---
title: "ترجمة سورة الحاقة - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/69/book/1994.md"
canonical: "https://quranpedia.net/surah/1/69/book/1994"
surah_id: "69"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة الحاقة - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/69/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة الحاقة - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/69/book/1994*.

Translation of Surah الحاقة from "الترجمة الأسامية" in الأسامية.

### الآية 69:1

> الْحَاقَّةُ [69:1]

সেই অৱশ্যম্ভাৱী ঘটনা, (কিয়ামত)

### الآية 69:2

> ﻿مَا الْحَاقَّةُ [69:2]

কি সেই অৱশ্যম্ভাৱী ঘটনা?

### الآية 69:3

> ﻿وَمَا أَدْرَاكَ مَا الْحَاقَّةُ [69:3]

আৰু কিহে তোমাক জনাব সেই অৱশ্যম্ভাৱী ঘটনাটোনো কি?

### الآية 69:4

> ﻿كَذَّبَتْ ثَمُودُ وَعَادٌ بِالْقَارِعَةِ [69:4]

ছামুদ আৰু আদ সম্প্ৰদায়ে মিথ্যাৰোপ কৰিছিল ভীতিপ্ৰদ মহাবিপদক।

### الآية 69:5

> ﻿فَأَمَّا ثَمُودُ فَأُهْلِكُوا بِالطَّاغِيَةِ [69:5]

সেয়ে ছামুদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল এটা প্ৰলয়ংকৰ বিপৰ্যয়কাৰী প্ৰচণ্ড শব্দৰ দ্বাৰা।

### الآية 69:6

> ﻿وَأَمَّا عَادٌ فَأُهْلِكُوا بِرِيحٍ صَرْصَرٍ عَاتِيَةٍ [69:6]

আৰু আদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল ঠাণ্ডা প্ৰবল ধুমুহা বতাহৰ দ্বাৰা,

### الآية 69:7

> ﻿سَخَّرَهَا عَلَيْهِمْ سَبْعَ لَيَالٍ وَثَمَانِيَةَ أَيَّامٍ حُسُومًا فَتَرَى الْقَوْمَ فِيهَا صَرْعَىٰ كَأَنَّهُمْ أَعْجَازُ نَخْلٍ خَاوِيَةٍ [69:7]

ইয়াক তেওঁ সাত ৰাতি আৰু আঠ দিন অবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰিছিল; ফলত তুমি উক্ত সম্প্ৰদায়ক দেখিবলৈ পালাহেঁতেন---যে সিহঁত এনেকৈ সিচৰিত হৈ পৰি আছে যেনে সাৰশূন্য খেজুৰ গছৰ কাণ্ডহে।

### الآية 69:8

> ﻿فَهَلْ تَرَىٰ لَهُمْ مِنْ بَاقِيَةٍ [69:8]

ইয়াৰ পিছত সিহঁতৰ বাবে তুমি কিবা অৱশিষ্ট দেখিবলৈ পোৱানে?

### الآية 69:9

> ﻿وَجَاءَ فِرْعَوْنُ وَمَنْ قَبْلَهُ وَالْمُؤْتَفِكَاتُ بِالْخَاطِئَةِ [69:9]

আৰু ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে লগতে ওলোটাই দিয়া জনপদবাসীয়ে জঘন্য পাপ কামত লিপ্ত আছিল।

### الآية 69:10

> ﻿فَعَصَوْا رَسُولَ رَبِّهِمْ فَأَخَذَهُمْ أَخْذَةً رَابِيَةً [69:10]

আৰু সিহঁতে নিজ প্ৰতিপালকৰ ৰাছুলক অমান্য কৰিছিল, ফলত তেওঁ সিহঁতক অত্যন্ত কঠোৰভাৱে গ্ৰেপ্তাৰ কৰিলে।

### الآية 69:11

> ﻿إِنَّا لَمَّا طَغَى الْمَاءُ حَمَلْنَاكُمْ فِي الْجَارِيَةِ [69:11]

যেতিয়া বানপানী বিপদসীমা চেৰাই গৈছিল নিশ্চয় তেতিয়া আমি তোমালোকক নাৱঁত আৰোহণ কৰাইছিলো।

### الآية 69:12

> ﻿لِنَجْعَلَهَا لَكُمْ تَذْكِرَةً وَتَعِيَهَا أُذُنٌ وَاعِيَةٌ [69:12]

আমি এইটো কৰিছিলো তোমালোকক এটা স্মৰণীয় শিক্ষা দিয়াৰ বাবে আৰু এই বাবে যে, যাতে শ্ৰুতিধৰ কাণে ইয়াক সংৰক্ষণ কৰি ৰাখে।

### الآية 69:13

> ﻿فَإِذَا نُفِخَ فِي الصُّورِ نَفْخَةٌ وَاحِدَةٌ [69:13]

এতেকে যেতিয়া শিঙাত ফু দিয়া হ’ব—কেৱল এটা ফু।

### الآية 69:14

> ﻿وَحُمِلَتِ الْأَرْضُ وَالْجِبَالُ فَدُكَّتَا دَكَّةً وَاحِدَةً [69:14]

আৰু পৃথিৱীসহ পৰ্বতসমূহক উঠাই নিয়া হ’ব আৰু মাত্ৰ এটা আঘাতত এইবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ যাব।

### الآية 69:15

> ﻿فَيَوْمَئِذٍ وَقَعَتِ الْوَاقِعَةُ [69:15]

ফলত সেইদিনা মহাঘটনা সংঘটিত হ’ব।

### الآية 69:16

> ﻿وَانْشَقَّتِ السَّمَاءُ فَهِيَ يَوْمَئِذٍ وَاهِيَةٌ [69:16]

আৰু আকাশ বিদীৰ্ণ হৈ যাব, ফলত সেইদিনা ই দুৰ্বল-বিক্ষিপ্ত হৈ পৰিব।

### الآية 69:17

> ﻿وَالْمَلَكُ عَلَىٰ أَرْجَائِهَا ۚ وَيَحْمِلُ عَرْشَ رَبِّكَ فَوْقَهُمْ يَوْمَئِذٍ ثَمَانِيَةٌ [69:17]

আৰু ফিৰিস্তাসকল আকাশৰ বিভিন্ন প্ৰান্তত থাকিব। সেইদিনা আঠজন ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰিব।

### الآية 69:18

> ﻿يَوْمَئِذٍ تُعْرَضُونَ لَا تَخْفَىٰ مِنْكُمْ خَافِيَةٌ [69:18]

সেইদিনা তোমালোকক উপস্থিত কৰোৱা হ’ব লগতে তোমালোকৰ কোনো গোপনীয়তাই আৰু গোপন নাথাকিব।

### الآية 69:19

> ﻿فَأَمَّا مَنْ أُوتِيَ كِتَابَهُ بِيَمِينِهِ فَيَقُولُ هَاؤُمُ اقْرَءُوا كِتَابِيَهْ [69:19]

তেতিয়া যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হ’ব সি ক’ব, ‘লোৱা, মোৰ আমলনামা পঢ়ি চোৱা’।

### الآية 69:20

> ﻿إِنِّي ظَنَنْتُ أَنِّي مُلَاقٍ حِسَابِيَهْ [69:20]

‘মোৰ দৃঢ় বিশ্বাস আছিল যে, মই মোৰ হিচাপৰ সন্মুখীন হম’।

### الآية 69:21

> ﻿فَهُوَ فِي عِيشَةٍ رَاضِيَةٍ [69:21]

সেয়ে তেওঁ সন্তোষজনক জীৱন-যাপন কৰিব।

### الآية 69:22

> ﻿فِي جَنَّةٍ عَالِيَةٍ [69:22]

সুউচ্চ জান্নাতত,

### الآية 69:23

> ﻿قُطُوفُهَا دَانِيَةٌ [69:23]

যাৰ ফল-মূল নিচেই ওচৰত ওলমি থাকিব।

### الآية 69:24

> ﻿كُلُوا وَاشْرَبُوا هَنِيئًا بِمَا أَسْلَفْتُمْ فِي الْأَيَّامِ الْخَالِيَةِ [69:24]

(কোৱা হ’ব) ‘বিগত দিনসমূহত তোমালোকে আগলৈ যি প্ৰেৰণ কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’।

### الآية 69:25

> ﻿وَأَمَّا مَنْ أُوتِيَ كِتَابَهُ بِشِمَالِهِ فَيَقُولُ يَا لَيْتَنِي لَمْ أُوتَ كِتَابِيَهْ [69:25]

কিন্তু যাৰ আমলনামা বাওঁ হাতত দিয়া হ’ব সি ক’ব, ‘হায়, মোক যদি মোৰ আমলনামা নিদিলেহেঁতেন’!

### الآية 69:26

> ﻿وَلَمْ أَدْرِ مَا حِسَابِيَهْ [69:26]

‘আৰু যদি মই নাজানিলোহেঁতেন মোৰ হিচাপ!

### الآية 69:27

> ﻿يَا لَيْتَهَا كَانَتِ الْقَاضِيَةَ [69:27]

‘হায়, মোৰ মৃত্যুৱেই যদি মোৰ চূড়ান্ত ফায়চালা হ’লেহেঁতেন!

### الآية 69:28

> ﻿مَا أَغْنَىٰ عَنِّي مَالِيَهْ ۜ [69:28]

‘মোৰ ধন-সম্পদ মোৰ কোনো কামত নাহিল।

### الآية 69:29

> ﻿هَلَكَ عَنِّي سُلْطَانِيَهْ [69:29]

‘মোৰ ক্ষমতা শক্তিও বিনষ্ট হৈছে’।

### الآية 69:30

> ﻿خُذُوهُ فَغُلُّوهُ [69:30]

(ফিৰিস্তাসকলক কোৱা হ’ব) ‘ধৰা তাক আৰু গলত পঘা লগাই দিয়া’।

### الآية 69:31

> ﻿ثُمَّ الْجَحِيمَ صَلُّوهُ [69:31]

‘তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা’।

### الآية 69:32

> ﻿ثُمَّ فِي سِلْسِلَةٍ ذَرْعُهَا سَبْعُونَ ذِرَاعًا فَاسْلُكُوهُ [69:32]

তাৰ পিছত তাক বান্ধি থোৱা এনে এডাল শিকলিৰে যাৰ দৈৰ্ঘ সত্তৰ হাত।

### الآية 69:33

> ﻿إِنَّهُ كَانَ لَا يُؤْمِنُ بِاللَّهِ الْعَظِيمِ [69:33]

নিশ্চয় সি মহান আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা নাছিল,

### الآية 69:34

> ﻿وَلَا يَحُضُّ عَلَىٰ طَعَامِ الْمِسْكِينِ [69:34]

আৰু মিছকিনক খাদ্যদানত উৎসাহিত কৰাও নাছিল।

### الآية 69:35

> ﻿فَلَيْسَ لَهُ الْيَوْمَ هَاهُنَا حَمِيمٌ [69:35]

এতেকে আজি ইয়াত তাৰ কোনো অন্তৰঙ্গ বন্ধু নাথাকিব।

### الآية 69:36

> ﻿وَلَا طَعَامٌ إِلَّا مِنْ غِسْلِينٍ [69:36]

আৰু ক্ষত-নিঃসৃত পুঁজৰ বাহিৰে আন কোনো খাদ্য নাথাকিব,

### الآية 69:37

> ﻿لَا يَأْكُلُهُ إِلَّا الْخَاطِئُونَ [69:37]

যিটো অপৰাধীসকলৰ বাহিৰে আন কোনেও নাখাব।

### الآية 69:38

> ﻿فَلَا أُقْسِمُ بِمَا تُبْصِرُونَ [69:38]

এতেকে মই শপত কৰো সেইবোৰ বস্তুৰ যিবোৰ তোমালোকে দেখা পোৱা,

### الآية 69:39

> ﻿وَمَا لَا تُبْصِرُونَ [69:39]

আৰু তাৰো শপত কৰো যিবোৰ তোমালোকে দেখা নোপোৱা;

### الآية 69:40

> ﻿إِنَّهُ لَقَوْلُ رَسُولٍ كَرِيمٍ [69:40]

নিশ্চয় এয়া (কোৰআন) এক সন্মানিত ৰাছুলৰ (বাহিত) বাণী।

### الآية 69:41

> ﻿وَمَا هُوَ بِقَوْلِ شَاعِرٍ ۚ قَلِيلًا مَا تُؤْمِنُونَ [69:41]

আৰু এয়া কোনো কবিৰ কথা নহয়; তোমালোকে খুবেই কম ঈমান পোষণ কৰা।

### الآية 69:42

> ﻿وَلَا بِقَوْلِ كَاهِنٍ ۚ قَلِيلًا مَا تَذَكَّرُونَ [69:42]

আৰু এয়া কোনো গণকৰ কথাও নহয়; তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।

### الآية 69:43

> ﻿تَنْزِيلٌ مِنْ رَبِّ الْعَالَمِينَ [69:43]

এয়া বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।

### الآية 69:44

> ﻿وَلَوْ تَقَوَّلَ عَلَيْنَا بَعْضَ الْأَقَاوِيلِ [69:44]

যদি তেওঁ আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন,

### الآية 69:45

> ﻿لَأَخَذْنَا مِنْهُ بِالْيَمِينِ [69:45]

তেন্তে নিশ্চয় আমি তাক সোঁ হাতেৰে ধৰিলোহেঁতেন,

### الآية 69:46

> ﻿ثُمَّ لَقَطَعْنَا مِنْهُ الْوَتِينَ [69:46]

তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহেঁতেন,

### الآية 69:47

> ﻿فَمَا مِنْكُمْ مِنْ أَحَدٍ عَنْهُ حَاجِزِينَ [69:47]

এতেকে তোমালোকৰ মাজত এনে কোনো নাই, যিয়ে তাক ৰক্ষা কৰিব।

### الآية 69:48

> ﻿وَإِنَّهُ لَتَذْكِرَةٌ لِلْمُتَّقِينَ [69:48]

আৰু এয়া (কোৰআন) তো মুত্তাক্বীসকলৰ বাবে নিশ্চিত এটা উপদেশ।

### الآية 69:49

> ﻿وَإِنَّا لَنَعْلَمُ أَنَّ مِنْكُمْ مُكَذِّبِينَ [69:49]

আৰু আমি নিশ্চয় জানো যে, তোমালোকৰ মাজত কিছুমান মিথ্যাৰোপকাৰী আছে।

### الآية 69:50

> ﻿وَإِنَّهُ لَحَسْرَةٌ عَلَى الْكَافِرِينَ [69:50]

আৰু এইটো (কোৰআন) নিশ্চয় কাফিৰসকলৰ বাবে এক নিশ্চিত অনুশোচনাৰ কাৰণ।

### الآية 69:51

> ﻿وَإِنَّهُ لَحَقُّ الْيَقِينِ [69:51]

আৰু নিশ্চয় এইটো সুনিশ্চিত সত্য।

### الآية 69:52

> ﻿فَسَبِّحْ بِاسْمِ رَبِّكَ الْعَظِيمِ [69:52]

এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/69.md)
- [كل تفاسير سورة الحاقة
](https://quranpedia.net/surah-tafsir/69.md)
- [ترجمات سورة الحاقة
](https://quranpedia.net/translations/69.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/69/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
