---
title: "ترجمة سورة التحريم - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/66/book/1994.md"
canonical: "https://quranpedia.net/surah/1/66/book/1994"
surah_id: "66"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة التحريم - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/66/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة التحريم - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/66/book/1994*.

Translation of Surah التحريم from "الترجمة الأسامية" in الأسامية.

### الآية 66:1

> يَا أَيُّهَا النَّبِيُّ لِمَ تُحَرِّمُ مَا أَحَلَّ اللَّهُ لَكَ ۖ تَبْتَغِي مَرْضَاتَ أَزْوَاجِكَ ۚ وَاللَّهُ غَفُورٌ رَحِيمٌ [66:1]

হে নবী! আল্লাহে তোমাৰ বাবে যি বৈধ কৰিছে সেয়া তুমি নিজৰ বাবে নিষিদ্ধ কৰিছা কিয়? তুমি তোমাৰ স্ত্ৰীসকলৰ সন্তুষ্টি বিচৰা নেকি; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

### الآية 66:2

> ﻿قَدْ فَرَضَ اللَّهُ لَكُمْ تَحِلَّةَ أَيْمَانِكُمْ ۚ وَاللَّهُ مَوْلَاكُمْ ۖ وَهُوَ الْعَلِيمُ الْحَكِيمُ [66:2]

নিশ্চয় আল্লাহে তোমালোকৰ বাবে শপতৰ পৰা মুক্তি লাভৰ ব্যৱস্থা কৰিছে; আৰু আল্লাহ তোমালোকৰ অভিভাৱক আৰু তেৱেঁই সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

### الآية 66:3

> ﻿وَإِذْ أَسَرَّ النَّبِيُّ إِلَىٰ بَعْضِ أَزْوَاجِهِ حَدِيثًا فَلَمَّا نَبَّأَتْ بِهِ وَأَظْهَرَهُ اللَّهُ عَلَيْهِ عَرَّفَ بَعْضَهُ وَأَعْرَضَ عَنْ بَعْضٍ ۖ فَلَمَّا نَبَّأَهَا بِهِ قَالَتْ مَنْ أَنْبَأَكَ هَٰذَا ۖ قَالَ نَبَّأَنِيَ الْعَلِيمُ الْخَبِيرُ [66:3]

আৰু স্মৰণ কৰা, যেতিয়া নবীয়ে নিজ স্ত্ৰীসকলৰ এগৰাকীক গোপন কথা এষাৰ কৈছিল; তাৰ পিছত সেইগৰাকীয়ে আন এগৰাকীক জনাই দিছিল আৰু আল্লাহে তেওঁৰ নবীৰ ওচৰত সেয়া প্ৰকাশ কৰি দিলে, তাৰ পিছত নবীয়ে এই বিষয়ে অলপ ব্যক্ত কৰিলে আৰু অলপ অৱজ্ঞা কৰি এৰি দিলে। যেতিয়া নবীয়ে বিষয়টো সেই স্ত্ৰীক জনালে, তেতিয়া স্ত্ৰীগৰাকীয়ে ক’লে, ‘আপোনাক এই কথাষাৰ কোনে জনালে’? নবীয়ে ক’লে, ‘মোক তেওঁ জনাইছে, যিজন সৰ্বজ্ঞ, সম্যক অৱগত’।

### الآية 66:4

> ﻿إِنْ تَتُوبَا إِلَى اللَّهِ فَقَدْ صَغَتْ قُلُوبُكُمَا ۖ وَإِنْ تَظَاهَرَا عَلَيْهِ فَإِنَّ اللَّهَ هُوَ مَوْلَاهُ وَجِبْرِيلُ وَصَالِحُ الْمُؤْمِنِينَ ۖ وَالْمَلَائِكَةُ بَعْدَ ذَٰلِكَ ظَهِيرٌ [66:4]

যদি তোমালোক উভয়ে আল্লাহৰ ওচৰত তাওবা কৰা (তেন্তে ই তোমালোকৰ বাবে কল্যাণকৰ), কাৰণ তোমালোকৰ হৃদয় ঢাল খাইছে। কিন্তু যদি তোমালোকে নবীৰ বিৰুদ্ধে ইজনে সিজনক পোষকতা কৰা তেন্তে জানি থোৱা, নিশ্চয় আল্লাহ তেওঁৰ সহায়কাৰী আৰু জীব্ৰীল লগতে সৎকৰ্মশীল মুমিনসকলেও, ইয়াৰ বাহিৰেও আন আন ফিৰিস্তাসকলো তেওঁৰ সহায়কাৰী।

### الآية 66:5

> ﻿عَسَىٰ رَبُّهُ إِنْ طَلَّقَكُنَّ أَنْ يُبْدِلَهُ أَزْوَاجًا خَيْرًا مِنْكُنَّ مُسْلِمَاتٍ مُؤْمِنَاتٍ قَانِتَاتٍ تَائِبَاتٍ عَابِدَاتٍ سَائِحَاتٍ ثَيِّبَاتٍ وَأَبْكَارًا [66:5]

যদি নবীয়ে তোমালোকক তালাক দিয়ে তেন্তে তেওঁৰ প্ৰতিপালকে সম্ভৱত তোমালোকৰ স্থানত তেওঁক তোমালোকতকৈয়ো উত্তম স্ত্ৰী প্ৰদান কৰিব--- যিসকল হ'ব মুছলিমাহ, মুমিনাহ, অনুগত, তাওবাকাৰীণী, ইবাদতকাৰীণী, ছিয়াম পালনকাৰীণী, অকুমাৰী আৰু কুমাৰী।

### الآية 66:6

> ﻿يَا أَيُّهَا الَّذِينَ آمَنُوا قُوا أَنْفُسَكُمْ وَأَهْلِيكُمْ نَارًا وَقُودُهَا النَّاسُ وَالْحِجَارَةُ عَلَيْهَا مَلَائِكَةٌ غِلَاظٌ شِدَادٌ لَا يَعْصُونَ اللَّهَ مَا أَمَرَهُمْ وَيَفْعَلُونَ مَا يُؤْمَرُونَ [66:6]

হে ঈমান্দাৰসকল! তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শীল, য’ত নিয়োজিত আছে নিৰ্মম, কঠোৰস্বভাৱ ফিৰিস্তাসকল, যিসকলে আল্লাহৰ আদেশ অমান্য নকৰে; আৰু সিহঁতে যি কৰিবলৈ আদেশ প্ৰাপ্ত হয় সেইটোৱেই কৰে।

### الآية 66:7

> ﻿يَا أَيُّهَا الَّذِينَ كَفَرُوا لَا تَعْتَذِرُوا الْيَوْمَ ۖ إِنَّمَا تُجْزَوْنَ مَا كُنْتُمْ تَعْمَلُونَ [66:7]

হে কাফিৰসকল! আজি তোমালোকে ওজৰ পেচ কৰিবলৈ চেষ্টা নকৰিবা। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।

### الآية 66:8

> ﻿يَا أَيُّهَا الَّذِينَ آمَنُوا تُوبُوا إِلَى اللَّهِ تَوْبَةً نَصُوحًا عَسَىٰ رَبُّكُمْ أَنْ يُكَفِّرَ عَنْكُمْ سَيِّئَاتِكُمْ وَيُدْخِلَكُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ يَوْمَ لَا يُخْزِي اللَّهُ النَّبِيَّ وَالَّذِينَ آمَنُوا مَعَهُ ۖ نُورُهُمْ يَسْعَىٰ بَيْنَ أَيْدِيهِمْ وَبِأَيْمَانِهِمْ يَقُولُونَ رَبَّنَا أَتْمِمْ لَنَا نُورَنَا وَاغْفِرْ لَنَا ۖ إِنَّكَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ [66:8]

হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ ওচৰত তাওবা কৰা-- বিশুদ্ধ তাওবা; আশা কৰা যায় তোমালোকৰ প্ৰতিপালকে তোমালোকৰ পাপসমূহ মোচন কৰি দিব আৰু তোমালোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত। সেইদিনা আল্লাহে নবী আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছে তেওঁলোকক লাঞ্ছিত নকৰিব। তেওঁলোকৰ নূৰ তেওঁলোকৰ সন্মুখত আৰু সোঁ হাতে ধাৱিত হ’ব। তেওঁলোকে ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমাৰ বাবে আমাৰ নূৰক পূৰ্ণতা দান কৰা আৰু আমাক ক্ষমা কৰি দিয়া, নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাবান’।

### الآية 66:9

> ﻿يَا أَيُّهَا النَّبِيُّ جَاهِدِ الْكُفَّارَ وَالْمُنَافِقِينَ وَاغْلُظْ عَلَيْهِمْ ۚ وَمَأْوَاهُمْ جَهَنَّمُ ۖ وَبِئْسَ الْمَصِيرُ [66:9]

হে নবী! কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে জিহাদ কৰা আৰু সিহঁতৰ প্ৰতি কঠোৰ হোৱা। সিহঁতৰ আশ্ৰয়স্থল জাহান্নাম আৰু সেইটো কিমান যে নিকৃষ্ট গন্তব্যস্থল!

### الآية 66:10

> ﻿ضَرَبَ اللَّهُ مَثَلًا لِلَّذِينَ كَفَرُوا امْرَأَتَ نُوحٍ وَامْرَأَتَ لُوطٍ ۖ كَانَتَا تَحْتَ عَبْدَيْنِ مِنْ عِبَادِنَا صَالِحَيْنِ فَخَانَتَاهُمَا فَلَمْ يُغْنِيَا عَنْهُمَا مِنَ اللَّهِ شَيْئًا وَقِيلَ ادْخُلَا النَّارَ مَعَ الدَّاخِلِينَ [66:10]

যিহঁতে কুফৰী কৰে, সিহঁতৰ বাবে আল্লাহে নূহৰ স্ত্ৰী আৰু লূতৰ স্ত্ৰীৰ উদাহৰণ দিছে; সিহঁত আমাৰ বান্দাসকলৰ মাজৰ দুজন সৎ বান্দাৰ অধীনত আছিল, কিন্তু সিহঁত উভয়ে তেওঁলোকৰ লগত বিশ্বাসঘাতকতা কৰিছিল। ফলত আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ নূহ আৰু লূত সিহঁতৰ কোনো কামত নাহিল, আৰু সিহঁতক কোৱা হ’ল, ‘তোমালোক উভয়ে প্ৰৱেশকাৰীসকলৰ লগত জাহান্নামত প্ৰৱেশ কৰা’।

### الآية 66:11

> ﻿وَضَرَبَ اللَّهُ مَثَلًا لِلَّذِينَ آمَنُوا امْرَأَتَ فِرْعَوْنَ إِذْ قَالَتْ رَبِّ ابْنِ لِي عِنْدَكَ بَيْتًا فِي الْجَنَّةِ وَنَجِّنِي مِنْ فِرْعَوْنَ وَعَمَلِهِ وَنَجِّنِي مِنَ الْقَوْمِ الظَّالِمِينَ [66:11]

আৰু মুমিনসকলৰ বাবে আল্লাহে ফিৰআউনৰ স্ত্ৰীৰ উদাহৰণ দাঙি ধৰিছে, যেতিয়া তেওঁ এই বুলি প্ৰাৰ্থনা কৰিছিল, ‘হে মোৰ প্ৰতিপালক! তোমাৰ ওচৰত মোৰ বাবে জান্নাতত এটা ঘৰ নিৰ্মাণ কৰা আৰু মোক ফিৰআউন আৰু তাৰ কৰ্মৰ পৰা উদ্ধাৰ কৰা আৰু মোক উদ্ধাৰ কৰা যালিম সম্প্ৰদায়ৰ পৰা’।

### الآية 66:12

> ﻿وَمَرْيَمَ ابْنَتَ عِمْرَانَ الَّتِي أَحْصَنَتْ فَرْجَهَا فَنَفَخْنَا فِيهِ مِنْ رُوحِنَا وَصَدَّقَتْ بِكَلِمَاتِ رَبِّهَا وَكُتُبِهِ وَكَانَتْ مِنَ الْقَانِتِينَ [66:12]

(আল্লাহে আৰু উদাহৰণ দিছে) ইমৰাণৰ জীয়েক মাৰয়ামৰ---- যিয়ে নিজ লজ্জাস্থানৰ পৱিত্ৰতা ৰক্ষা কৰিছিল, ফলত আমি তাত আমাৰ ৰূহৰ পৰা ফুঁৱাই দিছিলো আৰু তেওঁ তেওঁৰ প্ৰতিপালকৰ বাণী আৰু তেওঁৰ কিতাবসমূহ সত্য বুলি গ্ৰহণ কৰিছিল আৰু তেওঁ আছিল অনুগতসকলৰ অন্যতম।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/66.md)
- [كل تفاسير سورة التحريم
](https://quranpedia.net/surah-tafsir/66.md)
- [ترجمات سورة التحريم
](https://quranpedia.net/translations/66.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/66/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
