---
title: "ترجمة سورة الصف - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/61/book/1994.md"
canonical: "https://quranpedia.net/surah/1/61/book/1994"
surah_id: "61"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة الصف - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/61/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة الصف - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/61/book/1994*.

Translation of Surah الصف from "الترجمة الأسامية" in الأسامية.

### الآية 61:1

> سَبَّحَ لِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۖ وَهُوَ الْعَزِيزُ الْحَكِيمُ [61:1]

আকাশমণ্ডলত যি যি আছে আৰু পৃথিৱীত যি যি আছে সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ প্ৰবলপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

### الآية 61:2

> ﻿يَا أَيُّهَا الَّذِينَ آمَنُوا لِمَ تَقُولُونَ مَا لَا تَفْعَلُونَ [61:2]

হে ঈমান্দাৰসকল! তোমালোকে যিটো নকৰা সেইটো কিয় কোৱা?

### الآية 61:3

> ﻿كَبُرَ مَقْتًا عِنْدَ اللَّهِ أَنْ تَقُولُوا مَا لَا تَفْعَلُونَ [61:3]

তোমালোকে যিটো নকৰা তোমালোকৰ সেইটো কোৱা আল্লাহৰ দৃষ্টিত বৰ অসন্তোষজনক।

### الآية 61:4

> ﻿إِنَّ اللَّهَ يُحِبُّ الَّذِينَ يُقَاتِلُونَ فِي سَبِيلِهِ صَفًّا كَأَنَّهُمْ بُنْيَانٌ مَرْصُوصٌ [61:4]

নিশ্চয় আল্লাহ তেওঁলোকক ভালপায়, যিসকলে তেওঁৰ পথত শাৰীবদ্ধভাৱে যুদ্ধ কৰে; যেনিবা সিহঁত গলিত সীহেৰে নিৰ্মিত সুদৃঢ় প্ৰাচীৰ।

### الآية 61:5

> ﻿وَإِذْ قَالَ مُوسَىٰ لِقَوْمِهِ يَا قَوْمِ لِمَ تُؤْذُونَنِي وَقَدْ تَعْلَمُونَ أَنِّي رَسُولُ اللَّهِ إِلَيْكُمْ ۖ فَلَمَّا زَاغُوا أَزَاغَ اللَّهُ قُلُوبَهُمْ ۚ وَاللَّهُ لَا يَهْدِي الْقَوْمَ الْفَاسِقِينَ [61:5]

আৰু স্মৰণ কৰা, মূছাই যেতিয়া তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কিয় মোক কষ্ট দি আছা? অথচ তোমালোকে জানা যে, নিশ্চয় মই তোমালোকৰ প্ৰতি (প্ৰেৰিত) আল্লাহৰ ৰাছুল’। তাৰ পিছত সিহঁতে যেতিয়া বক্ৰ পথ অৱলম্বন কৰিলে তেতিয়া আল্লাহে সিহঁতৰ হৃদয়সমূহক বক্ৰ কৰি দিলে; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নকৰে।

### الآية 61:6

> ﻿وَإِذْ قَالَ عِيسَى ابْنُ مَرْيَمَ يَا بَنِي إِسْرَائِيلَ إِنِّي رَسُولُ اللَّهِ إِلَيْكُمْ مُصَدِّقًا لِمَا بَيْنَ يَدَيَّ مِنَ التَّوْرَاةِ وَمُبَشِّرًا بِرَسُولٍ يَأْتِي مِنْ بَعْدِي اسْمُهُ أَحْمَدُ ۖ فَلَمَّا جَاءَهُمْ بِالْبَيِّنَاتِ قَالُوا هَٰذَا سِحْرٌ مُبِينٌ [61:6]

আৰু স্মৰণ কৰা, যেতিয়া মাৰয়ামৰ পুত্ৰ ঈছাই কৈছিল, হে বনী ইছৰাঈল! ‘নিশ্চয় মই তোমালোকৰ প্ৰতি প্ৰেৰিত আল্লাহৰ ৰাছুল আৰু মোৰ পূৰ্বৱৰ্তী তাওৰাতৰ সত্যায়নকাৰী আৰু এজন ৰাছুলৰ সুসংবাদদাতা, যিজন মোৰ পিছত আহিব, যাৰ নাম আহমদ’। তাৰ পিছত তেওঁ যেতিয়া সুস্পষ্ট নিদৰ্শনসমূহ লৈ আগমন কৰিলে, তেতিয়া সিহঁতে ক’লে, ‘এয়া স্পষ্ট যাদু’।

### الآية 61:7

> ﻿وَمَنْ أَظْلَمُ مِمَّنِ افْتَرَىٰ عَلَى اللَّهِ الْكَذِبَ وَهُوَ يُدْعَىٰ إِلَى الْإِسْلَامِ ۚ وَاللَّهُ لَا يَهْدِي الْقَوْمَ الظَّالِمِينَ [61:7]

সেই ব্যক্তিতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে? যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে, অথচ তাক ইছলামৰ প্ৰতি আহ্বান কৰা হয়; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।

### الآية 61:8

> ﻿يُرِيدُونَ لِيُطْفِئُوا نُورَ اللَّهِ بِأَفْوَاهِهِمْ وَاللَّهُ مُتِمُّ نُورِهِ وَلَوْ كَرِهَ الْكَافِرُونَ [61:8]

সিহঁতে আল্লাহৰ জ্যোতিক মুখেৰে ফুঁ মাৰি নিৰ্বাপিত কৰিব বিচাৰে, আৰু আল্লাহে নিজ জ্যোতিক পূৰ্ণতাদানকাৰী। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে।

### الآية 61:9

> ﻿هُوَ الَّذِي أَرْسَلَ رَسُولَهُ بِالْهُدَىٰ وَدِينِ الْحَقِّ لِيُظْهِرَهُ عَلَى الدِّينِ كُلِّهِ وَلَوْ كَرِهَ الْمُشْرِكُونَ [61:9]

তেৱেঁই নিজ ৰাছুলক প্ৰেৰণ কৰিছে হিদায়ত আৰু সত্য দ্বীনসহ সকলো দ্বীনৰ ওপৰত তেওঁক বিজয়ী কৰাৰ বাবে, যদিও মুশ্বৰিকসকলে ইয়াক অপছন্দ কৰে।

### الآية 61:10

> ﻿يَا أَيُّهَا الَّذِينَ آمَنُوا هَلْ أَدُلُّكُمْ عَلَىٰ تِجَارَةٍ تُنْجِيكُمْ مِنْ عَذَابٍ أَلِيمٍ [61:10]

হে ঈমান্দাৰসকল! মই তোমালোকক এনে এটা ব্যৱসায়ৰ সন্ধান দিমনে, যিটো তোমালোকক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা ৰক্ষা কৰিব?

### الآية 61:11

> ﻿تُؤْمِنُونَ بِاللَّهِ وَرَسُولِهِ وَتُجَاهِدُونَ فِي سَبِيلِ اللَّهِ بِأَمْوَالِكُمْ وَأَنْفُسِكُمْ ۚ ذَٰلِكُمْ خَيْرٌ لَكُمْ إِنْ كُنْتُمْ تَعْلَمُونَ [61:11]

সেয়া হৈছে, তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিবা আৰু তোমালোকে নিজৰ ধন-সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিবা। এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে জানা।

### الآية 61:12

> ﻿يَغْفِرْ لَكُمْ ذُنُوبَكُمْ وَيُدْخِلْكُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ وَمَسَاكِنَ طَيِّبَةً فِي جَنَّاتِ عَدْنٍ ۚ ذَٰلِكَ الْفَوْزُ الْعَظِيمُ [61:12]

তেওঁ তোমালোকৰ বাবে তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব; আৰু তোমালোকক এনে জান্নাতত প্ৰৱেশ কৰাব যাৰ তলেদি নদীসমূহ প্ৰবাহিত, আৰু চিৰস্থায়ী জান্নাতসমূহৰ উত্তম বাসগৃহসমূহতো (প্ৰৱেশ কৰাব)। এইটোৱে মহাসফলতা।

### الآية 61:13

> ﻿وَأُخْرَىٰ تُحِبُّونَهَا ۖ نَصْرٌ مِنَ اللَّهِ وَفَتْحٌ قَرِيبٌ ۗ وَبَشِّرِ الْمُؤْمِنِينَ [61:13]

লগতে (তেওঁ প্ৰদান কৰিব) আৰু এটা অনুগ্ৰহ, যিটো তোমালোকে পছন্দ কৰা। (অৰ্থাৎ) আল্লাহৰ তৰফৰ পৰা সহায় আৰু নিকটবৰ্তী বিজয়; আৰু তুমি মুমিনসকলক সুসংবাদ দিয়া।

### الآية 61:14

> ﻿يَا أَيُّهَا الَّذِينَ آمَنُوا كُونُوا أَنْصَارَ اللَّهِ كَمَا قَالَ عِيسَى ابْنُ مَرْيَمَ لِلْحَوَارِيِّينَ مَنْ أَنْصَارِي إِلَى اللَّهِ ۖ قَالَ الْحَوَارِيُّونَ نَحْنُ أَنْصَارُ اللَّهِ ۖ فَآمَنَتْ طَائِفَةٌ مِنْ بَنِي إِسْرَائِيلَ وَكَفَرَتْ طَائِفَةٌ ۖ فَأَيَّدْنَا الَّذِينَ آمَنُوا عَلَىٰ عَدُوِّهِمْ فَأَصْبَحُوا ظَاهِرِينَ [61:14]

হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ সহায়কাৰী হোৱা, যেনেকৈ মাৰয়ামৰ পুত্ৰ ঈছাই হাৱাৰীসকলক কৈছিল, ‘আল্লাহৰ পথত কোনে মোৰ সহায়ক হ’বা’? হাৱাৰীসকলে কৈছিল, ‘আমিয়েই আল্লাহৰ পথত সহায়কাৰী’। তাৰ পিছত বনী ইছৰাঈলৰ এটা দলে ঈমান আনিলে আৰু আন এটা দলে কুফৰী কৰিলে। সেয়ে, যিসকলে ঈমান আনিছিল আমি তেওঁলোকক তেওঁলোকৰ শত্ৰুবাহিনীৰ ওপৰত শক্তিশালী কৰিলো। ফলত তেওঁলোক বিজয়ী হ’ল।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/61.md)
- [كل تفاسير سورة الصف
](https://quranpedia.net/surah-tafsir/61.md)
- [ترجمات سورة الصف
](https://quranpedia.net/translations/61.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/61/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
