---
title: "ترجمة سورة الشورى - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/42/book/1994.md"
canonical: "https://quranpedia.net/surah/1/42/book/1994"
surah_id: "42"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة الشورى - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/42/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة الشورى - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/42/book/1994*.

Translation of Surah الشورى from "الترجمة الأسامية" in الأسامية.

### الآية 42:1

> حم [42:1]

হা-মীম।

### الآية 42:2

> ﻿عسق [42:2]

আঈন-ছীন-ক্বাফ।

### الآية 42:3

> ﻿كَذَٰلِكَ يُوحِي إِلَيْكَ وَإِلَى الَّذِينَ مِنْ قَبْلِكَ اللَّهُ الْعَزِيزُ الْحَكِيمُ [42:3]

এইদৰেই তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্বৱৰ্তীসকলৰ প্ৰতি অহী কৰে মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময় আল্লাহে।

### الآية 42:4

> ﻿لَهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۖ وَهُوَ الْعَلِيُّ الْعَظِيمُ [42:4]

আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। তেওঁ সুউচ্চ, সুমহান।

### الآية 42:5

> ﻿تَكَادُ السَّمَاوَاتُ يَتَفَطَّرْنَ مِنْ فَوْقِهِنَّ ۚ وَالْمَلَائِكَةُ يُسَبِّحُونَ بِحَمْدِ رَبِّهِمْ وَيَسْتَغْفِرُونَ لِمَنْ فِي الْأَرْضِ ۗ أَلَا إِنَّ اللَّهَ هُوَ الْغَفُورُ الرَّحِيمُ [42:5]

আকাশসমূহ ওপৰৰ পৰা ভাঙি পৰাৰ উপক্ৰম হয়, আৰু ফিৰিস্তাসকলে নিজ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু পৃথিৱীবাসী সকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। জানি থোৱা, নিশ্চয় আল্লাহ, তেৱেঁই ক্ষমাশীল, পৰম দয়ালু।

### الآية 42:6

> ﻿وَالَّذِينَ اتَّخَذُوا مِنْ دُونِهِ أَوْلِيَاءَ اللَّهُ حَفِيظٌ عَلَيْهِمْ وَمَا أَنْتَ عَلَيْهِمْ بِوَكِيلٍ [42:6]

আৰু যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে, আল্লাহ সিহঁতৰ প্ৰতি সম্যক দৃষ্টিদাতা। আৰু তুমি সিহঁতৰ ওপৰত কৰ্মবিধায়ক নহয়।

### الآية 42:7

> ﻿وَكَذَٰلِكَ أَوْحَيْنَا إِلَيْكَ قُرْآنًا عَرَبِيًّا لِتُنْذِرَ أُمَّ الْقُرَىٰ وَمَنْ حَوْلَهَا وَتُنْذِرَ يَوْمَ الْجَمْعِ لَا رَيْبَ فِيهِ ۚ فَرِيقٌ فِي الْجَنَّةِ وَفَرِيقٌ فِي السَّعِيرِ [42:7]

আৰু এইদৰেই আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো আৰবী ভাষাত, যাতে তুমি মক্কা আৰু ইয়াৰ চাৰিওফালৰ জনগণক সতৰ্ক কৰিব পাৰা লগতে সতৰ্ক কৰিব পাৰা কিয়ামতৰ দিন সম্পৰ্কে, যাৰ (সংঘটিত হোৱাত) কোনো সন্দেহ নাই। এদল থাকিব জান্নাতত আৰু এদল জ্বলন্ত অগ্নিত।

### الآية 42:8

> ﻿وَلَوْ شَاءَ اللَّهُ لَجَعَلَهُمْ أُمَّةً وَاحِدَةً وَلَٰكِنْ يُدْخِلُ مَنْ يَشَاءُ فِي رَحْمَتِهِ ۚ وَالظَّالِمُونَ مَا لَهُمْ مِنْ وَلِيٍّ وَلَا نَصِيرٍ [42:8]

আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতক এটাই উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ যাক ইচ্ছা কৰে কেৱল তাকহে নিজ অনুগ্ৰহত প্ৰৱেশ কৰায়। আৰু যালিমসকল, সিহঁতৰ কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।

### الآية 42:9

> ﻿أَمِ اتَّخَذُوا مِنْ دُونِهِ أَوْلِيَاءَ ۖ فَاللَّهُ هُوَ الْوَلِيُّ وَهُوَ يُحْيِي الْمَوْتَىٰ وَهُوَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ [42:9]

সিহঁতে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰিছে নেকি, কিন্তু আল্লাহ, কেৱল তেওঁহে প্ৰকৃত অভিভাৱক, আৰু কেৱল তেৱেঁই মৃতক জীৱিত কৰে। তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

### الآية 42:10

> ﻿وَمَا اخْتَلَفْتُمْ فِيهِ مِنْ شَيْءٍ فَحُكْمُهُ إِلَى اللَّهِ ۚ ذَٰلِكُمُ اللَّهُ رَبِّي عَلَيْهِ تَوَكَّلْتُ وَإِلَيْهِ أُنِيبُ [42:10]

আৰু তোমালোকে যি বিষয়তে মতভেদ নকৰা কিয়, তাৰ মীমাংসা কেৱল আল্লাহৰেই ওচৰত। তেৱেঁই আল্লাহ, মোৰ ৰব; তেওঁৰ ওপৰতেই মই নিৰ্ভৰ কৰিছো আৰু মই তেওঁৰেই অভিমুখী হওঁ।

### الآية 42:11

> ﻿فَاطِرُ السَّمَاوَاتِ وَالْأَرْضِ ۚ جَعَلَ لَكُمْ مِنْ أَنْفُسِكُمْ أَزْوَاجًا وَمِنَ الْأَنْعَامِ أَزْوَاجًا ۖ يَذْرَؤُكُمْ فِيهِ ۚ لَيْسَ كَمِثْلِهِ شَيْءٌ ۖ وَهُوَ السَّمِيعُ الْبَصِيرُ [42:11]

তেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি কৰ্তা, তেৱেঁই তোমালোকৰ মাজৰ পৰা তোমালোকৰ যোৰা সৃষ্টি কৰিছে আৰু চতুষ্পদ জন্তুৰ মাজতো যোৰা সৃষ্টি কৰিছে। এইদৰেই তেওঁ তোমালোকৰ বংশ বিস্তাৰ কৰে; একোৱেই তেওঁৰ সদৃশ নহয়, তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

### الآية 42:12

> ﻿لَهُ مَقَالِيدُ السَّمَاوَاتِ وَالْأَرْضِ ۖ يَبْسُطُ الرِّزْقَ لِمَنْ يَشَاءُ وَيَقْدِرُ ۚ إِنَّهُ بِكُلِّ شَيْءٍ عَلِيمٌ [42:12]

আকাশসমূহ আৰু পৃথিৱীৰ চাবি-কাঠি তেওঁৰেই ওচৰত। তেওঁ যাৰ বাবে ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু সংকুচিতও কৰে। নিশ্চয় তেওঁ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।

### الآية 42:13

> ﻿۞ شَرَعَ لَكُمْ مِنَ الدِّينِ مَا وَصَّىٰ بِهِ نُوحًا وَالَّذِي أَوْحَيْنَا إِلَيْكَ وَمَا وَصَّيْنَا بِهِ إِبْرَاهِيمَ وَمُوسَىٰ وَعِيسَىٰ ۖ أَنْ أَقِيمُوا الدِّينَ وَلَا تَتَفَرَّقُوا فِيهِ ۚ كَبُرَ عَلَى الْمُشْرِكِينَ مَا تَدْعُوهُمْ إِلَيْهِ ۚ اللَّهُ يَجْتَبِي إِلَيْهِ مَنْ يَشَاءُ وَيَهْدِي إِلَيْهِ مَنْ يُنِيبُ [42:13]

তেৱেঁই তোমালোকৰ বাবে দ্বীন বিধিবদ্ধ কৰিছে, যাৰ নিৰ্দেশ তেওঁ নূহক প্ৰদান কৰিছিল; আৰু আমি তোমাৰ প্ৰতি ইয়াৰেই অহী প্ৰেৰণ কৰিছো লগতে ইব্ৰাহীম, মুছা আৰু ঈছাকো ইয়াৰ নিৰ্দেশ দিছিলো যে, তোমালোকে দ্বীনক প্ৰতিষ্ঠিত কৰা আৰু ইয়াৰ মাজত বিভেদ সৃষ্টি নকৰিবা। তুমি মুশ্বৰিকসকলক যিটোৰ ফালে আহ্বান কৰি আছা সেয়া সিহঁতৰ ওচৰত কঠিন বুলিহে ধাৰণা হয়। আল্লাহে যাক ইচ্ছা কৰে তাকহে তেওঁৰ দ্বীনৰ প্ৰতি আকৃষ্ট কৰে আৰু যিয়ে তেওঁৰ অভিমুখী হয় তাক তেওঁৰ দ্বীনৰ প্ৰতি হিদায়ত দান কৰে।

### الآية 42:14

> ﻿وَمَا تَفَرَّقُوا إِلَّا مِنْ بَعْدِ مَا جَاءَهُمُ الْعِلْمُ بَغْيًا بَيْنَهُمْ ۚ وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَبِّكَ إِلَىٰ أَجَلٍ مُسَمًّى لَقُضِيَ بَيْنَهُمْ ۚ وَإِنَّ الَّذِينَ أُورِثُوا الْكِتَابَ مِنْ بَعْدِهِمْ لَفِي شَكٍّ مِنْهُ مُرِيبٍ [42:14]

আৰু সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো কেৱল পাৰস্পৰিক বিদ্বেষবশত সিহঁতে নিজৰ মাজত মতভেদ ঘটায়। এটা নিৰ্ধাৰিত সময় লৈকে অৱকাশ সম্পৰ্কে তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ বিষয়ে চূড়ান্ত ফয়চালা হৈ গ’লহেঁতেন। সিহঁতৰ পিছত যিসকলে কিতাবৰ উত্তৰাধিকাৰী হৈছে, নিশ্চয় সিহঁতে সেই বিষয়ে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈছে।

### الآية 42:15

> ﻿فَلِذَٰلِكَ فَادْعُ ۖ وَاسْتَقِمْ كَمَا أُمِرْتَ ۖ وَلَا تَتَّبِعْ أَهْوَاءَهُمْ ۖ وَقُلْ آمَنْتُ بِمَا أَنْزَلَ اللَّهُ مِنْ كِتَابٍ ۖ وَأُمِرْتُ لِأَعْدِلَ بَيْنَكُمُ ۖ اللَّهُ رَبُّنَا وَرَبُّكُمْ ۖ لَنَا أَعْمَالُنَا وَلَكُمْ أَعْمَالُكُمْ ۖ لَا حُجَّةَ بَيْنَنَا وَبَيْنَكُمُ ۖ اللَّهُ يَجْمَعُ بَيْنَنَا ۖ وَإِلَيْهِ الْمَصِيرُ [42:15]

এতেকে তুমি আহ্বান কৰা আৰু দৃঢ়ভাৱে অবিচলিত থাকা, যিদৰে তোমাক আদেশ কৰা হৈছে। তুমি কেতিয়াও সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা; আৰু কোৱা, ‘আল্লাহে যিখন কিতাব অৱতীৰ্ণ কৰিছে মই তাত ঈমান আনিছো আৰু তোমালোকৰ মাজত ন্যায় বিচাৰ কৰিবলৈ মোক আদেশ কৰা হৈছে। আল্লাহেই আমাৰ ৰব আৰু তোমালোকৰো ৰব। আমাৰ আমল আমাৰ বাবে আৰু তোমালোকৰ আমল তোমালোকৰ বাবে; আমাৰ আৰু তোমালোকৰ মাজত কোনো বিবাদ-বিসম্বাদ নাই। আল্লাহেই আমাক একত্ৰিত কৰিব আৰু তেওঁৰ ওচৰতেই প্ৰত্যাৱৰ্তন’।

### الآية 42:16

> ﻿وَالَّذِينَ يُحَاجُّونَ فِي اللَّهِ مِنْ بَعْدِ مَا اسْتُجِيبَ لَهُ حُجَّتُهُمْ دَاحِضَةٌ عِنْدَ رَبِّهِمْ وَعَلَيْهِمْ غَضَبٌ وَلَهُمْ عَذَابٌ شَدِيدٌ [42:16]

আল্লাহৰ আহ্বানত সঁহাৰি দিয়াৰ পিছতো যিসকলে আল্লাহ সম্পৰ্কে বিতৰ্ক কৰে, সিহঁতৰ যুক্তি-তৰ্ক সিহঁতৰ প্ৰতিপালকৰ দৃষ্টিত অসাৰ আৰু সিহঁতৰ ওপৰত আছে তেওঁৰ ক্ৰোধ আৰু আছে সিহঁতৰ বাবে কঠিন শাস্তি।

### الآية 42:17

> ﻿اللَّهُ الَّذِي أَنْزَلَ الْكِتَابَ بِالْحَقِّ وَالْمِيزَانَ ۗ وَمَا يُدْرِيكَ لَعَلَّ السَّاعَةَ قَرِيبٌ [42:17]

তেৱেঁই আল্লাহ, যিজনে সত্য সহকাৰে কিতাব আৰু মীজান অৱতীৰ্ণ কৰিছে। কিহে তোমাক জনাব যে, সম্ভৱত কিয়ামত অতি নিকটৱৰ্তী?

### الآية 42:18

> ﻿يَسْتَعْجِلُ بِهَا الَّذِينَ لَا يُؤْمِنُونَ بِهَا ۖ وَالَّذِينَ آمَنُوا مُشْفِقُونَ مِنْهَا وَيَعْلَمُونَ أَنَّهَا الْحَقُّ ۗ أَلَا إِنَّ الَّذِينَ يُمَارُونَ فِي السَّاعَةِ لَفِي ضَلَالٍ بَعِيدٍ [42:18]

যিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰে সিহঁতেই ইয়াক ত্বৰান্বিত কৰিব বিচাৰে। আৰু যিসকলে ঈমান আনিছে তেওঁলোকে ইয়াৰ পৰা ভীত হৈ থাকে আৰু তেওঁলোকে জানে যে, এয়া নিশ্চিতভাৱে সত্য। জানি থোৱা, নিশ্চয় কিয়ামত সম্পৰ্কে যিসকলে বাক-বিতণ্ডা কৰে সিহঁতে ঘোৰ বিভ্ৰান্তিত নিপতিত।

### الآية 42:19

> ﻿اللَّهُ لَطِيفٌ بِعِبَادِهِ يَرْزُقُ مَنْ يَشَاءُ ۖ وَهُوَ الْقَوِيُّ الْعَزِيزُ [42:19]

আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অত্যন্ত কোমল; তেওঁ যাক ইচ্ছা কৰে জীৱিকা দান কৰে। তেওঁ সৰ্বশক্তিমান. প্ৰবল পৰাক্ৰমশালী।

### الآية 42:20

> ﻿مَنْ كَانَ يُرِيدُ حَرْثَ الْآخِرَةِ نَزِدْ لَهُ فِي حَرْثِهِ ۖ وَمَنْ كَانَ يُرِيدُ حَرْثَ الدُّنْيَا نُؤْتِهِ مِنْهَا وَمَا لَهُ فِي الْآخِرَةِ مِنْ نَصِيبٍ [42:20]

যিয়ে আখিৰাতৰ ফচল কামনা কৰে তাৰ বাবে আমি তাৰ ফচল বৃদ্ধি কৰি দিওঁ আৰু যিয়ে পৃথিৱীৰ ফচল কামনা কৰে আমি তাক তাৰ পৰা অকণমান দিওঁ। কিন্তু আখিৰাতত তাৰ বাবে একো নাথাকিব।

### الآية 42:21

> ﻿أَمْ لَهُمْ شُرَكَاءُ شَرَعُوا لَهُمْ مِنَ الدِّينِ مَا لَمْ يَأْذَنْ بِهِ اللَّهُ ۚ وَلَوْلَا كَلِمَةُ الْفَصْلِ لَقُضِيَ بَيْنَهُمْ ۗ وَإِنَّ الظَّالِمِينَ لَهُمْ عَذَابٌ أَلِيمٌ [42:21]

অথবা সিহঁতৰ এনে কিছুমান অংশী আছে নেকি, যিবিলাকে সিহঁতৰ বাবে দ্বীনৰ পৰা চৰীয়ত প্ৰৱৰ্তন কৰিছে, যাৰ অনুমতি আল্লাহে দিয়া নাই? আৰু মীমাংসাৰ ঘোষণা নাথাকিলে অৱশ্যে সিহঁতৰ মাজত সিদ্ধান্ত হৈ গ’লহেঁতেন। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

### الآية 42:22

> ﻿تَرَى الظَّالِمِينَ مُشْفِقِينَ مِمَّا كَسَبُوا وَهُوَ وَاقِعٌ بِهِمْ ۗ وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ فِي رَوْضَاتِ الْجَنَّاتِ ۖ لَهُمْ مَا يَشَاءُونَ عِنْدَ رَبِّهِمْ ۚ ذَٰلِكَ هُوَ الْفَضْلُ الْكَبِيرُ [42:22]

তুমি যালিমসকলক সিহঁতৰ কৃতকৰ্মৰ বাবে ভীত-সন্ত্ৰস্ত দেখিবলৈ পাবা। অথচ সেয়া আপতিত হ’ব সিহঁতৰেই ওপৰত। যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে থাকিব জান্নাতৰ উদ্যানসমূহত। তেওঁলোকে যিটোৱেই বিচাৰিব সেইটোৱেই তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত পাব। এইটোৱেই মহা অনুগ্ৰহ।

### الآية 42:23

> ﻿ذَٰلِكَ الَّذِي يُبَشِّرُ اللَّهُ عِبَادَهُ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ ۗ قُلْ لَا أَسْأَلُكُمْ عَلَيْهِ أَجْرًا إِلَّا الْمَوَدَّةَ فِي الْقُرْبَىٰ ۗ وَمَنْ يَقْتَرِفْ حَسَنَةً نَزِدْ لَهُ فِيهَا حُسْنًا ۚ إِنَّ اللَّهَ غَفُورٌ شَكُورٌ [42:23]

এইটোৱেই সেই সুসংবাদ, যিটো আল্লাহে তেওঁৰ বান্দাসকলক দিছে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। কোৱা, ‘মই ইয়াৰ বিনিময়ত তোমালোকৰ পৰা কেৱল আত্মীয়তাৰ সৌহাৰ্দ্যৰ বাহিৰে আন একো প্ৰতিদান নিবিচাৰো’। যিয়ে উত্তম কাম কৰে আমি তাৰ বাবে ইয়াত কল্যাণ বৃদ্ধি কৰি দিওঁ। নিশ্চয় আল্লাহ অত্যন্ত ক্ষমাশীল, গুণগ্ৰাহী।

### الآية 42:24

> ﻿أَمْ يَقُولُونَ افْتَرَىٰ عَلَى اللَّهِ كَذِبًا ۖ فَإِنْ يَشَإِ اللَّهُ يَخْتِمْ عَلَىٰ قَلْبِكَ ۗ وَيَمْحُ اللَّهُ الْبَاطِلَ وَيُحِقُّ الْحَقَّ بِكَلِمَاتِهِ ۚ إِنَّهُ عَلِيمٌ بِذَاتِ الصُّدُورِ [42:24]

অথবা সিহঁতে এই কথা কয় নেকি যে, সি আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰিছে, যদি সেইটোৱেই হ’লেহেঁতেন তেন্তে আল্লাহে ইচ্ছা কৰিলে তোমাৰ হৃদয়ত মোহৰ মাৰি দিলেহেঁতেন। আল্লাহে বাতিলক মচি দিয়ে আৰু নিজ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰে। নিশ্চয় অন্তৰসমূহত যি আছে সেই বিষয়ে তেওঁ সবিশেষ অৱগত।

### الآية 42:25

> ﻿وَهُوَ الَّذِي يَقْبَلُ التَّوْبَةَ عَنْ عِبَادِهِ وَيَعْفُو عَنِ السَّيِّئَاتِ وَيَعْلَمُ مَا تَفْعَلُونَ [42:25]

আৰু তেৱেঁই নিজ বান্দাসকলৰ তাওবা কবুল কৰে আৰু পাপসমূহ মোচন কৰে আৰু তোমালোকে যি কৰা সেয়া তেওঁ জানে।

### الآية 42:26

> ﻿وَيَسْتَجِيبُ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَيَزِيدُهُمْ مِنْ فَضْلِهِ ۚ وَالْكَافِرُونَ لَهُمْ عَذَابٌ شَدِيدٌ [42:26]

আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ আহ্বানত তেওঁ সঁহাৰি দিয়ে আৰু তেওঁলোকৰ প্ৰতি তেওঁৰ অনুগ্ৰহ বৃদ্ধি কৰি দিয়ে; আৰু কাফিৰসকলৰ বাবে আছে কঠিন শাস্তি।

### الآية 42:27

> ﻿۞ وَلَوْ بَسَطَ اللَّهُ الرِّزْقَ لِعِبَادِهِ لَبَغَوْا فِي الْأَرْضِ وَلَٰكِنْ يُنَزِّلُ بِقَدَرٍ مَا يَشَاءُ ۚ إِنَّهُ بِعِبَادِهِ خَبِيرٌ بَصِيرٌ [42:27]

আৰু যদি আল্লাহে তেওঁৰ বান্দাসকলৰ জীৱিকা প্ৰশস্ত কৰি দিলেহেঁতেন, তেন্তে সিহঁতে পৃথিৱীত অৱশ্যে সীমালংঘন কৰিলেহেঁতেন; কিন্তু তেওঁ নিজৰ ইচ্ছামতে নিৰ্দিষ্ট পৰিমাণে (জীৱিকা) অৱতীৰ্ণ কৰে। নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সম্যক অৱহিত আৰু সৰ্বদ্ৰষ্টা।

### الآية 42:28

> ﻿وَهُوَ الَّذِي يُنَزِّلُ الْغَيْثَ مِنْ بَعْدِ مَا قَنَطُوا وَيَنْشُرُ رَحْمَتَهُ ۚ وَهُوَ الْوَلِيُّ الْحَمِيدُ [42:28]

আৰু সিহঁত নিৰাশ হোৱাৰ পিছত তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেওঁৰ ৰহমত বিস্তাৰ কৰে। তেৱেঁই অভিভাৱক, অত্যন্ত প্ৰশংসিত।

### الآية 42:29

> ﻿وَمِنْ آيَاتِهِ خَلْقُ السَّمَاوَاتِ وَالْأَرْضِ وَمَا بَثَّ فِيهِمَا مِنْ دَابَّةٍ ۚ وَهُوَ عَلَىٰ جَمْعِهِمْ إِذَا يَشَاءُ قَدِيرٌ [42:29]

আৰু তেওঁৰ অন্যতম নিদৰ্শন হৈছে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি আৰু এই দুয়োৰ মাজত তেওঁ যিবোৰ জীৱ-জন্তু বিস্তাৰ কৰিছে সেইবোৰো (তেওঁৰ নিদৰ্শন); আৰু তেওঁ যেতিয়াই ইচ্ছা তেতিয়াই সেইবোৰক সমবেত কৰিবলৈ সক্ষম।

### الآية 42:30

> ﻿وَمَا أَصَابَكُمْ مِنْ مُصِيبَةٍ فَبِمَا كَسَبَتْ أَيْدِيكُمْ وَيَعْفُو عَنْ كَثِيرٍ [42:30]

আৰু তোমালোকৰ প্ৰতি যি বিপদ-আপদ আপতিত হয় সেয়া তোমালোকৰেই কৃতকৰ্মৰ পৰিণাম আৰু বহুতো অপৰাধ তেওঁ ক্ষমা কৰি দিয়ে।

### الآية 42:31

> ﻿وَمَا أَنْتُمْ بِمُعْجِزِينَ فِي الْأَرْضِ ۖ وَمَا لَكُمْ مِنْ دُونِ اللَّهِ مِنْ وَلِيٍّ وَلَا نَصِيرٍ [42:31]

আৰু তোমালোকে পৃথিৱীত (আল্লাহৰ কৰ্ম পৰিকল্পনাক) ব্যৰ্থ কৰিব নোৱাৰিবা। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।

### الآية 42:32

> ﻿وَمِنْ آيَاتِهِ الْجَوَارِ فِي الْبَحْرِ كَالْأَعْلَامِ [42:32]

তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে সাগৰত চলাচল কৰা পৰ্বতসদৃশ নৌযানসমূহ।

### الآية 42:33

> ﻿إِنْ يَشَأْ يُسْكِنِ الرِّيحَ فَيَظْلَلْنَ رَوَاكِدَ عَلَىٰ ظَهْرِهِ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِكُلِّ صَبَّارٍ شَكُورٍ [42:33]

তেওঁ ইচ্ছা কৰিলে বায়ুক স্তব্ধ কৰি দিব পাৰে, ফলত নৌযানসমূহ গতিহীন হৈ পৰিব সমুদ্ৰপৃষ্ঠত। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে, প্ৰত্যেক চৰম ধৈৰ্যশীল আৰু একান্ত কৃতজ্ঞ ব্যক্তিৰ বাবে।

### الآية 42:34

> ﻿أَوْ يُوبِقْهُنَّ بِمَا كَسَبُوا وَيَعْفُ عَنْ كَثِيرٍ [42:34]

অথবা সিহঁতৰ কৃতকৰ্মৰ বাবে সেইবোৰক তেওঁ ধ্বংস কৰি দিব পাৰে; আৰু বহুতো (অপৰাধক) তেওঁ ক্ষমাও কৰে।

### الآية 42:35

> ﻿وَيَعْلَمَ الَّذِينَ يُجَادِلُونَ فِي آيَاتِنَا مَا لَهُمْ مِنْ مَحِيصٍ [42:35]

আৰু যিসকলে আমাৰ নিদৰ্শন সম্পৰ্কে বিতৰ্ক কৰে, সিহঁতে যাতে জানিবলৈ পায় যে, সিহঁতৰ কোনো আশ্ৰয়স্থল নাই।

### الآية 42:36

> ﻿فَمَا أُوتِيتُمْ مِنْ شَيْءٍ فَمَتَاعُ الْحَيَاةِ الدُّنْيَا ۖ وَمَا عِنْدَ اللَّهِ خَيْرٌ وَأَبْقَىٰ لِلَّذِينَ آمَنُوا وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ [42:36]

এতেকে তোমালোকক যি দিয়া হৈছে সেয়া কেৱল পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰীহে। আৰু আল্লাহৰ ওচৰত যি আছে সেয়া উত্তম আৰু স্থায়ী, তেওঁলোকৰ বাবে যিসকলে ঈমান আনিছে আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ ওপৰত তাৱাক্কুল কৰে,

### الآية 42:37

> ﻿وَالَّذِينَ يَجْتَنِبُونَ كَبَائِرَ الْإِثْمِ وَالْفَوَاحِشَ وَإِذَا مَا غَضِبُوا هُمْ يَغْفِرُونَ [42:37]

তেওঁলোকে কাবীৰা গুনাহ আৰু অশ্লীল কৰ্মৰ পৰা আঁতৰত থাকে আৰু যেতিয়া খং উঠে তেতিয়া ক্ষমা কৰি দিয়ে।

### الآية 42:38

> ﻿وَالَّذِينَ اسْتَجَابُوا لِرَبِّهِمْ وَأَقَامُوا الصَّلَاةَ وَأَمْرُهُمْ شُورَىٰ بَيْنَهُمْ وَمِمَّا رَزَقْنَاهُمْ يُنْفِقُونَ [42:38]

আৰু তেওঁলোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, ছালাত কায়েম কৰে আৰু তেওঁলোকৰ কাৰ্যাৱলী পৰস্পৰ পৰামৰ্শৰ মাধ্যমত সম্পাদিত হয়। আৰু তেওঁলোকক আমি যি জীৱিকা দান কৰিছো তাৰ পৰা ব্যয় কৰে।

### الآية 42:39

> ﻿وَالَّذِينَ إِذَا أَصَابَهُمُ الْبَغْيُ هُمْ يَنْتَصِرُونَ [42:39]

আৰু তেওঁলোকৰ ওপৰত অতিৰিক্ত অন্যায়-অবিচাৰ কৰা হ’লে তেওঁলোকে ইয়াৰ প্ৰতিবিধান কৰে।

### الآية 42:40

> ﻿وَجَزَاءُ سَيِّئَةٍ سَيِّئَةٌ مِثْلُهَا ۖ فَمَنْ عَفَا وَأَصْلَحَ فَأَجْرُهُ عَلَى اللَّهِ ۚ إِنَّهُ لَا يُحِبُّ الظَّالِمِينَ [42:40]

আৰু বেয়াৰ প্ৰতিফল সেই অনুপাতেই বেয়া। এতেকে যিয়ে ক্ষমা কৰি দিয়ে আৰু আপোচ-নিষ্পত্তি কৰে তাৰ বাবে আছে আল্লাহৰ ওচৰত পুৰষ্কাৰ। নিশ্চয় তেওঁ অন্যায়কাৰী বিলাকক পছন্দ নকৰে।

### الآية 42:41

> ﻿وَلَمَنِ انْتَصَرَ بَعْدَ ظُلْمِهِ فَأُولَٰئِكَ مَا عَلَيْهِمْ مِنْ سَبِيلٍ [42:41]

কিন্তু অত্যাচাৰিত হোৱাৰ পিছত যিসকলে প্ৰতিবিধান কৰে, তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ব,

### الآية 42:42

> ﻿إِنَّمَا السَّبِيلُ عَلَى الَّذِينَ يَظْلِمُونَ النَّاسَ وَيَبْغُونَ فِي الْأَرْضِ بِغَيْرِ الْحَقِّ ۚ أُولَٰئِكَ لَهُمْ عَذَابٌ أَلِيمٌ [42:42]

কেৱল সিহঁতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব যিসকলে মানুহৰ ওপৰত অন্যায় কৰে আৰু পৃথিৱীত অন্যায়ভাৱে বিদ্ৰোহাচৰণ কৰি ফুৰে। সিহঁতৰে বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

### الآية 42:43

> ﻿وَلَمَنْ صَبَرَ وَغَفَرَ إِنَّ ذَٰلِكَ لَمِنْ عَزْمِ الْأُمُورِ [42:43]

অৱশ্যে যিয়ে ধৈৰ্য ধাৰণ কৰে আৰু ক্ষমা কৰি দিয়ে, নিশ্চয় সেয়া দৃঢ় সংকল্পৰেই কাম।

### الآية 42:44

> ﻿وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ وَلِيٍّ مِنْ بَعْدِهِ ۗ وَتَرَى الظَّالِمِينَ لَمَّا رَأَوُا الْعَذَابَ يَقُولُونَ هَلْ إِلَىٰ مَرَدٍّ مِنْ سَبِيلٍ [42:44]

আৰু আল্লাহে যাক পথভ্ৰষ্ট কৰে, ইয়াৰ পিছত তাৰ বাবে আন কোনো অভিভাৱক নাই। আৰু যালিমসকলে যেতিয়া শাস্তি দেখিব তেতিয়া তুমি সিহঁতক কওঁতে শুনিবা যে, ‘উভতি যোৱাৰ কোনো উপায় আছে নেকি’?

### الآية 42:45

> ﻿وَتَرَاهُمْ يُعْرَضُونَ عَلَيْهَا خَاشِعِينَ مِنَ الذُّلِّ يَنْظُرُونَ مِنْ طَرْفٍ خَفِيٍّ ۗ وَقَالَ الَّذِينَ آمَنُوا إِنَّ الْخَاسِرِينَ الَّذِينَ خَسِرُوا أَنْفُسَهُمْ وَأَهْلِيهِمْ يَوْمَ الْقِيَامَةِ ۗ أَلَا إِنَّ الظَّالِمِينَ فِي عَذَابٍ مُقِيمٍ [42:45]

আৰু তুমি সিহঁতক দেখিবলৈ পাবা যে, সিহঁতক জাহান্নামৰ সন্মুখত উপস্থিত কৰা হৈছে; সিহঁতে অপমানত অৱনত অৱস্থাত চুৰকৈ চাই থাকিব; আৰু যিসকলে ঈমান আনিছে তেওঁলোকে কিয়ামতৰ দিনা ক’ব, ‘নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত, যিহঁতে নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিছে’। সাৱধান! নিশ্চয় যালিমসকল স্থায়ী শাস্তিত নিপতিত থাকিব।

### الآية 42:46

> ﻿وَمَا كَانَ لَهُمْ مِنْ أَوْلِيَاءَ يَنْصُرُونَهُمْ مِنْ دُونِ اللَّهِ ۗ وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ سَبِيلٍ [42:46]

আল্লাহৰ বাহিৰে সিহঁতক সহায় কৰাৰ বাবে সিহঁতৰ আন কোনো অভিভাৱক নাথাকিব। এতেকে আল্লাহে যাক পথভ্ৰষ্ট কৰে তাৰ বাবে আন কোনো পথ নাই।

### الآية 42:47

> ﻿اسْتَجِيبُوا لِرَبِّكُمْ مِنْ قَبْلِ أَنْ يَأْتِيَ يَوْمٌ لَا مَرَدَّ لَهُ مِنَ اللَّهِ ۚ مَا لَكُمْ مِنْ مَلْجَإٍ يَوْمَئِذٍ وَمَا لَكُمْ مِنْ نَكِيرٍ [42:47]

আল্লাহৰ তৰফৰ পৰা সেই অপ্ৰতিৰোধ্য দিনটো অহাৰ পূৰ্বেই তোমালোকে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়া। যিদিনা তোমালোকৰ কোনো আশ্ৰয়স্থল নাথাকিব আৰু তোমালোকৰ বাবে প্ৰতিৰোধকাৰীও নাথাকিব।

### الآية 42:48

> ﻿فَإِنْ أَعْرَضُوا فَمَا أَرْسَلْنَاكَ عَلَيْهِمْ حَفِيظًا ۖ إِنْ عَلَيْكَ إِلَّا الْبَلَاغُ ۗ وَإِنَّا إِذَا أَذَقْنَا الْإِنْسَانَ مِنَّا رَحْمَةً فَرِحَ بِهَا ۖ وَإِنْ تُصِبْهُمْ سَيِّئَةٌ بِمَا قَدَّمَتْ أَيْدِيهِمْ فَإِنَّ الْإِنْسَانَ كَفُورٌ [42:48]

তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেন্তে (জানি থোৱা) আমি তোমাক সিহঁতৰ ৰক্ষক হিচাপে প্ৰেৰণ কৰা নাই। তোমাৰ দায়িত্ব হৈছে কেৱল বাণী পৌঁচাই দিয়া। আমি যেতিয়া আমাৰ তৰফৰ পৰা মানুহক কোনো ৰহমত আস্বাদন কৰাওঁ তেতিয়া সি উৎফুল্ল হয় কিন্তু যেতিয়া সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ বিপদ-আপদ ঘটে, তেতিয়া মানুহ অতি অকৃতজ্ঞ হৈ পৰে।

### الآية 42:49

> ﻿لِلَّهِ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ ۚ يَخْلُقُ مَا يَشَاءُ ۚ يَهَبُ لِمَنْ يَشَاءُ إِنَاثًا وَيَهَبُ لِمَنْ يَشَاءُ الذُّكُورَ [42:49]

আকাশসমূহ আৰু পৃথিৱীৰ আধিপত্য কেৱল আল্লাহৰেই। তেওঁ যি ইচ্ছা সেইটোৱেই সৃষ্টি কৰে। তেওঁ যাক ইচ্ছা কন্যা সন্তান দান কৰে আৰু যাক ইচ্ছা পুত্ৰ সন্তান দান কৰে,

### الآية 42:50

> ﻿أَوْ يُزَوِّجُهُمْ ذُكْرَانًا وَإِنَاثًا ۖ وَيَجْعَلُ مَنْ يَشَاءُ عَقِيمًا ۚ إِنَّهُ عَلِيمٌ قَدِيرٌ [42:50]

নাইবা সিহঁতক পুত্ৰ আৰু কন্যা উভয়কে দান কৰে আৰু যাক ইচ্ছা কৰে বন্ধা কৰি দিয়ে। নিশ্চয় তেওঁ সৰ্বজ্ঞ, মহা ক্ষমতাবান।

### الآية 42:51

> ﻿۞ وَمَا كَانَ لِبَشَرٍ أَنْ يُكَلِّمَهُ اللَّهُ إِلَّا وَحْيًا أَوْ مِنْ وَرَاءِ حِجَابٍ أَوْ يُرْسِلَ رَسُولًا فَيُوحِيَ بِإِذْنِهِ مَا يَشَاءُ ۚ إِنَّهُ عَلِيٌّ حَكِيمٌ [42:51]

কোনো মানুহৰেই এনেকুৱা মৰ্যাদা নাই যিয়ে আল্লাহৰ লগত পোনপটীয়াকৈ কথা কব অহীৰ মাধ্যমৰ বাহিৰে অথবা পৰ্দাৰ আঁৰত নাইবা এনেকুৱা কোনো বাৰ্তাবাহক প্ৰেৰণ কৰাৰ বাহিৰে, যি বাৰ্তাবাহকে কেৱল তেওঁৰ অনুমতিক্ৰমে তেওঁ যিটো বিচাৰে কেৱল সেইটোহে অহী কৰে, তেওঁ সৰ্বোচ্চ, প্ৰজ্ঞাময়।

### الآية 42:52

> ﻿وَكَذَٰلِكَ أَوْحَيْنَا إِلَيْكَ رُوحًا مِنْ أَمْرِنَا ۚ مَا كُنْتَ تَدْرِي مَا الْكِتَابُ وَلَا الْإِيمَانُ وَلَٰكِنْ جَعَلْنَاهُ نُورًا نَهْدِي بِهِ مَنْ نَشَاءُ مِنْ عِبَادِنَا ۚ وَإِنَّكَ لَتَهْدِي إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ [42:52]

অনুৰূপভাৱে (উপৰোক্ত তিনিটা পদ্ধতিত) আমি তোমাৰ প্ৰতি আমাৰ নিৰ্দেশৰ পৰা ৰূহক অহী কৰিছো। তুমি জনা নাছিলা কিতাব কি আৰু ঈমান কি! কিন্তু আমি ইয়াক নূৰ বনাইছো, যাৰ দ্বাৰা আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত দান কৰো। নিশ্চয় তুমি সৰল পথৰ পিনে দিক নিৰ্দেশনা দিয়া,

### الآية 42:53

> ﻿صِرَاطِ اللَّهِ الَّذِي لَهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۗ أَلَا إِلَى اللَّهِ تَصِيرُ الْأُمُورُ [42:53]

সেই আল্লাহৰ পথ, যিজন আকাশসমূহ আৰু পৃথিৱীত যি আছে সেই সকলোৰে গৰাকী। জানি থোৱা! সকলো বিষয় আল্লাহৰেই ফালে উভতি যাব।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/42.md)
- [كل تفاسير سورة الشورى
](https://quranpedia.net/surah-tafsir/42.md)
- [ترجمات سورة الشورى
](https://quranpedia.net/translations/42.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/42/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
