---
title: "ترجمة سورة ق - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/50/book/1994.md"
canonical: "https://quranpedia.net/surah/1/50/book/1994"
surah_id: "50"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة ق - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/50/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة ق - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/50/book/1994*.

Translation of Surah ق from "الترجمة الأسامية" in الأسامية.

### الآية 50:1

> ق ۚ وَالْقُرْآنِ الْمَجِيدِ [50:1]

ক্বা-ফ, শপত সন্মানিত কোৰআনৰ!

### الآية 50:2

> ﻿بَلْ عَجِبُوا أَنْ جَاءَهُمْ مُنْذِرٌ مِنْهُمْ فَقَالَ الْكَافِرُونَ هَٰذَا شَيْءٌ عَجِيبٌ [50:2]

বৰং সিহঁতে বিস্মিত হৈছে যে, সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী সিহঁতৰ ওচৰত আহিছে; আৰু কাফিৰসকলে কয়, ‘এওঁ দেখুন এটা বিস্ময়কৰ বস্তু!’

### الآية 50:3

> ﻿أَإِذَا مِتْنَا وَكُنَّا تُرَابًا ۖ ذَٰلِكَ رَجْعٌ بَعِيدٌ [50:3]

‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু মাটিত পৰিণত হম তথাপিও (আমি পুনৰুত্থিত হমনে?), এই প্ৰত্যাৱৰ্তন সুদূৰপৰাহত!’

### الآية 50:4

> ﻿قَدْ عَلِمْنَا مَا تَنْقُصُ الْأَرْضُ مِنْهُمْ ۖ وَعِنْدَنَا كِتَابٌ حَفِيظٌ [50:4]

অৱশ্যে আমি জানো মাটিয়ে সিহঁতক কিমান ক্ষয় কৰে আৰু আমাৰ ওচৰত আছে সম্যক সংৰক্ষণকাৰী কিতাব।

### الآية 50:5

> ﻿بَلْ كَذَّبُوا بِالْحَقِّ لَمَّا جَاءَهُمْ فَهُمْ فِي أَمْرٍ مَرِيجٍ [50:5]

প্ৰকৃততে সিহঁতৰ ওচৰত সত্য অহাৰ পিছত সিহঁতে সেয়া অস্বীকাৰ কৰিছে। এতেকে সিহঁত সংশয়যুক্ত বিষয়ত নিপতিত।

### الآية 50:6

> ﻿أَفَلَمْ يَنْظُرُوا إِلَى السَّمَاءِ فَوْقَهُمْ كَيْفَ بَنَيْنَاهَا وَزَيَّنَّاهَا وَمَا لَهَا مِنْ فُرُوجٍ [50:6]

সিহঁতে সিহঁতৰ ওপৰত অৱস্থিত আকাশৰ পিনে লক্ষ্য নকৰে নেকি, কেনেকৈ আমি সেয়া নিৰ্মাণ কৰিছো আৰু ইয়াক সুশোভিত কৰিছো আৰু তাত কোনো ধৰণৰ ফাটও মেলা নাই?

### الآية 50:7

> ﻿وَالْأَرْضَ مَدَدْنَاهَا وَأَلْقَيْنَا فِيهَا رَوَاسِيَ وَأَنْبَتْنَا فِيهَا مِنْ كُلِّ زَوْجٍ بَهِيجٍ [50:7]

আৰু আমি পৃথিৱীক বিস্তৃত কৰিছো আৰু তাত স্থাপন কৰিছো পৰ্বতমালা। লগতে তাত উৎপন্ন কৰিছো নয়ন প্ৰীতিকৰ সকলো প্ৰকাৰৰ উদ্ভিদ,

### الآية 50:8

> ﻿تَبْصِرَةً وَذِكْرَىٰ لِكُلِّ عَبْدٍ مُنِيبٍ [50:8]

আল্লাহৰ অনুৰাগী প্ৰত্যেক বান্দাৰ বাবে জ্ঞান আৰু উপদেশস্বৰূপ।

### الآية 50:9

> ﻿وَنَزَّلْنَا مِنَ السَّمَاءِ مَاءً مُبَارَكًا فَأَنْبَتْنَا بِهِ جَنَّاتٍ وَحَبَّ الْحَصِيدِ [50:9]

আৰু আকাশৰ পৰা বৰ্ষণ কৰো আমি কল্যণময় পানী। তাৰ পিছত তাৰ দ্বাৰা উৎপন্ন কৰো বাগ-বাগিচা আৰু কৰ্তনযোগ্য শস্যদানা।

### الآية 50:10

> ﻿وَالنَّخْلَ بَاسِقَاتٍ لَهَا طَلْعٌ نَضِيدٌ [50:10]

আৰু ওখ ওখ খেজুৰ গছ, য’ত আছে ওপৰা-ওপৰিকৈ লাগি থকা খেজুৰৰ জোকা,

### الآية 50:11

> ﻿رِزْقًا لِلْعِبَادِ ۖ وَأَحْيَيْنَا بِهِ بَلْدَةً مَيْتًا ۚ كَذَٰلِكَ الْخُرُوجُ [50:11]

বান্দাসকলৰ জীৱিকাস্বৰূপ। আমিয়েই পানীৰ দ্বাৰা সঞ্জীৱিত কৰো মৃত চহৰক; এইদৰেই উত্থান ঘটিব।

### الآية 50:12

> ﻿كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ وَأَصْحَابُ الرَّسِّ وَثَمُودُ [50:12]

সিহঁতৰ পূৰ্বেও সত্যক অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, ৰা’ছৰ অধিবাসী আৰু ছামূদ সম্প্ৰদায়েও,

### الآية 50:13

> ﻿وَعَادٌ وَفِرْعَوْنُ وَإِخْوَانُ لُوطٍ [50:13]

আদ, ফিৰআউন আৰু লূত সম্প্ৰদায়েও।

### الآية 50:14

> ﻿وَأَصْحَابُ الْأَيْكَةِ وَقَوْمُ تُبَّعٍ ۚ كُلٌّ كَذَّبَ الرُّسُلَ فَحَقَّ وَعِيدِ [50:14]

লগতে আইকাৰ অধিবাসী আৰু তুব্বা সম্প্ৰদায়ে, সিহঁত সকলোৱে অস্বীকাৰ কৰিছিল ৰাছুলসকলক। ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি যথাৰ্থভাৱে আপতিত হৈছিল।

### الآية 50:15

> ﻿أَفَعَيِينَا بِالْخَلْقِ الْأَوَّلِ ۚ بَلْ هُمْ فِي لَبْسٍ مِنْ خَلْقٍ جَدِيدٍ [50:15]

আমি প্ৰথমবাৰ সৃষ্টি কৰিয়েই ক্লান্ত হৈছো নেকি! বৰং নতুন সৃষ্টিৰ বিষয়ে সিহঁত সন্দেহত পতিত।

### الآية 50:16

> ﻿وَلَقَدْ خَلَقْنَا الْإِنْسَانَ وَنَعْلَمُ مَا تُوَسْوِسُ بِهِ نَفْسُهُ ۖ وَنَحْنُ أَقْرَبُ إِلَيْهِ مِنْ حَبْلِ الْوَرِيدِ [50:16]

অৱশ্যে আমি মানুহক সৃষ্টি কৰিছো আৰু তাৰ প্ৰবৃত্তিয়ে তাক যি কুমন্ত্ৰণা দিয়ে সেইটোও আমি জানো; আৰু আমি তাৰ ঘাৰৰ ধমনীতকৈয়ো অধিক ওচৰত।

### الآية 50:17

> ﻿إِذْ يَتَلَقَّى الْمُتَلَقِّيَانِ عَنِ الْيَمِينِ وَعَنِ الشِّمَالِ قَعِيدٌ [50:17]

যেতিয়া তাৰ সোঁফালে আৰু বাওঁফালে বহা দুজন ফিৰিস্তাই পৰস্পৰে (তাৰ আমল) লিপিবদ্ধ কৰিবলৈ গ্ৰহণ কৰে।

### الآية 50:18

> ﻿مَا يَلْفِظُ مِنْ قَوْلٍ إِلَّا لَدَيْهِ رَقِيبٌ عَتِيدٌ [50:18]

সি যি কথাই উচ্চাৰণ নকৰক কিয় তাৰ ওচৰত সদায় উপস্থিত আছে সংৰক্ষণকাৰী।

### الآية 50:19

> ﻿وَجَاءَتْ سَكْرَةُ الْمَوْتِ بِالْحَقِّ ۖ ذَٰلِكَ مَا كُنْتَ مِنْهُ تَحِيدُ [50:19]

আৰু সঁচাকৈয়ে মৃত্যু যন্ত্ৰণা যথাযথ ভাৱে আহি পালে। এইটোৱেই সেইটো, যিটোৰ পৰা তুমি পলায়ন কৰিব বিচাৰিছিলা।

### الآية 50:20

> ﻿وَنُفِخَ فِي الصُّورِ ۚ ذَٰلِكَ يَوْمُ الْوَعِيدِ [50:20]

আৰু শিঙাত ফুঁ দিয়া হ’ব। এইটোৱে হৈছে প্ৰতিশ্ৰুত দিন।

### الآية 50:21

> ﻿وَجَاءَتْ كُلُّ نَفْسٍ مَعَهَا سَائِقٌ وَشَهِيدٌ [50:21]

আৰু সেইদিনা প্ৰতিজন ব্যক্তি উপস্থিত হ’ব, তাৰ লগত থাকিব এজন চালক আৰু এজন সাক্ষী।

### الآية 50:22

> ﻿لَقَدْ كُنْتَ فِي غَفْلَةٍ مِنْ هَٰذَا فَكَشَفْنَا عَنْكَ غِطَاءَكَ فَبَصَرُكَ الْيَوْمَ حَدِيدٌ [50:22]

অৱশ্যে এই দিন সম্পৰ্কে তুমি উদাসীন আছিলা, তাৰ পিছত আমিয়ে তোমাৰ সন্মুখৰ পৰা পৰ্দা উন্মোচন কৰিছো। ফলত আজি তোমাৰ দৃষ্টি অতি প্ৰখৰ।

### الآية 50:23

> ﻿وَقَالَ قَرِينُهُ هَٰذَا مَا لَدَيَّ عَتِيدٌ [50:23]

আৰু তাৰ সঙ্গীয়ে (ফিৰিস্তাই) ক’ব, ‘এয়া মোৰ ওচৰত আমলনামা প্ৰস্তুত।

### الآية 50:24

> ﻿أَلْقِيَا فِي جَهَنَّمَ كُلَّ كَفَّارٍ عَنِيدٍ [50:24]

আদেশ কৰা হ’ব, তোমালোক উভয়ে জাহান্নামত নিক্ষেপ কৰা প্ৰত্যেক উদ্ধত কাফিৰক,

### الآية 50:25

> ﻿مَنَّاعٍ لِلْخَيْرِ مُعْتَدٍ مُرِيبٍ [50:25]

কল্যাণকৰ কামত প্ৰবল বাধা প্ৰদানকাৰী, সীমালংঘনকাৰী আৰু সন্দেহ পোষণকাৰী।

### الآية 50:26

> ﻿الَّذِي جَعَلَ مَعَ اللَّهِ إِلَٰهًا آخَرَ فَأَلْقِيَاهُ فِي الْعَذَابِ الشَّدِيدِ [50:26]

যিয়ে আল্লাহৰ লগত আনক ইলাহৰূপে গ্ৰহণ কৰিছিল, তোমালোকে তাক কঠিন শাস্তিত নিক্ষেপ কৰা।

### الآية 50:27

> ﻿۞ قَالَ قَرِينُهُ رَبَّنَا مَا أَطْغَيْتُهُ وَلَٰكِنْ كَانَ فِي ضَلَالٍ بَعِيدٍ [50:27]

তাৰ সঙ্গী চয়তানে ক’ব, ‘হে আমাৰ ৰব! মই তাক বিদ্ৰোহী কৰি তোলা নাছিলো। বৰং সি নিজেই আছিল ঘোৰ বিভ্ৰান্ত’।

### الآية 50:28

> ﻿قَالَ لَا تَخْتَصِمُوا لَدَيَّ وَقَدْ قَدَّمْتُ إِلَيْكُمْ بِالْوَعِيدِ [50:28]

আল্লাহে ক’ব, ‘তোমালোকে মোৰ সন্মুখত বাক-বিতণ্ডা নকৰিবা, মই তোমালোকক আগতেই সতৰ্ক কৰিছিলো।

### الآية 50:29

> ﻿مَا يُبَدَّلُ الْقَوْلُ لَدَيَّ وَمَا أَنَا بِظَلَّامٍ لِلْعَبِيدِ [50:29]

মোৰ ওচৰত কথা পৰিবৰ্তন নহয় আৰু মই বান্দাসকলৰ প্ৰতি অন্যায়কাৰীও নহয়।

### الآية 50:30

> ﻿يَوْمَ نَقُولُ لِجَهَنَّمَ هَلِ امْتَلَأْتِ وَتَقُولُ هَلْ مِنْ مَزِيدٍ [50:30]

সেইদিনা আমি জাহান্নামক সুধিম, ‘তুমি পৰিপূৰ্ণ হৈছানে’? জাহান্নামে ক’ব, ‘আৰু কিবা আছেনে’?

### الآية 50:31

> ﻿وَأُزْلِفَتِ الْجَنَّةُ لِلْمُتَّقِينَ غَيْرَ بَعِيدٍ [50:31]

আৰু জান্নাতক মুত্তাক্বীসকলৰ নিকটৱৰ্তী কৰা হ’ব, কোনো দূৰত্ব নাথাকিব।

### الآية 50:32

> ﻿هَٰذَا مَا تُوعَدُونَ لِكُلِّ أَوَّابٍ حَفِيظٍ [50:32]

ইয়াৰে প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল। প্ৰত্যেকজন আল্লাহ অভিমুখী, সংৰক্ষণশীলসকলৰ বাবে,

### الآية 50:33

> ﻿مَنْ خَشِيَ الرَّحْمَٰنَ بِالْغَيْبِ وَجَاءَ بِقَلْبٍ مُنِيبٍ [50:33]

যিসকলে নেদেখাকৈ ৰহমানক ভয় কৰিছিল আৰু বিনীত চিত্তে উপস্থিত হৈছে।

### الآية 50:34

> ﻿ادْخُلُوهَا بِسَلَامٍ ۖ ذَٰلِكَ يَوْمُ الْخُلُودِ [50:34]

তেওঁলোকক কোৱা হ’ব, ‘শান্তিৰ সৈতে তোমালোকে তাত প্ৰৱেশ কৰা; এইটোৱে অনন্ত জীৱনৰ দিন’।

### الآية 50:35

> ﻿لَهُمْ مَا يَشَاءُونَ فِيهَا وَلَدَيْنَا مَزِيدٌ [50:35]

তাত তেওঁলোকে যিটো কামনা কৰিব সেইটোৱে পাব, লগতে আমাৰ ওচৰত আছে আৰু অধিক।

### الآية 50:36

> ﻿وَكَمْ أَهْلَكْنَا قَبْلَهُمْ مِنْ قَرْنٍ هُمْ أَشَدُّ مِنْهُمْ بَطْشًا فَنَقَّبُوا فِي الْبِلَادِ هَلْ مِنْ مَحِيصٍ [50:36]

আৰু আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছো, যিসকল শক্তি-সামৰ্থৰ ক্ষেত্ৰত আছিল ইহঁততকৈ অধিক প্ৰবল, সিহঁতে দেশ-বিদেশে ঘূৰি ফুৰিছিল; তথাপিও সিহঁতৰ কোনো পলায়নস্থল আছিলনে বাৰু?

### الآية 50:37

> ﻿إِنَّ فِي ذَٰلِكَ لَذِكْرَىٰ لِمَنْ كَانَ لَهُ قَلْبٌ أَوْ أَلْقَى السَّمْعَ وَهُوَ شَهِيدٌ [50:37]

নিশ্চয় ইয়াত উপদেশ আছে তাৰ বাবে, যাৰ আছে অন্তঃকৰণ অথবা যিয়ে মনোযোগ সহকাৰে শ্ৰৱণ কৰে।

### الآية 50:38

> ﻿وَلَقَدْ خَلَقْنَا السَّمَاوَاتِ وَالْأَرْضَ وَمَا بَيْنَهُمَا فِي سِتَّةِ أَيَّامٍ وَمَا مَسَّنَا مِنْ لُغُوبٍ [50:38]

আৰু অৱশ্যে আমি আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলো সৃষ্টি কৰিছো কেৱল ছয় দিনত; আৰু আমাক কোনো ক্লান্তই স্পৰ্শ কৰা নাই।

### الآية 50:39

> ﻿فَاصْبِرْ عَلَىٰ مَا يَقُولُونَ وَسَبِّحْ بِحَمْدِ رَبِّكَ قَبْلَ طُلُوعِ الشَّمْسِ وَقَبْلَ الْغُرُوبِ [50:39]

এতেকে সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা আৰু তোমাৰ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা সুৰ্যোদয় হোৱাৰ আগত আৰু সূৰ্যাস্ত যোৱাৰ আগত,

### الآية 50:40

> ﻿وَمِنَ اللَّيْلِ فَسَبِّحْهُ وَأَدْبَارَ السُّجُودِ [50:40]

লগতে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা ৰাতিৰ একাংশত আৰু ছালাতৰ পিছত।

### الآية 50:41

> ﻿وَاسْتَمِعْ يَوْمَ يُنَادِ الْمُنَادِ مِنْ مَكَانٍ قَرِيبٍ [50:41]

মনোযোগ সহকাৰে শুনা, যিদিনা এজন ঘোষণাকাৰীয়ে নিকটৱৰ্তী স্থানৰ পৰা আহ্বান কৰিব,

### الآية 50:42

> ﻿يَوْمَ يَسْمَعُونَ الصَّيْحَةَ بِالْحَقِّ ۚ ذَٰلِكَ يَوْمُ الْخُرُوجِ [50:42]

সেইদিনা সিহঁতে সঁচাকৈয়ে শুনিবলৈ পাব বিকট চিঞঁৰ, সেই দিনটোৱেই পুনৰুত্থানৰ দিন।

### الآية 50:43

> ﻿إِنَّا نَحْنُ نُحْيِي وَنُمِيتُ وَإِلَيْنَا الْمَصِيرُ [50:43]

নিশ্চয় আমিয়েই জীৱন দান কৰো আৰু আমিয়েই মৃত্যু ঘটাওঁ, আৰু আমাৰ ফালেই (সকলোৰে) প্ৰত্যাৱৰ্তন।

### الآية 50:44

> ﻿يَوْمَ تَشَقَّقُ الْأَرْضُ عَنْهُمْ سِرَاعًا ۚ ذَٰلِكَ حَشْرٌ عَلَيْنَا يَسِيرٌ [50:44]

যিদিনা সিহঁতৰ পৰা পৃথিৱীখন বিদীৰ্ণ হ’ব, আৰু মানুহে খৰধৰকৈ লৰ মাৰিব, এইটোৱে এনেকুৱা এটা সমাবেশ যিটো আমাৰ বাবে অতি সহজ।

### الآية 50:45

> ﻿نَحْنُ أَعْلَمُ بِمَا يَقُولُونَ ۖ وَمَا أَنْتَ عَلَيْهِمْ بِجَبَّارٍ ۖ فَذَكِّرْ بِالْقُرْآنِ مَنْ يَخَافُ وَعِيدِ [50:45]

সিহঁতে যি কয় সেয়া আমি ভালকৈয়ে জানো, আৰু সিহঁতক বাধ্য কৰোৱা তোমাৰ কাম নহয়; সেয়ে যিয়ে আমাৰ শাস্তিক ভয় কৰে তাক তুমি কোৰআনৰ সহায়ত উপদেশ দিয়া।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/50.md)
- [كل تفاسير سورة ق
](https://quranpedia.net/surah-tafsir/50.md)
- [ترجمات سورة ق
](https://quranpedia.net/translations/50.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/50/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
