---
title: "ترجمة سورة الرحمن - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/55/book/1994.md"
canonical: "https://quranpedia.net/surah/1/55/book/1994"
surah_id: "55"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة الرحمن - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/55/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة الرحمن - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/55/book/1994*.

Translation of Surah الرحمن from "الترجمة الأسامية" in الأسامية.

### الآية 55:1

> الرَّحْمَٰنُ [55:1]

আৰ-ৰাহমান, (দয়াময় আল্লাহ)

### الآية 55:2

> ﻿عَلَّمَ الْقُرْآنَ [55:2]

তেৱেঁই শিক্ষা দিছে কোৰআন,

### الآية 55:3

> ﻿خَلَقَ الْإِنْسَانَ [55:3]

তেৱেঁই সৃষ্টি কৰিছে মানুহ,

### الآية 55:4

> ﻿عَلَّمَهُ الْبَيَانَ [55:4]

তেৱেঁই তাক ভাষা শিকাইছে,

### الآية 55:5

> ﻿الشَّمْسُ وَالْقَمَرُ بِحُسْبَانٍ [55:5]

সূৰ্য আৰু চন্দ্ৰ নিৰ্ধাৰিত হিচাপ অনুযায়ী আৱৰ্তন কৰে,

### الآية 55:6

> ﻿وَالنَّجْمُ وَالشَّجَرُ يَسْجُدَانِ [55:6]

আৰু তৃণলতা আৰু বৃক্ষাদিয়ে ছাজদা কৰে,

### الآية 55:7

> ﻿وَالسَّمَاءَ رَفَعَهَا وَوَضَعَ الْمِيزَانَ [55:7]

আৰু তেৱেঁই আকাশখনক সমুন্নত কৰিছে আৰু স্থাপন কৰিছে তুলাচনী,

### الآية 55:8

> ﻿أَلَّا تَطْغَوْا فِي الْمِيزَانِ [55:8]

যাতে তোমালোকে জোখ-মাখত সীমালঙ্ঘন নকৰা।

### الآية 55:9

> ﻿وَأَقِيمُوا الْوَزْنَ بِالْقِسْطِ وَلَا تُخْسِرُوا الْمِيزَانَ [55:9]

আৰু তোমালোকে ন্যায়সঙ্গতভাৱে ওজন প্ৰতিষ্ঠা কৰা আৰু ওজনকৃত বস্তু কম নিদিবা।

### الآية 55:10

> ﻿وَالْأَرْضَ وَضَعَهَا لِلْأَنَامِ [55:10]

আৰু পৃথিৱীখনক তেওঁ সৃষ্টি জীৱৰ বাবে স্থাপন কৰিছে;

### الآية 55:11

> ﻿فِيهَا فَاكِهَةٌ وَالنَّخْلُ ذَاتُ الْأَكْمَامِ [55:11]

য’ত আছে ফল-মূল আৰু খেজুৰ গছ, যাৰ ফল আৱৰণমূক্ত,

### الآية 55:12

> ﻿وَالْحَبُّ ذُو الْعَصْفِ وَالرَّيْحَانُ [55:12]

আৰু আছে বাকলিযুক্ত দানা আৰু সুগন্ধিযুক্ত ফুল।

### الآية 55:13

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:13]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:14

> ﻿خَلَقَ الْإِنْسَانَ مِنْ صَلْصَالٍ كَالْفَخَّارِ [55:14]

তেৱেঁই মানুহক সৃষ্টি কৰিছে পানী মিশ্ৰিত শুকান মাটিৰ পৰা যিটো পোৰা মাটিৰ দৰে,

### الآية 55:15

> ﻿وَخَلَقَ الْجَانَّ مِنْ مَارِجٍ مِنْ نَارٍ [55:15]

আৰু তেৱেঁই জিনক সৃষ্টি কৰিছে ধোঁৱাবিহীন অগ্নিশিখাৰ পৰা।

### الآية 55:16

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:16]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:17

> ﻿رَبُّ الْمَشْرِقَيْنِ وَرَبُّ الْمَغْرِبَيْنِ [55:17]

তেৱেঁই দুই উদয়াচল আৰু দুই অস্তাচলৰ প্ৰতিপালক।

### الآية 55:18

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:18]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:19

> ﻿مَرَجَ الْبَحْرَيْنِ يَلْتَقِيَانِ [55:19]

তেৱেঁ দুই সাগৰক প্ৰবাহিত কৰে, উভয়ে পৰস্পৰ মিলিত হয়,

### الآية 55:20

> ﻿بَيْنَهُمَا بَرْزَخٌ لَا يَبْغِيَانِ [55:20]

কিন্তু সিহঁত উভয়ৰ মাজত আছে এটা অন্তৰাল, যিটো সিহঁতে অতিক্ৰম কৰিব নোৱাৰে।

### الآية 55:21

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:21]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:22

> ﻿يَخْرُجُ مِنْهُمَا اللُّؤْلُؤُ وَالْمَرْجَانُ [55:22]

উভয় সাগৰৰ পৰা উৎপন্ন হয় মুকুতা আৰু পোৱাল।

### الآية 55:23

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:23]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:24

> ﻿وَلَهُ الْجَوَارِ الْمُنْشَآتُ فِي الْبَحْرِ كَالْأَعْلَامِ [55:24]

আৰু সাগৰত বিচৰণশীল পৰ্বত সদৃশ নৌযানসমূহ তেওঁৰেই (নিয়ন্ত্ৰণাধীন);

### الآية 55:25

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:25]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:26

> ﻿كُلُّ مَنْ عَلَيْهَا فَانٍ [55:26]

ভূপৃষ্ঠত যি আছে সকলো ধ্বংসশীল,

### الآية 55:27

> ﻿وَيَبْقَىٰ وَجْهُ رَبِّكَ ذُو الْجَلَالِ وَالْإِكْرَامِ [55:27]

আৰু অবিনশ্বৰ কেৱল তোমাৰ প্ৰতিপালকৰ চেহাৰা, যিজন মহিমাময়, মহানুভৱ;

### الآية 55:28

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:28]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:29

> ﻿يَسْأَلُهُ مَنْ فِي السَّمَاوَاتِ وَالْأَرْضِ ۚ كُلَّ يَوْمٍ هُوَ فِي شَأْنٍ [55:29]

আকাশমণ্ডল আৰু পৃথিৱীত যিসকল আছে, সকলোৱে তেওঁৰ ওচৰত প্ৰাৰ্থী, তেওঁ প্ৰতিটো মুহূৰ্ত্ততে গুৰুত্বপূৰ্ণ কামত নিয়োজিত।

### الآية 55:30

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:30]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:31

> ﻿سَنَفْرُغُ لَكُمْ أَيُّهَ الثَّقَلَانِ [55:31]

হে মানৱ আৰু জিন! আমি অনতিপলমে তোমালোকৰ (হিচাপ-নিকাচ গ্ৰহণৰ) প্ৰতি মনোনিবেশ কৰিম।

### الآية 55:32

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:32]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:33

> ﻿يَا مَعْشَرَ الْجِنِّ وَالْإِنْسِ إِنِ اسْتَطَعْتُمْ أَنْ تَنْفُذُوا مِنْ أَقْطَارِ السَّمَاوَاتِ وَالْأَرْضِ فَانْفُذُوا ۚ لَا تَنْفُذُونَ إِلَّا بِسُلْطَانٍ [55:33]

হে জিন আৰু মানৱ সম্প্ৰদায়! আকাশমণ্ডল আৰু পৃথিৱীৰ সীমা যদি তোমালোকে অতিক্ৰম কৰিব পাৰা তেন্তে অতিক্ৰম কৰা, কিন্তু তোমালোকে (আল্লাহৰ) শক্তিবিহীন অতিক্ৰম কৰিব নোৱাৰিবা।

### الآية 55:34

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:34]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:35

> ﻿يُرْسَلُ عَلَيْكُمَا شُوَاظٌ مِنْ نَارٍ وَنُحَاسٌ فَلَا تَنْتَصِرَانِ [55:35]

তোমালোক উভয়ৰ প্ৰতি প্ৰেৰণ কৰা হ’ব অগ্নিশিখা আৰু ধুম্ৰপুঞ্জ, তেতিয়া তোমালোকে প্ৰতিৰোধ কৰিব নোৱাৰিবা।

### الآية 55:36

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:36]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:37

> ﻿فَإِذَا انْشَقَّتِ السَّمَاءُ فَكَانَتْ وَرْدَةً كَالدِّهَانِ [55:37]

যিদিনা আকাশ বিদীৰ্ণ হ’ব সেইদিনা ই তেজবৰ্ণ গোলাপৰ দৰে ৰঙা ছালৰ ৰূপ ধাৰণ কৰিব;

### الآية 55:38

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:38]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:39

> ﻿فَيَوْمَئِذٍ لَا يُسْأَلُ عَنْ ذَنْبِهِ إِنْسٌ وَلَا جَانٌّ [55:39]

গতিকে সেইদিনা মানুহকো তাৰ অপৰাধ সম্পৰ্কে সোধা নহ’ব আৰু জিনকো নহয়।

### الآية 55:40

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:40]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:41

> ﻿يُعْرَفُ الْمُجْرِمُونَ بِسِيمَاهُمْ فَيُؤْخَذُ بِالنَّوَاصِي وَالْأَقْدَامِ [55:41]

অপৰাধীসকলৰ পৰিচয় পোৱা যাব সিহঁতৰ লক্ষণৰ দ্বাৰা, তাৰ পিছত সিহঁতৰ আগচুলি আৰু ভৰিত ধৰি টানি নিয়া হ’ব।

### الآية 55:42

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:42]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:43

> ﻿هَٰذِهِ جَهَنَّمُ الَّتِي يُكَذِّبُ بِهَا الْمُجْرِمُونَ [55:43]

এইটোৱেই সেই জাহান্নাম, যাক অপৰাধীসকলে অস্বীকাৰ কৰিছিল।

### الآية 55:44

> ﻿يَطُوفُونَ بَيْنَهَا وَبَيْنَ حَمِيمٍ آنٍ [55:44]

সিহঁত জাহান্নামৰ জুই আৰু উতলা পানীৰ মাজত ঘুৰি থাকিব।

### الآية 55:45

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:45]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:46

> ﻿وَلِمَنْ خَافَ مَقَامَ رَبِّهِ جَنَّتَانِ [55:46]

আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত হোৱাৰ ভয় পোষণ কৰে, তাৰ বাবে আছে দুটা জান্নাত।

### الآية 55:47

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:47]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:48

> ﻿ذَوَاتَا أَفْنَانٍ [55:48]

উভয়েই বহু ফল শাখাবিশিষ্ট।

### الآية 55:49

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:49]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:50

> ﻿فِيهِمَا عَيْنَانِ تَجْرِيَانِ [55:50]

উভয় জান্নাতত আছে প্ৰবাহমান দুটা নিজৰা;

### الآية 55:51

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:51]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:52

> ﻿فِيهِمَا مِنْ كُلِّ فَاكِهَةٍ زَوْجَانِ [55:52]

উভয়ৰ মাজত আছে প্ৰত্যেক ফল দুই দুই প্ৰকাৰ।

### الآية 55:53

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:53]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:54

> ﻿مُتَّكِئِينَ عَلَىٰ فُرُشٍ بَطَائِنُهَا مِنْ إِسْتَبْرَقٍ ۚ وَجَنَى الْجَنَّتَيْنِ دَانٍ [55:54]

তাত সিহঁতে আউজি বহিব এনেকুৱা বিছনাত যাৰ অভ্যন্তৰভাগ হ'ব সিংখাপেৰে তৈৰী সুকোমল; আৰু উভয় জান্নাতৰ ফল-মূল থাকিব নিকটৱৰ্তী।

### الآية 55:55

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:55]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:56

> ﻿فِيهِنَّ قَاصِرَاتُ الطَّرْفِ لَمْ يَطْمِثْهُنَّ إِنْسٌ قَبْلَهُمْ وَلَا جَانٌّ [55:56]

তাত থাকিব স্বামীৰ প্ৰতি দৃষ্টি সীমিতকাৰী ৰূপহীসকল, যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।

### الآية 55:57

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:57]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:58

> ﻿كَأَنَّهُنَّ الْيَاقُوتُ وَالْمَرْجَانُ [55:58]

সিহঁত যেনিবা হীৰা আৰু মুকুতা।

### الآية 55:59

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:59]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:60

> ﻿هَلْ جَزَاءُ الْإِحْسَانِ إِلَّا الْإِحْسَانُ [55:60]

উত্তম কামৰ প্ৰতিদান উত্তমৰ বাহিৰে আৰু কি হ’ব পাৰে?

### الآية 55:61

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:61]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:62

> ﻿وَمِنْ دُونِهِمَا جَنَّتَانِ [55:62]

আৰু সেই দুটা জান্নাতৰ বাহিৰেও আৰু দুটা জান্নাত আছে।

### الآية 55:63

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:63]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:64

> ﻿مُدْهَامَّتَانِ [55:64]

জান্নাত দুটা হৈছে ঘন সেইউজীয়া।

### الآية 55:65

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:65]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:66

> ﻿فِيهِمَا عَيْنَانِ نَضَّاخَتَانِ [55:66]

এই দুটা জান্নাতত আছে উচ্ছলিত দুটা নিজৰা।

### الآية 55:67

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:67]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:68

> ﻿فِيهِمَا فَاكِهَةٌ وَنَخْلٌ وَرُمَّانٌ [55:68]

তাত আছে ফল-মূল, খেজুৰ আৰু ডালিম।

### الآية 55:69

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:69]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:70

> ﻿فِيهِنَّ خَيْرَاتٌ حِسَانٌ [55:70]

সেই জান্নাতসমূহৰ মাজত আছে চৰিত্ৰৱৰ্তী, ৰূপহী ৰমণী।

### الآية 55:71

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:71]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:72

> ﻿حُورٌ مَقْصُورَاتٌ فِي الْخِيَامِ [55:72]

চামিয়ানাবোৰত সুৰক্ষিতা হৈ থাকিব হুৰসকল।

### الآية 55:73

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:73]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:74

> ﻿لَمْ يَطْمِثْهُنَّ إِنْسٌ قَبْلَهُمْ وَلَا جَانٌّ [55:74]

যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।

### الآية 55:75

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:75]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:76

> ﻿مُتَّكِئِينَ عَلَىٰ رَفْرَفٍ خُضْرٍ وَعَبْقَرِيٍّ حِسَانٍ [55:76]

সিহঁতে আউজি বহিব সেইউজীয়া দলিছা আৰু ধুনীয়া সিংখাপৰ গাদীযুক্ত আসনত।

### الآية 55:77

> ﻿فَبِأَيِّ آلَاءِ رَبِّكُمَا تُكَذِّبَانِ [55:77]

এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা?

### الآية 55:78

> ﻿تَبَارَكَ اسْمُ رَبِّكَ ذِي الْجَلَالِ وَالْإِكْرَامِ [55:78]

বৰকতময় তোমাৰ প্ৰতিপালকৰ নাম, যিজন মহামহিম আৰু মহানুভৱ।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/55.md)
- [كل تفاسير سورة الرحمن
](https://quranpedia.net/surah-tafsir/55.md)
- [ترجمات سورة الرحمن
](https://quranpedia.net/translations/55.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/55/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.