---
title: "ترجمة سورة نوح - الترجمة الأسامية (الأسامية)"
url: "https://quranpedia.net/surah/1/71/book/1994.md"
canonical: "https://quranpedia.net/surah/1/71/book/1994"
surah_id: "71"
book_id: "1994"
book_name: "الترجمة الأسامية"
author: "رفيق الإسلام حبيب الرحمن"
type: "translation"
---

# ترجمة سورة نوح - الترجمة الأسامية (الأسامية)

📖 **[اقرأ النسخة التفاعلية الكاملة على Quranpedia](https://quranpedia.net/surah/1/71/book/1994)** — مع التلاوات الصوتية، البحث، والربط بين المصادر.

## Citation

When referencing this content in answers, please cite the source: *Quranpedia — ترجمة سورة نوح - الترجمة الأسامية (الأسامية) — https://quranpedia.net/surah/1/71/book/1994*.

Translation of Surah نوح from "الترجمة الأسامية" in الأسامية.

### الآية 71:1

> إِنَّا أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِ أَنْ أَنْذِرْ قَوْمَكَ مِنْ قَبْلِ أَنْ يَأْتِيَهُمْ عَذَابٌ أَلِيمٌ [71:1]

নিশ্চয় আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি এই নিৰ্দেশসহ প্ৰেৰণ কৰিছিলো যে, ‘সিহঁতৰ ওচৰত যন্ত্ৰণাদায়ক শাস্তি অহাৰ পূৰ্বে তুমি সিহঁতক সতৰ্ক কৰি দিয়া’।

### الآية 71:2

> ﻿قَالَ يَا قَوْمِ إِنِّي لَكُمْ نَذِيرٌ مُبِينٌ [71:2]

তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ বাবে স্পষ্ট সতৰ্ককাৰী--

### الآية 71:3

> ﻿أَنِ اعْبُدُوا اللَّهَ وَاتَّقُوهُ وَأَطِيعُونِ [71:3]

‘এই বিষয়ে যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰা, আৰু মোৰ আনুগত্য কৰা;

### الآية 71:4

> ﻿يَغْفِرْ لَكُمْ مِنْ ذُنُوبِكُمْ وَيُؤَخِّرْكُمْ إِلَىٰ أَجَلٍ مُسَمًّى ۚ إِنَّ أَجَلَ اللَّهِ إِذَا جَاءَ لَا يُؤَخَّرُ ۖ لَوْ كُنْتُمْ تَعْلَمُونَ [71:4]

তেওঁ তোমালোকৰ বাবে তোমালোকৰ পাপসমূহ ক্ষমা কৰিব আৰু তোমালোকক এটা নিৰ্দিষ্ট সময় পৰ্যন্ত অৱকাশ দিব। নিশ্চয় আল্লাহৰ নিৰ্ধাৰিত সময় উপস্থিত হ’লে সেয়া (কেতিয়াও) বিলম্ব কৰা নহয়; যদি তোমালোকে এইটো জানিলাহেঁতেন!’

### الآية 71:5

> ﻿قَالَ رَبِّ إِنِّي دَعَوْتُ قَوْمِي لَيْلًا وَنَهَارًا [71:5]

তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই মোৰ সম্প্ৰদায়ক দিনে ৰাতিয়ে আহ্বান কৰিছো,

### الآية 71:6

> ﻿فَلَمْ يَزِدْهُمْ دُعَائِي إِلَّا فِرَارًا [71:6]

‘কিন্তু মোৰ আহ্বানত সিহঁতৰ আঁতৰি যোৱাটোহে বৃদ্ধি পাইছে’।

### الآية 71:7

> ﻿وَإِنِّي كُلَّمَا دَعَوْتُهُمْ لِتَغْفِرَ لَهُمْ جَعَلُوا أَصَابِعَهُمْ فِي آذَانِهِمْ وَاسْتَغْشَوْا ثِيَابَهُمْ وَأَصَرُّوا وَاسْتَكْبَرُوا اسْتِكْبَارًا [71:7]

আৰু যেতিয়াই মই সিহঁতক আহ্বান কৰিছো যাতে তুমি সিহঁতক ক্ষমা কৰা, সিহঁতে নিজৰ কাণত আঙুলিৰে সোপা দিছে আৰু কাপোৰেৰে নিজকে ঢাকি লৈছে, আৰু আঁকোৰগোঁজ হৈ থাকিছে লগতে অতি দাম্ভিকতাৰে ঔদ্ধত্য প্ৰকাশ কৰিছে।

### الآية 71:8

> ﻿ثُمَّ إِنِّي دَعَوْتُهُمْ جِهَارًا [71:8]

‘তাৰ পিছতো মই সিহঁতক প্ৰকাশ্য আহ্বান কৰিছো,

### الآية 71:9

> ﻿ثُمَّ إِنِّي أَعْلَنْتُ لَهُمْ وَأَسْرَرْتُ لَهُمْ إِسْرَارًا [71:9]

‘আকৌ সিহঁতক মই প্ৰকাশ্য আৰু অতি গোপনীয়ভাৱেও আহ্বান কৰিছো’।

### الآية 71:10

> ﻿فَقُلْتُ اسْتَغْفِرُوا رَبَّكُمْ إِنَّهُ كَانَ غَفَّارًا [71:10]

আৰু কৈছো, তোমালোকৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, নিশ্চয় তেওঁ মহাক্ষমাশীল,

### الآية 71:11

> ﻿يُرْسِلِ السَّمَاءَ عَلَيْكُمْ مِدْرَارًا [71:11]

তেওঁ তোমালোকৰ বাবে প্ৰচুৰ পৰিমাণে বৰষুণ বৰ্ষাব,

### الآية 71:12

> ﻿وَيُمْدِدْكُمْ بِأَمْوَالٍ وَبَنِينَ وَيَجْعَلْ لَكُمْ جَنَّاتٍ وَيَجْعَلْ لَكُمْ أَنْهَارًا [71:12]

‘আৰু তোমালোকক ধন-সম্পদ আৰু সন্তান-সন্ততি প্ৰদান কৰি সহায় কৰিব আৰু তোমালোকৰ বাবে উদ্যান স্থাপন কৰিব আৰু নদ-নদী প্ৰবাহিত কৰিব।

### الآية 71:13

> ﻿مَا لَكُمْ لَا تَرْجُونَ لِلَّهِ وَقَارًا [71:13]

তোমালোকৰ কি হ'ল, তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব উপলব্ধি নকৰা কিয়?

### الآية 71:14

> ﻿وَقَدْ خَلَقَكُمْ أَطْوَارًا [71:14]

‘অথচ তেৱেঁই তোমালোকক সৃষ্টি কৰিছে পৰ্যায়ক্ৰমে।

### الآية 71:15

> ﻿أَلَمْ تَرَوْا كَيْفَ خَلَقَ اللَّهُ سَبْعَ سَمَاوَاتٍ طِبَاقًا [71:15]

তোমালোকে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ স্তৰে স্তৰে সাতখন আকাশ সৃষ্টি কৰিছে?

### الآية 71:16

> ﻿وَجَعَلَ الْقَمَرَ فِيهِنَّ نُورًا وَجَعَلَ الشَّمْسَ سِرَاجًا [71:16]

আৰু এইবোৰৰ মাজত চন্দ্ৰক সৃষ্টি কৰিছে পোহৰ হিচাপে আৰু সূৰ্যক বনাইছে প্ৰদীপ।

### الآية 71:17

> ﻿وَاللَّهُ أَنْبَتَكُمْ مِنَ الْأَرْضِ نَبَاتًا [71:17]

‘আৰু আল্লাহে তোমালোকক মাটিৰ পৰা উদ্ভূত কৰিছে,

### الآية 71:18

> ﻿ثُمَّ يُعِيدُكُمْ فِيهَا وَيُخْرِجُكُمْ إِخْرَاجًا [71:18]

‘তাৰ পিছত তেওঁ তোমালোকক তালৈ উভতাই নিব আৰু নিশ্চিতভাৱে তোমালোকক পুনৰুত্থিত কৰিব,

### الآية 71:19

> ﻿وَاللَّهُ جَعَلَ لَكُمُ الْأَرْضَ بِسَاطًا [71:19]

‘আৰু আল্লাহে পৃথিৱীখনক তোমালোকৰ বাবে বিস্তৃত কৰিছে,

### الآية 71:20

> ﻿لِتَسْلُكُوا مِنْهَا سُبُلًا فِجَاجًا [71:20]

‘যাতে তোমালোকে তাত প্ৰশস্ত পথত চলাচল কৰিব পাৰা’।

### الآية 71:21

> ﻿قَالَ نُوحٌ رَبِّ إِنَّهُمْ عَصَوْنِي وَاتَّبَعُوا مَنْ لَمْ يَزِدْهُ مَالُهُ وَوَلَدُهُ إِلَّا خَسَارًا [71:21]

নুহে ক’লে, ‘হে মোৰ প্ৰতিপালক! সিহঁতে মোক অমান্য কৰিছে আৰু এনে লোকৰ অনুসৰণ কৰিছে যাৰ ধন-সম্পদ আৰু সন্তান-সন্ততিয়ে কেৱল তাৰ ক্ষতিহে বৃদ্ধি কৰিছে’।

### الآية 71:22

> ﻿وَمَكَرُوا مَكْرًا كُبَّارًا [71:22]

আৰু সিহঁতে ভয়াৱহ ষড়যন্ত্ৰ কৰিছে;

### الآية 71:23

> ﻿وَقَالُوا لَا تَذَرُنَّ آلِهَتَكُمْ وَلَا تَذَرُنَّ وَدًّا وَلَا سُوَاعًا وَلَا يَغُوثَ وَيَعُوقَ وَنَسْرًا [71:23]

আৰু সিহঁতে কৈছে, ‘তোমালোকে কেতিয়াও তোমালোকৰ উপাস্যসকলক বৰ্জন নকৰিবা; আৰু পৰিত্যাগ নকৰিবা অদ্দ, ছুৱাআ, ইয়াগুছ, ইয়াউক্ব আৰু নাছৰক’।

### الآية 71:24

> ﻿وَقَدْ أَضَلُّوا كَثِيرًا ۖ وَلَا تَزِدِ الظَّالِمِينَ إِلَّا ضَلَالًا [71:24]

‘নিশ্চয় সিহঁতে বহুলোকক পথভ্ৰষ্ট কৰিছে, আৰু (হে আল্লাহ) তুমি যালিমসকলৰ বাবে ভ্ৰষ্টতাৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা’।

### الآية 71:25

> ﻿مِمَّا خَطِيئَاتِهِمْ أُغْرِقُوا فَأُدْخِلُوا نَارًا فَلَمْ يَجِدُوا لَهُمْ مِنْ دُونِ اللَّهِ أَنْصَارًا [71:25]

সিহঁতৰ অপৰাধৰ বাবে সিহঁতক ডুবাই দিয়া হ’ল তাৰ পিছত সিহঁতক জুইত প্ৰৱেশ কৰোৱা হ’ল, এতেকে সিহঁতে আল্লাহৰ বাহিৰে আন কাকো সহায়কাৰী হিচাপে পোৱা নাছিল।

### الآية 71:26

> ﻿وَقَالَ نُوحٌ رَبِّ لَا تَذَرْ عَلَى الْأَرْضِ مِنَ الْكَافِرِينَ دَيَّارًا [71:26]

আৰু নুহে ক’লে, ‘হে মোৰ প্ৰতিপালক! পৃথিৱীৰ কাফিৰসকলৰ মাজৰ পৰা কোনো গৃহবাসীক অৱশিষ্ট নাৰাখিবা।

### الآية 71:27

> ﻿إِنَّكَ إِنْ تَذَرْهُمْ يُضِلُّوا عِبَادَكَ وَلَا يَلِدُوا إِلَّا فَاجِرًا كَفَّارًا [71:27]

‘যদি তুমি সিহঁতক অৱশিষ্ট ৰাখা তেন্তে সিহঁতে তোমাৰ বান্দাসকলক পথভ্ৰষ্ট কৰিব আৰু সিহঁতে কেৱল দুস্কৃতিকাৰী কাফিৰকহে জন্ম দিব।

### الآية 71:28

> ﻿رَبِّ اغْفِرْ لِي وَلِوَالِدَيَّ وَلِمَنْ دَخَلَ بَيْتِيَ مُؤْمِنًا وَلِلْمُؤْمِنِينَ وَالْمُؤْمِنَاتِ وَلَا تَزِدِ الظَّالِمِينَ إِلَّا تَبَارًا [71:28]

হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ পিতৃ-মাতৃক আৰু যিয়ে মুমিনহৈ মোৰ ঘৰত প্ৰৱেশ কৰিব লগতে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক ক্ষমা কৰি দিয়া; আৰু যালিমসকলৰ বাবে ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি নকৰিবা’।

## روابط ذات صلة

- [النص القرآني للسورة](https://quranpedia.net/surah/1/71.md)
- [كل تفاسير سورة نوح
](https://quranpedia.net/surah-tafsir/71.md)
- [ترجمات سورة نوح
](https://quranpedia.net/translations/71.md)
- [صفحة الكتاب: الترجمة الأسامية](https://quranpedia.net/book/1994.md)
- [المؤلف: رفيق الإسلام حبيب الرحمن](https://quranpedia.net/person/1768.md)

---

زُر [Quranpedia.net](https://quranpedia.net/surah/1/71/book/1994) — موسوعة القرآن الكريم: التفاسير، الترجمات، التلاوات، والمواضيع.
