---
title: "ترجمة سورة الذاريات - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/51/book/1994.md"
canonical: "https://quranpedia.net/surah/1/51/book/1994"
surah_id: "51"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة الذاريات - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/51/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة الذاريات - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/51/book/1994*.

Translation of Surah الذاريات from "الترجمة الأسامية" in الأسامية.

### الآية 51:1

> وَالذَّارِيَاتِ ذَرْوًا [51:1]

শপত ধূলি উৰুৱাই নিয়া বতাহৰ,

### الآية 51:2

> ﻿فَالْحَامِلَاتِ وِقْرًا [51:2]

তাৰ পিছত পানীৰ বোজা বহনকাৰী মেঘমালাৰ,

### الآية 51:3

> ﻿فَالْجَارِيَاتِ يُسْرًا [51:3]

তাৰ পিছত মৃদুগতিত বৈ যোৱা নৌযানসমূহৰ,

### الآية 51:4

> ﻿فَالْمُقَسِّمَاتِ أَمْرًا [51:4]

তাৰ পিছত (আল্লাহৰ) নিৰ্দেশ বন্টনকাৰী ফিৰিস্তাসকলৰ--

### الآية 51:5

> ﻿إِنَّمَا تُوعَدُونَ لَصَادِقٌ [51:5]

তোমালোকক দিয়া প্ৰতিশ্ৰুতি অৱশ্যে সত্য।

### الآية 51:6

> ﻿وَإِنَّ الدِّينَ لَوَاقِعٌ [51:6]

নিশ্চয় প্ৰতিদান দিৱস অৱশ্যম্ভাৱী।

### الآية 51:7

> ﻿وَالسَّمَاءِ ذَاتِ الْحُبُكِ [51:7]

শপত বহু পথ বিশিষ্ট আকাশৰ,

### الآية 51:8

> ﻿إِنَّكُمْ لَفِي قَوْلٍ مُخْتَلِفٍ [51:8]

নিশ্চয় তোমালোক পৰস্পৰ বিৰোধী কথাত লিপ্ত।

### الآية 51:9

> ﻿يُؤْفَكُ عَنْهُ مَنْ أُفِكَ [51:9]

বিৰত ৰখা হয় তাৰ পৰা যিয়ে বিৰত থাকে।

### الآية 51:10

> ﻿قُتِلَ الْخَرَّاصُونَ [51:10]

মিছলীয়াসকল ধ্বংস হওঁক!

### الآية 51:11

> ﻿الَّذِينَ هُمْ فِي غَمْرَةٍ سَاهُونَ [51:11]

যিসকল সন্দেহ-সংশয়ত নিপতিত, উদাসীন।

### الآية 51:12

> ﻿يَسْأَلُونَ أَيَّانَ يَوْمُ الدِّينِ [51:12]

সিহঁতে সোধে, ‘প্ৰতিদান দিৱস কেতিয়া হ’ব’?

### الآية 51:13

> ﻿يَوْمَ هُمْ عَلَى النَّارِ يُفْتَنُونَ [51:13]

‘যিদিনা সিহঁতক জুইত শাস্তি দিয়া হ’ব’।

### الآية 51:14

> ﻿ذُوقُوا فِتْنَتَكُمْ هَٰذَا الَّذِي كُنْتُمْ بِهِ تَسْتَعْجِلُونَ [51:14]

কোৱা হ’ব, ‘তোমালোকে তোমালোকৰ শাস্তি ভোগ কৰা, ইয়াৰ বাবেই তোমালোকে খৰধৰ কৰিছিলা’।

### الآية 51:15

> ﻿إِنَّ الْمُتَّقِينَ فِي جَنَّاتٍ وَعُيُونٍ [51:15]

নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতসমূহত আৰু নিজৰা প্ৰবাহিত স্থানত,

### الآية 51:16

> ﻿آخِذِينَ مَا آتَاهُمْ رَبُّهُمْ ۚ إِنَّهُمْ كَانُوا قَبْلَ ذَٰلِكَ مُحْسِنِينَ [51:16]

তেওঁলোকৰৰ প্ৰতিপালকে তেওঁলোকক যি দান কৰিব সেয়া তেওঁলোকে আনন্দচিত্তে গ্ৰহণ কৰিব; নিশ্চয় ইতিপূৰ্বে এওঁলোক আছিল সৎকৰ্মশীল,

### الآية 51:17

> ﻿كَانُوا قَلِيلًا مِنَ اللَّيْلِ مَا يَهْجَعُونَ [51:17]

ৰাতিৰ অতি কম সময় তেওঁলোকে টোপনীত কটাইছিল,

### الآية 51:18

> ﻿وَبِالْأَسْحَارِ هُمْ يَسْتَغْفِرُونَ [51:18]

আৰু ৰাতিৰ শেষ প্ৰহৰত তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিছিল,

### الآية 51:19

> ﻿وَفِي أَمْوَالِهِمْ حَقٌّ لِلسَّائِلِ وَالْمَحْرُومِ [51:19]

আৰু তেওঁলোকৰ ধন-সম্পদত আছিল ভিখাৰী আৰু বঞ্চিতসকলৰ হক।

### الآية 51:20

> ﻿وَفِي الْأَرْضِ آيَاتٌ لِلْمُوقِنِينَ [51:20]

আৰু সুনিশ্চিত বিশ্বাসীসকলৰ বাবে পৃথিৱীত বহুতো নিদৰ্শন আছে,

### الآية 51:21

> ﻿وَفِي أَنْفُسِكُمْ ۚ أَفَلَا تُبْصِرُونَ [51:21]

আৰু তোমালোকৰ নিজৰ মাজতো আছে। তোমালোকে লক্ষ্য নকৰা নেকি?

### الآية 51:22

> ﻿وَفِي السَّمَاءِ رِزْقُكُمْ وَمَا تُوعَدُونَ [51:22]

আৰু আকাশত আছে তোমালোকৰ জীৱিকা আৰু প্ৰতিশ্ৰুতি দিয়া সকলো বস্তু।

### الآية 51:23

> ﻿فَوَرَبِّ السَّمَاءِ وَالْأَرْضِ إِنَّهُ لَحَقٌّ مِثْلَ مَا أَنَّكُمْ تَنْطِقُونَ [51:23]

এতেকে আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকৰ শপত! নিশ্চয় এইটো পৰম সত্য যেনেকৈ তোমালোকৰ কথা কোৱাটো সত্য।

### الآية 51:24

> ﻿هَلْ أَتَاكَ حَدِيثُ ضَيْفِ إِبْرَاهِيمَ الْمُكْرَمِينَ [51:24]

ইব্ৰাহীমৰ সন্মানিত অতিথিৰ বৃত্তান্ত তোমাৰ ওচৰত আহিছেনে?

### الآية 51:25

> ﻿إِذْ دَخَلُوا عَلَيْهِ فَقَالُوا سَلَامًا ۖ قَالَ سَلَامٌ قَوْمٌ مُنْكَرُونَ [51:25]

যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহিলে আৰু ক'লে, ‘ছালাম’, উত্তৰত তেৱোঁ ক'লে ‘ছালাম’। এওঁলোক দেখুন অচিনাকি।

### الآية 51:26

> ﻿فَرَاغَ إِلَىٰ أَهْلِهِ فَجَاءَ بِعِجْلٍ سَمِينٍ [51:26]

তাৰ পিছত তেওঁ দ্ৰুতভাৱে গোপনে নিজ গৃহিণীৰ ওচৰলৈ গ’ল আৰু এটা স্বাস্থবান গো-পোৱালী (ভজা) লৈ উপস্থিত গ’ল,

### الآية 51:27

> ﻿فَقَرَّبَهُ إِلَيْهِمْ قَالَ أَلَا تَأْكُلُونَ [51:27]

তাৰ পিছত তেওঁ সেইটো তেওঁলোকৰ সন্মুখত ৰাখি ক’লে, ‘আপোনালোকে নাখায় নেকি’?

### الآية 51:28

> ﻿فَأَوْجَسَ مِنْهُمْ خِيفَةً ۖ قَالُوا لَا تَخَفْ ۖ وَبَشَّرُوهُ بِغُلَامٍ عَلِيمٍ [51:28]

ফলত তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতিৰ সঞ্চাৰ হ’ল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব’; আৰু তেওঁলোকে তেওঁক এজন জ্ঞানী পুত্ৰ সন্তানৰ সুসংবাদ দিলে।

### الآية 51:29

> ﻿فَأَقْبَلَتِ امْرَأَتُهُ فِي صَرَّةٍ فَصَكَّتْ وَجْهَهَا وَقَالَتْ عَجُوزٌ عَقِيمٌ [51:29]

তেতিয়া তেওঁৰ স্ত্ৰী চিঞঁৰি চিঞঁৰি আগুৱাই আহিলে আৰু নিজৰে মুখত থপৰিয়াই ক’লে, বৃদ্ধা-বন্ধ্যা (ৰ সন্তান হ’ব?)।

### الآية 51:30

> ﻿قَالُوا كَذَٰلِكِ قَالَ رَبُّكِ ۖ إِنَّهُ هُوَ الْحَكِيمُ الْعَلِيمُ [51:30]

তেওঁলোকে ক’লে, ‘তোমাৰ প্ৰতিপালকে এইটোৱে কৈছে; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ’।

### الآية 51:31

> ﻿۞ قَالَ فَمَا خَطْبُكُمْ أَيُّهَا الْمُرْسَلُونَ [51:31]

ইব্ৰাহীমে ক’লে, ‘হে প্ৰেৰিত ফিৰিস্তাসকল! তোমালোকৰ বিশেষ কাম কি’?

### الآية 51:32

> ﻿قَالُوا إِنَّا أُرْسِلْنَا إِلَىٰ قَوْمٍ مُجْرِمِينَ [51:32]

তেওঁলোকে ক’লে, ‘নিশ্চয় আমি এটা অপৰাধী সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰিত হৈছো’।

### الآية 51:33

> ﻿لِنُرْسِلَ عَلَيْهِمْ حِجَارَةً مِنْ طِينٍ [51:33]

সিহঁতৰ ওপৰত পকা মাটিৰ টুকুৰা নিক্ষেপ কৰিবলৈ,

### الآية 51:34

> ﻿مُسَوَّمَةً عِنْدَ رَبِّكَ لِلْمُسْرِفِينَ [51:34]

যিটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা চিহ্নিত সীমালঙ্ঘনকাৰীসকলৰ বাবে।

### الآية 51:35

> ﻿فَأَخْرَجْنَا مَنْ كَانَ فِيهَا مِنَ الْمُؤْمِنِينَ [51:35]

আৰু তাত যিসকল মুমিন আছিল আমি সিহঁতক উলিয়াই আনিছো।

### الآية 51:36

> ﻿فَمَا وَجَدْنَا فِيهَا غَيْرَ بَيْتٍ مِنَ الْمُسْلِمِينَ [51:36]

কিন্তু আমি তাত এটা পৰিয়ালৰ বাহিৰে আন কোনো মুছলিম পোৱা নাই।

### الآية 51:37

> ﻿وَتَرَكْنَا فِيهَا آيَةً لِلَّذِينَ يَخَافُونَ الْعَذَابَ الْأَلِيمَ [51:37]

আৰু যিসকলে যন্ত্ৰণাদায়ক শাস্তিক ভয় কৰে আমি সিহঁতৰ বাবে তাত এটা নিদৰ্শন থৈ আহিছো।

### الآية 51:38

> ﻿وَفِي مُوسَىٰ إِذْ أَرْسَلْنَاهُ إِلَىٰ فِرْعَوْنَ بِسُلْطَانٍ مُبِينٍ [51:38]

আৰু মূছাৰ কাহিনীতো নিদৰ্শন আছে, যেতিয়া আমি তেওঁক সুস্পষ্ট প্ৰমাণসহ ফিৰআউনৰ ওচৰত পঠিয়াইছিলো,

### الآية 51:39

> ﻿فَتَوَلَّىٰ بِرُكْنِهِ وَقَالَ سَاحِرٌ أَوْ مَجْنُونٌ [51:39]

কিন্তু সি ক্ষমতাৰ অহংকাৰত মুখ ঘূৰাই ল’লে আৰু ক’লে, ‘এওঁ এজন যাদুকৰ নহ’লে উন্মাদ’।

### الآية 51:40

> ﻿فَأَخَذْنَاهُ وَجُنُودَهُ فَنَبَذْنَاهُمْ فِي الْيَمِّ وَهُوَ مُلِيمٌ [51:40]

ফলত আমি তাক আৰু তাৰ সৈন্য বাহিনীক শাস্তি বিহিলো আৰু সিহঁতক সাগৰত নিক্ষেপ কৰিলো আৰু সি আছিল তিৰস্কৃত।

### الآية 51:41

> ﻿وَفِي عَادٍ إِذْ أَرْسَلْنَا عَلَيْهِمُ الرِّيحَ الْعَقِيمَ [51:41]

আৰু নিদৰ্শন আছে আদ সম্প্ৰদায়ৰ ঘটনাতো, (স্মৰণ কৰা) যেতিয়া আমি সিহঁতৰ বিৰুদ্ধে অকল্যাণকৰ বতাহ প্ৰেৰণ কৰিছিলো;

### الآية 51:42

> ﻿مَا تَذَرُ مِنْ شَيْءٍ أَتَتْ عَلَيْهِ إِلَّا جَعَلَتْهُ كَالرَّمِيمِ [51:42]

সেই বতাহজাক একোৱে এৰা নাছিল, যাৰ ওপৰেদি গৈছিল তাক চূৰ্ণ-বিচূৰ্ণ কৰি গৈছিল।

### الآية 51:43

> ﻿وَفِي ثَمُودَ إِذْ قِيلَ لَهُمْ تَمَتَّعُوا حَتَّىٰ حِينٍ [51:43]

আৰু নিদৰ্শন আছে ছামূদ সম্প্ৰদায়ৰ ঘটনাতো, যেতিয়া সিহঁতক কোৱা হৈছিল, ‘এটা নিৰ্দিষ্ট সময় লৈকে ভোগ কৰি লোৱা’।

### الآية 51:44

> ﻿فَعَتَوْا عَنْ أَمْرِ رَبِّهِمْ فَأَخَذَتْهُمُ الصَّاعِقَةُ وَهُمْ يَنْظُرُونَ [51:44]

কিন্তু সিহঁতে সিহঁতৰ প্ৰতিপালকৰ আদেশ মানিবলৈ অহংকাৰ কৰিলে; ফলত সিহঁত চাই থকা অৱস্থাতে সিহঁতক বজ্ৰপাতে ধৰিলে।

### الآية 51:45

> ﻿فَمَا اسْتَطَاعُوا مِنْ قِيَامٍ وَمَا كَانُوا مُنْتَصِرِينَ [51:45]

ফলত সিহঁতে থিয় হ’বলৈকেও সক্ষম নহ’ল আৰু প্ৰতিৰোধো কৰিব নোৱাৰিলে।

### الآية 51:46

> ﻿وَقَوْمَ نُوحٍ مِنْ قَبْلُ ۖ إِنَّهُمْ كَانُوا قَوْمًا فَاسِقِينَ [51:46]

আৰু (ধ্বংস কৰিছিলো) ইয়াৰ আগত নূহৰ সম্প্ৰদায়ক, নিশ্চয় সিহঁত আছিল ফাছিক্ব সম্প্ৰদায়।

### الآية 51:47

> ﻿وَالسَّمَاءَ بَنَيْنَاهَا بِأَيْدٍ وَإِنَّا لَمُوسِعُونَ [51:47]

আৰু আমি আমাৰ ক্ষমতাৰ বলত আকাশ নিৰ্মাণ কৰিছো আৰু নিশ্চয় আমি মহাসম্প্ৰসাৰণকাৰী।

### الآية 51:48

> ﻿وَالْأَرْضَ فَرَشْنَاهَا فَنِعْمَ الْمَاهِدُونَ [51:48]

আৰু আমি পৃথিৱীখনক পাৰি দিছো, (চোৱাচোন, আমি) কিমান সুন্দৰ ব্যৱস্থাপনাকাৰী!

### الآية 51:49

> ﻿وَمِنْ كُلِّ شَيْءٍ خَلَقْنَا زَوْجَيْنِ لَعَلَّكُمْ تَذَكَّرُونَ [51:49]

আৰু আমি প্ৰতিটো বস্তু যোৰা যোৰা সৃষ্টি কৰিছো, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।

### الآية 51:50

> ﻿فَفِرُّوا إِلَى اللَّهِ ۖ إِنِّي لَكُمْ مِنْهُ نَذِيرٌ مُبِينٌ [51:50]

এতেকে তোমালোকে আল্লাহৰ ফালে ধাৱিত হোৱা, নিশ্চয় মই কেৱল তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰী।

### الآية 51:51

> ﻿وَلَا تَجْعَلُوا مَعَ اللَّهِ إِلَٰهًا آخَرَ ۖ إِنِّي لَكُمْ مِنْهُ نَذِيرٌ مُبِينٌ [51:51]

আৰু তোমালোকে আল্লাহৰ লগত আন কোনো ইলাহ নিৰ্ধাৰণ নকৰিবা; নিশ্চয় মই কেৱল তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰী।

### الآية 51:52

> ﻿كَذَٰلِكَ مَا أَتَى الَّذِينَ مِنْ قَبْلِهِمْ مِنْ رَسُولٍ إِلَّا قَالُوا سَاحِرٌ أَوْ مَجْنُونٌ [51:52]

এইদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ মাজত যেতিয়াই কোনো ৰাছুল আহিছে, সিহঁতেই কৈছে, ‘এওঁ এজন যাদুকৰ নহ’লে উন্মাদ’।

### الآية 51:53

> ﻿أَتَوَاصَوْا بِهِ ۚ بَلْ هُمْ قَوْمٌ طَاغُونَ [51:53]

সিহঁতে ইজনে সিজনক এই বিষয়ে অছিয়ত কৰিছে নেকি? বৰং সিহঁত সীমালঙ্ঘনকাৰী সম্প্ৰদায়।

### الآية 51:54

> ﻿فَتَوَلَّ عَنْهُمْ فَمَا أَنْتَ بِمَلُومٍ [51:54]

এতেকে তুমি সিহঁতক উপেক্ষা কৰা, তোমাৰ কোনো দোষ নহ’ব।

### الآية 51:55

> ﻿وَذَكِّرْ فَإِنَّ الذِّكْرَىٰ تَنْفَعُ الْمُؤْمِنِينَ [51:55]

আৰু তুমি উপদেশ দি থাকা, কাৰণ নিশ্চয় উপদেশ মুমিনসকলৰ উপকাৰত আহে।

### الآية 51:56

> ﻿وَمَا خَلَقْتُ الْجِنَّ وَالْإِنْسَ إِلَّا لِيَعْبُدُونِ [51:56]

আৰু মই জিন আৰু মানুহক কেৱল এই বাবেই সৃষ্টি কৰিছো যে, সিহঁত কেৱল মোৰেই ইবাদত কৰিব।

### الآية 51:57

> ﻿مَا أُرِيدُ مِنْهُمْ مِنْ رِزْقٍ وَمَا أُرِيدُ أَنْ يُطْعِمُونِ [51:57]

মই সিহঁতৰ পৰা কোনো জীৱিকা নিবিচাৰো আৰু মই এইটোও নিবিচাৰো যে, সিহঁতে মোক খুৱাব।

### الآية 51:58

> ﻿إِنَّ اللَّهَ هُوَ الرَّزَّاقُ ذُو الْقُوَّةِ الْمَتِينُ [51:58]

নিশ্চয় আল্লাহেই জীৱিকাদাতা, প্ৰবল শক্তিধৰ, পৰাক্ৰমশালী।

### الآية 51:59

> ﻿فَإِنَّ لِلَّذِينَ ظَلَمُوا ذَنُوبًا مِثْلَ ذَنُوبِ أَصْحَابِهِمْ فَلَا يَسْتَعْجِلُونِ [51:59]

এতেকে যিহঁতে অন্যায় কৰিছে সিহঁতৰ বাবে আছে সিহঁতৰ সমমতালম্বীসকলৰ দৰে প্ৰাপ্য (শাস্তি); গতিকে সিহঁতে খৰখেদা কৰিব নালাগে।

### الآية 51:60

> ﻿فَوَيْلٌ لِلَّذِينَ كَفَرُوا مِنْ يَوْمِهِمُ الَّذِي يُوعَدُونَ [51:60]

এতেকে যিহঁতে কুফৰী কৰিছে সিহঁতৰ বাবে সেইদিনৰ ধ্বংস, যি দিনটোৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছে।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/51.md)
- [كل تفاسير سورة الذاريات
](https://quranpedia.net/surah-tafsir/51.md)
- [ترجمات سورة الذاريات
](https://quranpedia.net/translations/51.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/51/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
