---
title: "ترجمة سورة القمر - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/54/book/1994.md"
canonical: "https://quranpedia.net/surah/1/54/book/1994"
surah_id: "54"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة القمر - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/54/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة القمر - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/54/book/1994*.

Translation of Surah القمر from "الترجمة الأسامية" in الأسامية.

### الآية 54:1

> اقْتَرَبَتِ السَّاعَةُ وَانْشَقَّ الْقَمَرُ [54:1]

কিয়ামত নিকটৱৰ্তী হৈছে আৰু চন্দ্ৰ বিদীৰ্ণ হৈছে,

### الآية 54:2

> ﻿وَإِنْ يَرَوْا آيَةً يُعْرِضُوا وَيَقُولُوا سِحْرٌ مُسْتَمِرٌّ [54:2]

আৰু সিহঁতে কোনো নিদৰ্শন দেখিলে মুখ ঘূৰাই লয় আৰু কয়, ‘এয়াতো চিৰাচৰিত যাদু’।

### الآية 54:3

> ﻿وَكَذَّبُوا وَاتَّبَعُوا أَهْوَاءَهُمْ ۚ وَكُلُّ أَمْرٍ مُسْتَقِرٌّ [54:3]

আৰু সিহঁতে অস্বীকাৰ কৰে আৰু নিজ নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰে, অথচ প্ৰতিটো বিষয়েই শেষ লক্ষ্যত উপনীত হ’ব।

### الآية 54:4

> ﻿وَلَقَدْ جَاءَهُمْ مِنَ الْأَنْبَاءِ مَا فِيهِ مُزْدَجَرٌ [54:4]

আৰু সিহঁতৰ ওচৰত সংবাদসমূহ আহি পাইছে, য’ত আছে সতৰ্কবাণী,

### الآية 54:5

> ﻿حِكْمَةٌ بَالِغَةٌ ۖ فَمَا تُغْنِ النُّذُرُ [54:5]

এটা পৰিপূৰ্ণ হিকমত, কিন্তু ভীতিপ্ৰদৰ্শন সিহঁতৰ কোনো কামত আহা নাই।

### الآية 54:6

> ﻿فَتَوَلَّ عَنْهُمْ ۘ يَوْمَ يَدْعُ الدَّاعِ إِلَىٰ شَيْءٍ نُكُرٍ [54:6]

এতেকে তুমি সিহঁতক উপেক্ষা কৰা। (স্মৰণ কৰা) যিদিনা আহ্বানকাৰীয়ে আহ্বান কৰিব এটা ভয়াৱহ পৰিণামৰ ফালে,

### الآية 54:7

> ﻿خُشَّعًا أَبْصَارُهُمْ يَخْرُجُونَ مِنَ الْأَجْدَاثِ كَأَنَّهُمْ جَرَادٌ مُنْتَشِرٌ [54:7]

অপমানিত অৱনমিত নয়নেৰে সেইদিনা সিহঁতে কবৰৰ পৰা ওলাই আহিব, এনে লাগিব যেন সিহঁত বিক্ষিপ্ত ফৰিঙহে,

### الآية 54:8

> ﻿مُهْطِعِينَ إِلَى الدَّاعِ ۖ يَقُولُ الْكَافِرُونَ هَٰذَا يَوْمٌ عَسِرٌ [54:8]

সিহঁতে আহ্বানকাৰীৰ ফালে ভীত-সন্ত্ৰস্ত অৱস্থাত গুচি আহিব। কাফিৰসকলে ক’ব, ‘এইটো বৰ কঠিন দিন’।

### الآية 54:9

> ﻿۞ كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ فَكَذَّبُوا عَبْدَنَا وَقَالُوا مَجْنُونٌ وَازْدُجِرَ [54:9]

ইহঁতৰ পূৰ্বে নূহৰ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল-- এতেকে সিহঁতে আমাৰ বান্দাক অস্বীকাৰ কৰিছিল আৰু কৈছিল, ‘এওঁ এজন বলিয়া’, আৰু তেওঁক ভীতি প্ৰদৰ্শন কৰা হৈছিল।

### الآية 54:10

> ﻿فَدَعَا رَبَّهُ أَنِّي مَغْلُوبٌ فَانْتَصِرْ [54:10]

তেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মই অসহায়, এতেকে তুমিয়েই ইয়াৰ প্ৰতিশোধ গ্ৰহণ কৰা’।

### الآية 54:11

> ﻿فَفَتَحْنَا أَبْوَابَ السَّمَاءِ بِمَاءٍ مُنْهَمِرٍ [54:11]

ফলত আমি ধাৰাসাৰ বৰষুণসহ আকাশৰ দুৱাৰসমূহ খুলি দিলো,

### الآية 54:12

> ﻿وَفَجَّرْنَا الْأَرْضَ عُيُونًا فَالْتَقَى الْمَاءُ عَلَىٰ أَمْرٍ قَدْ قُدِرَ [54:12]

আৰু মাটিৰ পৰা ঝৰ্ণাসমূহ উৎসাৰিত কৰিলো; ফলত গোটেই পানী মিলিত হ’ল এটা পৰিকল্পনা অনুসাৰে।

### الآية 54:13

> ﻿وَحَمَلْنَاهُ عَلَىٰ ذَاتِ أَلْوَاحٍ وَدُسُرٍ [54:13]

আৰু আমি তাক (নূহক) কাঠ আৰু পেৰেক নিৰ্মিত নৌযানত আৰোহণ কৰালো।

### الآية 54:14

> ﻿تَجْرِي بِأَعْيُنِنَا جَزَاءً لِمَنْ كَانَ كُفِرَ [54:14]

যিটো আমাৰ চকুৰ সন্মুখত চলিছিল, এইটো পুৰষ্কাৰ তাৰ বাবে যাক প্ৰত্যাখ্যান কৰা হৈছিল।

### الآية 54:15

> ﻿وَلَقَدْ تَرَكْنَاهَا آيَةً فَهَلْ مِنْ مُدَّكِرٍ [54:15]

আৰু নিশ্চয় আমি ইয়াক নিদৰ্শনৰূপে ৰাখি দিছো; এতেকে আছেনে কোনোবা উপদেশ গ্ৰহণকাৰী?

### الآية 54:16

> ﻿فَكَيْفَ كَانَ عَذَابِي وَنُذُرِ [54:16]

এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?

### الآية 54:17

> ﻿وَلَقَدْ يَسَّرْنَا الْقُرْآنَ لِلذِّكْرِ فَهَلْ مِنْ مُدَّكِرٍ [54:17]

আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?

### الآية 54:18

> ﻿كَذَّبَتْ عَادٌ فَكَيْفَ كَانَ عَذَابِي وَنُذُرِ [54:18]

আদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?

### الآية 54:19

> ﻿إِنَّا أَرْسَلْنَا عَلَيْهِمْ رِيحًا صَرْصَرًا فِي يَوْمِ نَحْسٍ مُسْتَمِرٍّ [54:19]

নিশ্চয় আমি সিহঁতৰ ওপৰত পঠিয়াইছিলো প্ৰচণ্ড শীতল ধুমুহা নিৰবিচ্ছিন্ন অমঙ্গল দিনত,

### الآية 54:20

> ﻿تَنْزِعُ النَّاسَ كَأَنَّهُمْ أَعْجَازُ نَخْلٍ مُنْقَعِرٍ [54:20]

সেই ধুমুহাই মানুহক উৎখাত কৰিছিল, যেন সিহঁত উঘালি পৰা খেজুৰ গছৰ কাণ্ড।

### الآية 54:21

> ﻿فَكَيْفَ كَانَ عَذَابِي وَنُذُرِ [54:21]

এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?

### الآية 54:22

> ﻿وَلَقَدْ يَسَّرْنَا الْقُرْآنَ لِلذِّكْرِ فَهَلْ مِنْ مُدَّكِرٍ [54:22]

আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?

### الآية 54:23

> ﻿كَذَّبَتْ ثَمُودُ بِالنُّذُرِ [54:23]

ছামূদ সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।

### الآية 54:24

> ﻿فَقَالُوا أَبَشَرًا مِنَّا وَاحِدًا نَتَّبِعُهُ إِنَّا إِذًا لَفِي ضَلَالٍ وَسُعُرٍ [54:24]

আৰু সিহঁতে কৈছিল, ‘আমি আমাৰ মাজৰেই এজন ব্যক্তিৰ অনুসৰণ কৰিম নেকি? এনেহ’লে আমি পথভ্ৰষ্টতাত আৰু উন্মত্ততাত পতিত হম।

### الآية 54:25

> ﻿أَأُلْقِيَ الذِّكْرُ عَلَيْهِ مِنْ بَيْنِنَا بَلْ هُوَ كَذَّابٌ أَشِرٌ [54:25]

আমাৰ মাজৰ পৰা এওঁৰ প্ৰতি উপদেশবাণী প্ৰেৰণ কৰা হৈছে নেকি? নহয়, সি এজন মিছলীয়া, দাম্ভিক’।

### الآية 54:26

> ﻿سَيَعْلَمُونَ غَدًا مَنِ الْكَذَّابُ الْأَشِرُ [54:26]

অহাকালি নিশ্চয় সিহঁতে গম পাব, কোন চৰম মিছলীয়া, দাম্ভিক।

### الآية 54:27

> ﻿إِنَّا مُرْسِلُو النَّاقَةِ فِتْنَةً لَهُمْ فَارْتَقِبْهُمْ وَاصْطَبِرْ [54:27]

নিশ্চয় আমি সিহঁতৰ বাবে পৰীক্ষাস্বৰূপ উট পঠাই আছো, এতেকে তুমি সিহঁতৰ বিষয়ে অপেক্ষা কৰা আৰু ধৈৰ্যধাৰণ কৰা।

### الآية 54:28

> ﻿وَنَبِّئْهُمْ أَنَّ الْمَاءَ قِسْمَةٌ بَيْنَهُمْ ۖ كُلُّ شِرْبٍ مُحْتَضَرٌ [54:28]

আৰু সিহঁতক জনাই দিয়া যে, সিহঁতৰ মাজত পানী বন্টন সুনিৰ্দিষ্ট। প্ৰত্যেকেই নিজৰ পাল মতে পানীৰ অংশত উপস্থিত হ’ব।

### الآية 54:29

> ﻿فَنَادَوْا صَاحِبَهُمْ فَتَعَاطَىٰ فَعَقَرَ [54:29]

তাৰ পিছত সিহঁতে সিহঁতৰ সঙ্গীক মাতি আনিলে আৰু সি উটজনীক ধৰি হত্যা কৰিলে।

### الآية 54:30

> ﻿فَكَيْفَ كَانَ عَذَابِي وَنُذُرِ [54:30]

এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?

### الآية 54:31

> ﻿إِنَّا أَرْسَلْنَا عَلَيْهِمْ صَيْحَةً وَاحِدَةً فَكَانُوا كَهَشِيمِ الْمُحْتَظِرِ [54:31]

নিশ্চয় আমি সিহঁতৰ প্ৰতি পঠিয়াইছিলো এটা প্ৰচণ্ড শব্দ, ফলত সিহঁত গোহালী সজা শুকান খণ্ডিত খৰিৰ দৰে হৈ গ’ল।

### الآية 54:32

> ﻿وَلَقَدْ يَسَّرْنَا الْقُرْآنَ لِلذِّكْرِ فَهَلْ مِنْ مُدَّكِرٍ [54:32]

আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?

### الآية 54:33

> ﻿كَذَّبَتْ قَوْمُ لُوطٍ بِالنُّذُرِ [54:33]

লূত সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।

### الآية 54:34

> ﻿إِنَّا أَرْسَلْنَا عَلَيْهِمْ حَاصِبًا إِلَّا آلَ لُوطٍ ۖ نَجَّيْنَاهُمْ بِسَحَرٍ [54:34]

নিশ্চয় আমি সিহঁতৰ ওপৰত শীল বহনকাৰী প্ৰচণ্ড ধুমুহা পঠিয়াইছিলো, কেৱল লূত পৰিয়ালৰ বাহিৰে; তেওঁলোকক আমি উদ্ধাৰ কৰিছিলো ৰাতিৰ শেষাংশত,

### الآية 54:35

> ﻿نِعْمَةً مِنْ عِنْدِنَا ۚ كَذَٰلِكَ نَجْزِي مَنْ شَكَرَ [54:35]

আমাৰ ফালৰ পৰা অনুগ্ৰহস্বৰূপ। যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে, আমি তাক এনেকৈয়ে প্ৰতিদান দিওঁ।

### الآية 54:36

> ﻿وَلَقَدْ أَنْذَرَهُمْ بَطْشَتَنَا فَتَمَارَوْا بِالنُّذُرِ [54:36]

আৰু নিশ্চয় লূতে সিহঁতক আমাৰ কঠিন শাস্তিৰ পৰা সতৰ্ক কৰিছিল, তথাপিও সিহঁতে সাৱধান বাণী সম্পৰ্কে সন্দেহ পোষণ কৰিছিল।

### الآية 54:37

> ﻿وَلَقَدْ رَاوَدُوهُ عَنْ ضَيْفِهِ فَطَمَسْنَا أَعْيُنَهُمْ فَذُوقُوا عَذَابِي وَنُذُرِ [54:37]

আৰু নিশ্চয় সিহঁতে লূতৰ পৰা তেওঁৰ অতিথিসকলৰ পৰা অসৎ উদ্দেশ্য দাবী কৰিলে, তেতিয়া আমি সিহঁতৰ দৃষ্টি লোপ কৰি দিলো (আৰু ক’লো), মোৰ শাস্তি আৰু সাৱধান বাণীৰ সোৱাদ লোৱা।

### الآية 54:38

> ﻿وَلَقَدْ صَبَّحَهُمْ بُكْرَةً عَذَابٌ مُسْتَقِرٌّ [54:38]

আৰু নিশ্চয় পুৱা দোকমুকালিতে সিহঁতৰ ওপৰত বিৰামহীন শাস্তি নামি আহিছিল।

### الآية 54:39

> ﻿فَذُوقُوا عَذَابِي وَنُذُرِ [54:39]

‘এতেকে মোৰ শাস্তি আৰু সাৱধান বাণীৰ পৰিণাম ভোগ কৰা’।

### الآية 54:40

> ﻿وَلَقَدْ يَسَّرْنَا الْقُرْآنَ لِلذِّكْرِ فَهَلْ مِنْ مُدَّكِرٍ [54:40]

আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে?

### الآية 54:41

> ﻿وَلَقَدْ جَاءَ آلَ فِرْعَوْنَ النُّذُرُ [54:41]

আৰু নিশ্চয় ফিৰআউন গোষ্ঠিৰ ওচৰতো সতৰ্ককাৰী আহিছিল;

### الآية 54:42

> ﻿كَذَّبُوا بِآيَاتِنَا كُلِّهَا فَأَخَذْنَاهُمْ أَخْذَ عَزِيزٍ مُقْتَدِرٍ [54:42]

সিহঁতে আমাৰ সকলো নিদৰ্শনকে অস্বীকাৰ কৰিলে, এতেকে আমি মহাপৰাক্ৰমশালী আৰু সৰ্বশক্তিমানৰূপে সিহঁতক ধৰিলো।

### الآية 54:43

> ﻿أَكُفَّارُكُمْ خَيْرٌ مِنْ أُولَٰئِكُمْ أَمْ لَكُمْ بَرَاءَةٌ فِي الزُّبُرِ [54:43]

তোমালোকৰ মাজৰ কাফিৰসকল সেইসকল কাফিৰতকৈ উত্তম নেকি? নে তোমালোকৰ বাবে পূৰ্বৱৰ্তী কিতাবত কোনো মুক্তিৰ ঘোষণা আছে?

### الآية 54:44

> ﻿أَمْ يَقُولُونَ نَحْنُ جَمِيعٌ مُنْتَصِرٌ [54:44]

নে সিহঁতে কয়, ‘আমি সংঘবদ্ধ অপৰাজয় দল’?

### الآية 54:45

> ﻿سَيُهْزَمُ الْجَمْعُ وَيُوَلُّونَ الدُّبُرَ [54:45]

এই দল অনতিপলমে পৰাজিত হ’ব আৰু পিঠ দেখুৱাই পলায়ন কৰিব,

### الآية 54:46

> ﻿بَلِ السَّاعَةُ مَوْعِدُهُمْ وَالسَّاعَةُ أَدْهَىٰ وَأَمَرُّ [54:46]

বৰং কিয়ামত সিহঁতৰ শাস্তিৰ নিৰ্ধাৰিত সময়; আৰু কিয়ামত হৈছে অতি ভয়াৱহ আৰু তিক্তকৰ;

### الآية 54:47

> ﻿إِنَّ الْمُجْرِمِينَ فِي ضَلَالٍ وَسُعُرٍ [54:47]

নিশ্চয় অপৰাধীসকল বিভ্ৰান্তি আৰু শাস্তিত আছে।

### الآية 54:48

> ﻿يَوْمَ يُسْحَبُونَ فِي النَّارِ عَلَىٰ وُجُوهِهِمْ ذُوقُوا مَسَّ سَقَرَ [54:48]

যিদিনা সিহঁতক নাক চোঁচৰাই টানি জাহান্নামত লৈ যোৱা হ’ব (সেই দিনা কোৱা হ’ব) ‘এতিয়া জাহান্নামৰ স্পৰ্শ ভোগ কৰা’।

### الآية 54:49

> ﻿إِنَّا كُلَّ شَيْءٍ خَلَقْنَاهُ بِقَدَرٍ [54:49]

নিশ্চয় আমি প্ৰতিটো বস্তু এটা নিৰ্ধাৰিত পৰিমাপত সৃষ্টি কৰিছো।

### الآية 54:50

> ﻿وَمَا أَمْرُنَا إِلَّا وَاحِدَةٌ كَلَمْحٍ بِالْبَصَرِ [54:50]

আৰু আমাৰ আদেশ কেৱল এটা কথা, চকুৰ পলকৰ দৰে।

### الآية 54:51

> ﻿وَلَقَدْ أَهْلَكْنَا أَشْيَاعَكُمْ فَهَلْ مِنْ مُدَّكِرٍ [54:51]

আৰু আমি তোমালোকৰ দৰে বহুতকে ধ্বংস কৰিছো; এতেকে উপদেশ গ্ৰহণকাৰী কোনোবা আছেনে?

### الآية 54:52

> ﻿وَكُلُّ شَيْءٍ فَعَلُوهُ فِي الزُّبُرِ [54:52]

আৰু সিহঁতে যি কৰিছে, সেই সকলো ‘আমলনামাত’ (লিপিবদ্ধ) আছে,

### الآية 54:53

> ﻿وَكُلُّ صَغِيرٍ وَكَبِيرٍ مُسْتَطَرٌ [54:53]

আৰু সকলো সৰু-বৰ কথা লিখিত আছে।

### الآية 54:54

> ﻿إِنَّ الْمُتَّقِينَ فِي جَنَّاتٍ وَنَهَرٍ [54:54]

নিশ্চয় মুত্তাক্বীসকল থাকিব বাগ-বাগিচা আৰু নিজৰাসমূহৰ মাজত,

### الآية 54:55

> ﻿فِي مَقْعَدِ صِدْقٍ عِنْدَ مَلِيكٍ مُقْتَدِرٍ [54:55]

যথাযোগ্য আসনত, সৰ্বশক্তিমান মহা অধিপতি (আল্লাহ)ৰ সান্নিধ্যত।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/54.md)
- [كل تفاسير سورة القمر
](https://quranpedia.net/surah-tafsir/54.md)
- [ترجمات سورة القمر
](https://quranpedia.net/translations/54.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/54/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
