---
title: "ترجمة سورة الحشر - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/59/book/1994.md"
canonical: "https://quranpedia.net/surah/1/59/book/1994"
surah_id: "59"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة الحشر - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/59/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة الحشر - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/59/book/1994*.

Translation of Surah الحشر from "الترجمة الأسامية" in الأسامية.

### الآية 59:1

> سَبَّحَ لِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۖ وَهُوَ الْعَزِيزُ الْحَكِيمُ [59:1]

আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোবোৰেই আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়।

### الآية 59:2

> ﻿هُوَ الَّذِي أَخْرَجَ الَّذِينَ كَفَرُوا مِنْ أَهْلِ الْكِتَابِ مِنْ دِيَارِهِمْ لِأَوَّلِ الْحَشْرِ ۚ مَا ظَنَنْتُمْ أَنْ يَخْرُجُوا ۖ وَظَنُّوا أَنَّهُمْ مَانِعَتُهُمْ حُصُونُهُمْ مِنَ اللَّهِ فَأَتَاهُمُ اللَّهُ مِنْ حَيْثُ لَمْ يَحْتَسِبُوا ۖ وَقَذَفَ فِي قُلُوبِهِمُ الرُّعْبَ ۚ يُخْرِبُونَ بُيُوتَهُمْ بِأَيْدِيهِمْ وَأَيْدِي الْمُؤْمِنِينَ فَاعْتَبِرُوا يَا أُولِي الْأَبْصَارِ [59:2]

তেৱেঁই আহলে কিতাবসকলৰ মাজত যিসকলে কুফৰী কৰিছিল সিহঁতক প্ৰথম সমাবেশৰ বাবে সিহঁতৰ আবাসভূমিৰ পৰা বিতাৰিত কৰিছিল। তোমালোকে কল্পনাও কৰা নাছিলা যে সিহঁতে ওলাই যাব; আৰু সিহঁতেও ভাবিছিল যে, সিহঁতৰ দুৰ্গসমূহে সিহঁতক আল্লাহৰ পৰা ৰক্ষা কৰিব; কিন্তু সিহঁতৰ ওচৰত আল্লাহৰ আযাব এনে ঠাইৰ পৰা আহিলে যিটো সিহঁতেও কল্পনা কৰিব পৰা নাছিল; আৰু তেওঁ সিহঁতৰ অন্তৰত আতঙ্কৰ সঞ্চাৰ কৰিলে। ফলত সিহঁতে সিহঁতৰ ঘৰ-দুৱাৰ নিজ হাতে আৰু মুমিনসকলৰ হাতেৰে ধ্বংস কৰিলে; এতেকে হে দৃষ্টিমান ব্যক্তিসকল! তোমালোকে উপদেশ গ্ৰহণ কৰা।

### الآية 59:3

> ﻿وَلَوْلَا أَنْ كَتَبَ اللَّهُ عَلَيْهِمُ الْجَلَاءَ لَعَذَّبَهُمْ فِي الدُّنْيَا ۖ وَلَهُمْ فِي الْآخِرَةِ عَذَابُ النَّارِ [59:3]

আৰু আল্লাহে সিহঁতৰ নিৰ্বাসনদণ্ড লিপিবদ্ধ নকৰিলেও তেওঁ সিহঁতক পৃথিৱীতেই (আন কোনো) শাস্তি দিলেহেঁতেন; আৰু আখিৰাতত সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি।

### الآية 59:4

> ﻿ذَٰلِكَ بِأَنَّهُمْ شَاقُّوا اللَّهَ وَرَسُولَهُ ۖ وَمَنْ يُشَاقِّ اللَّهَ فَإِنَّ اللَّهَ شَدِيدُ الْعِقَابِ [59:4]

এয়া এই বাবে যে, নিশ্চয় সিহঁত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰিছিল;আৰু কোনোবাই আল্লাহৰ বিৰুদ্ধাচাৰণ কৰিলে, তেন্তে নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।

### الآية 59:5

> ﻿مَا قَطَعْتُمْ مِنْ لِينَةٍ أَوْ تَرَكْتُمُوهَا قَائِمَةً عَلَىٰ أُصُولِهَا فَبِإِذْنِ اللَّهِ وَلِيُخْزِيَ الْفَاسِقِينَ [59:5]

তোমালোকে যিবোৰ খেজুৰ গছ কাটিছা আৰু যিবোৰক কাণ্ডৰ ওপৰত স্থিত অৱস্থাত ৰাখি দিছা, সেয়া আছিল কেৱল আল্লাহৰ অনুমতিক্ৰমে; যাতে তেওঁ ফাছিকসকলক লাঞ্ছিত কৰিব পাৰে।

### الآية 59:6

> ﻿وَمَا أَفَاءَ اللَّهُ عَلَىٰ رَسُولِهِ مِنْهُمْ فَمَا أَوْجَفْتُمْ عَلَيْهِ مِنْ خَيْلٍ وَلَا رِكَابٍ وَلَٰكِنَّ اللَّهَ يُسَلِّطُ رُسُلَهُ عَلَىٰ مَنْ يَشَاءُ ۚ وَاللَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ [59:6]

আৰু আল্লাহে ইয়াহুদীসকলৰ পৰা তেওঁৰ ৰাছুলক যি ‘ফায়’ (ধন-সম্পদ) অৰ্পন কৰিছে, তাৰ বাবে তোমালোকে ঘোঁৰা অথবা উটত আৰোহণ কৰি কোনো অভিযান কৰা নাছিলা; বৰং আল্লাহে তেওঁৰ ৰাছুলসকলক যাৰ ওপৰত ইচ্ছা কৰ্তৃত্ব প্ৰদান কৰে; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

### الآية 59:7

> ﻿مَا أَفَاءَ اللَّهُ عَلَىٰ رَسُولِهِ مِنْ أَهْلِ الْقُرَىٰ فَلِلَّهِ وَلِلرَّسُولِ وَلِذِي الْقُرْبَىٰ وَالْيَتَامَىٰ وَالْمَسَاكِينِ وَابْنِ السَّبِيلِ كَيْ لَا يَكُونَ دُولَةً بَيْنَ الْأَغْنِيَاءِ مِنْكُمْ ۚ وَمَا آتَاكُمُ الرَّسُولُ فَخُذُوهُ وَمَا نَهَاكُمْ عَنْهُ فَانْتَهُوا ۚ وَاتَّقُوا اللَّهَ ۖ إِنَّ اللَّهَ شَدِيدُ الْعِقَابِ [59:7]

আল্লাহে জনবসতিৰ অধিবাসীসকলৰ পৰা তেওঁৰ ৰাছুলক ‘ফায়’ হিচাপে যি প্ৰদান কৰিছে সেয়া আল্লাহৰ বাবে আৰু ৰাছুলৰ বাবে আৰু আত্মীয়-স্বজনৰ বাবে, ইয়াতীমসকল আৰু মিছকীনসকলৰ বাবে লগতে মুছাফিৰসকলৰ বাবে, যাতে ধন-সম্পদ কেৱল তোমালোকৰ মাজৰ বিত্তশালীসকলৰ মাজতেই আবৰ্তন কৰি নাথাকে। ৰাছুলে তোমালোকক যি দিয়ে সেয়া তোমালোকে গ্ৰহণ কৰা, আৰু যিটোৰ পৰা তেওঁ তোমালোকক নিষেধ কৰে তাৰ পৰা বিৰত থকা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।

### الآية 59:8

> ﻿لِلْفُقَرَاءِ الْمُهَاجِرِينَ الَّذِينَ أُخْرِجُوا مِنْ دِيَارِهِمْ وَأَمْوَالِهِمْ يَبْتَغُونَ فَضْلًا مِنَ اللَّهِ وَرِضْوَانًا وَيَنْصُرُونَ اللَّهَ وَرَسُولَهُ ۚ أُولَٰئِكَ هُمُ الصَّادِقُونَ [59:8]

এই সম্পদ সেইসকল দৰিদ্ৰ মুহাজীৰৰ বাবে যিসকলক নিজ ঘৰ-বাৰী আৰু সা-সম্পত্তিৰ পৰা বিতাৰিত কৰা হৈছে। তেওঁলোকে আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টিৰ অন্বেষণ কৰে আৰু আল্লাহ আৰু তেওঁৰ ৰাছুলক সহায় কৰে। এওঁলোকেই সত্যবাদী।

### الآية 59:9

> ﻿وَالَّذِينَ تَبَوَّءُوا الدَّارَ وَالْإِيمَانَ مِنْ قَبْلِهِمْ يُحِبُّونَ مَنْ هَاجَرَ إِلَيْهِمْ وَلَا يَجِدُونَ فِي صُدُورِهِمْ حَاجَةً مِمَّا أُوتُوا وَيُؤْثِرُونَ عَلَىٰ أَنْفُسِهِمْ وَلَوْ كَانَ بِهِمْ خَصَاصَةٌ ۚ وَمَنْ يُوقَ شُحَّ نَفْسِهِ فَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ [59:9]

আৰু তেওঁলোকৰ বাবেও, যিসকলে মুহাজিৰসকলৰ আগমনৰ আগতে এই নগৰীক নিবাস হিচাপে গ্ৰহণ কৰিছে আৰু ঈমান আনিছে, তেওঁলোকে তেওঁলোকৰ ওচৰত হিজৰত কৰি অহা মানুহবিলাকক ভালপায় আৰু মুহাজিৰসকলক যি দিয়া হৈছে তাৰ বাবে তেওঁলোকে নিজ অন্তৰত কোনো হিংসা পোষণ নকৰে, আৰু তেওঁলোকে অভাৱ থকা সত্ত্বেও নিজৰ ওপৰত তেওঁলোকক অগ্ৰাধিকাৰ দিয়ে। প্ৰকৃততে যিসকলক অন্তৰৰ কৃপণতাৰ পৰা ৰক্ষা কৰা হৈছে, তেওঁলোকেই সাফল্যমণ্ডিত।

### الآية 59:10

> ﻿وَالَّذِينَ جَاءُوا مِنْ بَعْدِهِمْ يَقُولُونَ رَبَّنَا اغْفِرْ لَنَا وَلِإِخْوَانِنَا الَّذِينَ سَبَقُونَا بِالْإِيمَانِ وَلَا تَجْعَلْ فِي قُلُوبِنَا غِلًّا لِلَّذِينَ آمَنُوا رَبَّنَا إِنَّكَ رَءُوفٌ رَحِيمٌ [59:10]

আৰু যিসকল তেওঁলোকৰ পিছত আহিছে তেওঁলোকে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক আৰু আমাৰ পূৰ্বে ঈমান পোষণ কৰা আমাৰ ভাতৃসকলক ক্ষমা কৰি দিয়া; আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বিৰুদ্ধে আমাৰ অন্তৰত কোনো বিদ্বেষ নাৰাখিবা। হে আমাৰ প্ৰতিপালক! নিশ্চয় তুমি দয়াবান, পৰম দয়ালু’।

### الآية 59:11

> ﻿۞ أَلَمْ تَرَ إِلَى الَّذِينَ نَافَقُوا يَقُولُونَ لِإِخْوَانِهِمُ الَّذِينَ كَفَرُوا مِنْ أَهْلِ الْكِتَابِ لَئِنْ أُخْرِجْتُمْ لَنَخْرُجَنَّ مَعَكُمْ وَلَا نُطِيعُ فِيكُمْ أَحَدًا أَبَدًا وَإِنْ قُوتِلْتُمْ لَنَنْصُرَنَّكُمْ وَاللَّهُ يَشْهَدُ إِنَّهُمْ لَكَاذِبُونَ [59:11]

তুমি মুনাফিকসকলৰ প্ৰতি লক্ষ্য কৰা নাইনে? সিহঁতে আহলে কিতাবসকলৰ মাজৰ পৰা যিসকলে কুফৰী কৰিছে সিহঁতৰ সেইসকল ভাতৃক কয়, ‘তোমালোকে যদি বহিষ্কৃত হোৱা, তেন্তে আমিও তোমালোকৰ লগত নিশ্চয় দেশ ত্যাগ কৰিম আৰু আমি তোমালোকৰ বিষয়ে কেতিয়াও কাৰো আনুগত্য নকৰিম আৰু তোমালোকৰ লগত যুদ্ধ হ’লে আমি নিশ্চয় তোমালোকৰ সহায় কৰিম’। কিন্তু আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় সিহঁত ঘোৰ মিছলীয়া।

### الآية 59:12

> ﻿لَئِنْ أُخْرِجُوا لَا يَخْرُجُونَ مَعَهُمْ وَلَئِنْ قُوتِلُوا لَا يَنْصُرُونَهُمْ وَلَئِنْ نَصَرُوهُمْ لَيُوَلُّنَّ الْأَدْبَارَ ثُمَّ لَا يُنْصَرُونَ [59:12]

প্ৰকৃততে যদি সিহঁত (ইয়াহুদীসকল) বহিষ্কৃত হয় তেন্তে ইহঁতে (মুনাফিকসকলে) কেতিয়াও সিহঁতৰ লগত ওলাই নাযাব আৰু সিহঁতৰ লগত যুদ্ধ কৰা হ’লে ইহঁতে কেতিয়াও সহায় নকৰিব আৰু যদি সিহঁতক কোনো সহায় কৰিবলৈ আহেও তেন্তে সিহঁত নিশ্চয় পৃষ্ঠপ্ৰদৰ্শন কৰিব; তাৰ পিছত সিহঁতে কোনো সহায়েই নাপাব।

### الآية 59:13

> ﻿لَأَنْتُمْ أَشَدُّ رَهْبَةً فِي صُدُورِهِمْ مِنَ اللَّهِ ۚ ذَٰلِكَ بِأَنَّهُمْ قَوْمٌ لَا يَفْقَهُونَ [59:13]

প্ৰকৃতপক্ষে সিহঁতৰ অন্তৰত আল্লাহতকৈ তোমালোকৰ ভয়হে বেছি। এয়া এই বাবে যে, সিহঁত এটা জ্ঞানবোধ নথকা সম্প্ৰদায়।

### الآية 59:14

> ﻿لَا يُقَاتِلُونَكُمْ جَمِيعًا إِلَّا فِي قُرًى مُحَصَّنَةٍ أَوْ مِنْ وَرَاءِ جُدُرٍ ۚ بَأْسُهُمْ بَيْنَهُمْ شَدِيدٌ ۚ تَحْسَبُهُمْ جَمِيعًا وَقُلُوبُهُمْ شَتَّىٰ ۚ ذَٰلِكَ بِأَنَّهُمْ قَوْمٌ لَا يَعْقِلُونَ [59:14]

সিহঁত সন্মিলিতভাৱে তোমালোকৰ লগত যুদ্ধ কৰিব নোৱাৰিব, যুদ্ধ কৰিলেও সুৰক্ষিত জনবসতিৰ মাজত অৱস্থান কৰি অথবা বেৰৰ আঁৰ লৈহে কৰিব; সিহঁত পাৰস্পাৰিক বিৰোধিতাত অতি কঠোৰ। তুমি সিহঁতক ঐক্যবদ্ধ বুলি ভাবা; কিন্তু সিহঁতৰ অন্তৰসমূহত মিল নাই; এইটো এই বাবেই যে, সিহঁত এটা নিৰ্বোধ সম্প্ৰদায়।

### الآية 59:15

> ﻿كَمَثَلِ الَّذِينَ مِنْ قَبْلِهِمْ قَرِيبًا ۖ ذَاقُوا وَبَالَ أَمْرِهِمْ وَلَهُمْ عَذَابٌ أَلِيمٌ [59:15]

ইহঁত সেইসকল লোকৰ দৰেই, যিসকলে ইহঁতৰ কিছুকাল পূৰ্বেই নিজৰ কৃতকৰ্মৰ শাস্তি ভোগ কৰিছে, আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

### الآية 59:16

> ﻿كَمَثَلِ الشَّيْطَانِ إِذْ قَالَ لِلْإِنْسَانِ اكْفُرْ فَلَمَّا كَفَرَ قَالَ إِنِّي بَرِيءٌ مِنْكَ إِنِّي أَخَافُ اللَّهَ رَبَّ الْعَالَمِينَ [59:16]

ইহঁতে চয়তানৰ দৰে, সি মানুহক কয়, ‘কুফৰী কৰা’; তাৰ পিছত যেতিয়া সি কুফৰী কৰে তেতিয়া সি কয়, ‘তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই, নিশ্চয় মই সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহক ভয় কৰো’।

### الآية 59:17

> ﻿فَكَانَ عَاقِبَتَهُمَا أَنَّهُمَا فِي النَّارِ خَالِدَيْنِ فِيهَا ۚ وَذَٰلِكَ جَزَاءُ الظَّالِمِينَ [59:17]

ফলত সিহঁত দুজনৰ পৰিণাম হ’ব যে, সিহঁত দুজনেই জাহান্নামী; তাত সিহঁত চিৰস্থায়ী হ’ব আৰু এইটোৱে যালিমসকলৰ প্ৰতিদান।

### الآية 59:18

> ﻿يَا أَيُّهَا الَّذِينَ آمَنُوا اتَّقُوا اللَّهَ وَلْتَنْظُرْ نَفْسٌ مَا قَدَّمَتْ لِغَدٍ ۖ وَاتَّقُوا اللَّهَ ۚ إِنَّ اللَّهَ خَبِيرٌ بِمَا تَعْمَلُونَ [59:18]

হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; আৰু প্ৰত্যেকৰে চিন্তা কৰা উচিত যে, সি অহাকালিৰ বাবে কি প্ৰেৰণ কৰিছে; আৰু তোমালোকে আল্লাহক ভয় কৰা; তোমালোকে যি কৰা সেই সম্পৰ্কে নিশ্চয় আল্লাহ সবিশেষ অৱহিত।

### الآية 59:19

> ﻿وَلَا تَكُونُوا كَالَّذِينَ نَسُوا اللَّهَ فَأَنْسَاهُمْ أَنْفُسَهُمْ ۚ أُولَٰئِكَ هُمُ الْفَاسِقُونَ [59:19]

তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে আল্লাহক পাহৰি গৈছে; ফলত আল্লাহেও সিহঁতক আত্মবিস্মৃত কৰিছে, ইহঁতেই হৈছে ফাছিক্ব।

### الآية 59:20

> ﻿لَا يَسْتَوِي أَصْحَابُ النَّارِ وَأَصْحَابُ الْجَنَّةِ ۚ أَصْحَابُ الْجَنَّةِ هُمُ الْفَائِزُونَ [59:20]

জাহান্নামৰ অধিবাসী আৰু জান্নাতৰ অধিবাসী কেতিয়াও সমান নহয়। প্ৰকৃত সফলতাৰ অধিকাৰী কেৱল জান্নাতৰ অধিবাসীসকলহে।

### الآية 59:21

> ﻿لَوْ أَنْزَلْنَا هَٰذَا الْقُرْآنَ عَلَىٰ جَبَلٍ لَرَأَيْتَهُ خَاشِعًا مُتَصَدِّعًا مِنْ خَشْيَةِ اللَّهِ ۚ وَتِلْكَ الْأَمْثَالُ نَضْرِبُهَا لِلنَّاسِ لَعَلَّهُمْ يَتَفَكَّرُونَ [59:21]

যদি আমি এই কোৰআনক কোনো পৰ্বতৰ ওপৰত অৱতীৰ্ণ কৰিলোহেঁতেন তেন্তে তুমি ইয়াক আল্লাহৰ ভয়ত বিনীত বিদীৰ্ণ অৱস্থাত দেখিলাহেঁতেন, আৰু আমি এইবোৰ উদাহৰণ বৰ্ণনা কৰো মানুহৰ বাবে যাতে সিহঁতে চিন্তা-গৱেষণা কৰে।

### الآية 59:22

> ﻿هُوَ اللَّهُ الَّذِي لَا إِلَٰهَ إِلَّا هُوَ ۖ عَالِمُ الْغَيْبِ وَالشَّهَادَةِ ۖ هُوَ الرَّحْمَٰنُ الرَّحِيمُ [59:22]

তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ অদৃশ্য আৰু প্ৰকাশ্য বিষয়সমূহৰ জ্ঞানী; তেওঁ পৰম কৰুণাময় পৰম দয়ালু।

### الآية 59:23

> ﻿هُوَ اللَّهُ الَّذِي لَا إِلَٰهَ إِلَّا هُوَ الْمَلِكُ الْقُدُّوسُ السَّلَامُ الْمُؤْمِنُ الْمُهَيْمِنُ الْعَزِيزُ الْجَبَّارُ الْمُتَكَبِّرُ ۚ سُبْحَانَ اللَّهِ عَمَّا يُشْرِكُونَ [59:23]

তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই অধিপতি, মহাপৱিত্ৰ, শান্তিৰ উৎস ত্ৰুটিমুক্ত, নিৰাপত্তাদানকাৰী, ৰক্ষক, মহাপৰাক্ৰমশালী, মহাপ্ৰতাপশালী, অতি মহিমান্বিত। সিহঁতে যি অংশীস্থাপন কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ, মহান।

### الآية 59:24

> ﻿هُوَ اللَّهُ الْخَالِقُ الْبَارِئُ الْمُصَوِّرُ ۖ لَهُ الْأَسْمَاءُ الْحُسْنَىٰ ۚ يُسَبِّحُ لَهُ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۖ وَهُوَ الْعَزِيزُ الْحَكِيمُ [59:24]

তেৱেঁই আল্লাহ, স্ৰষ্টা উদ্ভাৱনকৰ্তা, আকাৰ-আকৃতিদানকাৰী, সৰ্বোত্তম নামসমূহ তেওঁৰেই। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/59.md)
- [كل تفاسير سورة الحشر
](https://quranpedia.net/surah-tafsir/59.md)
- [ترجمات سورة الحشر
](https://quranpedia.net/translations/59.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/59/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
