---
title: "ترجمة سورة الجاثية - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/45/book/1994.md"
canonical: "https://quranpedia.net/surah/1/45/book/1994"
surah_id: "45"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة الجاثية - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/45/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة الجاثية - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/45/book/1994*.

Translation of Surah الجاثية from "الترجمة الأسامية" in الأسامية.

### الآية 45:1

> حم [45:1]

হা-মীম।

### الآية 45:2

> ﻿تَنْزِيلُ الْكِتَابِ مِنَ اللَّهِ الْعَزِيزِ الْحَكِيمِ [45:2]

মহাপৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা এই কিতাব নাযিলকৃত।

### الآية 45:3

> ﻿إِنَّ فِي السَّمَاوَاتِ وَالْأَرْضِ لَآيَاتٍ لِلْمُؤْمِنِينَ [45:3]

নিশ্চয় আকাশসমূহ আৰু পৃথিৱীত মুমিনসকলৰ বাবে আছে বহুতো নিদৰ্শন।

### الآية 45:4

> ﻿وَفِي خَلْقِكُمْ وَمَا يَبُثُّ مِنْ دَابَّةٍ آيَاتٌ لِقَوْمٍ يُوقِنُونَ [45:4]

আৰু তোমালোকৰ সৃষ্টিত লগতে যিবোৰ জীৱ-জন্তু সিচৰিত হৈ আছে তাতো বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে, যিসকলে নিশ্চিত বিশ্বাস স্থাপন কৰে;

### الآية 45:5

> ﻿وَاخْتِلَافِ اللَّيْلِ وَالنَّهَارِ وَمَا أَنْزَلَ اللَّهُ مِنَ السَّمَاءِ مِنْ رِزْقٍ فَأَحْيَا بِهِ الْأَرْضَ بَعْدَ مَوْتِهَا وَتَصْرِيفِ الرِّيَاحِ آيَاتٌ لِقَوْمٍ يَعْقِلُونَ [45:5]

ৰাতি আৰু দিনৰ পৰিবৰ্তনত লগতে আল্লাহে আকাশৰ পৰা যি জীৱিকা (পানী) বৰ্ষণ কৰে, তাৰ পিছত ইয়াৰ দ্বাৰা তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে, ইয়াৰ মাজত আৰু বতাহৰ পৰিবৰ্তনৰ মাজতো বহু নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে বুজি পায়।

### الآية 45:6

> ﻿تِلْكَ آيَاتُ اللَّهِ نَتْلُوهَا عَلَيْكَ بِالْحَقِّ ۖ فَبِأَيِّ حَدِيثٍ بَعْدَ اللَّهِ وَآيَاتِهِ يُؤْمِنُونَ [45:6]

এইবোৰ আল্লাহৰ আয়াত, যিবোৰ আমি তোমাৰ ওচৰত যথাযথভাৱে তিলাৱত কৰিছো। এতেকে সিহঁতে আল্লাহ আৰু তেওঁৰ আয়াতৰ পিছত কোন হাদীছৰ (কথাৰ) ওপৰত বিশ্বাস স্থাপন কৰিব?

### الآية 45:7

> ﻿وَيْلٌ لِكُلِّ أَفَّاكٍ أَثِيمٍ [45:7]

দুৰ্ভোগ প্ৰত্যেক ঘোৰ মিছলীয়া পাপীৰ বাবে!

### الآية 45:8

> ﻿يَسْمَعُ آيَاتِ اللَّهِ تُتْلَىٰ عَلَيْهِ ثُمَّ يُصِرُّ مُسْتَكْبِرًا كَأَنْ لَمْ يَسْمَعْهَا ۖ فَبَشِّرْهُ بِعَذَابٍ أَلِيمٍ [45:8]

সি আল্লাহৰ আয়াতসমূহ শুনে যিবোৰ তাৰ ওচৰত তিলাৱত কৰা হয়, তথাপিও সি ঔদ্ধত্যৰ সৈতে আকোৰগোজ হৈ থাকে যেনিবা সি সেয়া শুনাই নাই। এতেকে তুমি তাক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া;

### الآية 45:9

> ﻿وَإِذَا عَلِمَ مِنْ آيَاتِنَا شَيْئًا اتَّخَذَهَا هُزُوًا ۚ أُولَٰئِكَ لَهُمْ عَذَابٌ مُهِينٌ [45:9]

আৰু যেতিয়া সি আমাৰ কোনো আয়াতৰ বিষয়ে অৱগত হয়, তেতিয়া সি সেইটোক পৰিহাসৰ আহিলা হিচাপে গ্ৰহণ কৰে। সিহঁতৰে বাবে আছে লাঞ্ছনাদায়ক শাস্তি।

### الآية 45:10

> ﻿مِنْ وَرَائِهِمْ جَهَنَّمُ ۖ وَلَا يُغْنِي عَنْهُمْ مَا كَسَبُوا شَيْئًا وَلَا مَا اتَّخَذُوا مِنْ دُونِ اللَّهِ أَوْلِيَاءَ ۖ وَلَهُمْ عَذَابٌ عَظِيمٌ [45:10]

সিহঁতৰ সন্মুখত আছে জাহান্নাম; সিহঁতৰ কৃতকৰ্ম সিহঁতৰ কোনো কামত নাহিব, সিহঁতে আল্লাহৰ পৰিবৰ্তে যিবোৰক অভিভাৱক হিচাপে গ্ৰহণ কৰিছে সিহঁতেও কোনো কামত নাহিব। সিহঁতৰ বাবে আছে মহা শাস্তি।

### الآية 45:11

> ﻿هَٰذَا هُدًى ۖ وَالَّذِينَ كَفَرُوا بِآيَاتِ رَبِّهِمْ لَهُمْ عَذَابٌ مِنْ رِجْزٍ أَلِيمٌ [45:11]

এই (কোৰআন) সৎপথ প্ৰদৰ্শক; আৰু যিসকলে নিজ প্ৰতিপালকৰ আয়াতসমূহৰ লগত কুফৰী কৰে, সিহঁতৰ বাবে আছে অতি যন্ত্ৰণাদায়ক শাস্তি।

### الآية 45:12

> ﻿۞ اللَّهُ الَّذِي سَخَّرَ لَكُمُ الْبَحْرَ لِتَجْرِيَ الْفُلْكُ فِيهِ بِأَمْرِهِ وَلِتَبْتَغُوا مِنْ فَضْلِهِ وَلَعَلَّكُمْ تَشْكُرُونَ [45:12]

সেইজনেই আল্লাহ, যিজনে সাগৰক তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে, যাতে তেওঁৰ আদেশত তাত নৌযান চলাচল কৰিব পাৰে। আৰু যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে (তেওঁৰ প্ৰতি) কৃতজ্ঞতা প্ৰকাশ কৰা।

### الآية 45:13

> ﻿وَسَخَّرَ لَكُمْ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ جَمِيعًا مِنْهُ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَتَفَكَّرُونَ [45:13]

আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে, সেই সকলোবোৰ তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে চিন্তা-চৰ্চা, গৱেষণা কৰে।

### الآية 45:14

> ﻿قُلْ لِلَّذِينَ آمَنُوا يَغْفِرُوا لِلَّذِينَ لَا يَرْجُونَ أَيَّامَ اللَّهِ لِيَجْزِيَ قَوْمًا بِمَا كَانُوا يَكْسِبُونَ [45:14]

যিসকলে ঈমান আনিছে তেওঁলোকক কোৱা, তেওঁলোকে যেন সিহঁতক ক্ষমা কৰি দিয়ে, যিসকলে আল্লাহৰ দিনবোৰৰ প্ৰত্যাশা নকৰে। যাতে আল্লাহে নিজেই প্ৰত্যেক সম্প্ৰদায়ক সিহঁতৰ কৃতকৰ্মৰ বাবে প্ৰতিদান দিয়ে।

### الآية 45:15

> ﻿مَنْ عَمِلَ صَالِحًا فَلِنَفْسِهِ ۖ وَمَنْ أَسَاءَ فَعَلَيْهَا ۖ ثُمَّ إِلَىٰ رَبِّكُمْ تُرْجَعُونَ [45:15]

যিয়ে সৎকৰ্ম কৰে সি নিজৰ কল্যাণৰ বাবেই কৰে আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তাৰ পিছত তোমালোকক তোমালোকৰ প্ৰতিপালকৰ ওচৰতহে প্ৰত্যাৱৰ্তিত কৰা হ’ব।

### الآية 45:16

> ﻿وَلَقَدْ آتَيْنَا بَنِي إِسْرَائِيلَ الْكِتَابَ وَالْحُكْمَ وَالنُّبُوَّةَ وَرَزَقْنَاهُمْ مِنَ الطَّيِّبَاتِ وَفَضَّلْنَاهُمْ عَلَى الْعَالَمِينَ [45:16]

আৰু অৱশ্যে আমি বনী ইছৰাঈলক কিতাব, কৰ্তৃত্ব আৰু নবুওৱত দান কৰিছিলো আৰু সিহঁতক উত্তম বস্তুৰ পৰা জীৱিকা প্ৰদান কৰিছিলো, লগতে সিহঁতক সকলো সৃষ্টিৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলো।

### الآية 45:17

> ﻿وَآتَيْنَاهُمْ بَيِّنَاتٍ مِنَ الْأَمْرِ ۖ فَمَا اخْتَلَفُوا إِلَّا مِنْ بَعْدِ مَا جَاءَهُمُ الْعِلْمُ بَغْيًا بَيْنَهُمْ ۚ إِنَّ رَبَّكَ يَقْضِي بَيْنَهُمْ يَوْمَ الْقِيَامَةِ فِيمَا كَانُوا فِيهِ يَخْتَلِفُونَ [45:17]

আৰু আমি সিহঁতক দ্বীনৰ যাৱতীয় বিষয়ত সুস্পষ্ট প্ৰমাণাদি দান কৰিছিলো। তথাপিও সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো সিহঁতে কেৱল পৰস্পৰ বিদ্বেষবশত মত বিৰোধ কৰিছিল। সিহঁতে যিবোৰ বিষয়ত মতবিৰোধ কৰিছিল, নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সিহঁতৰ মাজত সেইবোৰ বিষয়ৰ ফয়চালা কৰি দিব।

### الآية 45:18

> ﻿ثُمَّ جَعَلْنَاكَ عَلَىٰ شَرِيعَةٍ مِنَ الْأَمْرِ فَاتَّبِعْهَا وَلَا تَتَّبِعْ أَهْوَاءَ الَّذِينَ لَا يَعْلَمُونَ [45:18]

তাৰ পিছত আমি তোমাক প্ৰতিষ্ঠিত কৰিছো দ্বীনৰ বিশেষ বিধানৰ ওপৰত; এতেকে তুমি তাৰেই অনুসৰণ কৰা। যিসকলে নাজানে সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা।

### الآية 45:19

> ﻿إِنَّهُمْ لَنْ يُغْنُوا عَنْكَ مِنَ اللَّهِ شَيْئًا ۚ وَإِنَّ الظَّالِمِينَ بَعْضُهُمْ أَوْلِيَاءُ بَعْضٍ ۖ وَاللَّهُ وَلِيُّ الْمُتَّقِينَ [45:19]

নিশ্চয় সিহঁত আল্লাহৰ মোকাবিলাত তোমাৰ কোনো কামত নাহিব, (জানি থোৱা) নিশ্চয় যালিমসকল ইজনে সিজনৰ বন্ধু কিন্তু আল্লাহ কেৱল মুত্তাক্বীসকলৰ বন্ধু।

### الآية 45:20

> ﻿هَٰذَا بَصَائِرُ لِلنَّاسِ وَهُدًى وَرَحْمَةٌ لِقَوْمٍ يُوقِنُونَ [45:20]

এই কোৰআন মানৱ জাতিৰ বাবে আলোকবৰ্তিকা আৰু হিদায়ত ও ৰহমত এনে সম্প্ৰদায়ৰ বাবে, যিসকল নিশ্চিত বিশ্বাসী।

### الآية 45:21

> ﻿أَمْ حَسِبَ الَّذِينَ اجْتَرَحُوا السَّيِّئَاتِ أَنْ نَجْعَلَهُمْ كَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ سَوَاءً مَحْيَاهُمْ وَمَمَاتُهُمْ ۚ سَاءَ مَا يَحْكُمُونَ [45:21]

যিসকলে দুষ্কৰ্ম কৰিছে সিহঁতে ভাবিছে নেকি যে, জীৱন আৰু মৃত্যুৰ ক্ষেত্ৰত আমি সিহঁতক তেওঁলোকৰ দৰে গণ্য কৰিম, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে? সিহঁতৰ বিচাৰ-সিদ্ধান্ত কিমান যে নিকৃষ্ট!

### الآية 45:22

> ﻿وَخَلَقَ اللَّهُ السَّمَاوَاتِ وَالْأَرْضَ بِالْحَقِّ وَلِتُجْزَىٰ كُلُّ نَفْسٍ بِمَا كَسَبَتْ وَهُمْ لَا يُظْلَمُونَ [45:22]

আল্লাহে আকাশসমূহক আৰু পৃথিৱীক যথাযথভাৱে সৃষ্টি কৰিছে, এই উদ্দেশ্যে যে, যাতে প্ৰত্যেক ব্যক্তিক তাৰ কৰ্ম অনুযায়ী ফল প্ৰদান কৰা যায়; আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।

### الآية 45:23

> ﻿أَفَرَأَيْتَ مَنِ اتَّخَذَ إِلَٰهَهُ هَوَاهُ وَأَضَلَّهُ اللَّهُ عَلَىٰ عِلْمٍ وَخَتَمَ عَلَىٰ سَمْعِهِ وَقَلْبِهِ وَجَعَلَ عَلَىٰ بَصَرِهِ غِشَاوَةً فَمَنْ يَهْدِيهِ مِنْ بَعْدِ اللَّهِ ۚ أَفَلَا تَذَكَّرُونَ [45:23]

এতেকে তুমি সেইজন ব্যক্তিৰ পিনে লক্ষ্য কৰিছানে, যিয়ে নিজ কামনা-বাসনাক নিজৰ ইলাহ কৰি লৈছে? আৰু তাৰ ওচৰত জ্ঞান অহাৰ পিছতো আল্লাহে তাক বিভ্ৰান্ত কৰিছে, আৰু তেওঁ তাৰ কাণ আৰু হৃদয়ত মোহৰ মাৰি দিছে। তেওঁ তাৰ চকুৰ ওপৰত ৰাখি দিছে আৱৰণ। এতেকে আল্লাহৰ পিছত কোনে তাক হিদায়ত দিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?

### الآية 45:24

> ﻿وَقَالُوا مَا هِيَ إِلَّا حَيَاتُنَا الدُّنْيَا نَمُوتُ وَنَحْيَا وَمَا يُهْلِكُنَا إِلَّا الدَّهْرُ ۚ وَمَا لَهُمْ بِذَٰلِكَ مِنْ عِلْمٍ ۖ إِنْ هُمْ إِلَّا يَظُنُّونَ [45:24]

আৰু সিহঁতে কয়, ‘পাৰ্থিৱ জীৱনেই আমাৰ একমাত্ৰ জীৱন, আমাৰ জীৱন-মৰণ ইয়াতেই। আমাক কেৱল কালচক্ৰইহে ধ্বংস কৰে’। প্ৰকৃততে সিহঁতৰ এই বিষয়ে কোনো জ্ঞান নাই, সিহঁতে কেৱল ধাৰণাহে কৰে।

### الآية 45:25

> ﻿وَإِذَا تُتْلَىٰ عَلَيْهِمْ آيَاتُنَا بَيِّنَاتٍ مَا كَانَ حُجَّتَهُمْ إِلَّا أَنْ قَالُوا ائْتُوا بِآبَائِنَا إِنْ كُنْتُمْ صَادِقِينَ [45:25]

আৰু সিহঁতৰ ওচৰত যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া সিহঁতৰ কোনো যুক্তি নাথাকে, কেৱল এই কথাৰ বাহিৰে যে, যদি তোমালোকে সত্যবাদী হোৱা তেন্তে আমাৰ পিতৃ-পুৰুষসকলক লৈ আহা।

### الآية 45:26

> ﻿قُلِ اللَّهُ يُحْيِيكُمْ ثُمَّ يُمِيتُكُمْ ثُمَّ يَجْمَعُكُمْ إِلَىٰ يَوْمِ الْقِيَامَةِ لَا رَيْبَ فِيهِ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَعْلَمُونَ [45:26]

কোৱা, আল্লাহে তোমালোকক জীৱন দান কৰে আৰু তাৰ পিছত তেৱেঁই তোমালোকৰ মৃত্যু ঘটায়। তেৱেঁই তোমালোকক কিয়ামতৰ দিনা একত্ৰিত কৰিব, যি বিষয়ে কোনো সন্দেহ নাই। কিন্তু সৰহভাগ মানুহেই সেয়া নাজানে।

### الآية 45:27

> ﻿وَلِلَّهِ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ ۚ وَيَوْمَ تَقُومُ السَّاعَةُ يَوْمَئِذٍ يَخْسَرُ الْمُبْطِلُونَ [45:27]

আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব কেৱল আল্লাহৰেই; আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা বাতিলপন্থীসকল হ’ব ক্ষতিগ্ৰস্ত।

### الآية 45:28

> ﻿وَتَرَىٰ كُلَّ أُمَّةٍ جَاثِيَةً ۚ كُلُّ أُمَّةٍ تُدْعَىٰ إِلَىٰ كِتَابِهَا الْيَوْمَ تُجْزَوْنَ مَا كُنْتُمْ تَعْمَلُونَ [45:28]

আৰু তুমি প্ৰত্যেক জাতিকে দেখিবা ভয়তে নতজানু হৈ আছে; প্ৰত্যেক জাতিকেই তাৰ কিতাবৰ প্ৰতি আহ্বান কৰা হ’ব, (আৰু কোৱা হ’ব) ‘আজি তোমালোকক কেৱল সেইটোৰেই প্ৰতিফল দিয়া হ’ব যিটো তোমালোকে আমল কৰিছিলা’।

### الآية 45:29

> ﻿هَٰذَا كِتَابُنَا يَنْطِقُ عَلَيْكُمْ بِالْحَقِّ ۚ إِنَّا كُنَّا نَسْتَنْسِخُ مَا كُنْتُمْ تَعْمَلُونَ [45:29]

‘এইটো আমাৰ লিখনি, এইটোৱে তোমালোকৰ বিষয়ে সত্যভাৱে সাক্ষ্য দান কৰিব। নিশ্চয় তোমালোকে যি আমল কৰিছিলা সেয়া আমি লিখি ৰাখিছিলো’।

### الآية 45:30

> ﻿فَأَمَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ فَيُدْخِلُهُمْ رَبُّهُمْ فِي رَحْمَتِهِ ۚ ذَٰلِكَ هُوَ الْفَوْزُ الْمُبِينُ [45:30]

তাৰ পিছত যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে পৰিণামত তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক তেওঁৰ ৰহমতত প্ৰৱেশ কৰাব। এইটোৱেই সুস্পষ্ট সফলতা।

### الآية 45:31

> ﻿وَأَمَّا الَّذِينَ كَفَرُوا أَفَلَمْ تَكُنْ آيَاتِي تُتْلَىٰ عَلَيْكُمْ فَاسْتَكْبَرْتُمْ وَكُنْتُمْ قَوْمًا مُجْرِمِينَ [45:31]

আৰু যিসকলে কুফৰী কৰিছে (সিহঁতক কোৱা হ’ব) ‘তোমালোকৰ ওচৰত আমাৰ আয়াতসমূহ পাঠ কৰা হোৱা নাছিলনে? তথাপিও তোমালোকে অহংকাৰ কৰিছিলা আৰু তোমালোক আছিলা এটা অপৰাধী সম্প্ৰদায়’।

### الآية 45:32

> ﻿وَإِذَا قِيلَ إِنَّ وَعْدَ اللَّهِ حَقٌّ وَالسَّاعَةُ لَا رَيْبَ فِيهَا قُلْتُمْ مَا نَدْرِي مَا السَّاعَةُ إِنْ نَظُنُّ إِلَّا ظَنًّا وَمَا نَحْنُ بِمُسْتَيْقِنِينَ [45:32]

আৰু যেতিয়া কোৱা হৈছিল, ‘নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য; আৰু কিয়ামত (সংঘটিত হ’ব) ইয়াত কোনো সন্দেহ নাই’; তেতিয়া তোমালোকে কৈছিলা, ‘কিয়ামত কি আমি একো নাজানো; আমি ইয়াক এটা ধাৰণা বুলিহে ভাবো আৰু আমি নিশ্চিত নহয়’।

### الآية 45:33

> ﻿وَبَدَا لَهُمْ سَيِّئَاتُ مَا عَمِلُوا وَحَاقَ بِهِمْ مَا كَانُوا بِهِ يَسْتَهْزِئُونَ [45:33]

আৰু সিহঁতৰ অসৎকৰ্মবোৰৰ কুফল সিহঁতৰ সন্মুখত প্ৰকাশিত হ’ব আৰু যিটো লৈ সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিব।

### الآية 45:34

> ﻿وَقِيلَ الْيَوْمَ نَنْسَاكُمْ كَمَا نَسِيتُمْ لِقَاءَ يَوْمِكُمْ هَٰذَا وَمَأْوَاكُمُ النَّارُ وَمَا لَكُمْ مِنْ نَاصِرِينَ [45:34]

আৰু কোৱা হ’ব, ‘আজি আমি তোমালোকক অৱজ্ঞা কৰিম যিদৰে তোমালোকে এই দিনৰ সাক্ষাতৰ বিষয়টোক পাহৰি গৈছিলা। তোমালোকৰ আবাসস্থল হ’ব জাহান্নাম, আৰু তোমালোকৰ কোনো সহায়কাৰীও নাথাকিব’।

### الآية 45:35

> ﻿ذَٰلِكُمْ بِأَنَّكُمُ اتَّخَذْتُمْ آيَاتِ اللَّهِ هُزُوًا وَغَرَّتْكُمُ الْحَيَاةُ الدُّنْيَا ۚ فَالْيَوْمَ لَا يُخْرَجُونَ مِنْهَا وَلَا هُمْ يُسْتَعْتَبُونَ [45:35]

‘এইটো এই কাৰণে যে, তোমালোকে আল্লাহৰ আয়াতসমূহক ঠাট্টা-বিদ্ৰূপৰ আহিলা বনাই লৈছিলা আৰু পাৰ্থিৱ জীৱনে তোমালোকক প্ৰতাৰিত কৰিছিল’। সেয়ে আজি সিহঁতক জাহান্নামৰ পৰা মুক্তিও দিয়া নহ’ব আৰু আল্লাহৰ সন্তুষ্টি লাভৰ সুযোগো দিয়া নহ’ব।

### الآية 45:36

> ﻿فَلِلَّهِ الْحَمْدُ رَبِّ السَّمَاوَاتِ وَرَبِّ الْأَرْضِ رَبِّ الْعَالَمِينَ [45:36]

এতেকে সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিজন আকাশসমূহৰ ৰব আৰু তেৱেঁই পৃথিৱীৰ ৰব আৰু সকলো সৃষ্টিজগতৰ ৰব।

### الآية 45:37

> ﻿وَلَهُ الْكِبْرِيَاءُ فِي السَّمَاوَاتِ وَالْأَرْضِ ۖ وَهُوَ الْعَزِيزُ الْحَكِيمُ [45:37]

আকাশসমূহ আৰু পৃথিৱীৰ যাৱতীয় গৌৰৱ-গৰিমা তেওঁৰেই আৰু তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/45.md)
- [كل تفاسير سورة الجاثية
](https://quranpedia.net/surah-tafsir/45.md)
- [ترجمات سورة الجاثية
](https://quranpedia.net/translations/45.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/45/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
