَكَ فِيهَا وَقَدَّرَ فِيهَا أَقْوَاتَهَا فِي أَرْبَعَةِ أَيَّامٍ سَوَاءً لِلسَّائِلِينَ [41:10]

আৰু তেৱেঁই ভূপৃষ্ঠত দৃঢ় পৰ্বতমালা স্থাপন কৰিছে আৰু তাত বৰকত দিছে আৰু চাৰি দিনৰ মাজত ইয়াত খাদ্য বস্তুৰ ব্যৱস্থা কৰিছে সমভাৱে যাচ্ঞাকাৰী সকলৰ বাবে।

### الآية 41:11

> ﻿ثُمَّ اسْتَوَىٰ إِلَى السَّمَاءِ وَهِيَ دُخَانٌ فَقَالَ لَهَا وَلِلْأَرْضِ ائْتِيَا طَوْعًا أَوْ كَرْهًا قَالَتَا أَتَيْنَا طَائِعِينَ [41:11]

তাৰ পিছত তেওঁ আকাশৰ ফালে মনোনিবেশ কৰিলে, যিটো (আগতে) আছিল ধোৱাঁ। তাৰ পিছত তেওঁ তাক (আকাশক) আৰু পৃথিৱীক ক’লে, ‘তোমালোকে উভয়ে আহা ইচ্ছাতেই হওঁক বা অনিচ্ছাতেই হওঁক’। সিহঁত উভয়ে ক’লে, ‘আমি আনুগত হৈ আহিলো’।

### الآية 41:12

> ﻿فَقَضَاهُنَّ سَبْعَ سَمَاوَاتٍ فِي يَوْمَيْنِ وَأَوْحَىٰ فِي كُلِّ سَمَاءٍ أَمْرَهَا ۚ وَزَيَّنَّا السَّمَاءَ الدُّنْيَا بِمَصَابِيحَ وَحِفْظًا ۚ ذَٰلِكَ تَقْدِيرُ الْعَزِيزِ الْعَلِيمِ [41:12]

তাৰ পিছত তেওঁ দুদিনত আকাশসমূহক সাত আকাশত পৰিণত কৰিলে আৰু প্ৰত্যেক আকাশত তেওঁৰ নিৰ্দেশ অহী যোগে প্ৰেৰণ কৰিলে; আৰু আমি নিকটৱৰ্তী আকাশখনক প্ৰদীপমালাৰ দ্বাৰা সুশোভিত আৰু সুৰক্ষিত কৰিলো। এইটো মহাপৰাক্ৰমশালী, সৰ্বজ্ঞৰ ব্যৱস্থাপনা।

### الآية 41:13

> ﻿فَإِنْ أَعْرَضُوا فَقُلْ أَنْذَرْتُكُمْ صَاعِقَةً مِثْلَ صَاعِقَةِ عَادٍ وَثَمُودَ [41:13]

তথাপিও সিহঁতে যদি মুখ ঘূৰাই লয় তেন্তে কোৱা, ‘মই তোমালোকক এটা ধ্বংসাত্মক শাস্তি সম্পৰ্কে সতৰ্ক কৰিছো, আদ আৰু ছামূদৰ শাস্তিৰ দৰে’।

### الآية 41:14

> ﻿إِذْ جَاءَتْهُمُ الرُّسُلُ مِنْ بَيْنِ أَيْدِيهِمْ وَمِنْ خَلْفِهِمْ أَلَّا تَعْبُدُوا إِلَّا اللَّهَ ۖ قَالُوا لَوْ شَاءَ رَبُّنَا لَأَنْزَلَ مَلَائِكَةً فَإِنَّا بِمَا أُرْسِلْتُمْ بِهِ كَافِرُونَ [41:14]

যেতিয়া সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে সন্মুখৰ পৰা আৰু পিছফালৰ পৰা আহি কৈছিল যে, ‘তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা’। সিহঁতে কৈছিল, ‘যদি আমাৰ প্ৰতিপালকে ইচ্ছা কৰিলেহেঁতেন তেন্তে অৱশ্যে তেওঁ ফিৰিস্তা অৱতীৰ্ণ কৰিলেহেঁতেন। এতেকে তোমালোকে যিটো লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰো’।

### الآية 41:15

> ﻿فَأَمَّا عَادٌ فَاسْتَكْبَرُوا فِي الْأَرْضِ بِغَيْرِ الْحَقِّ وَقَالُوا مَنْ أَشَدُّ مِنَّا قُوَّةً ۖ أَوَلَمْ يَرَوْا أَنَّ اللَّهَ الَّذِي خَلَقَهُمْ هُوَ أَشَدُّ مِنْهُمْ قُوَّةً ۖ وَكَانُوا بِآيَاتِنَا يَجْحَدُونَ [41:15]

আনহাতে আদ সম্প্ৰদায়, সিহঁতে পৃথিৱীত অযথা অহংকাৰ কৰিছিল আৰু কৈছিল, ‘আমাতকৈ অধিক শক্তিশালী আৰু কোন আছে’? এতেকে সিহঁতে লক্ষ্য কৰা নাই নেকি যে, নিশ্চয় আল্লাহ, যিজনে সিহঁতক সৃষ্টি কৰিছে, তেওঁ সিহঁততকৈয়ো শক্তিশালী? আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছিল।

### الآية 41:16

> ﻿فَأَرْسَلْنَا عَلَيْهِمْ رِيحًا صَرْصَرًا فِي أَيَّامٍ نَحِسَاتٍ لِنُذِيقَهُمْ عَذَابَ الْخِزْيِ فِي الْحَيَاةِ الدُّنْيَا ۖ وَلَعَذَابُ الْآخِرَةِ أَخْزَىٰ ۖ وَهُمْ لَا يُنْصَرُونَ [41:16]

তাৰ পিছত আমি সিহঁতৰ ওপৰত অশুভ দিনবোৰত ধুমুহা প্ৰেৰণ কৰিলো; যাতে আমি সিহঁতক পাৰ্থিৱ জীৱনতেই লাঞ্ছনাদায়ক শাস্তিৰ সোৱাদ লোৱাব পাৰো; আৰু আখিৰাতৰ শাস্তি ইয়াতকৈয়ো অধিক লাঞ্ছনাদায়ক আৰু সিহঁতক সহায়ো কৰা নহ’ব।

### الآية 41:17

> ﻿وَأَمَّا ثَمُودُ فَهَدَيْنَاهُمْ فَاسْتَحَبُّوا الْعَمَىٰ عَلَى الْهُدَىٰ فَأَخَذَتْهُمْ صَاعِقَةُ الْعَذَابِ الْهُونِ بِمَا كَانُوا يَكْسِبُونَ [41:17]

আৰু ছামূদ সম্প্ৰদায়, আমি সিহঁতক পথনিৰ্দেশ কৰিছিলো, কিন্তু সিহঁতে সৎপথৰ পৰিবৰ্তে অন্ধপথত চলাটোহে পছন্দ কৰিছিল। ফলত লাঞ্ছনাদায়ক শাস্তিৰ বজ্ৰাঘাতে সিহঁতক কৰায়ত্ত কৰিলে; সিহঁতে যি অৰ্জন কৰিছিল তাৰ পৰিণামত।

### الآية 41:18

> ﻿وَنَجَّيْنَا الَّذِينَ آمَنُوا وَكَانُوا يَتَّقُونَ [41:18]

আৰু যিসকলে ঈমান আনিছিল আৰু তাক্বৱা অৱলম্বন কৰিছিল, আমি তেওঁলোকক ৰক্ষা কৰিলো।

### الآية 41:19

> ﻿وَيَوْمَ يُحْشَرُ أَعْدَاءُ اللَّهِ إِلَى النَّارِ فَهُمْ يُوزَعُونَ [41:19]

আৰু যিদিনা আল্লাহৰ শত্ৰু বিলাকক অগ্নিৰ ফালে সমবেত কৰা হ’ব, সেই দিনা সিহঁতক বিন্যস্ত কৰা হ’ব বিভিন্ন দলত।

### الآية 41:20

> ﻿حَتَّىٰ إِذَا مَا جَاءُوهَا شَهِدَ عَلَيْهِمْ سَمْعُهُمْ وَأَبْصَارُهُمْ وَجُلُودُهُمْ بِمَا كَانُوا يَعْمَلُونَ [41:20]

অৱশেষত যেতিয়া সিহঁতে জাহান্নামৰ একেবাৰে সন্নিকটত উপস্থিত হ’ব, তেতিয়া সিহঁতৰ কাণ, সিহঁতৰ চকু আৰু ছালেও সিহঁতৰ বিৰুদ্ধে সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে সাক্ষ্য দিব।

### الآية 41:21

> ﻿وَقَالُوا لِجُلُودِهِمْ لِمَ شَهِدْتُمْ عَلَيْنَا ۖ قَالُوا أَنْطَقَنَا اللَّهُ الَّذِي أَنْطَقَ كُلَّ شَيْءٍ وَهُوَ خَلَقَكُمْ أَوَّلَ مَرَّةٍ وَإِلَيْهِ تُرْجَعُونَ [41:21]

আৰু সিহঁতে (জাহান্নামীবিলাকে) সিহঁতৰ ছালবোৰক সুধিব, ‘কিয় তোমালোকে আমাৰ বিৰুদ্ধে সাক্ষ্য দিলা’? ছালবোৰে ক’ব, ‘আল্লাহেই আমাক বাকশক্তি দিছে, যি সত্তাই সকলোকে বাকশক্তি দিছে। তেৱেঁই তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছে আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা’।

### الآية 41:22

> ﻿وَمَا كُنْتُمْ تَسْتَتِرُونَ أَنْ يَشْهَدَ عَلَيْكُمْ سَمْعُكُمْ وَلَا أَبْصَارُكُمْ وَلَا جُلُودُكُمْ وَلَٰكِنْ ظَنَنْتُمْ أَنَّ اللَّهَ لَا يَعْلَمُ كَثِيرًا مِمَّا تَعْمَلُونَ [41:22]

গোপনে অপকৰ্ম কৰাৰ সময়ত তোমালোকে ভবা নাছিলা যে, তোমালোকৰ কাণ, চকু আৰু ছালেও তোমালোকৰ বিৰুদ্ধে সাক্ষ্য দিব, বৰং তোমালোকে ভাবিছিলা যে, তোমালোকে যি কৰা তাৰ সৰহভাগেই আল্লাহে নাজানে।

### الآية 41:23

> ﻿وَذَٰلِكُمْ ظَنُّكُمُ الَّذِي ظَنَنْتُمْ بِرَبِّكُمْ أَرْدَاكُمْ فَأَصْبَحْتُمْ مِنَ الْخَاسِرِينَ [41:23]

তোমালোকৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ এই ধাৰণাই তোমালোকক ধ্বংস কৰিছে। ফলত তোমালোক হৈছা ক্ষতিগ্ৰস্ত বিলাকৰ অন্তৰ্ভুক্ত।

### الآية 41:24

> ﻿فَإِنْ يَصْبِرُوا فَالنَّارُ مَثْوًى لَهُمْ ۖ وَإِنْ يَسْتَعْتِبُوا فَمَا هُمْ مِنَ الْمُعْتَبِينَ [41:24]

এতিয়া যদি সিহঁতে ধৈৰ্য ধাৰণ কৰে তথাপিও অগ্নিয়েই হ’ব সিহঁতৰ আবাস। আৰু যদি সিহঁতে সন্তুষ্টি বিধান কৰিব বিচাৰে তথাপিও সিহঁতে সন্তুষ্টি প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত নহ’ব।

### الآية 41:25

> ﻿۞ وَقَيَّضْنَا لَهُمْ قُرَنَاءَ فَزَيَّنُوا لَهُمْ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَحَقَّ عَلَيْهِمُ الْقَوْلُ فِي أُمَمٍ قَدْ خَلَتْ مِنْ قَبْلِهِمْ مِنَ الْجِنِّ وَالْإِنْسِ ۖ إِنَّهُمْ كَانُوا خَاسِرِينَ [41:25]

আৰু আমি সিহঁতৰ বাবে বেয়া স্বভাৱৰ সহচৰবৃন্দ নিৰ্ধাৰণ কৰি দিছিলো, যিসকলে সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সেয়া সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দেখুৱাইছিল। সেয়ে সিহঁতৰ ওপৰত শাস্তিৰ বাণী সাব্যস্ত হৈছে, সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা জিন আৰু মানৱ জাতিৰ দৰে। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত।

### الآية 41:26

> ﻿وَقَالَ الَّذِينَ كَفَرُوا لَا تَسْمَعُوا لِهَٰذَا الْقُرْآنِ وَالْغَوْا فِيهِ لَعَلَّكُمْ تَغْلِبُونَ [41:26]

আৰু কাফিৰবিলাকে কয়, ‘তোমালোকে এই কোৰআনৰ নিৰ্দেশ নুশুনিবা আৰু সেয়া তিলাৱত কৰাৰ সময়ত হৈ চৈ সৃষ্টি কৰিবা, যাতে তোমালোকে জয়ী হ’ব পাৰা’।

### الآية 41:27

> ﻿فَلَنُذِيقَنَّ الَّذِينَ كَفَرُوا عَذَابًا شَدِيدًا وَلَنَجْزِيَنَّهُمْ أَسْوَأَ الَّذِي كَانُوا يَعْمَلُونَ [41:27]

সেয়ে আমি অৱশ্যে কাফিৰসকলক কঠিন শাস্তি আস্বাদন কৰাম আৰু অৱশ্যে আমি সিহঁতক সিহঁতৰ নিকৃষ্ট কাৰ্যকলাপৰ প্ৰতিফল দিম।

### الآية 41:28

> ﻿ذَٰلِكَ جَزَاءُ أَعْدَاءِ اللَّهِ النَّارُ ۖ لَهُمْ فِيهَا دَارُ الْخُلْدِ ۖ جَزَاءً بِمَا كَانُوا بِآيَاتِنَا يَجْحَدُونَ [41:28]

এই অগ্নি, আল্লাহৰ শত্ৰুবিলাকৰ প্ৰতিদান; তাত সিহঁতৰ বাবে আছে স্থায়ী আবাস, আমাৰ নিদৰ্শনাৱলীৰ প্ৰতি সিহঁতৰ অস্বীকৃতিৰ প্ৰতিফলস্বৰূপ।

### الآية 41:29

> ﻿وَقَالَ الَّذِينَ كَفَرُوا رَبَّنَا أَرِنَا اللَّذَيْنِ أَضَلَّانَا مِنَ الْجِنِّ وَالْإِنْسِ نَجْعَلْهُمَا تَحْتَ أَقْدَامِنَا لِيَكُونَا مِنَ الْأَسْفَلِينَ [41:29]

আৰু কাফিৰসকলে ক’ব, ‘হে আমাৰ ৰব! জিন আৰু মানুহৰ মাজৰ পৰা যি দুজনে আমাক পথভ্ৰষ্ট কৰিছিল সিহঁতক দেখুৱাই দিয়া, আমি সিহঁত উভয়কে ভৰিৰ তলত ৰাখিম, যাতে সিহঁত নিকৃষ্টবিলাকৰ অন্তৰ্ভুক্ত হয়’।

### الآية 41:30

> ﻿إِنَّ الَّذِينَ قَالُوا رَبُّنَا اللَّهُ ثُمَّ اسْتَقَامُوا تَتَنَزَّلُ عَلَيْهِمُ الْمَلَائِكَةُ أَلَّا تَخَافُوا وَلَا تَحْزَنُوا وَأَبْشِرُوا بِالْجَنَّةِ الَّتِي كُنْتُمْ تُوعَدُونَ [41:30]

নিশ্চয় যিসকলে কয়, ‘আমাৰ ৰব আল্লাহ’, তাৰ পিছত অবিচলিত থাকে, তেওঁলোকৰ ওচৰত ফিৰিস্তা অৱতীৰ্ণ হয়, (এই কথা কবলৈ) যে, ‘তোমালোকে ভয় নকৰিবা, আৰু চিন্তিতও নহ’বা বৰং তোমালোকক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ বাবে আনন্দিত হোৱা।

### الآية 41:31

> ﻿نَحْنُ أَوْلِيَاؤُكُمْ فِي الْحَيَاةِ الدُّنْيَا وَفِي الْآخِرَةِ ۖ وَلَكُمْ فِيهَا مَا تَشْتَهِي أَنْفُسُكُمْ وَلَكُمْ فِيهَا مَا تَدَّعُونَ [41:31]

‘আমিয়েই তোমালোকৰ বন্ধু পাৰ্থিৱ জীৱনতো আৰু আখিৰাততো। আৰু তাত তোমালোকৰ বাবে প্ৰত্যেক সেইটো বস্তু থাকিব যিটো তোমালোকৰ মনে বিচাৰিব লগতে তোমালোকে তাত যিটো দাবী কৰিবা সেইটোৱেই থাকিব’।

### الآية 41:32

> ﻿نُزُلًا مِنْ غَفُورٍ رَحِيمٍ [41:32]

এয়া পৰম ক্ষমাশীল, পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা আতিথ্যস্বৰূপ।

### الآية 41:33

> ﻿وَمَنْ أَحْسَنُ قَوْلًا مِمَّنْ دَعَا إِلَى اللَّهِ وَعَمِلَ صَالِحًا وَقَالَ إِنَّنِي مِنَ الْمُسْلِمِينَ [41:33]

সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান জনায় আৰু সৎকৰ্ম কৰে? আৰু কয়, ‘নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত’।

### الآية 41:34

> ﻿وَلَا تَسْتَوِي الْحَسَنَةُ وَلَا السَّيِّئَةُ ۚ ادْفَعْ بِالَّتِي هِيَ أَحْسَنُ فَإِذَا الَّذِي بَيْنَكَ وَبَيْنَهُ عَدَاوَةٌ كَأَنَّهُ وَلِيٌّ حَمِيمٌ [41:34]

ভাল আৰু বেয়া কেতিয়াও সমান হ’ব নোৱাৰে। সেয়ে উৎকৃষ্ট পন্থাৰে বেয়াক প্ৰতিহত কৰা, ফলত তোমাৰ আৰু যাৰ মাজত শত্ৰুতা আছে, (এনে কৰিলে) সি হৈ যাব তোমাৰ অন্তৰঙ্গ বন্ধুৰ দৰে।

### الآية 41:35

> ﻿وَمَا يُلَقَّاهَا إِلَّا الَّذِينَ صَبَرُوا وَمَا يُلَقَّاهَا إِلَّا ذُو حَظٍّ عَظِيمٍ [41:35]

আৰু এইটো কেৱল তেওঁলোকেই প্ৰাপ্ত হ’ব যিসকল ধৈৰ্যশীল। ইয়াৰ অধিকাৰী কেৱল তেওঁলোকেই হ’ব যিসকল মহাভাগ্যবান।

### الآية 41:36

> ﻿وَإِمَّا يَنْزَغَنَّكَ مِنَ الشَّيْطَانِ نَزْغٌ فَاسْتَعِذْ بِاللَّهِ ۖ إِنَّهُ هُوَ السَّمِيعُ الْعَلِيمُ [41:36]

আৰু যদি চয়তানৰ তৰফৰ পৰা কোনো কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে, তেন্তে তুমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

### الآية 41:37

> ﻿وَمِنْ آيَاتِهِ اللَّيْلُ وَالنَّهَارُ وَالشَّمْسُ وَالْقَمَرُ ۚ لَا تَسْجُدُوا لِلشَّمْسِ وَلَا لِلْقَمَرِ وَاسْجُدُوا لِلَّهِ الَّذِي خَلَقَهُنَّ إِنْ كُنْتُمْ إِيَّاهُ تَعْبُدُونَ [41:37]

আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ। তোমালোকে সূৰ্যক ছাজদাহ নকৰিবা, আৰু চন্দ্ৰকো নহয়; ছাজদাহ কৰিবা কেৱল আল্লাহক, যিজনে এইবোৰ সৃষ্টি কৰিছে, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।

### الآية 41:38

> ﻿فَإِنِ اسْتَكْبَرُوا فَالَّذِينَ عِنْدَ رَبِّكَ يُسَبِّحُونَ لَهُ بِاللَّيْلِ وَالنَّهَارِ وَهُمْ لَا يَسْأَمُونَ ۩ [41:38]

তথাপিও যদি সিহঁতে অহংকাৰ কৰে, তেন্তে (জানি থোৱা) যিসকল তোমাৰ প্ৰতিপালকৰ ওচৰত আছে, তেওঁলোকে দিনে ৰাতি তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁলোকে ক্লান্তি বোধো নকৰে।

### الآية 41:39

> ﻿وَمِنْ آيَاتِهِ أَنَّكَ تَرَى الْأَرْضَ خَاشِعَةً فَإِذَا أَنْزَلْنَا عَلَيْهَا الْمَاءَ اهْتَزَّتْ وَرَبَتْ ۚ إِنَّ الَّذِي أَحْيَاهَا لَمُحْيِي الْمَوْتَىٰ ۚ إِنَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ [41:39]

তেওঁৰ আৰু এটা নিদৰ্শন এই যে, তুমি ভূমিক শুকান দেখিবলৈ পোৱা, তাৰ পিছত যেতিয়া আমি তাত পানী বৰ্ষণ কৰো তেতিয়া সেয়া উজ্জীৱিত আৰু স্ফীত হয়। নিশ্চয় যিজনে ভূমিক জীৱিত কৰে অৱশ্যে তেৱেঁই মৃতসকলক জীৱন দানকাৰী। নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

### الآية 41:40

> ﻿إِنَّ الَّذِينَ يُلْحِدُونَ فِي آيَاتِنَا لَا يَخْفَوْنَ عَلَيْنَا ۗ أَفَمَنْ يُلْقَىٰ فِي النَّارِ خَيْرٌ أَمْ مَنْ يَأْتِي آمِنًا يَوْمَ الْقِيَامَةِ ۚ اعْمَلُوا مَا شِئْتُمْ ۖ إِنَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ [41:40]

নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক বিকৃত কৰে, সিহঁত মোৰ অগোচৰত নহয়। (কোৱাচোন) ‘যিজন অগ্নিত নিক্ষিপ্ত হ’ব সি শ্ৰেষ্ঠ নে যিজন কিয়ামতৰ দিনা নিৰাপদে উপস্থিত হ’ব তেওঁ’? তোমালোকে যি ইচ্ছা আমল কৰা। তোমালোকে যি আমলকে নকৰা কিয়, নিশ্চয় তেওঁ তাৰ সম্যক দ্ৰষ্টা।

### الآية 41:41

> ﻿إِنَّ الَّذِينَ كَفَرُوا بِالذِّكْرِ لَمَّا جَاءَهُمْ ۖ وَإِنَّهُ لَكِتَابٌ عَزِيزٌ [41:41]

নিশ্চয় যিসকলে উপদেশ (কোৰআন) অহাৰ পিছতো সেয়া অস্বীকাৰ কৰে (সিহঁতক অৱশ্যে কঠিন শাস্তি দিয়া হ’ব)। নিশ্চয় এয়া হৈছে এখন সন্মানিত গ্ৰন্থ,

### الآية 41:42

> ﻿لَا يَأْتِيهِ الْبَاطِلُ مِنْ بَيْنِ يَدَيْهِ وَلَا مِنْ خَلْفِهِ ۖ تَنْزِيلٌ مِنْ حَكِيمٍ حَمِيدٍ [41:42]

বাতিল কেতিয়াও ইয়াত অনুপ্ৰৱেশ কৰিব নোৱাৰে, সন্মুখৰ ফালৰ পৰাও নহয়, পিছফালৰ পৰাও নহয়। এইটো প্ৰজ্ঞাময়, চিৰপ্ৰশংসিত সত্তাৰ তৰফৰ পৰা অৱতীৰ্ণ।

### الآية 41:43

> ﻿مَا يُقَالُ لَكَ إِلَّا مَا قَدْ قِيلَ لِلرُّسُلِ مِنْ قَبْلِكَ ۚ إِنَّ رَبَّكَ لَذُو مَغْفِرَةٍ وَذُو عِقَابٍ أَلِيمٍ [41:43]

তোমাক কেৱল সেইটোৱেই কোৱা হয়, যিটো কোৱা হৈছিল তোমাৰ পূৰ্বৱৰ্তী ৰাছুলসকলক। নিশ্চয় তোমাৰ ৰব একান্ত ক্ষমাশীল আৰু অতি যন্ত্ৰণাদায়ক শাস্তি প্ৰদানকাৰী।

### الآية 41:44

> ﻿وَلَوْ جَعَلْنَاهُ قُرْآنًا أَعْجَمِيًّا لَقَالُوا لَوْلَا فُصِّلَتْ آيَاتُهُ ۖ أَأَعْجَمِيٌّ وَعَرَبِيٌّ ۗ قُلْ هُوَ لِلَّذِينَ آمَنُوا هُدًى وَشِفَاءٌ ۖ وَالَّذِينَ لَا يُؤْمِنُونَ فِي آذَانِهِمْ وَقْرٌ وَهُوَ عَلَيْهِمْ عَمًى ۚ أُولَٰئِكَ يُنَادَوْنَ مِنْ مَكَانٍ بَعِيدٍ [41:44]

আৰু যদি আমি ইয়াক অনাৰবী ভাষাৰ কোৰআন বনালোহেঁতেন তেন্তে সিহঁতে অৱশ্যে ক’লেহেঁতেন, ‘ইয়াৰ আয়াতসমূহ বিশদভাৱে বিবৃত হোৱা নাই কিয়? ভাষা অনাৰবীয়, অথচ ৰাছুল আৰবীয়!’ কোৱা, ‘এইটো মুমিনসকলৰ বাবে হিদায়ত আৰু আৰোগ্য’। যিহঁতে ঈমান পোষণ নকৰে সিহঁতৰ কাণত আছে বধিৰতা আৰু কোৰআনে সিহঁতৰ (অন্তৰৰ) ওপৰত অন্ধত্ব সৃষ্টি কৰিব। সিহঁতকেই আহ্বান কৰা হ’ব দূৰৱৰ্তী স্থানৰ পৰা।

### الآية 41:45

> ﻿وَلَقَدْ آتَيْنَا مُوسَى الْكِتَابَ فَاخْتُلِفَ فِيهِ ۗ وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَبِّكَ لَقُضِيَ بَيْنَهُمْ ۚ وَإِنَّهُمْ لَفِي شَكٍّ مِنْهُ مُرِيبٍ [41:45]

আৰু অৱশ্যে আমি মুছাক কিতাব প্ৰদান কৰিছিলো, কিন্তু তাত মতভেদ ঘটিছিল। যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা বাণী (সিদ্ধান্ত) পূৰ্বেই কৰি থোৱা নাথাকিলেহঁতেন তেন্তে সিহঁতৰ মাজত চূড়ান্ত মীমাংসা হৈ গ’লহেঁতেন। নিশ্চয় সিহঁত এই কোৰআন সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈছে।

### الآية 41:46

> ﻿مَنْ عَمِلَ صَالِحًا فَلِنَفْسِهِ ۖ وَمَنْ أَسَاءَ فَعَلَيْهَا ۗ وَمَا رَبُّكَ بِظَلَّامٍ لِلْعَبِيدِ [41:46]

যিয়ে সৎকৰ্ম কৰে তেওঁ নিজৰ কল্যাণৰ বাবেই কৰে আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তোমাৰ প্ৰতিপালকে নিজ বান্দাসকলৰ প্ৰতি কদাপিও অন্যায় নকৰে।

### الآية 41:47

> ﻿۞ إِلَيْهِ يُرَدُّ عِلْمُ السَّاعَةِ ۚ وَمَا تَخْرُجُ مِنْ ثَمَرَاتٍ مِنْ أَكْمَامِهَا وَمَا تَحْمِلُ مِنْ أُنْثَىٰ وَلَا تَضَعُ إِلَّا بِعِلْمِهِ ۚ وَيَوْمَ يُنَادِيهِمْ أَيْنَ شُرَكَائِي قَالُوا آذَنَّاكَ مَا مِنَّا مِنْ شَهِيدٍ [41:47]

কিয়ামতৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হয়। তেওঁৰ অজ্ঞতাসাৰত কোনো ফলো আৱৰণৰ পৰা ওলাই নাহে, কোনো নাৰীও গৰ্ভ ধাৰণ নকৰে আৰু সন্তানো প্ৰসৱ নকৰে। যিদিনা আল্লাহে সিহঁতক মাতি ক’ব, ‘মোৰ অংশীদাৰসকল ক’ত’? তেতিয়া সিহঁতে ক’ব, ‘আমি তোমাৰ ওচৰত নিবেদন কৰো যে, এই বিষয়ে আমাৰ মাজত কোনো সাক্ষী নাই’।

### الآية 41:48

> ﻿وَضَلَّ عَنْهُمْ مَا كَانُوا يَدْعُونَ مِنْ قَبْلُ ۖ وَظَنُّوا مَا لَهُمْ مِنْ مَحِيصٍ [41:48]

আৰু ইতিপূৰ্বে সিহঁতে যিবিলাক (উপাস্যক) আহ্বান কৰিছিল সিহঁত সিহঁতৰ পৰা অন্তৰ্ধান হৈ যাব, আৰু সিহঁতে বিশ্বাস কৰিব যে, সিহঁতৰ পলায়নৰ কোনো উপায় নাই।

### الآية 41:49

> ﻿لَا يَسْأَمُ الْإِنْسَانُ مِنْ دُعَاءِ الْخَيْرِ وَإِنْ مَسَّهُ الشَّرُّ فَيَئُوسٌ قَنُوطٌ [41:49]

মানুহে কল্যাণ প্ৰাৰ্থনাত কোনো ক্লান্তি বোধ নকৰে, কিন্তু যেতিয়া তাক কোনো অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি প্ৰচণ্ডভাৱে হতাশ আৰু নিৰাশ হৈ পৰে;

### الآية 41:50

> ﻿وَلَئِنْ أَذَقْنَاهُ رَحْمَةً مِنَّا مِنْ بَعْدِ ضَرَّاءَ مَسَّتْهُ لَيَقُولَنَّ هَٰذَا لِي وَمَا أَظُنُّ السَّاعَةَ قَائِمَةً وَلَئِنْ رُجِعْتُ إِلَىٰ رَبِّي إِنَّ لِي عِنْدَهُ لَلْحُسْنَىٰ ۚ فَلَنُنَبِّئَنَّ الَّذِينَ كَفَرُوا بِمَا عَمِلُوا وَلَنُذِيقَنَّهُمْ مِنْ عَذَابٍ غَلِيظٍ [41:50]

আকৌ দুঃখ-দৈন্যই স্পৰ্শ কৰাৰ পিছত যদি আমি তাক আমাৰ তৰফৰ পৰা অনুগ্ৰহৰ সোৱাদ ল’বলৈ দিওঁ, তেতিয়া সি অৱশ্যে কয়, ‘এয়া মোৰ প্ৰাপ্য আৰু মোৰ বিশ্বাস নহয় যে কিয়ামত সংঘটিত হ’ব। আনহাতে যদি মোক মোৰ প্ৰতিপালকৰ ওচৰলৈ উভতাই নিয়াও হয়, তথাপিও তেওঁৰ ওচৰত মোৰ বাবে কল্যাণেই থাকিব’। এতেকে নিশ্চয় আমি কাফিৰসকলক সিহঁতৰ আমল সম্পৰ্কে অৱহিত কৰিম আৰু সিহঁতক অৱশ্যে কঠোৰ শাস্তি আস্বাদন কৰাম।

### الآية 41:51

> ﻿وَإِذَا أَنْعَمْنَا عَلَى الْإِنْسَانِ أَعْرَضَ وَنَأَىٰ بِجَانِبِهِ وَإِذَا مَسَّهُ الشَّرُّ فَذُو دُعَاءٍ عَرِيضٍ [41:51]

আৰু যেতিয়া আমি মানুহৰ প্ৰতি অনুগ্ৰহ কৰো তেতিয়া সি মুখ ঘূৰাই লয় আৰু দূৰলৈ আঁতৰি যায়। কিন্তু যেতিয়া তাক অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি দীৰ্ঘ প্ৰাৰ্থনাকাৰী হয়।

### الآية 41:52

> ﻿قُلْ أَرَأَيْتُمْ إِنْ كَانَ مِنْ عِنْدِ اللَّهِ ثُمَّ كَفَرْتُمْ بِهِ مَنْ أَضَلُّ مِمَّنْ هُوَ فِي شِقَاقٍ بَعِيدٍ [41:52]

কোৱা, ‘তোমালোকে কেতিয়াবা ভাবিছানে, যদি এই কোৰআন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈ থাকে তথাপিও তোমালোকে ইয়াক প্ৰত্যাখ্যান কৰিছা, তেনে অৱস্থাত যি ব্যক্তি ঘোৰ বিৰুদ্ধাচৰণত লিপ্ত আছে, তাতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে’?

### الآية 41:53

> ﻿سَنُرِيهِمْ آيَاتِنَا فِي الْآفَاقِ وَفِي أَنْفُسِهِمْ حَتَّىٰ يَتَبَيَّنَ لَهُمْ أَنَّهُ الْحَقُّ ۗ أَوَلَمْ يَكْفِ بِرَبِّكَ أَنَّهُ عَلَىٰ كُلِّ شَيْءٍ شَهِيدٌ [41:53]

অনতিপলমে আমি সিহঁতক আমাৰ নিদৰ্শনাৱলী দেখুৱাম, বিশ্বজগতৰ প্ৰান্তসমূহত আৰু সিহঁতৰ নিজৰ মাজতো; যাতে সিহঁতৰ ওচৰত সুস্পষ্ট হৈ উঠে যে, অৱশ্যে এইটো (কোৰআন) সত্য। এইটো তোমাৰ প্ৰতিপালক সম্পৰ্কে যথেষ্ট নহয়নে যে, তেওঁ সকলো বস্তুৰ ওপৰত সাক্ষী?

### الآية 41:54

> ﻿أَلَا إِنَّهُمْ فِي مِرْيَةٍ مِنْ لِقَاءِ رَبِّهِمْ ۗ أَلَا إِنَّهُ بِكُلِّ شَيْءٍ مُحِيطٌ [41:54]

জানি থোৱা! নিশ্চয় সিহঁত নিজ প্ৰতিপালকৰ সাক্ষাত সম্পৰ্কে সন্দেহত আছে। জানি থোৱা যে, নিশ্চয় তেওঁ (আল্লাহ) সকলো বস্তুকেই পৰিবেষ্টন কৰি আছে।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/41.md)
- [كل تفاسير سورة فصّلت
](https://quranpedia.net/surah-tafsir/41.md)
- [ترجمات سورة فصّلت
](https://quranpedia.net/translations/41.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/41/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
