---
title: "ترجمة سورة الملك - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/67/book/1994.md"
canonical: "https://quranpedia.net/surah/1/67/book/1994"
surah_id: "67"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة الملك - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/67/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة الملك - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/67/book/1994*.

Translation of Surah الملك from "الترجمة الأسامية" in الأسامية.

### الآية 67:1

> تَبَارَكَ الَّذِي بِيَدِهِ الْمُلْكُ وَهُوَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ [67:1]

বৰকতময় তেওঁ যাৰ হাতত সৰ্বময় কৰ্তৃত্ব; আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

### الآية 67:2

> ﻿الَّذِي خَلَقَ الْمَوْتَ وَالْحَيَاةَ لِيَبْلُوَكُمْ أَيُّكُمْ أَحْسَنُ عَمَلًا ۚ وَهُوَ الْعَزِيزُ الْغَفُورُ [67:2]

যিজনে মৃত্যু আৰু জীৱন সৃষ্টি কৰিছে, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকৰ মাজত কোনে আটাইতকৈ উত্তম আমল কৰিব পাৰে? তেওঁ পৰাক্ৰমশালী, অতিক্ষমাশীল।

### الآية 67:3

> ﻿الَّذِي خَلَقَ سَبْعَ سَمَاوَاتٍ طِبَاقًا ۖ مَا تَرَىٰ فِي خَلْقِ الرَّحْمَٰنِ مِنْ تَفَاوُتٍ ۖ فَارْجِعِ الْبَصَرَ هَلْ تَرَىٰ مِنْ فُطُورٍ [67:3]

যিজনে সাতখন আকাশ স্তৰে স্তৰে সৃষ্টি কৰিছে। ৰহমানৰ সৃষ্টিত তুমি কোনো ত্ৰুটি দেখিবলৈ নাপাবা; তুমি আকৌ ঘুৰি চোৱা, কোনো ত্ৰুটি দেখিবলৈ পাইছানে?

### الآية 67:4

> ﻿ثُمَّ ارْجِعِ الْبَصَرَ كَرَّتَيْنِ يَنْقَلِبْ إِلَيْكَ الْبَصَرُ خَاسِئًا وَهُوَ حَسِيرٌ [67:4]

তাৰ পিছত আকৌ তুমি দ্বিতীয়বাৰ দৃষ্টিপাত কৰা, এই দৃষ্টি ব্যৰ্থ আৰু ক্লান্ত হৈ তোমাৰ ফালে উভতি আহিব।

### الآية 67:5

> ﻿وَلَقَدْ زَيَّنَّا السَّمَاءَ الدُّنْيَا بِمَصَابِيحَ وَجَعَلْنَاهَا رُجُومًا لِلشَّيَاطِينِ ۖ وَأَعْتَدْنَا لَهُمْ عَذَابَ السَّعِيرِ [67:5]

নিশ্চয় আমি নিকটৱৰ্তী আকাশক প্ৰদীপপুঞ্জৰ দ্বাৰা সুশোভিত কৰিছো আৰু সেইবোৰক চয়তানসকলৰ প্ৰতি নিক্ষেপৰ উপকৰণ বনাইছো আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰিছো জ্বলন্ত অগ্নিকুণ্ডৰ শাস্তি।

### الآية 67:6

> ﻿وَلِلَّذِينَ كَفَرُوا بِرَبِّهِمْ عَذَابُ جَهَنَّمَ ۖ وَبِئْسَ الْمَصِيرُ [67:6]

আৰু যিসকলে নিজ প্ৰতিপালকক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি; আৰু কিমান যে নিকৃষ্ট সেই প্ৰত্যাৱৰ্তনস্থল।

### الآية 67:7

> ﻿إِذَا أُلْقُوا فِيهَا سَمِعُوا لَهَا شَهِيقًا وَهِيَ تَفُورُ [67:7]

যেতিয়া সিহঁতক তাত নিক্ষেপ কৰা হ'ব, তাত সিহঁতে ইয়াৰ বিকট শব্দ শুনিবলৈ পাব। আৰু ই উথলি উঠিব।

### الآية 67:8

> ﻿تَكَادُ تَمَيَّزُ مِنَ الْغَيْظِ ۖ كُلَّمَا أُلْقِيَ فِيهَا فَوْجٌ سَأَلَهُمْ خَزَنَتُهَا أَلَمْ يَأْتِكُمْ نَذِيرٌ [67:8]

ক্ৰোধত ই ছিন্ন-ভিন্ন হোৱাৰ উপক্ৰম হ'ব। যেতিয়াই তাত কোনো দলক নিক্ষেপ কৰা হ'ব, ইয়াৰ প্ৰহৰীসকলে সিহঁতক সুধিব, ‘তোমালোকৰ ওচৰত কোনো সতৰ্ককাৰী অহা নাছিল নে’?

### الآية 67:9

> ﻿قَالُوا بَلَىٰ قَدْ جَاءَنَا نَذِيرٌ فَكَذَّبْنَا وَقُلْنَا مَا نَزَّلَ اللَّهُ مِنْ شَيْءٍ إِنْ أَنْتُمْ إِلَّا فِي ضَلَالٍ كَبِيرٍ [67:9]

সিহঁতে ক'ব হয়, 'নিশ্চয় আমাৰ ওচৰত সতৰ্ককাৰী আহিছিল। তেতিয়া আমি (তেওঁলোকক) মিথ্যাৰোপ কৰিছিলো আৰু কৈছিলো, ‘আল্লাহে একোৱে অৱতীৰ্ণ কৰা নাই। তোমালোকে মহাবিভ্ৰান্তিত আছা’।

### الآية 67:10

> ﻿وَقَالُوا لَوْ كُنَّا نَسْمَعُ أَوْ نَعْقِلُ مَا كُنَّا فِي أَصْحَابِ السَّعِيرِ [67:10]

আৰু সিহঁতে ক'ব, ‘যদি আমি শুনিলোহেঁতেন আৰু বিবেক-বুদ্ধি প্ৰয়োগ কৰিলোহেঁতেন, তেন্তে আমি জ্বলন্ত জুইৰ অধিবাসী নহ'লোহেঁতেন’।

### الآية 67:11

> ﻿فَاعْتَرَفُوا بِذَنْبِهِمْ فَسُحْقًا لِأَصْحَابِ السَّعِيرِ [67:11]

ফলত সিহঁতে নিজৰ অপৰাধ স্বীকাৰ কৰিব। এতেকে ধ্বংস জ্বলন্ত জুইৰ অধিবাসীসকলৰ বাবে।

### الآية 67:12

> ﻿إِنَّ الَّذِينَ يَخْشَوْنَ رَبَّهُمْ بِالْغَيْبِ لَهُمْ مَغْفِرَةٌ وَأَجْرٌ كَبِيرٌ [67:12]

নিশ্চয় যিসকলে নেদেখাকৈ নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু ডাঙৰ প্ৰতিদান।

### الآية 67:13

> ﻿وَأَسِرُّوا قَوْلَكُمْ أَوِ اجْهَرُوا بِهِ ۖ إِنَّهُ عَلِيمٌ بِذَاتِ الصُّدُورِ [67:13]

আৰু তোমালোকে তোমালোকৰ কথা গোপনে কোৱা অথবা প্ৰকাশ্যভাৱে কোৱা, নিশ্চয় তেওঁ অন্তৰসমূহত যি আছে সেই বিষয়ে সম্যক অৱগত।

### الآية 67:14

> ﻿أَلَا يَعْلَمُ مَنْ خَلَقَ وَهُوَ اللَّطِيفُ الْخَبِيرُ [67:14]

যিজনে সৃষ্টি কৰিছে, তেৱেঁই নাজানিবনে? অথচ তেওঁ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।

### الآية 67:15

> ﻿هُوَ الَّذِي جَعَلَ لَكُمُ الْأَرْضَ ذَلُولًا فَامْشُوا فِي مَنَاكِبِهَا وَكُلُوا مِنْ رِزْقِهِ ۖ وَإِلَيْهِ النُّشُورُ [67:15]

তেৱেঁই তোমালোকৰ বাবে পৃথিৱীখনক সুগম কৰি দিছে, এতেকে তোমালোকে ইয়াৰ পথ-প্ৰান্তৰত বিচৰণ কৰা আৰু তেওঁৰ জীৱিকাৰ পৰা তোমালোকে আহাৰ কৰা; আৰু তেওঁৰ ওচৰতেই পুনৰুত্থান।

### الآية 67:16

> ﻿أَأَمِنْتُمْ مَنْ فِي السَّمَاءِ أَنْ يَخْسِفَ بِكُمُ الْأَرْضَ فَإِذَا هِيَ تَمُورُ [67:16]

তোমালোকে তেওঁৰ পৰা নিৰ্ভয় হৈছা নেকি যে, যিজন আকাশত আছে তেওঁ তোমালোকক পৃথিৱীসহ (পুতি পেলাই) ধ্বংস কৰিব আৰু হঠাৎ ই (পৃথিৱীখন) থৰ থৰকৈ কঁপিবলৈ ধৰিব?

### الآية 67:17

> ﻿أَمْ أَمِنْتُمْ مَنْ فِي السَّمَاءِ أَنْ يُرْسِلَ عَلَيْكُمْ حَاصِبًا ۖ فَسَتَعْلَمُونَ كَيْفَ نَذِيرِ [67:17]

অথবা তোমালোকে ইয়াৰ পৰা নিৰ্ভয় হৈছা নেকি যে, যিজন আকাশত আছে, তেওঁ তোমালোকৰ ওপৰত শিল বৰ্ষণকাৰী প্ৰবল ধুমুহা পঠাব? তেতিয়া তোমালোকে জানিবলৈ পাবা কেনেকুৱা আছিল মোৰ সতৰ্কবাণী!

### الآية 67:18

> ﻿وَلَقَدْ كَذَّبَ الَّذِينَ مِنْ قَبْلِهِمْ فَكَيْفَ كَانَ نَكِيرِ [67:18]

আৰু নিশ্চয় সিহঁতৰ পুৰ্বৱৰ্তীসকলেও মিথ্যাৰোপ কৰিছিল। ফলত কেনেকুৱা আছিল মোৰ প্ৰত্যাখ্যান (ইয়াৰ শাস্তি)?

### الآية 67:19

> ﻿أَوَلَمْ يَرَوْا إِلَى الطَّيْرِ فَوْقَهُمْ صَافَّاتٍ وَيَقْبِضْنَ ۚ مَا يُمْسِكُهُنَّ إِلَّا الرَّحْمَٰنُ ۚ إِنَّهُ بِكُلِّ شَيْءٍ بَصِيرٌ [67:19]

সিহঁতে সিহঁতৰ ওপৰত (উৰি ফুৰা) চৰাইবোৰৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিবোৰে পাখী মেলি দিয়ে আৰু সংকুচিত কৰে? পৰম কৰুণাময় আল্লাহেই এইবোৰক স্থিৰ কৰি ৰাখে। নিশ্চয় তেওঁ সকলো বস্তুৰ সম্যক দ্ৰষ্টা।

### الآية 67:20

> ﻿أَمَّنْ هَٰذَا الَّذِي هُوَ جُنْدٌ لَكُمْ يَنْصُرُكُمْ مِنْ دُونِ الرَّحْمَٰنِ ۚ إِنِ الْكَافِرُونَ إِلَّا فِي غُرُورٍ [67:20]

পৰম কৰুণাময় আল্লাহৰ বাহিৰে তোমালোকৰ এনে কোনো সৈন্যবাহিনী আছেনে, যিসকলে তোমালোকক সহায় কৰিব? কাফিৰসকল আছে মাথোন প্ৰবঞ্চনাৰ মাজত।

### الآية 67:21

> ﻿أَمَّنْ هَٰذَا الَّذِي يَرْزُقُكُمْ إِنْ أَمْسَكَ رِزْقَهُ ۚ بَلْ لَجُّوا فِي عُتُوٍّ وَنُفُورٍ [67:21]

কোন আছে এনেকুৱা, যিজনে তোমালোকক জীৱিকা দান কৰিব যদি তেওঁ তেওঁৰ জীৱিকা বন্ধ কৰি দিয়ে? বৰং সিহঁত অবাধ্যতা আৰু বিমুখতাত আবিচল হৈ আছে।

### الآية 67:22

> ﻿أَفَمَنْ يَمْشِي مُكِبًّا عَلَىٰ وَجْهِهِ أَهْدَىٰ أَمَّنْ يَمْشِي سَوِيًّا عَلَىٰ صِرَاطٍ مُسْتَقِيمٍ [67:22]

যি ব্যক্তি নত হৈ মুখৰ ওপৰত ভৰ দি খোজ কাঢ়ে, সিয়েই অধিক হিদায়ত প্ৰাপ্ত, নে সেই ব্যক্তি, যিজনে পোন হৈ সৰল পথত খোজ কাঢ়ে?

### الآية 67:23

> ﻿قُلْ هُوَ الَّذِي أَنْشَأَكُمْ وَجَعَلَ لَكُمُ السَّمْعَ وَالْأَبْصَارَ وَالْأَفْئِدَةَ ۖ قَلِيلًا مَا تَشْكُرُونَ [67:23]

কোৱা, তেৱেঁই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকৰ বাবে শ্ৰৱণ আৰু দৃষ্টিশক্তি লগতে অন্তঃকৰণসমূহ প্ৰদান কৰিছে। তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।

### الآية 67:24

> ﻿قُلْ هُوَ الَّذِي ذَرَأَكُمْ فِي الْأَرْضِ وَإِلَيْهِ تُحْشَرُونَ [67:24]

কোৱা, তেৱেঁই তোমালোকক পৃথিৱীত সৃষ্টি কৰি প্ৰসাৰিত কৰিছে আৰু তেওঁৰ ওচৰতেই তোমালোকক সমবেত কৰা হ'ব।

### الآية 67:25

> ﻿وَيَقُولُونَ مَتَىٰ هَٰذَا الْوَعْدُ إِنْ كُنْتُمْ صَادِقِينَ [67:25]

আৰু সিহঁতে কয়, 'তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱাচোন এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তবায়িত হ’ব'?।

### الآية 67:26

> ﻿قُلْ إِنَّمَا الْعِلْمُ عِنْدَ اللَّهِ وَإِنَّمَا أَنَا نَذِيرٌ مُبِينٌ [67:26]

কোৱা, এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই আছে। আৰু মইতো কেৱল স্পষ্ট সতৰ্ককাৰী মাত্ৰ।

### الآية 67:27

> ﻿فَلَمَّا رَأَوْهُ زُلْفَةً سِيئَتْ وُجُوهُ الَّذِينَ كَفَرُوا وَقِيلَ هَٰذَا الَّذِي كُنْتُمْ بِهِ تَدَّعُونَ [67:27]

তাৰ পিছত যেতিয়া সিহঁতে ইয়াক নিচেই ওচৰত দেখা পাব তেতিয়া কাফিৰসকলৰ চেহাৰা ম্লান হৈ পৰিব আৰু কোৱা হ’ব, ‘এইটোৱেই হৈছে সেইটো, যিটো তোমালোকে দাবী কৰিছিলা’।

### الآية 67:28

> ﻿قُلْ أَرَأَيْتُمْ إِنْ أَهْلَكَنِيَ اللَّهُ وَمَنْ مَعِيَ أَوْ رَحِمَنَا فَمَنْ يُجِيرُ الْكَافِرِينَ مِنْ عَذَابٍ أَلِيمٍ [67:28]

কোৱা, কোৱাচোন তোমালোকে.. যদি আল্লাহে মোক আৰু মোৰ সঙ্গীসকলক ধ্বংস কৰি দিয়ে অথবা আমাৰ প্ৰতি দয়া প্ৰদৰ্শন কৰে, তেন্তে কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা কোনে ৰক্ষা কৰিব?

### الآية 67:29

> ﻿قُلْ هُوَ الرَّحْمَٰنُ آمَنَّا بِهِ وَعَلَيْهِ تَوَكَّلْنَا ۖ فَسَتَعْلَمُونَ مَنْ هُوَ فِي ضَلَالٍ مُبِينٍ [67:29]

কোৱা, তেৱেঁই পৰম কৰুণাময়। আমি তেওঁৰ ওপৰতেই ঈমান আনিছো আৰু তেওঁৰ ওপৰতেই ভৰসা কৰিছো। গতিকে তোমালোকে অনতিপলমে জানিবলৈ পাবা কোনে স্পষ্ট বিভ্ৰান্তিত আছে।

### الآية 67:30

> ﻿قُلْ أَرَأَيْتُمْ إِنْ أَصْبَحَ مَاؤُكُمْ غَوْرًا فَمَنْ يَأْتِيكُمْ بِمَاءٍ مَعِينٍ [67:30]

কোৱা, তোমালোকে ভাবিছানে, যদি তোমালোকৰ পানী ভূগৰ্ভত গুচি যায়, তেতিয়া কোনে তোমালোকক প্ৰবাহমান পানী আনি দিব?

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/67.md)
- [كل تفاسير سورة الملك
](https://quranpedia.net/surah-tafsir/67.md)
- [ترجمات سورة الملك
](https://quranpedia.net/translations/67.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/67/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
